নীনা মেনুৱেল (Nina Manuel; জন্ম: ২৪ এপ্ৰিল ১৯৬২) এগৰাকী ভাৰতীয় মডেল, টেলিভিছন ঘোষিকা আৰু ভিজে।১
প্ৰাৰম্ভিক জীৱন
মেনুৱেলৰ জন্ম ২৪ এপ্ৰিলত ভাৰতৰ মুম্বাইত হৈছিল। তেওঁৰ পিতৃ কেৰালাৰ আৰু মাতৃ গোৱাৰ আছিল। তেওঁ কুৱেইট, বাহৰেইন আৰু ডুবাইত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল।২ পৰৱৰ্তী সময়ত তেওঁ মুম্বাইলৈ উভতি আহে আৰু মিঠিবাঈ কলেজৰপৰা বাণিজ্য শাখাৰ স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰে। তেওঁ এগৰাকী অধিবক্তা হোৱাৰ ইচ্ছা কৰিছিল আৰু আইন মহাবিদ্যালয়ত দুবছৰীয়া অধ্যয়নো সম্পূৰ্ণ কৰিছিল। ১৯৯৫ চনত তেওঁৰ মাতৃয়ে বাতৰি কাকতত ফেমিনা লুক অৱ দ্য ইয়াৰ প্ৰতিযোগিতাৰ এটা বিজ্ঞাপন দেখিছিল। মেনুৱেলৰ মাতৃয়ে তেওঁক এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰিছিল আৰু তেওঁ অংশ লৈছিল। যদিও তেওঁ শেষত বিজয়ী হোৱা নাছিল, তথাপি তেওঁ মেহৰ জেছিয়াৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰপৰাই তেওঁৰ মডেলিং কেৰিয়াৰৰ আৰম্ভণি হয়।২৩ মডেলিং কেৰিয়াৰত মনোনিৱেশ কৰাৰ বাবে তেওঁ ছয় মাহৰ পাছত জি.জে. আদৱানী ল’ কলেজ ত্যাগ কৰিছিল।৪
কেৰিয়াৰ
মেনুৱেল এঞ্জেম্বল নামৰ এটা 'অট ক্যুচাৰ' বিপণীৰ অনুষ্ঠানৰ জৰিয়তে নিজৰ মডেলিং কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু ভাৰতৰ শীৰ্ষ ডিজাইনাৰসকলৰ দৃষ্টি আকৰ্ষণ কৰিছিল। তেওঁ প্ৰথম অৱস্থাত বহুতো ৰেম্প শ্ব' কৰিছিল আৰু তাৰ ফলস্বৰূপে ছান মিগুৱেল, ল'মেন জিন্স, বাউচ এণ্ড লম্ব, লেভিছ, ক'কা-ক'লা, দ্য ইণ্ডিয়ান এক্সপ্ৰেছ আৰু কোডাকৰ সৈতে মডেলিং চুক্তি লাভ কৰিছিল। তেওঁ বিভিন্ন ডিজাইনাৰৰ বাবে ফটোশ্বুট কৰাৰ লগতে বাবা চেহগল, ৰেমো ফাৰ্নাণ্ডেজ আৰু আনাইডাৰ সৈতে মিউজিক ভিডিঅ'তো কাম কৰিছে। তেওঁ সুনীত বাৰ্মা, জেজে ভালায়া, ৰাঘৱেন্দ্ৰ ৰাঠোৰ আৰু ৰবি বাজাজৰ দৰে ডিজাইনাৰৰ বাবে ৰেম্প শ্ব' কৰিছে।২৩
মেনুৱেলৰ টেলিভিছন কেৰিয়াৰ ছয় বছৰ জুৰি বিস্তৃত হৈ আছে আৰু তেওঁ জি মিউজিকত নীনা এট ৯ আৰু মিডনাইট মেনুৱেল তথা জি কেফেত আফটাৰ আৱাৰ্ছ নামৰ তিনিটা অনুষ্ঠানৰ ঘোষিকা আছিল। তেওঁ চেনেল ভি-ৰ এগৰাকী ভিজেও আছিল, য’ত তেওঁ লেট নাইট ভি নামৰ অনুষ্ঠানটো পৰিচালনা কৰিছিল।৫
তথ্যসূত্ৰ
- ↑ (12 March 2013). How 'fair' is that. The Times of India
- ↑ Editorial - Gallery. Ninamanuel.in
- ↑ (2010-10-18). She's Nina Manuel, the girl who was first noticed in the San Miguel ad as the irresistible waitress. Models.indiafashionmodels.com
- ↑ The Indian Lass for "Antiquity Whisky" - Nina Manuel. Scribd.com
- ↑ About Nina. Ninamanuel.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নীনা মেনুৱেল” প্ৰবন্ধৰ সংশোধন ৫৯৯৩৪০ (১ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।