শ্যমলী বাৰ্মা (Shyamoli Varma; জন্ম: ১১ ডিচেম্বৰ ১৯৫৭) এগৰাকী প্ৰাক্তন ভাৰতীয় অভিনেত্ৰী আৰু মডেল। তেওঁক ভাৰতৰ প্ৰথম 'চুপাৰমডেল' আৰু প্ৰথম 'লেকমী গাৰ্ল' (Lakmé girl) হিচাপে জনা যায়।১ বাৰ্মা ভাৰতীয় থ্ৰিলাৰ ছবি ৰোগত কৰা অভিনয় আৰু লেকমী কচমেটিক্সৰ সৈতে কৰা কামৰ বাবেও পৰিচিত। লেকমীৰ সৈতে কাম কৰাৰ পাছত বাৰ্মাই পেৰিছত থাকিবলৈ লয় আৰু তাত পিয়েৰ কাৰ্ডিন, ইভ চেইণ্ট লৰেণ্ট আৰু চেনেলৰ দৰে ফেশ্বন কোম্পানীসমূহৰ হৈ মডেলিং কৰে।২
প্ৰাৰম্ভিক জীৱন
১৯৫৩ চনৰ ১১ ডিচেম্বৰত ভাৰতৰ পুনেত এটা ভাৰতীয় পৰিয়ালত বাৰ্মাৰ জন্ম হৈছিল। তেওঁৰ পিতৃ ভাৰতীয় সেনাৰ এজন লেফটেনেণ্ট কৰ্ণেল আছিল আৰু মাতৃ এগৰাকী গৃহিনী আছিল। তেওঁ বঙালী, পঞ্জাবী আৰু ইংৰাজ বংশোদ্ভৱ। বাৰ্মাৰ এজন ভাতৃ আছে যিয়ে মেলবৰ্ণত এজন বিত্তীয় উপদেষ্টা হিচাপে কাম কৰিছিল। তেওঁ মহাবিদ্যালয়ত শৈক্ষিক মনোবিজ্ঞান অধ্যয়ন কৰিছিল।৩
ব্যক্তিগত জীৱন
বাৰ্মা অভিজিৎ চেটাৰ্জীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। তেওঁৰ আকীক্ষা নামৰ এগৰাকী কন্যা সন্তান আছে, যিয়ে চিয়াটলৰ ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰপৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে। বাৰ্মা ইংৰাজী, হিন্দী আৰু ফৰাচী ভাষাত সাৱলীল।৩
কেৰিয়াৰ

'চফিয়া কলেজ ফৰ উইমেন'ৰপৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত তেওঁ পুনেত এজন টেলিফোন অপাৰেটৰ হিচাপে কাম কৰিছিল। তাৰ পিছত ফেশ্বন কৰিঅ’গ্ৰাফাৰ জীনী নাউৰোজীৰ এজন সহায়কৰ দৃষ্টিত তেওঁ ধৰা পৰে। ইয়াৰ পিছত তেওঁ 'লেকমী কচমেটিক্স'ৰ সৈতে তিনিবছৰীয়া মডেলিং চুক্তিত স্বাক্ষৰ কৰে। ভাৰতত বাৰ্মা এই অংশীদাৰিত্বৰ বাবে পৰিচিত আৰু তেওঁক "লেকমী গাৰ্ল" বুলি অভিহিত কৰা হয়।৪ প্ৰসাধন সামগ্ৰীৰ পৃথিৱীখনত তুলনামূলকভাৱে নতুন হৈ থকা সেই সময়ৰ ভাৰতত মেক-আপ সামগ্ৰীৰ বিজ্ঞাপনৰ বাবে তেওঁক ব্যৱহাৰ কৰা হৈছিল। লেকমীয়ে ভাৰতত প্ৰসাধন সামগ্ৰীৰ প্ৰতি থকা সামাজিক নেতিবাচক ধাৰণা দূৰ কৰি বিভিন্ন বৰণ আৰু ছালৰ ৰঙৰ দেশখনত নিজৰ সামগ্ৰীসমূহৰ বজাৰ সৃষ্টি কৰিবলগীয়া হৈছিল। মডেলিং উদ্যোগত এবছৰ কাম কৰাৰ পাছত বাৰ্মাই 'নেছকাফে'ৰ বিজ্ঞাপন আৰু ভাৰত চৰকাৰৰ মালিকানাধীন সম্প্ৰচাৰ নেটৱৰ্ক 'দূৰদৰ্শন'ত আত্মপ্ৰকাশ কৰে।৪
লেকমী কচমেটিক্সৰ সৈতে কাম কৰাৰ পাছত তেওঁ 'পিয়েৰ কাৰ্ডিন'ৰ সৈতে এটা চুক্তি লাভ কৰে আৰু ফেশ্বন জগতত নিজৰ কাম আগবঢ়াই নিবলৈ ১৯৮০ চনত ফ্ৰান্সৰ পেৰিছলৈ গুচি যায়। বাৰ্মাই ইভ চেইণ্ট লৰেণ্ট, চেনেল, ভোগ, মেক্সিম, কাৰ্ল লেগাৰফেল্ড, মেক্স মাৰা, কম ডে গাৰ্চন আৰু অন্যান্য শীৰ্ষ ফেশ্বন কোম্পানীসমূহৰ সৈতে কাম কৰিছিল।৪ পেৰিছত থকা সময়ছোৱাত তেওঁ সতীৰ্থ ভাৰতীয় মডেল অঞ্জলি মেণ্ডেজ আৰু আলোকচিত্ৰশিল্পী ৰোহিত খোচলা তথা আজ্জেডিন আলাইয়াৰ ঘনিষ্ঠ আছিল। ইয়াৰ পিছত তেওঁ ১৯৮৯ চনত পুনৰ পুনেলৈ ঘূৰি আহে আৰু তাত ফেশ্বন কৰিঅ’গ্ৰাফাৰ হিচাপে কেৰিয়াৰ আৰম্ভ কৰে। তেতিয়াৰেপৰা তেওঁ ভাৰত, ফ্ৰান্স আৰু জাৰ্মানী ভ্ৰমণ কৰিছে আৰু ৬খন প্ৰদৰ্শনী অনুষ্ঠিত কৰিছে। পৰৱৰ্তী দুবছৰত তেওঁ ফেশ্বন ইনষ্টিটিউট, ডিজাইনাৰ আৰু ট্ৰেড ফেয়াৰৰ বাবে শ্ব’সমূহ কৰিঅ’গ্ৰাফ কৰিছিল। কন্যা সন্তানৰ জন্ম নোহোৱালৈকে তেওঁ ৫ বছৰ ধৰি এই কাম অব্যাহত ৰাখিছিল।২
তথ্যসূত্ৰ
- ↑ (17 October 2013). Shyamoli Varma: The Lakmé girl and India's first supermodel
- ↑ Sheena Sidher. (8 April 2011). Back from Hiatus
- ↑ (14 August 1998). Communalism Combat
- ↑ (23 November 2008). A Model Life. The Indian Express
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্যমলী বাৰ্মা” প্ৰবন্ধৰ সংশোধন ৫৯৯৭৮৩ (৩ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।