অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সন্দলী সিংহ

সন্দলী সিংহ (ইংৰাজী: Sandali Sinha; জন্ম: ১১ জানুৱাৰী ১৯৭৩) এগৰাকী প্ৰাক্তন ভাৰতীয় বলীউড অভিনেত্ৰী আৰু মডেল। ২০০১ চনৰ ৰোমাণ্টিক ছবি তুম বিনত পিয়া চৰিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত। হিন্দীৰ উপৰিও তেওঁ তেলুগু চলচ্চিত্ৰ ওৰে পাণ্ডুত অভিনয় কৰিছে।

হালনাগাদ: ২৬ ছেপ্তেম্বৰ ২০২৬ ১৯৩ শব্দ · ১ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

সন্দলী সিংহ (ইংৰাজী ভাষা: Sandali Sinha; জন্ম: ১১ জানুৱাৰী ১৯৭৩) এগৰাকী প্ৰাক্তন ভাৰতীয় বলিউড অভিনেত্ৰী আৰু মডেল। ২০০১ চনৰ ৰোমাণ্টিক ছবি তুম বিনত পিয়া চৰিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত।১ হিন্দী ভাষাৰ উপৰিও তেওঁ তেলুগু ভাষা চলচ্চিত্ৰ ওৰে পাণ্ডুত অভিনয় কৰিছে।

প্ৰাৰম্ভিক জীৱন

তেওঁৰ পিতৃ এজন বিষয়া আছিল আৰু কৰ্তব্যৰত অৱস্থাতে তেওঁৰ মৃত্যু হৈছিল। তেওঁৰ মাতৃয়ে দিল্লীত সন্দলীসহ তিনিটা সন্তানক ডাঙৰ-দীঘল কৰিছিল। তেওঁ এয়াৰ ফৰ্চ বাল ভাৰতী স্কুলৰপৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰে আৰু দিল্লীৰ জিছাছ এণ্ড মেৰী কলেজৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে। সিংহই কিশোৰ নামিত কাপুৰ এক্টিং ইনষ্টিটিউটত অভিনয় শিকিছিল। পাইলট আৰু চিকিৎসকৰ পৰিয়ালত জন্মগ্ৰহণ কৰা সিংহ এগৰাকী চিকিৎসক হোৱাৰ প্ৰতি আগ্ৰহী আছিল। কিন্তু এটা এমেচাৰ ফেশ্বন শ্ব’ত অংশ লোৱাৰ অভিজ্ঞতাই তেওঁক মডেলিং জগতলৈ আকৰ্ষিত কৰে।২

কেৰিয়াৰ

বাণিজ্য শাখাৰ স্নাতক সিংহই উন্নত সুযোগৰ সন্ধানত মুম্বাইলৈ স্থানান্তৰিত হয়। কম সময়ৰ ভিতৰতে তেওঁ এগৰাকী মডেল হিচাপে পৰিচিত হয়।৩ অনুভৱ সিংহৰ পৰিচালনাত নিৰ্মিত সোনু নিগমৰ মিউজিক ভিডিঅ' "দীৱানা"ৰ জৰিয়তে তেওঁ প্ৰথম জনপ্ৰিয়তা লাভ কৰে। এই মিউজিক ভিডিঅ’টোৱে তেওঁক অনুভৱ সিংহৰ পৰিচালনাত নিৰ্মিত প্ৰথম ছবি তুম বিনত অভিনয়ৰ সুযোগ দিলে। এই ছবিত সিংহই পিয়া নামৰ এগৰাকী নিৰ্দোষী মহিলাৰ চৰিত্ৰত অভিনয় কৰিছিল।

ব্যক্তিগত জীৱন

সিংহই ২০০৫ চনৰ নৱেম্বৰ মাহত ব্যৱসায়ী কিৰণ ছালাস্কাৰৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু তেওঁলোকৰ দুটি সন্তান আছে।৪৫৬৭

চলচ্চিত্ৰপঞ্জী

টেলিভিছন

বছৰঅনুষ্ঠানচৰিত্ৰ
১৯৯৯মুস্কানমহেক
১৯৯৯তানহা

চলচ্চিত্ৰ

বছৰছবিচৰিত্ৰ
২০০১তুম বিনপিয়া
২০০৩পিঞ্জৰলাজো
২০০৩ওমসন্দলী ধাৰিৱাল
২০০৪অব তুমহাৰে হৱালে ৱতন সাথিয়োডা° সাক্ষী
২০০৫নিগাহৱান: দ্য থাৰ্ড আইনিশা
২০০৫ওৰে পাণ্ডুপ্ৰিয়া (তেলুগু)
২০০৭মেইন ৰনি অৰ জনিনিনা
২০১৬তুম বিন ২পিয়া (বিশেষ উপস্থিতি)

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (12 July 2007). Sandali Sinha. The Times of India
  2. ↑ Sandali Sinha Personality
  3. ↑ Sandali's interview
  4. ↑ Maqbool Khan's bash for 'Lanka'
  5. ↑ Sandali Sinha at Nandita Mahtani's brother Bharat's wedding reception
  6. ↑ Sandali Sinha marriage
  7. ↑ On-Spot: Reema Sen Mehendi and Wedding

সম্পৰ্কিত শ্ৰেণী

হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীভাৰতীয় মডেলতেলুগু চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সন্দলী সিংহ” প্ৰবন্ধৰ সংশোধন ৬৩৮৬৪৮ (২৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।