বাল নাগাম্মা ( Bala Nagamma) ১৯৪২ চনj চি পুল্লাই পৰিচালfl আৰু এছ এছ ভাছান প্ৰযোজিত এখন তেলেগু ভাষাৰ ছবি। বাল নাগম্মা কাহিনীটো এটা জনপ্ৰিয় বুৰ্ৰা কথাৰ পৰা লোৱা হৈছে। জেমিনী ষ্টুডিঅ’ই তেলেগু ভাষাত নিৰ্মাণ কৰা প্ৰাৰম্ভিক সফল ছবিসমূহৰ ভিতৰত এইখন অন্যতম আছিল, যিখন ছবি তামিল ভাষাত পুনৰ নিৰ্মাণ কৰা হোৱা নাছিল।১১ জেমিনী ষ্টুডিঅ'ই ছবিখন হিন্দী ভাষাত “বহুত দিন হুৱে”(১৯৫৪) নামেৰে পুনৰ নিৰ্মাণ কৰিছিল, য’ত মধুবালাই অভিনয় কৰিছিল।২ পিছলৈ ১৯৫৯ চনত বেদান্তম ৰাঘৱ্যৰ পৰিচালনাত একে নামেৰে ছবিখন পুনৰ নিৰ্মাণ কৰা হয়।
কাহিনী
কাহিনীটো বালা নাগম্মা নামৰ এজনী ৰাজকুমাৰীৰ বিষয়ে। ৰজা নৱভোজৰাজুৰ পত্নী ভূলক্ষ্মী ৰাণী, বংশৰ বাবে জটাংগী মুনিক প্ৰাৰ্থনা কৰে আৰু সাতটা সন্তানৰ প্ৰাপ্তি হয়; ইয়াৰে সৰুটোৰ নাম বালা নাগম্মা (কাঞ্চনামালা)। কাৰ্যবৰ্দী ৰাজুৰ (বান্দা) সৈতে বিবাহপাশত আবদ্ধ হয়। মায়ালা ফকিৰেয়ে (গোবিন্দৰাজুলা চুববাৰাও) ৰাজকুমাৰীক কুকুৰলৈ ৰূপান্তৰিত কৰি নাগুল্লাপুডী গট্টুত থকা নিজৰ গুহালৈ লৈ যায়। চৈধ্য বছৰ ধৰি গুহাত বন্দী হৈ থাকে, সেই সময়ছোৱাত তেওঁ ব্ৰতম আৰু পূজা-অৰ্চনা কৰি তাক আঁতৰত ৰাখে।
সেই সময়ছোৱাৰ ভিতৰত তেওঁৰ পুত্ৰ বালাৱৰ্দী ৰাজু ডাঙৰ হয় আৰু মায়ালা ফকিৰে মাকক বন্দী কৰি ৰখাৰ কথা গম পায়। বালাবৰ্দীয়ে ফুল বিক্ৰেতা তাম্বালী পেড্ডীৰ জৰিয়তে, তেওঁৰ নাতিয়েকৰ ৰূপ লৈ ফকিৰক বিচাৰি ফুৰে। তাৰ পিছত ফকিৰক পৰাস্ত কৰি মাকক উদ্ধাৰ কৰে।
ব্যৱসায়
চলচ্চিত্ৰ ইতিহাসবিদ ৰেণ্ডাৰ গাইৰ মতে বাল নাগাম্মাই ৪০ লাখ টকা (২০২৩ চনত ৫৯ কোটি ₹ বা ৬.৭ মিলিয়ন মাৰ্কিন ডলাৰৰ সমতুল্য) লাভ কৰিছিল।৩
তথ্য সংগ্ৰহ
0202
বাহ্যিক সংযোগ
- Balanagamma at Cinegoer.com
- Watch BalaNagama At Basthi.com
- Bala Nagamma at The Hindu/Cinema Plus
- List of Copyright violators reported
তথ্যসূত্ৰ
- ↑ Pullayya, C. (1942). Balanagamma. Gemini Studios
- ↑ Guy, Randor. (23 May 2003). With a finger on people's pulse. দ্য হিন্দু
- ↑ Randor Guy. (December 2008). .. And thus he made Chandralekha sixty years ago. Madras Musings
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাল নাগাম্মা” প্ৰবন্ধৰ সংশোধন ৫৩৫১৪১ (২৭ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।