সাবিত্ৰী (ইংৰাজী: Savithiri) ১৯৪১ চনত তামিল ভাষাত নিৰ্মিত এখন ভাৰতীয় চলচ্চিত্ৰ৷ ছবিখন ৱাই ভি ৰাওে পৰিচালনা কৰিছিল। ছবিখনত ৱাই. ভি. ৰাওে সত্যবানৰ চৰিত্ৰত আৰু শান্ত আপ্তেই সাবিত্ৰীৰ চৰিত্ৰত অভিনয় কৰিছিল।১
প্ৰযোজনা
শান্তা আপ্তে মাৰাঠী আৰু হিন্দী ছবিৰ জনপ্ৰিয় তাৰকা। তেওঁ তামিল নাজানিছিল যদিও ভাষাটো শিকিব আৰু ছবিখনত নিজৰ কণ্ঠ দিব বুলি জোৰ দিছিল। পুনেত ব্যক্তিগত শিক্ষকৰ অধীনত এবছৰ অধ্যয়ন কৰি তেওঁ ভাষাটোত পাকৈত হৈ উঠিছিল।১ এম. এছ. চুব্বালক্ষ্মীয়ে ছবিখনৰ দেৱৰ্ষি নাৰদ হিচাপে এজন পুৰুষ চৰিত্ৰত অভিনয় কৰিছিল।২ কলিকতা (বৰ্তমান কলকাতা)ৰ নিউ থিয়েটাৰ ষ্টুডিঅ'ত এই ছবিখন নিৰ্মাণ কৰা হৈছিল।৩
মুক্তি
১৯৪১ চনৰ ৪ ছেপ্টেম্বৰত মাদুৰাই, ত্ৰিচি আৰু কয়ম্বাটুৰত ছবিখন মুক্তি দিয়া হয়।৪ মাদ্ৰাজত ইয়াক ১৭ অক্টোবৰত মুক্তি দিয়া হয়।৫
তথ্যসূত্ৰ
- ↑ Guy, Randor. (5 March 2010). Savithiri (1941). দ্য হিন্দু
- ↑ Sai, Veejay. (29 September 2015). Celebrating a legend: A century of MS Subbulakshmi through 10 songs. Scroll.in
- ↑ Gopalakrishnan, P.V. (20 February 2017). Filmy Ripples: Movie Studios (Part 1)
- ↑ (30 August 1941). Savithiri. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ. পৃ. 2
- ↑ (18 October 1941). Savithiri. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ. পৃ. 4
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সাবিত্ৰী (১৯৪১ চনৰ চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৪৮১০৮৮ (২২ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।