মেঘনা পেটেল (ইংৰাজী ভাষা: Meghna Patel; জন্ম: ২৬ জুন) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল, গায়িকা, লেখিকা আৰু চলচ্চিত্ৰ প্ৰযোজক যিয়ে মূলতঃ হিন্দী চলচ্চিত্ৰ আৰু দূৰদৰ্শন ধাৰাবাহিকত কাম কৰে। তেওঁ নিজৰ আঞ্চলিক চলচ্চিত্ৰসমূহৰ বাবে আপ কী আৱাজ বঁটা, নেহৰু বঁটা, আইৱা বঁটা, গৌৰৱৱন্ত গুজৰাটী বঁটা, গ্ল'বেল চিনেমা বঁটা আৰু ৰোচন চিতাৰে বলীউড বঁটাকে ধৰি কেইবাটাও বঁটা লাভ কৰিছে।
মেঘনা পেটেলে ২০০৭ চনত হিন্দী ছবি ৱেলকামৰ জৰিয়তে অভিনয় জগতত আত্মপ্ৰকাশ কৰে। তেওঁ কেইবাখনো ভোজপুৰী ছবি যেনে— ৰাজা ঠাকুৰ (২০০৭), হামাৰ গাঁও হামাৰ দেশ (২০০৯), ঘৰ आजा পৰদেশী (২০১০) আৰু হিন্দী ছবি ঐশ্বৰ্য আৰু ফৰাৰৰ লগতে দক্ষিণ ভাৰতীয় ছবি চলাৰ স্বপ্নমত কাম কৰিছে। তেওঁ সাহাৰা ৱান চেনেলৰ বাবে কহানী চন্দ্ৰকান্ত কী নামৰ ধাৰাবাহিকখনত অভিনয় কৰিছিল।
প্ৰাৰম্ভিক জীৱন
পেটেলৰ জন্ম ২৬ জুনত গুজৰাটৰ নাদিয়াদ চহৰত হৈছিল। তেওঁ বিদ্যা বিকাশ বিদ্যালয় আৰু বৰোদাৰ মহাৰাজ ছায়াজীৰাও বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল আৰু বাণিজ্য শাখাৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল। তেওঁ উল্লেখ কৰা মতে মাত্ৰ তিনি বছৰ বয়সৰপৰাই তেওঁ নৃত্য কৰিবলৈ আৰম্ভ কৰিছিল।১ মুম্বাইলৈ অহাৰ আগতে তেওঁ বদোদৰাত শিশুসকলৰ বাবে 'কালামেঘ ডান্স একাডেমী' চলাইছিল।
কৰ্মজীৱন
পেটেলে ২০০৭ চনত হিন্দী ছবি ৱেলকাম আৰু তেওঁৰ প্ৰথম ভোজপুৰী ছবি ৰাজা ঠাকুৰৰ জৰিয়তে অভিনয় জগতত আত্মপ্ৰকাশ কৰে। ২০০৮ চনত তেওঁ গ'ল্ডেন বেব নামৰ এটা মিউজিক ভিডিঅ' নিৰ্মাণ কৰাৰ লগতে তাত কণ্ঠদানো কৰিছিল। ইয়াৰ পিছত ২০০৯ চনত হামাৰ গাঁও হামাৰ দেশ আৰু ২০১০ চনত ঘৰ आजा পৰদেশীৰ দৰে আন কেইখনমান ভোজপুৰী ছবিত তেওঁ কাম কৰে।
২০০৯ চনত মুক্তিপ্ৰাপ্ত ঐশ্বৰ্য আছিল মুখ্য অভিনেত্ৰী হিচাপে তেওঁৰ প্ৰথম হিন্দী ছবি। ইয়াৰ পিছত ২০১১ চনত তেওঁ ফৰাৰত অভিনয় কৰে।২ জাবেদ জাফ্ৰীৰ সৈতে ২০১০ চনৰ ২৭ আগষ্টত মুুক্তা আৰ্টছৰ বেনাৰত মুক্তি পোৱা হেল্ল' ডাৰ্লিং ছবিতো তেওঁ এটা সহযোগী চৰিত্ৰত অভিনয় কৰিছিল।৩ ইয়াৰ উপৰি তেওঁ ২০১২ চনত দেখো য়ে হ্যায় মুম্বাই ৰিয়েল লাইফ আৰু ২০১৩ চনত ডন কা ফিল্মী আন্দাজত কাম কৰিছিল।
২০১১-১২ চনত চাহাৰা ৱান টিভি চেনেলৰ ধাৰাবাহিক কহানী চন্দ্ৰকান্ত কীত পেটেলে নাগিন জ্বালা নামৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। ২০১৪ চনত তেওঁ মালায়ালম ছবি চলাৰ স্বপ্নমত অভিনয় কৰে।৪ ২০১৯ চনত তেওঁ হিন্দী ৱেব ছিৰিজ আন্ধেৰী ৱেষ্ট ফিল্ম চিটী৫ আৰু ২০২০ চনত পাৰফেক্ট ষ্ট্ৰেঞ্জাৰত কাম কৰিছিল।
২০২০ চনত তেওঁ বেবী এঞ্জেল আৰু ২০২১ চনত বি ফ’ৰ ইউ মিউজিকৰ ৰব তু নামৰ মিউজিক ভিডিঅ' নিৰ্মাণ কৰিছিল।
পেটেলে ভাৰত আৰু বিদেশৰ ১০০০তকৈও অধিক অনুষ্ঠানত নৃত্যশিল্পী হিচাপে প্ৰদৰ্শন কৰিছে।
ৰাজনৈতিক জীৱন
পেটেলে ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী নৰেন্দ্ৰ মোদীক সমৰ্থন কৰিছিল।৬৭ তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ পদুম ফুলৰ চিহ্ন আৰু "নৰেন্দ্ৰ মোদীক ভোট দিয়ক" বাক্যাংশৰ সৈতে আমেৰিকান বিউটি শৈলীৰ বিজ্ঞাপনত অৰ্ধ-উলংগ ৰূপত অৱতীৰ্ণ হৈছিল। মোদীয়ে এই কাৰ্যক অস্বীকাৰ কৰিছিল আৰু বিজেপিৰ নেতাসকলে ইয়াক গৰিহণা দিছিল।৮
২০১৬ চনত পেটেলে নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিত (এন চি পি) যোগদান কৰে।৯
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (September 23, 2019). My reel life and real life are totally opposite: Meghna Patel. Mumbai Press
- ↑ Faraar (2011) · Faraar Movie · Faraar Bollywood Movie Cast & Crew, Release Date, Review, Photos, Videos. FilmiBeat
- ↑ Mukta Arts
- ↑ MovieworldMovieChannel. Malayalam Movie 2014 – Solar Swapnam – Official Video – video Dailymotion. Dailymotion
- ↑ Batra, Navin. (2019-09-19). Andheri West Filmy City
- ↑ (2014-02-11). Starlet Meghna Patel strips in support of Narendra Modi. www.mid-day.com
- ↑ (2014-03-05). Now, Meghna Patel does a 'mujra' for Narendra Modi
- ↑ Meltzer, Tom. (February 11, 2014). Nude Indian election posters: Not your usual buttoned-up political stunt. The Guardian
- ↑ (August 1, 2016). Meghna Patel, model who posed semi-nude for PM Modi, joins NCP. Financial Express
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেঘনা পেটেল” প্ৰবন্ধৰ সংশোধন ৫৯৭৯৩৯ (৩০ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।