কথানদী (The River of Fables) ২০১৬ চনত মুক্তি লাভ কৰা ভাস্কৰ হাজৰিকা পৰিচালিত এখন হৰৰ ফেণ্টাচী প্ৰকাৰৰ অসমীয়া চলচ্চিত্ৰ। ইয়াত সীমা বিশ্বাস, আদিল হুছেইন, জেৰিফা ৱাহিদ, উৰ্মিলা মহন্ত, কপিল বৰা, আশা বৰদলৈ আদিয়ে অভিনয় কৰিছিল। এই চলচ্চিত্ৰখনৰ কাহিনীৰ ভিত্তি অসমৰ কিছুমান লোকসাধু।১
কথানদীয়ে ২০১৫ চনত এছিয়ান চিনেমা ফাণ্ডৰ প'ষ্ট প্ৰডাক্চন বঁটা লাভ কৰে।২ ২০১৫ চনৰ ১ ৰ পৰা ১০ অক্টোবৰলৈকে অনুষ্ঠিত বিংশতিতম বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত এই চলচ্চিত্ৰ প্ৰথমবাৰ প্ৰদৰ্শিত হয়।৩ ২০১৬ চনৰ এপ্ৰিলত ৬৩ তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত ই শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ বঁটা লাভ কৰে।৪
কাহিনী
কথানদীৰ ছবিখনৰ কাহিনীটো লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ী আইৰ সাধুৰ কেইটিমান জনপ্ৰিয় সাধু আৰু চৰিত্ৰক কেন্দ্ৰ কৰি গঢ়ি উঠিছে। বুঢ়ী আইৰ সাধুত সন্নিৱিষ্ট "তেজীমলা", "চম্পাৱতী", "ঔ-কুঁৱৰী" আৰু "তাৱৈৰ সাধু" নামৰ চাৰিটা বিশেষ সাধুৰ সংমিশ্ৰণ কৰি কথানদীৰ মূল কাহিনীটো সৃষ্টি কৰা হৈছে।৫
কলা-কুশলী
কথানদী ছবিখনত বহুতো নবীন-প্ৰবীন শিল্পীয়ে অভিনয় কৰে। ধনেশ্বৰীৰ চৰিত্ৰত সীমা বিশ্বাস, দেৱীনাথৰ চৰিত্ৰত আদিল হুছেইন, চেনেহীৰ চৰিত্ৰত জেৰিফা ৱাহিদ, কেতেকীৰ চৰিত্ৰত উৰ্মিলা মহন্ত, পোনাইৰ চৰিত্ৰত কপিল বৰা, মালতীৰ চৰিত্ৰত আশা বৰদলৈ, তেজীমলাৰ চৰিত্ৰত কাছভী শৰ্মা, বনলতিকাৰ চৰিত্ৰত মনিষা ভূঞা আৰু জগন্নাথৰ চৰিত্ৰত ডাঃ জয়ন্ত দাসে অভিনয় কৰে। ছবিখনৰ কলা-নিৰ্দেশক আছিল গোলোক সাহা। সাজ-সজ্জাৰ দায়িত্বত আছিল ৰাণী দত্ত বৰুৱা। ভিজুৱেল ইফেক্টছৰ দায়িত্বত আছিল শচীন বোলে, দীপ্তাংশু ঘোষ, জয়েশ শীৰ্কে আৰু চন্দ্ৰশেখৰ টানভি।৬
মুক্তি
২০১৫ চনৰ ১-১০ অক্টোবৰলৈকে চলা বিংশতম বুছান আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত কথানদীৰ ৱৰ্ল্ড প্ৰিমিয়াৰ হৈছিল।৩ ইয়াৰ পিছত অনুষ্ঠিত হোৱা বহুতো ছবি মহোৎসৱত কথানদীৰ প্ৰদৰ্শনী হৈছিল। তাৰ ভিতৰত ৫৯ সংখ্যক বিএফআই লণ্ডন ছবি মহোৎসৱ,৭ সপ্তদশ মুম্বাই ছবি মহোৎসৱ আৰু ৪ৰ্থ ধৰ্মশালা আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱ লেখত ল'বলগীয়া। ২০১৬ চনৰ জানুৱাৰীত ৩৯সংখ্যক গোটেবাৰ্গ আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত ছবিখনৰ প্ৰিমিয়াৰ হৈছিল। উল্লেখ্য যে, এই মহোৎসৱৰ প্ৰদৰ্শনীলৈ কেৱল দুখন ভাৰতীয় ছবিহে নিৰ্বাচিত হৈছিল। কথানদী আৰু চৌৰাংগ।৮ ২০১৬ চনৰ এপ্ৰিলত লছ এঞ্জেলছত অনুষ্ঠিত হোৱা চতুৰ্দশ ভাৰতীয় ছবি মহোৎসৱতো ছবি-প্ৰদৰ্শনীৰ বাবে কথানদী নিৰ্বাচিত হৈছিল।৯ ইয়াৰ বাহিৰেও ছবিখনে কালগেৰি, আষ্টিন টেক্সাছ, নিউয়ৰ্ক মহানগৰ, ষ্টাটগাৰ্ট, নতুন দিল্লী, পেৰিছ, দ্য হ'গ আৰু মেলবৰ্ণত প্ৰদৰ্শনী হৈছিল।
২০১৬ চনৰ ১৬ ছেপ্টেম্বৰত ছবিখনে অসমৰ ছবিগৃহত মুক্তি লাভ কৰে। নদীদ্বীপ মাজুলীত ছবিখনৰ প্ৰিমিয়াৰ অনুষ্ঠিত হৈছিল। মাজুলীতেই ছবিখনৰ অধিকাংশ দৃশ্যগ্ৰহণ সম্পন্ন হয়।১০ উল্লেখনীয় যে, নদীদ্বীপ মাজুলীত প্ৰিমিয়াৰ অনুষ্ঠিত হোৱা কথানদীয়েই প্ৰথমখন বোলছবি। ইয়াৰ পাছতেই ছবিখনক অসমৰ আন-আন ছবিগৃহতো মুক্তি দিয়া হয় আৰু ছবিখন চাৰিসপ্তাহলৈকে সফলতাৰে চলে। অন্যহাতে ষ্ট্ৰিমিং চাৰ্ভিছ নেটফ্লিক্সে গোলকীয় প্ৰদৰ্শনীৰ বাবে নিৰ্বাচন কৰা এইখনেই হৈছে প্ৰথমখন অসমীয়া কথাছবি। ছবিখন দুটা বছৰৰ বাবে নেটফ্লিক্সত উপলব্ধ হৈ থাকে।১১১২
বঁটা
৬৩ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত কথানদীয়ে অসমীয়া ভাষাত নিৰ্মিত শ্ৰেষ্ঠ ছবিৰ বাবে বঁটা অৰ্জন কৰে।৪১৩ ইয়াৰ বাহিৰেও ছবিখনে উত্তৰ-পূৰ্বাঞ্চলিক প্ৰাগ চিনে বঁটা ২০১৬ত দহটাকৈ শিতানত মনোনয়ন লাভ কৰে। আৰু চাৰিটা শিতানত নিজৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰিবলৈ সক্ষম হয়। সেইকেইটা হ'ল- শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বাবে ভাস্কৰ হাজৰিকা, শ্ৰেষ্ঠ সহ অভিনেত্ৰীৰ বাবে কাছভী শৰ্মা, শ্ৰেষ্ঠ কলা-নিৰ্দেশনাৰ বাবে গোলোক সাহা, শ্ৰেষ্ঠ সাজ-সজ্জাৰ বাবে ৰাণী দত্ত বৰুৱা। ২০১৬ চনৰ অক্টোবৰত, পেৰিছৰ "Festival du Film d’Asie du Sud" অনুষ্ঠানত ছবিখনে ‘Prix du Jury étudiant’ (ছাত্ৰ বিচাৰকৰ বঁটা) অৰ্জন কৰে।১৪
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Das, Gaurav. (3 December 2013). Four iconic fables to feature in film. Times of India
- ↑ Asian Cinema Fund (ACF) 2015 Selection Announced
- ↑ Kothanodi receives rare international honour
- ↑ (29 March 2016). National Awards 2016: Here is the complete List of Winners. The Indian Express
- ↑ www.thehindu.com/features/and-the-river-flows-to
- ↑ www.imdb.com/title/tt4577388/fullcredits
- ↑ Kothanodi at the 59th BFI LFF Programme Guide
- ↑ Nya Röster - The River of Fables
- ↑ Kothanodi at Cinema Indien
- ↑ Breaking Convention, Kothanodi to Premiere in Majuli
- ↑ thenewsmill.com/historic-premiere-assamese-film-
- ↑ usa.newonnetflix.info/info/80105360
- ↑ (28 March 2016). 63rd National Film Awards. Directorate of Film Festivals
- ↑ Official Twitter Announcement
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কথানদী” প্ৰবন্ধৰ সংশোধন ৫৬৭৩৮১ (২ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।