ৱাৰিয়ৰ সাবিত্ৰী (Waarrior Savitri) ২০১৬ চনৰ ভাৰতীয় হিন্দী ভাষাৰ একচন নাট্যধৰ্মী ছবি।১২ ছবিখনত নিহাৰিকা ৰাইজাডা,৩ ৰজত বৰমেচা, ওম পুৰী,৪ কৰ্মবীৰ চৌধুৰী আৰু গুলচন গ্ৰ'ভাৰে অভিনয় কৰিছে। ড° ববছ প্ৰডাকচনৰ বেনাৰত উপেন্দ্ৰ মহেশ্বৰী আৰু ববি কাণ্ডাই ছবিখন প্ৰযোজনা কৰিছিল। ৱাৰিয়ৰ সাবিত্ৰী ভাৰতীয় পুৰাকথা – সাবিত্ৰী আৰু সত্যবানৰ আধুনিক অভিযোজন।
ছবিখনৰ চিত্ৰগ্ৰহণ চন্দেলাও গড়, যোধপুৰ, মুম্বাই আৰু লাছ ভেগাছত হৈছিল। ব্ৰিটিছ মডেল লুচি পিণ্ডাৰে ছবিখনৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰে। ২০১৬ চনৰ ২৫ আগষ্টত ছবিখন মুক্তি পাইছিল।৫৬
দেৱী সাবিত্ৰীক আধুনিক একবিংশ শতিকাৰ নাৰী হিচাপে চিত্ৰিত কৰাৰ বাবে ভাৰতৰ বহু ঠাইত এই ছবিখন নিষিদ্ধ কৰা হৈছিল। পৰিচালক পৰম গীলে মৃত্যুৰ ভাবুকি লাভ কৰে আৰু ছবিখন অতি কম ঠাইত মুক্তি পায়।৭
বিতৰ্ক
হিন্দু দেৱী সাবিত্ৰীক একবিংশ শতিকাৰ মহিলা হিচাপে চিত্ৰিত কৰাৰ বাবে ছবিখনে কিছুমান ঠাইত বিৰোধৰ মুখামুখী হ’বলগীয়া হৈছিল।৮
তথ্যসূত্ৰ
- ↑ (28 January 2017). Director Param Gill's journey from a homeless shelter in NY to Hollywood. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Hindi movie release dates. Times of India
- ↑ (2015-04-27). 3 Moga youths join hands to make film on women power. Tribuneindia.com
- ↑ (29 February 2016). Om Puri to play Yamraaj in 'Warrior Savitri'. mid-day.com
- ↑ (28 January 2017). 'Waarrior Savitri' gets a release date. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (27 August 2016). Waarrior Savitri movie review: Tackily mounted film!. india.com
- ↑ Param Gill set to release 'Waarrior Savitri' despite death threats
- ↑ (28 January 2017). 'Waarrior Savitri' stirs up controversy. দ্য টাইম্ছ অৱ ইণ্ডিয়া
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৱাৰিয়ৰ সাবিত্ৰী” প্ৰবন্ধৰ সংশোধন ৬০৪৭১৫ (৬ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।