আৰাৱল্লী (Aravalli ) ১৯৫৭ চনৰ কৃষ্ণ ৰাও পৰিচালিত১ আৰু ভি.এন. মডাৰ্ণ থিয়েটাৰৰ দ্বাৰা নিৰ্মিত ভাৰতীয় তামিল ভাষাৰ এখন ফেণ্টাচী একচন ছবি। ইয়াত মুখ্য চৰিত্ৰত অভিনয় কৰিছে জি বৰালক্ষ্মী, এছ মোহন, এছ জি ঈশ্বৰ, মীনাৱতী আৰু কাকা ৰাধাকৃষ্ণনে। সহযোগী চৰিত্ৰত অভিনয় কৰিছে এ কৰুণানিধি, টি পি মুথুলক্ষ্মী, এম এছ দ্ৰৌপদী আৰু ভি গোপালকৃষ্ণনে। ১৯৫৭ চনৰ ২২ অক্টোবৰত ছবিখনে মুক্তি পায়।২
সংগীত ৰচনা কৰিছিল জি ৰামানাথনে।৩৪ "চিন্না পেনানা প’থিলে" গীতটো দ্য মেন হু নিউ টু মাচৰ (১৯৫৬)৫৬ "কুই চেৰা, চেৰা (যি হওক, হ'ব)"ৰ আধাৰিত আৰু "চিন্না কুট্টি নাথানা"টোত শ্ৰীলংকাৰ সংগীত ধাৰা বাইলাৰ উপাদান দেখা যায়।৭
নেল্লুৰুপত্টনম ৰাজ্যত আৰৱল্লী আৰু তেওঁৰ ভগ্নী ছুৰাৱল্লী নিৰ্বিবাদ শাসক। তেওঁলোক সাতগৰাকী ভগ্নী আছিল যদিও নিয়ন্ত্ৰণৰ বাঘজৰী আছিল আৰাৱল্লী আৰু ছুৰাৱল্লীৰ হাতত, যাদুকৰী শক্তি থকা বুলি বৰ্ণনা কৰা হৈছে। ভীমাই তেওঁলোকক জয় কৰিবলৈ আগবঢ়ায়, অৱশ্যে এই মহিলাসকলৰ দ্বাৰা তেওঁ পৰাস্ত হয়, যিসকলেও তেওঁক অপমান কৰে আৰু কাৰাগাৰত আবদ্ধ কৰি ৰাখে। অৱশ্যে ভীমাই কাৰাগাৰৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়। সূৰৱল্লীয়ে ইন্দ্ৰপ্ৰস্তৰ ওচৰলৈ যায় আৰু তাই ৰজা ধৰ্মৰ ওচৰত তেওঁৰ ভাতৃ ভীমৰ বিষয়ে অভিযোগ কৰে। ধৰ্মই তাইৰ দাবী মানি লৈ নিজৰ ভাতৃক নেল্লুৰুপত্টনমলৈ ঘূৰাই পঠিয়াই দিয়ে।
তথ্য সংগ্ৰহ
0202
তথ্যসূত্ৰ
- ↑ 1957 – ஆரவல்லி – தி மாடர்ன் தியேட்டர்ஸ் சேலம். Lakshman Sruthi
- ↑ (22 October 1957). Aravalli. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ. পৃ. 1
- ↑ (22 October 1957). Aravalli. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ. পৃ. 1
- ↑ (22 October 1957). Aravalli. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ. পৃ. 1
- ↑ Jeyaraj, D.B.S. (27 July 2019). Singer-Actress Doris Day's evergreen signature song 'Que Sera Sera'. Daily FT
- ↑ Vamanan. (6 February 2018). His Surangani ferried Baila tunes from Lankan shores. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (10 November 1957). ஆரவல்லி. Kalki. পৃ. 22
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আৰাৱল্লী” প্ৰবন্ধৰ সংশোধন ৪৯৫৫৩০ (২২ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।