অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

উৰন খতোলা

উৰন খতোলা (Uran Khatola) ১৯৫৫ চনত সংগীত পৰিচালক নৌশাদৰ দ্বাৰা নিৰ্মিত আৰু এছ ইউ ছানী পৰিচালিত এখন ভাৰতীয় হিন্দী ভাষাৰ ৰোমান্টিক-নাট্যধৰ্মী ছবি। ছবিখনত অভিনয় কৰিছে দিলীপ কুমাৰ, নিম্মী, জীৱন আৰু টুনটুনে। ছবিখনৰ সংগীত ৰচনা নৌছাদৰ। গীতসমূহ ৰচনা কৰিছে ছাকিল বদায়ুনীয়ে।

হালনাগাদ: ১১ ডিচেম্বৰ ২০২৫ ১৫১ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

উৰন খতোলা (Uran Khatola) ১৯৫৫ চনত সংগীত পৰিচালক নৌশাদৰ দ্বাৰা নিৰ্মিত আৰু এছ ইউ ছানী পৰিচালিত এখন ভাৰতীয় হিন্দী ভাষাৰ ৰোমান্টিক-নাট্যধৰ্মী ছবি। ছবিখনত অভিনয় কৰিছে দিলীপ কুমাৰ, নিম্মী, জীৱন আৰু টুনটুনে। ছবিখনৰ সংগীত ৰচনা নৌছাদৰ। গীতসমূহ ৰচনা কৰিছে ছাকিল বদায়ুনীয়ে।১২ প্ৰথমতে মধুবালাক ছবিখনৰ প্ৰস্তাৱ দিয়া হৈছিল যদিও স্বাস্থ্যৰ অৱনতিৰ বাবে তেওঁ নাকচ কৰিছিল।৩

ইয়াক তামিল ভাষাত ডাব কৰা হয় আৰু ১৯৫৬ চনৰ ১ নৱেম্বৰত মুক্তি দিয়া হয় বানৰথম নামেৰে মুক্তি দিয়া হয় আৰু। গীতবোৰ কম্বাদাসন আৰু এম. বি শ্ৰীনিবাসনে লিখিছিল।

কাহিনীৰ সাৰাংশ

কাশীয়ে যাত্ৰা কৰা বিমানখন মহিলা শাসিত এখন নগৰত দুৰ্ঘটনাগ্ৰস্ত হয়। কাশীক ছোনীয়ে উদ্ধাৰ কৰি নিজৰ ঘৰলৈ লৈ যায়, য'ত তেওঁ দেউতাক আৰু ভায়েক হীৰাৰ সৈতে বাস কৰে। ৰাস্তা বন্ধ হৈ থকাত কাশী ঘৰলৈ উভতি যাব নোৱাৰে আৰু তাত থাকিবলৈ হ’লে প্ৰথমে নগৰৰ শাসক ৰাজৰাণীৰ পৰা অনুমতি ল’ব লাগিব। ৰাণীৰ অনুৰোধত তেওঁ ৰাজপ্ৰসাদত থাকিবলৈ লয়। ইফালে কাশী আৰু ছোনীয়ে ইজনে সিজনক হৃদয় দিয়ে আৰু গোপনে লগ পায়। আনহাতে ৰাণীয়েও কাশীক পাব বিচাৰে।

তথ্যসূত্ৰ

  1. ↑ Uran Khatola (film). MuVyz.com website
  2. ↑ Uran Khatola (film). Upperstall.com website
  3. ↑ ADMINISTRATOR. The unknown side of Madhubala. Active India

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় লোককথাৰ আধাৰত নিৰ্মিত ছবিহিন্দী চলচ্চিত্ৰ১৯৫৫ বৰ্ষৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উৰন খতোলা” প্ৰবন্ধৰ সংশোধন ৫৬২৭৭৯ (১১ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।