অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ভূমিকা আৰোৰা

ভূমিকা আৰোৰা (ইংৰাজী: Bhumika Arora) এগৰাকী ভাৰতীয় ফেশ্বন মডেল। ভূমিকা ২০১৬ চনৰ ফেব্ৰুৱাৰী মাহৰ ভগ ইণ্ডিয়াৰ বেটুপাতৰ মডেল আছিল আৰু আলোচনীখনে তেওঁক পৰৱৰ্তী ভাৰতীয় ছুপাৰমডেল হিচাপে অভিহিত কৰিছিল।

হালনাগাদ: ১৪ জুন ২০২৬ ২১৯ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

ভূমিকা আৰোৰা (ইংৰাজী ভাষা: Bhumika Arora) এগৰাকী ভাৰতীয় ফেশ্বন মডেল। ভূমিকা ২০১৬ চনৰ ফেব্ৰুৱাৰী মাহৰ ভগ ইণ্ডিয়াৰ বেটুপাতৰ মডেল আছিল আৰু আলোচনীখনে তেওঁক পৰৱৰ্তী ভাৰতীয় ছুপাৰমডেল হিচাপে অভিহিত কৰিছিল।১

ভূমিকাই আমেৰিকান ভগ, ব্ৰিটিছ ভগ, ভগ ইণ্ডিয়া, ভগ পেৰিছ, টিন ভগ, এল ইউএছএ, মেৰী ক্লেয়াৰ ইটালী, আই-ডি মেগাজিন, লাভ মেগাজিন, এল'ফিচিয়েল ইণ্ডিয়া, ইণ্টাৰভিউ জাৰ্মানী আৰু আমনো মেগাজিনৰ সম্পাদকীয়ত ভূমুকি মাৰিছে।২৩ তেওঁ ২০১৪/২০১৫ চনৰ ফল/উইণ্টাৰ সংগ্ৰহৰ বাবে ড্ৰিজ ভেন নোটেনৰ হৈ পেৰিছত প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় ৰেম্প শ্ব’ত অংশ লৈছিল।৪ অৱশ্যে, তেওঁৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ সময় আছিল ২০১৫ চনৰ ফল শ্ব’সমূহ, য’ত তেওঁ আলেকজেণ্ডাৰ ৱাংৰ হৈ নিউয়ৰ্ক ফেশ্বন উইকত অভিষেক ঘটাইছিল। তিনিদিনৰ পিছত তেওঁ ভেৰা ৱাংৰ হৈ ৰেম্প ৱাক কৰে আৰু Vogue.com-এ তেওঁক "৭ থিংছ উই লাভড টুডে" তালিকাত ৩ নম্বৰ স্থানত ৰাখিছিল।৪ নিউয়ৰ্ক ফেশ্বন উইকত অভিষেকৰ পিছত সেই ছিজনতে ভূমিকাই লণ্ডন ফেশ্বন উইকত ড্যাক্স, গেৰেথ পুগ, জোনাথন চাউণ্ডাৰ্ছ, প্ৰিন আৰু চিমোন ৰোছাৰ হৈ খোজ কাঢ়িছিল। ইয়াৰ পিছত তেওঁ মিলানলৈ যায় আৰু তাত কাৰ্ল লেজাৰফেল্ডৰ ফেণ্ডি শ্ব’ত অংশ লয়।

২০১৫ চনৰ ফল আৰু ২০১৬ চনৰ ফল ছিজনৰ ভিতৰত ভূমিকাই হাৰ্মিছ, চেনেল, ফেণ্ডি, ভাৰ্চাচি, জিন পল গলটিয়াৰ, কেনজো, ড্ৰিজ ভেন নোটেন, মিছনি, ডি স্কোৱাৰ্ড২, মনিষ আৰোৰা, ফেৰাগামো, ইট্ৰো, ৰবেৰ্টো কাভালি, ডলচে এণ্ড গাবানা, ভিক্টৰ এণ্ড ৰলফ, আন্না চুই, আলেকজেণ্ডাৰ ৱাং, ইমিলিঅ’ পুচি, ভেৰা ৱাং, বটেগা ভেনেটা, ষ্টেলা মেকাৰ্টনি, এলবেৰ্টা ফেৰেটি, মেক্স মাৰা, ৩.১ ফিলিপ লিম, বিচিবিজি মেক্স আজৰিয়া, গেৰেথ পুগ, এইচ এণ্ড এম, কোচে, লিয়া পেকৰে, পৰ্টছ ১৯৬১, ব্ৰেণ্ডন মেক্সৱেল, ডেস্ক লাম, প্ৰবাল গুৰুং, ফেণ্টি এক্স পুমা আৰু বালমেইনৰ দৰে প্ৰখ্যাত ব্ৰেণ্ড আৰু ডিজাইনাৰৰ বাবে কাম কৰিছিল।২৩ তেওঁ এইচ এণ্ড এম ফল/উইণ্টাৰ ২০১৬-২০১৭ ৰেডী-টু-ৱেৰ ফেশ্বন শ্ব’ৰ শেষৰফালে দুবাৰকৈ উজুটি খাই পৰি গৈছিল।৫

তেওঁ হাভানাৰ ঔপনিৱেশিক পথ পাচিও ডেল প্ৰাডুত অনুষ্ঠিত হোৱা চেনেলৰ ক্ৰুজ ২০১৬/২০১৭ শ্ব’ত কাৰ্ল লেজাৰফেল্ডৰ হৈ ৰেম্প ৱাক কৰিছিল।৬ নাইকিল্যাব আৰু অলিভিয়াৰ ৰাউষ্টিঙৰ সহযোগিতাক উদ্‌যাপন কৰি নিক নাইটে ডিচড এণ্ড কনফিউজডৰ বাবে নিৰ্মাণ কৰা এখন চুটি ছবিটো তেওঁক ডিজাইনাৰজনৰ লগতে ফুটবল তাৰকা ক্ৰিষ্টিয়ানো ৰোনাল্ডো আৰু আন কেইবাগৰাকী মডেলৰ সৈতে দেখা গৈছিল।৭

প্ৰাৰম্ভিক জীৱন

ভূমিকা আৰোৰাই চণ্ডীগড়ৰপৰা বেচেলৰ অফ বিজনেছ এডমিনিষ্ট্ৰেচন (BBA) অধ্যয়ন কৰিছিল।৮ ভূমিকাই ২০১৪ চনত ২৬ বছৰ বয়সত ড্ৰিজ ভেন নোটেনৰ হৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আত্মপ্ৰকাশ কৰিছিল।৯ অৱশ্যে, ২০১৫ চনৰ ফল/উইণ্টাৰ ফেশ্বন ছিজনৰ বাবেহে তেওঁ অধিক জনাজাত হৈছিল, য'ত তেওঁ আলেকজেণ্ডাৰ ৱাংৰ ছেমি-এক্সক্লুচিভ মডেল আছিল আৰু সেই ছিজনত মুঠ ২৫টা শ্ব'ত অংশ লৈছিল।১০১১

তথ্যসূত্ৰ

  1. ↑ (28 January 2016). How Bhumika Arora achieved the ultimate fashion dream. VOGUE India
  2. ↑ Bhumika Arora - Model. MODELS.com
  3. ↑ Asi Mod. ASIAN MODELS BLOG
  4. ↑ Ray A. Smith. (5 March 2015). The Making of a Runway Model - WSJ. WSJ
  5. ↑ Video on YouTube, with two angles of view
  6. ↑ The Society Management on Instagram: "#Resort2017 @chanelofficial #societysquad @barborapodzimkova @lindseywixson @paulinehoarau @josephine_letutour @molllsbair @bhumika_arora04 @antoninapetkovic @alecia_morais @louiseparker @laurenjdg
  7. ↑ Archived at Ghostarchive and the NikeLab x Olivier Rousteing Fashion Film:Nick Knight/Robbie Spencer/Dazed&Confused/Cristiano Ronaldo. ইউটিউব: NikeLab x Olivier Rousteing Fashion Film:Nick Knight/Robbie Spencer/Dazed&Confused/Cristiano Ronaldo. ইউটিউব
  8. ↑ Team, ELLE India. Meet Bhumika Arora, India's newest supermodel. Elle India
  9. ↑ (2016-07-06). Get To Know Model Bhumika Arora. ELLE UK
  10. ↑ Bhumika Arora - Page 12 - the Fashion Spot. forums.thefashionspot.com
  11. ↑ (2015-05-08). Meet the newest Indian supermodel, Bhumika Arora. hindustantimes.com/

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় মডেল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভূমিকা আৰোৰা” প্ৰবন্ধৰ সংশোধন ৬১২১৭৭ (১৪ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।