বাগ্মীতা শইকীয়া (Bagmita Saikia) এগৰাকী ভাৰতীয় মডেল তথা সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী। তেওঁ অসমৰ যোৰহাট জিলাৰ তিতাবৰ মহকুমাৰ বাসিন্দা। ২০২৬ বৰ্ষৰ ১৮ এপ্ৰিলত ওড়িশাৰ ভুৱনেশ্বৰত অনুষ্ঠিত হ’বলগীয়া ৬১সংখ্যক ফেমিনা মিছ ইণ্ডিয়া ২০২৬ প্ৰতিযোগিতাত তেওঁ অসমক প্ৰতিনিধিত্ব কৰিবলৈ নিৰ্বাচিত হৈছে।১২
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
বাগ্মীতা শইকীয়াৰ জন্ম অসমৰ তিতাবৰত। তেওঁ তিতাবৰৰ প্ৰাগজ্যোতিকা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত অধ্যয়ন কৰিছিল আৰু পিছত যোৰহাটস্থিত জগন্নাথ বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ত কম্পিউটাৰ এপ্লিকেচনৰ স্নাতক (BCA) পাঠ্যক্ৰম অধ্যয়ন কৰে।৩
সৰুৰেপৰাই তেওঁ সৃজনশীল কাম-কাজ আৰু কলা-সংস্কৃতিৰ সৈতে জড়িত আছিল। মাত্ৰ ৬ বছৰ বয়সতে তেওঁ সৰ্বঅসম ভিত্তিত অনুষ্ঠিত শিল্প আৰু হস্তশিল্প প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰিছিল।১ তেওঁ নৃত্য, গীত, ক্ৰীড়া আৰু শিল্পকৰ্মৰ প্ৰতিও আগ্ৰহী। কিশোৰ অৱস্থাতেই গহনা নিৰ্মাণৰ কাম আৰম্ভ কৰি সৃজনশীলতা আৰু উদ্যোগী মনোভাৱৰ পৰিচয় দিছিল।৩
সৌন্দৰ্য প্ৰতিযোগিতাৰ যাত্ৰা
বাগ্মীতা শইকীয়াই কিশোৰী অৱস্থাতেই সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ আৰম্ভ কৰে আৰু ১৩ বছৰ বয়সত নিজৰ প্ৰথম পেজেণ্টত অংশগ্ৰহণ কৰে। পিছত তেওঁ বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি কেইবাটাও খিতাপ অৰ্জন কৰে।৩
২০২২ চনত নিকাৰাগুৱাত অনুষ্ঠিত 'মিছ টিন ইউনিভাৰ্ছ ২০২২' প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰি তেওঁ শীৰ্ষ ৭ গৰাকী প্ৰতিযোগীৰ ভিতৰত স্থান লাভ কৰিছিল।
২০২৪ চনত তেওঁ 'নৰ্থইষ্ট ডিভা ২০২৪' খিতাপ জয় কৰে, যাৰ ফলত তেওঁ পোনপটীয়াকৈ 'মিছ ডিভা ২০২৪' প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুযোগ লাভ কৰে। এই প্ৰতিযোগিতাত তেওঁ শীৰ্ষ ১০ গৰাকীৰ ভিতৰত স্থান লাভ কৰাৰ লগতে মিছ টপ মডেল উপ-খিতাপ অৰ্জন কৰে।৩
২০২৬ বৰ্ষৰ ফেমিনা মিছ ইণ্ডিয়া প্ৰতিযোগিতাৰ বাবে তেওঁক অসমৰ অধিকাৰিক প্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰা হয়। এই প্ৰতিযোগিতাখন ওড়িশাৰ ভুৱনেশ্বৰত অনুষ্ঠিত হ’ব আৰু দেশজুৰি প্ৰায় ৩০ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব।১
ব্যক্তিগত জীৱন
মডেলিং জগতৰ উপৰি শইকীয়া গহনা নিৰ্মাণ, নৃত্য, সংগীত আৰু ক্ৰীড়াৰ প্ৰতি আগ্ৰহী। তেওঁ মানসিক স্বাস্থ্য সচেতনতা বিষয়টোক বিশেষ গুৰুত্ব দিয়ে আৰু নিজৰ অভিজ্ঞতাৰ জৰিয়তে আন লোকক সাহস আৰু আত্মবিশ্বাস যোগাবলৈ চেষ্টা কৰে।৪
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাগ্মীতা শইকীয়া” প্ৰবন্ধৰ সংশোধন ৬০৪৩৪০ (৪ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।