অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শাজান পদ্মসী

শাজান পদ্মসী কানাকিয়া (ইংৰাজী: Shazahn Padamsee Kanakia; জন্ম: ১৮ অক্টোবৰ ১৯৮৭) — এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে মূলতঃ হিন্দী আৰু তেলুগু চলচ্চিত্ৰত কাম কৰে।

হালনাগাদ: ৬ ছেপ্তেম্বৰ ২০২৬ ৬০১ শব্দ · ৩ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

শাজান পদ্মসী কানাকিয়া (ইংৰাজী ভাষা: Shazahn Padamsee Kanakia; জন্ম: ১৮ অক্টোবৰ ১৯৮৭) — এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে মূলতঃ হিন্দী ভাষা আৰু তেলুগু ভাষা চলচ্চিত্ৰত কাম কৰে। বিশিষ্ট অভিনেতা অলীক পদ্মসী আৰু শ্বেৰন প্ৰভাকৰৰ কন্যা শাজানে ২০০৯ চনৰ হিন্দী ভাষা ছবি ৰকেট সিং: চেলচমেন অৱ দ্য য়েৰৰ জৰিয়তে চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰিছিল। পদ্মসীৰ অন্যান্য উল্লেখযোগ্য অভিনয়সমূহ আছিল ব্যাৱসায়িকভাৱে সফল ছবি অৰেঞ্জ (২০১০), দিল তো বাচ্চা হ্যায় জী (২০১১), হাউচফুল ২ (২০১২) আৰু মচলা (২০১৩)।

প্ৰাৰম্ভিক জীৱন আৰু পৰিয়াল

২০ ২০১২ চনৰ মে' মাহত পিতৃ অলীক পদ্মসীৰ সৈতে শাজান
২০ ২০১২ চনৰ মে' মাহত পিতৃ অলীক পদ্মসীৰ সৈতে শাজানছবি: Bollywood Hungama · CC BY 3.0

পদ্মসীৰ পিতৃ অলীক পদ্মসী এজন জ্যেষ্ঠ থিয়েটাৰ অভিনেতা আছিল যিয়ে গুজৰাটৰ কচ্ছ অঞ্চলৰ এটা পৰম্পৰাগত পৰিয়ালত জন্মগ্ৰহণ কৰিছিল।১২ ২০১১ চনত শাজানে প্ৰকাশ কৰিছিল যে তেওঁ বৌদ্ধ ধৰ্মৰদ্বাৰা অনুপ্ৰাণিত আৰু তেওঁ ধৰ্মীয় হোৱাতকৈ অধিক আধ্যাত্মিক। তেওঁ লগতে কৈছিল, "মই ঈশ্বৰক বিশ্বাস কৰোঁ। কিন্তু তাতকৈও বেছি মই সকলো ধৰ্মতে বিশ্বাস কৰোঁ।" ৩

কেৰিয়াৰ

২০১২ চনত পদ্মসী
২০১২ চনত পদ্মসীছবি: Bollywood Hungama · CC BY 3.0

পিতৃৰ নাটক আনস্পোকেন ডাইলগছকে ধৰি কেইবাখনো মঞ্চ নাটকত অভিনয় কৰাৰ পাছত শাজান পদ্মসীয়ে কেইবাটাও ৰাষ্ট্ৰীয় বিজ্ঞাপনত অভিনয় কৰে আৰু সেই একে সময়তে হিন্দী চলচ্চিত্ৰৰ চৰিত্ৰৰ বাবে অডিচন দি থাকে। বিবেক বাচৱানীৰ সৈতে এখন ছবিৰ কথা চলিছিল যদিও সেয়া সফল নহ’ল। পৰৱৰ্তী সময়ত তেওঁ য়াছ ৰাজ ফিল্মছৰ ছবি ৰকেট সিং: চেলচমেন অৱ দ্য য়েৰত ৰণবীৰ কাপুৰৰ বিপৰীতে অভিনয় কৰিবলৈ সফলতাৰে অডিচন দিয়ে।৪ শাজানে এই ছবিখনত চেৰেনাৰ চৰিত্ৰত অভিনয় কৰিছিল, যি আছিল এজন চেলচমেন হিচাপে কাম কৰা মূল চৰিত্ৰটোক সন্মান জনোৱা প্ৰথমজন গ্ৰাহক। যদিও তেওঁ এগৰাকী মুখ্য অভিনেত্ৰী হিচাপে অভিনয় কৰিছিল, তেওঁৰ স্ক্ৰীণ-টাইম বা অভিনয়ৰ সময় অতি কম আছিল, যাৰ বাবে সমালোচকসকলে দাবী কৰিছিল যে তেওঁৰ চৰিত্ৰটোত কৰিবলগীয়া বিশেষ একো নাছিল।৫ ছবিখনে ইতিবাচক সঁহাৰি লাভ কৰিছিল যদিও প্ৰচাৰৰ অভাৱৰ বাবে ই বক্স অফিচত ব্যাৱসায়িকভাৱে বিফল হয়।৬

তেওঁৰ দ্বিতীয় আৰু তৃতীয় ছবিখন একেদিনাই মুক্তি পাইছিল, যি দুখন ক্ৰমান্বয়ে তামিল আৰু তেলেগু ভাষাৰ ছবি আছিল। কনিমঝি নামৰ তামিল ছবিখনত শাজানে অনু নামৰ এগৰাকী চুবুৰীয়া ছোৱালীৰ চৰিত্ৰত অভিনয় কৰিছিল, যাৰ ওচৰত মুখ্য অভিনেতা জয় (Jai) নিজৰ মনৰ ভাব প্ৰকাশ কৰিবলৈ ভয় কৰে। পৰিচালকে তেওঁৰ এটা অনলাইন পৰ্টফলিঅ’ দেখি তেওঁক যোগাযোগ কৰিছিল আৰু পিতৃৰ সন্মতিৰ পিছতহে তেওঁ এই ছবিখনত স্বাক্ষৰ কৰিছিল।৭ মুক্তিৰ পিছত ছবিখনে মিশ্ৰিত সঁহাৰি লাভ কৰে আৰু শাজানৰ অভিনয় সমালোচিত হয়।৮ সমালোচকসকলে দাবী কৰিছিল যে তেওঁক দেখিবলৈ ধুনীয়া আছিল যদিও তেওঁৰ চৰিত্ৰত অধিক শক্তি আৰু অভিব্যক্তি প্ৰকাশ কৰাৰ থল আছিল। একাংশই তেওঁক "বাৰ্বি ডল"ৰ সৈতে তুলনা কৰিছিল।৯ অৱশ্যে তেওঁৰ তেলেগু ছবি অৰেঞ্জ-এ অধিক ইতিবাচক সঁহাৰি লাভ কৰে আৰু শাজানৰ অভিনয় সমালোচকৰদ্বাৰা প্ৰশংসিত হয়।১০ শাজানৰ 'ৰুবা' নামৰ চৰিত্ৰটো ৰাম চৰণ তেজাৰদ্বাৰা অভিনীত মূল চৰিত্ৰটোৰ প্ৰেমিকা হিচাপে এটা ফ্লেছবেক চিকুৱেন্সত দেখা গৈছিল। এজন সমালোচকে কয় যে তেওঁৰ অভিনয় "প্ৰাণৱন্ত" আছিল আৰু তেওঁ দক্ষিণৰ চলচ্চিত্ৰত দীৰ্ঘদিন তিষ্ঠি থকাৰ লক্ষণ দেখুৱাইছে।১১ আনহাতে চিবী (Sify) আৰু দ্য হিন্দূৰ সমালোচকসকলেও কৈছিল যে তেওঁ নিজৰ চৰিত্ৰত উজ্জ্বল হৈ উঠিছিল আৰু পৰ্দালৈ এক নতুনত্ব কঢ়িয়াই আনিছিল।১২১৩

২০১১ চনত মুক্তি পোৱা শাজানৰ প্ৰথম ছবি আছিল মধুৰ ভাণ্ডাৰকাৰৰদ্বাৰা পৰিচালিত ৰোমাণ্টিক কমেডী দিল তো বাচ্চা হ্যায় জী। এই ছবিখনত তেওঁ জুন পিণ্টো নামৰ এগৰাকী ইণ্টাৰ্নৰ চৰিত্ৰত অভিনয় কৰিছিল যাৰ প্ৰেমত এজন বয়সস্থ বিবাহবিচ্ছেদ হোৱা পুৰুষ (অজয় দেৱগন) পৰে।১৪ ইমৰান হাছমী, ওমী বৈদ্য, শ্ৰুতি হাছান আৰু শ্ৰদ্ধা দাসৰ দৰে তাৰকা থকা এই ছবিখনৰ বাবে শাজানে তেওঁৰ সহ-অভিনেতাসকলৰ সৈতে ব্যাপক প্ৰচাৰ অভিযান চলাইছিল।১৫ শাজানৰ অভিনয়ে সমালোচকৰপৰা মিশ্ৰিত প্ৰতিক্ৰিয়া লাভ কৰিছিল। এজন পৰ্যালোচকে কৈছিল যে তেওঁক দেখিবলৈ ধুনীয়া আছিল আৰু তেওঁ চৰিত্ৰটো সঠিকভাৱে ফুটাই তুলিছিল, আনহাতে আন এজনে তেওঁৰ অভিনয়ক ছবিখনৰ সকলোতকৈ দুৰ্বল অভিনয় বুলি অভিহিত কৰিছিল।১৬১৭ ছবিখন বক্স অফিচত ব্যাৱসায়িকভাৱে সফল হিচাপে পৰিগণিত হয়।১৮ ইয়াৰ পিছত তেওঁ সাজিদ খানৰ ছবি হাউচফুল ২ত অভিনয় কৰে।

ব্যক্তিগত জীৱন

মাধ্যমৰ বাতৰি অনুসৰি পদ্মসী মডেল তথা অভিনেতা আকাশদীপ চাইগলৰ সৈতে তিনি বছৰ ধৰি সম্পৰ্কত আছিল।১৯ ২০১০ চনৰ আৰম্ভণিৰ ফালে বিভিন্ন সংবাদ পত্ৰই তেওঁক ক্ৰিকেটাৰ যুৱৰাজ সিং আৰু পিছলৈ অভিনেতা অখিল কাপুৰৰ সৈতে জড়িত কৰিছিল, কিন্তু তেওঁ তেওঁলোকৰ কাৰোৰে সৈতে প্ৰেমৰ সম্পৰ্ক থকাৰ কথা অস্বীকাৰ কৰে।২০২১২২২৩২৪

২০২৪ চনৰ নৱেম্বৰ মাহত শাজান ব্যৱসায়ী আশীষ কানাকিয়াৰ সৈতে বাগদান সম্পন্ন কৰে।২৫২৬ ২০২৫ চনৰ ৫ জুনত তেওঁলোকে পৰিয়াল আৰু ঘনিষ্ঠ বন্ধু-বান্ধৱৰ উপস্থিতিত এক অন্তৰংগ অনুষ্ঠানৰ জৰিয়তে বিবাহপাশত আৱদ্ধ হয়।২৭

তথ্যসূত্ৰ

  1. ↑ Alyque Padamsee: Man who wore. Deccan Herald
  2. ↑ The Alyque Padamsee brand of life. The Times of India
  3. ↑ (2011-11-05). ‘I have been taking interest in Buddhism’: Shazahn Padamsee. The Times of India
  4. ↑ Kulkarni, Onkar. (2010). I play the love interest in Rocket Singh: Shazahn Padamsee. Mid-Day
  5. ↑ Kazmi, Nikhat. (11 December 2009). Rocket Singh: Salesman of the Year. The Times of India
  6. ↑ (13 December 2009). Movie Review: Rocket Singh – Salesman of the Year. The Economic Times
  7. ↑ Rangarajan, Malathi. (23 July 2010). A promising start. The Hindu
  8. ↑ Moviebuzz. (2010). Kanimozhi. Sify
  9. ↑ (2010). Kanimozhi. Top10Cinema.com
  10. ↑ Charan and I are friends: Shazahn Padamsee. The Times of India
  11. ↑ (2010). Review: Orange leaves audiences groping in the dark. NDTV
  12. ↑ (2010). 'Orange' – High on style, low on substance. Sify
  13. ↑ Naniseeti, Serish. (27 November 2010). One colour of love. The Hindu
  14. ↑ Kotwani, Hiren. (2010). I have no regrets. Hindustan Times
  15. ↑ Gangul, Prithwish. (29 December 2010). awaits-them/articleshow/7178031.cms The rollercoaster ride of love awaits them!. The Times of India
  16. ↑ Crook: It's Good To Be Bad (2010) | Movie Review, Trailers, Music Videos, Songs, Wallpapers. Bollywood Hungama. Retrieved 8 April 2013
  17. ↑ Dil Toh Baccha Hai Ji: Wannabe sex comedy – Rediff.com Movies. Rediff.com (28 January 2011). Retrieved 8 April 2013
  18. ↑ Tuteja, Joginder (3 February 2011) Team DTBHJ ecstatic with film's success. bollywoodhungama.com
  19. ↑ Akashdeep Saigal aka Sky: TV's bad boy who is no stranger to controversies. Mid-day
  20. ↑ (11 November 2011). Yuvraj and his 10 women. NDTV
  21. ↑ Shazahn Padamsee denies dating Yuvraj Singh. The Times of India
  22. ↑ When Shazahn danced the night away with her rumoured beau. www.ndtv.com
  23. ↑ Dalal, Sayantan. Shazahn Padamsee rubbishes marriage rumours. DNA India
  24. ↑ (2012-03-02). Shazahn Padamsee is dating a Kapoor. The Times of India
  25. ↑ Vyavahare, Renuka. (2024-11-22). Exclusive: Shazahn Padamsee gets engaged, to tie the knot next year. The Times of India
  26. ↑ (2024-11-22). अजय देवगन की हीरोइन को मिला सपनों का राजकुमार, इस कंपनी के डायरेक्टर और CEO संग शाजान ने की सगाई. Punjab Kesari
  27. ↑ Housefull 2 actress Shazahn Padamsee ties the knot with Ashish Kanakia in an intimate wedding ceremony, first pictures surface online. The Times of India

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীভাৰতীয় মডেল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শাজান পদ্মসী” প্ৰবন্ধৰ সংশোধন ৬৩৪৪১৮ (৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।