অগ্গী বীৰুডু (Aggi Veerudu; অনু. অগ্নিবীৰ) ১৯৬৯ চনৰ তেলেগু ভাষাৰ এখন ছচবাল্কাৰ ছবি, যিখন বি. ভিট্টলচাৰ্যই শ্ৰী ভিট্টল কম্বাইনছ্ৰ বেনাৰৰ অধীনত প্ৰযোজনা কৰিছে। পৰিচালনা কৰিছে বি ভি শ্ৰীনিবাসে। ইয়াত এন টি ৰামা ৰাও, ৰাজশ্ৰী১ বিজয়াই অভিনয় কৰিছে। সংগীত ৰচনা বিজয় কৃষ্ণ মূৰ্তিৰ।২৩
কাহিনীৰ সাৰাংশ
ছবিখনৰ আৰম্ভণিতে ৰাজকুমাৰ যশোবৰ্ধন আৰু ৰাজকুমাৰী পদ্মাৱতীৰ মিত্ৰতাৰ পৰা হয়। ৰুধিৰাক্ষুদু নামৰ যাদুকৰে পদ্মাৱতীক প্ৰলোভিত কৰি অপহৰণ কৰি তেওঁক মাছলৈ ৰূপান্তৰিত কৰে। লগতে তেওঁ দৰাৰ ঘৰত অশান্তি সৃষ্টি কৰিবলৈ এজন দানৱক আদেশ দিয়ে, আৰু যশোবৰ্ধনৰ দেউতাকৰ দৃষ্টিশক্তি নাইকীয়া কৰি পেলায়। এইবাবে তেওঁ দেউতাকক আগৰ অৱস্থালৈ ওভতাই আনিবলৈ আৰু পদ্মাৱতীক সুৰক্ষিত কৰিবলৈ এক দুঃসাহসিক যাত্ৰা আৰম্ভ কৰাৰ সংকল্প লয়। বাটত অদ্ভুত কাণ্ড সংঘটিত হয়। ইফালে পদ্মাৱতীয়ে পলায়ন কৰে যদিও সাধুৰ অভিশাপৰ বলি হৈ তাই নিগনিলৈ পৰিণত হয়। অৱশেষত যশোবৰ্ধনে তাইক ৰক্ষা কৰে, ৰুধিৰাক্ষুদু বধ কৰি পিতৃৰ দৃষ্টিশক্তি আৰু শহুৰেকক নতুন ৰূপলৈ ঘূৰাই আনে। শেষত যশোবৰ্ধন আৰু পদ্মাৱতীৰ বিবাহেৰে ছবিখন এক সুখাত্মক অনুভূতিৰে সমাপ্ত হয়।
তথ্যসূত্ৰ
- ↑ Aggi Veerudu (Cast & Crew). gomolo.com
- ↑ Aggi Veerudu (Preview). Know Your Films
- ↑ Aggi Veerudu (Preview). Know Your Films
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অগ্গী বীৰুডু” প্ৰবন্ধৰ সংশোধন ৫২৮০৫০ (২৭ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।