আলিবাবা ঔৰ ৪০ চোৰ (Alibaba Aur 40 Chor) ১৯৫৪ চনৰ হোমি ৱাডিয়া পৰিচালিত এখন হিন্দী ফেণ্টাচি একচন ছবি। ছবিখন ৱাডিয়া ব্রাদাৰ্ছ প্ৰডাকচনৰ বেনাৰত বসন্ত পিকচাৰ্ছৰ প্ৰস্তুতি আছিল।[1] কাহিনী, চিত্ৰনাট্য আৰু অতিৰিক্ত সংলাপ জে বি এইচ ৱাডিয়াৰ। সংলাপ লিখিছিল চন্দ পণ্ডিত আৰু তাহিৰ লুকনাভিয়ে।[2] কলা পৰিচালনা আৰু স্পেচিয়েল ইফেক্ট বাবুভাই মিষ্ট্ৰীৰ আছিল। সংগীত ৰচনা চিত্ৰগুপ্ত আৰু এছ এন ত্ৰিপাঠীয়ে কৰিছিল। চিত্ৰগুপ্তই নিজে ছবি নিৰ্মাণ কৰাৰ পূৰ্বে কিছু পৌৰাণিক আৰু ফেণ্টাচী ছবিত এচ এন ত্ৰিপাঠীৰ সহায়ক ৰূপে কাম কৰিছিল। গীতিকাৰ আছিল ৰাজা মেহদী আলী খান।[3] ইয়াত মহিপাল আৰু শকিলাই মুখ্য চৰিত্ৰত অভিনয় কৰিছে; লগতে আছিল- এছ এন ত্ৰিপাঠী, বি এম ব্যাস, সাৰদা, ললিতা কুমাৰী আৰু হেলেন।[4]
আৰবীয় নাইটছৰ ফেণ্টাচি এডভেঞ্চাৰৰ আধাৰত নিৰ্মিত ছবিখনত আলিবাবাই ধন-সোণেৰে ভৰা গুহাটো বিচাৰি পোৱা আৰু তাৰ পিছৰ ঘটনাক্ৰম বৰ্ণিত হৈছে। হোমি ৱাডিয়াই এই ছবিখন আলিবাবা আৰু ৪০ চোৰ হিচাপে পুনৰ নিৰ্মাণ কৰিছিল, য’ত মুখ্য চৰিত্ৰত সঞ্জীৱ কুমাৰ আছিল আৰু পূৰ্বৰ ছবিখনৰ খলনায়ক বি এম ব্যাস এইখন ছবিতো আছিল। ছবিখনৰ গীতসমূহ ১৯৫৬ চনৰ তামিল সংস্কৰণত ব্যৱহাৰ কৰা হৈছিল।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আলিবাবা ঔৰ ৪০ চোৰ (১৯৫৪ চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৪৭৭৬০২ (১৫ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।