অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

জ্ঞান সৌন্দৰী (জেমিনী সংস্কৰণ)

জ্ঞান সৌন্দৰী (Gnana Soundari) ১৯৪৮ চনৰ এখন ভাৰতীয় তামিল ভাষাৰ ছবি, যাৰ নিৰ্মাণ জেমিনী ষ্টুডিঅ’ই কৰিছিল। একে নাম আৰু কাহিনীৰে, বেলেগ অভিনেতা-অভিনেত্ৰী আৰু ক্ৰু মেম্বাৰেৰে একেটা বছৰতে চিটাডেল ষ্টুডিঅ’ই প্ৰযোজনা কৰা আন এখন ছবিও মুক্তি পাইছিল আৰু এই ছবিখন মুক্তি পোৱাৰ সময়ত চিটাডেলৰ জ্ঞান সৌন্দৰী…

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ২১৫ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

জ্ঞান সৌন্দৰী (Gnana Soundari) ১৯৪৮ চনৰ এখন ভাৰতীয় তামিল ভাষাৰ ছবি, যাৰ নিৰ্মাণ জেমিনী ষ্টুডিঅ’ই কৰিছিল।১ একে নাম আৰু কাহিনীৰে, বেলেগ অভিনেতা-অভিনেত্ৰী আৰু ক্ৰু মেম্বাৰেৰে একেটা বছৰতে চিটাডেল ষ্টুডিঅ’ই প্ৰযোজনা কৰা আন এখন ছবিও মুক্তি পাইছিল আৰু এই ছবিখন মুক্তি পোৱাৰ সময়ত চিটাডেলৰ জ্ঞান সৌন্দৰী সফলতাৰে চলি আছিল। জেমিনী সংস্কৰণটো ফ্লপ২ হৈছিল আৰু প্ৰযোজকে ইয়াক চিত্ৰগৃহৰ পৰা আঁতৰাই দিছিল।

নিৰ্মাণ

তামিল চলচ্চিত্ৰ জগতত জেমিনি ষ্টুডিঅ’ৰ এক গৌৰৱপূৰ্ণ স্থান আছে; কাৰণ তেওঁলোকে নিৰ্মাণ কৰা সকলো ছবিয়েই বক্স অফিচত সফল হৈছিল। যেতিয়া তেওঁলোকে এই ছবিখন নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰে, তেতিয়া হয়তো প্ৰযোজকে জানিছিল যে একেটা কাহিনীৰে আন এটা কোম্পানীয়ে চিত্ৰগ্ৰহণ কৰি আছে। কিন্তু তেওঁলোকৰ বছৰ বছৰ ধৰি চলি অহা অবিৰত সফলতাৰ ওপৰত নিৰ্ভৰ কৰি জেমিনীয়ে এই ছবিখন নিৰ্মাণ কৰিছিল, এই আশাত যে তেওঁলোকৰ সংস্কৰণটো ৰাইজে ভালদৰে গ্ৰহণ কৰিব। কিন্তু তেওঁলোকে প্ৰত্যাশা কৰাৰ ধৰণে ছবিখন দৰ্শকে গ্ৰহণ নকৰিলে।

মুক্তি

১৯৪৮ চনৰ ১৮ জুনত জ্ঞান সৌন্দৰী মুক্তি পায়।৩ ইণ্ডিয়ান এক্সপ্ৰেছে মুখ্য অভিনেতা-অভিনেত্ৰীৰ অভিনয়, কন্নমবাৰ গায়ন, চেটিংছ, ফটোগ্ৰাফী আৰু ৰেকৰ্ডিঙৰ প্ৰশংসা কৰিছিল যদিও সমালোচকসকলে ৰাধাক উপযুক্ত ধৰণে ব্যৱহাৰ কৰা বুলি অনুভৱ কৰিছিল।৪ ইতিহাসবিদ ভেংকটেশ ৰামকৃষ্ণনৰ মতে, খ্ৰীষ্টিয়ান বিষয়বস্তুৰ ছবি এখনত চৰিত্ৰবোৰে "ব্ৰাহ্মণীয়" উচ্চাৰণত কৰা সংলাপ প্ৰক্ষেপন দৰ্শকে অপছন্দ কৰি ছবিগৃহৰ চকী ভাঙি পেলাইছিল। ছবিখনৰ প্ৰদৰ্শন বন্ধ হৈ যায় আৰু পৰৱৰ্তী সময়ত বসনে ঘোষণা কৰে যে ভৱিষ্যতে ছবিখন কোনো ছবিগৃহত প্ৰদৰ্শিত নহ’ব। ভেংকটেশ ৰামকৃষ্ণনে বিশ্বাস কৰে যে পিছলৈ ছবিখনৰ নিগেটিভ জ্বলাই পেলোৱা হৈছিল।৫

তথ্যসূত্ৰ

  1. ↑ Film News Anandan. (23 October 2004). Sadhanaigal Padaitha Thamizh Thiraipada Varalaru. Sivakami Publishers
  2. ↑ Vijaya Kumar, B. (20 November 2011). Krishna Kuchela. দ্য হিন্দু
  3. ↑ (18 June 1948). Gnana Soundari. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ. পৃ. 6
  4. ↑ (19 June 1948). Gemini "Gnana Soundari". দ্য ইণ্ডিয়ান এক্মপ্ৰেছ. পৃ. 8
  5. ↑ Ramakrishnan, Venkatesh. (17 June 2018). Those were the days: When a Christian-themed movie ran to packed theatres. DT Next

সম্পৰ্কিত শ্ৰেণী

তামিল চলচ্চিত্ৰ১৯৪৮ বৰ্ষৰ চলচ্চিত্ৰভাৰতীয় লোককথাৰ আধাৰত নিৰ্মিত ছবি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জ্ঞান সৌন্দৰী (জেমিনী সংস্কৰণ)” প্ৰবন্ধৰ সংশোধন ৬৩৯৭৯০ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।