ভাৰতীয় নৃত্যশিল্পী
১২১ প্ৰবন্ধ
-
লীলা ছেমছন
লীলা ছেমছন (ইংৰাজী: Leela Samson; জন্ম: ৬ মে' ১৯৫১) হৈছে ভাৰতৰ এগৰাকী ভাৰতনাট্যম নৃত্যশিল্পী, নৃত্য পৰিচালক, প্ৰশিক্ষক, লেখিকা আৰু অভিনেত্ৰী। একক নৃত্যশিল্পী হিচাপে তেওঁ কাৰিকৰী কলাত্মকতাৰ বাবে পৰিচিত আৰু বহু বছৰ ধৰি দিল্লীৰ শ্ৰীৰাম ভাৰতীয় কলা কেন্দ্ৰত ভাৰতনাট্যমৰ অধ্যাপনা কৰি আহিছে।
-
শান্তা ৰাও
শান্তা ৰাও ( Shanta Rao; আনুমানিক ১৯২৫ – ২৮ ডিচেম্বৰ ২০০৭) ভাৰতৰ এগৰাকী নৃত্যশিল্পী। কথকলি, ভাৰতনাট্যম আৰু কুচিপুড়ি অধ্যয়ন আৰু পৰিবেশন কৰিছিল। ধ্ৰুপদী নৃত্যৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক পদ্মশ্ৰী, সংগীত নাটক অকাডেমী বঁটা আৰু কালিদাস সন্মানেৰে সন্মানিত কৰা হয়।
-
শামা ভাটে
শামা ভাটে (शमा भाटे; জন্ম: ৬ অক্টোবৰ ১৯৫০) হৈছে এগৰাকী ভাৰতীয় কথক নৃত্যশিল্পী। শামা তাই নামেৰেও পৰিচিত তেখেতৰ কেৰিয়াৰ ৪০ বছৰতকৈ বেছি সময় ধৰি বিস্তৃত হৈ আছে। তেখেতে ৪ বছৰ বয়সৰ পৰা কথক শিকিছিল আৰু পৰিবেশন কৰিছে।
-
শীলা শ্ৰী প্ৰকাশ
শীলা শ্ৰী প্ৰকাশ (Sheila Sri Prakash, জন্ম: ৬ জুলাই ১৯৫৫) হৈছে এগৰাকী ভাৰতীয় স্থপতিবিদ বা আৰ্কিটেক্ট। তেখেত এগৰাকী নগৰাঞ্চলৰ ডিজাইনাৰ (urban designer)। তেখেত 'শিল্পা আৰ্কিটেক্টছ' নামৰ সংস্থাটোৰ প্ৰতিষ্ঠাপক। স্থপতিবিদ্যাৰ সেৱা আৰম্ভ কৰা আৰু প্ৰতিষ্ঠা কৰা শীলা শ্ৰী প্ৰকাশ হৈছে ভাৰতৰ প্ৰথমগৰাকী মহিলা।
-
শ্বেফালী জাৰিৱালা
শ্বেফালী জাৰিৱালা (Shefali Jariwala; ১৫ ডিচেম্বৰ ১৯৮২ – ২৭ জুন ২০২৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল আছিল। তেওঁ কেইবাখনো হিন্দী সংগীত ভিডিঅʼ, ৰিয়েলিটি শ্ব' আৰু চলচ্চিত্ৰত অভিনয় কৰিছিল। কাঁটা লগা শীৰ্ষক মিউজিক ভিডিঅ’ত অভিনয়ৰ বাবে তেওঁ পৰিচিত।
-
শৰ্মিলা বিশ্বাস
শৰ্মিলা বিশ্বাস ওড়িছীৰ এগৰাকী প্ৰখ্যাত ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী তথা ক'ৰিয়'গ্ৰাফাৰ আৰু গুৰু কেলুচৰণ মহাপাত্ৰৰ শিষ্য। ১৯৯৫ চনত তেখেত কলকাতাত ওড়িছী ভিচন এণ্ড মুভমেণ্ট ছেণ্টাৰ প্ৰতিষ্ঠা কৰে, য'ত তেখেত শৈল্পিক পৰিচালক। কেন্দ্ৰ অ'ভিএম ন্যাসও আছে।
-
সংযুক্তা পাণিগ্ৰাহী
সংযুক্তা পাণিগ্ৰাহী (ইংৰাজী: Sanjukta Panigrahi; ২৪ আগষ্ট ১৯৪৪ – ২৪ জুন ১৯৯৭) ভাৰতৰ এগৰাকী শাস্ত্ৰীয় নৃত্যশিল্পী। তেওঁ ভাৰতীয় শাস্ত্ৰীয় নৃত্য ওড়িছীৰ আগশাৰীৰ প্ৰতিষ্ঠাপক আছিল।
-
হৰিচৰণ শইকীয়া
হৰিচৰণ শইকীয়া ( Haricharan Saikia) অসমৰ এগৰাকী ভাৰতীয় সত্ৰীয়া নৃত্য শিল্পী। অসমৰ শাস্ত্ৰীয় নৃত্য সত্ৰীয়াৰ সংৰক্ষণ, অনুশীলন আৰু প্ৰচাৰৰ ক্ষেত্ৰত তেওঁৰ জীৱনজোৰা অৱদানৰ স্বীকৃতি স্বৰূপে ২০২৬ চনত তেওঁক ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী বঁটা প্ৰদান কৰা হয়।
-
অনিলা সুন্দৰ
অনিলা সুন্দৰ (ইংৰাজ: Anila Sunder) হৈছে সিন্ধী সম্প্ৰদায়ৰ অন্তৰ্গত এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী। তেওঁ কথক আৰু ওড়িছী নৃত্য পৰিবেশন কৰে। তেওঁ বিভিন্ন বিষয়বস্তুৰ সৈতে পৰীক্ষা-নিৰীক্ষা কৰি ভাৰতীয় লোকনৃত্যৰ কিছুমান দিশ অন্তৰ্ভুক্ত কৰি সিন্ধী নৃত্য নাটকক এক অনন্য গঢ় দিয়াৰ চেষ্টা কৰিছে।
-
আলাৰমেল ভল্লী
আলাৰমেল ভল্লী হৈছে এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী আৰু ভাৰতনাট্যমৰ পাণ্ডানাল্লুৰ শৈলীৰ নৃত্য পৰিচালক। ১৯৮৬ চনত ভল্লীয়ে "দীপশিখা নৃত্য ফাউণ্ডেছন আৰু শৈক্ষিক ন্যাস" প্ৰতিষ্ঠা কৰে।
-
আৰুচি নাশিক
আৰুচি নাশিক (Arushi Nishank; জন্ম: ১৭ ছেপ্টেম্বৰ ১৯৮৬) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী, উদ্যোগতা, তথা চলচ্চিত্ৰ নিৰ্মাতা। যাক প্ৰায়ে আৰুচি পোখৰিৱাল বুলি পৰিচিত। তেওঁ পীৰ বিৰ্জু মহাৰাজ আৰু পূৰ্ণিমা পাণ্ডেৰ শিষ্য। তেওঁ সংস্কৃতি সম্পৰ্ক আই.চি.চি.আৰ-ৰ ভাৰতীয় কাউঞ্চিলৰ এগৰাকী কথক এমপেনল্ড শিল্পী।
-
আৰুচি নিশাংক
আৰুশি নিশাংক পণ্ট (Arushi Nishank Pant, জন্ম-১৭ ছেপ্টেম্বৰ ১৯৮৬) হৈছে এগৰাকী ভাৰতীয় ধ্ৰুপদী নৃত্যশিল্পী আৰু পৰিৱেশবিদ৷ তেখেত দেৰাডুনস্থিত হিমালয়ান আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ অধ্যক্ষ৷
-
উৰ্মিলা সত্যনাৰায়ণ
উৰ্মিলা সত্যনাৰায়ণ ( Urmila Satyanarayana ) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী। ভাৰতনাট্যমৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা সেৱাৰ বাবে ২০২৩ চনত তেওঁক সংগীত নাটক একাডেমী বঁটাৰে পুৰস্কৃত কৰা হয়।
-
এছ নৰ্মদা
এছ নৰ্মদা ( S. Narmada; ২২ ছেপ্টেম্বৰ ১৯৪২ – ৩০ মাৰ্চ ২০০৭) জনপ্ৰিয়ভাৱে তেওঁ গুৰু নৰ্মদা নামেৰে পৰিচিত। নৰ্মদা কৰ্ণাটকৰ এগৰাকী ভাৰতনাট্যমৰ প্ৰতিপাদক আৰু গুৰু আছিল।
-
এম কে সৰোজা
মাদ্ৰাচ কাদিৰাভেলু সৰোজা ( Madras Kadiravelu Saroja; ৭ এপ্ৰিল ১৯৩১ – ১৩ জুন ২০২২), এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী, যাক ভাৰতনাট্যমৰ শাস্ত্ৰীয় নৃত্যৰূপৰ এগৰাকী প্ৰতিপাদক আৰু শিক্ষক হিচাপে তেওঁৰ বিশেষজ্ঞতাৰ বাবে পৰিচিত।
-
ঐশ্বৰ্য দত্ত
ঐশ্বৰ্য দত্ত (ইংৰাজী: Aishwarya Dutta) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ তামিল ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছে। আৰম্ভণিতে সংগীত ভিডিঅ' আৰু সৰু-সুৰা চৰিত্ৰত অভিনয় কৰাৰ পাছত, তেওঁ ২০১৫ চনৰ তামিল ছবি তামিলুকু এন অন্দৰাই অলুথাভুমৰ জৰিয়তে অভিনেত্ৰী হিচাপে বিশেষ সফলতা লাভ কৰে।
-
কালামান্দালাম গিৰিজা
কালামান্দালাম গিৰিজা এগৰাকী ভাৰতীয় কুটিয়ত্তম নৃত্যশিল্পী]। তেখেতক নাট্যকালাসৰ্বভৱমেন গুৰু পেইনকুলাম ৰামা চকিয়ৰ প্ৰশিক্ষণ দিছিল, যিয়ে ভাৰতীয় সংস্কৃত থিয়েটাৰ তথা নৃত্যৰ এই ধৰাৰ নবজাগৰণত মূল ভূমিকা পালন কৰিছিল।
-
কুমাৰী কমলা
কুমাৰী কমলা (জন্ম: ১৬ জুন ১৯৩৪) এগৰাকী ভাৰতীয় নৃত্যশিল্পী আৰু অভিনেত্ৰী৷ তেওঁ কমলা লক্ষ্মণ নামেৰেও পৰিচিত। প্ৰথম অৱস্থাত শিশু নৃত্যশিল্পী হিচাপে অভিনয় কৰা কমলাই সমগ্ৰ কেৰিয়াৰত প্ৰায় ১০০খন তামিল, হিন্দী, তেলেগু আৰু কানাড়া ছবিত অভিনয় কৰিছিল।
-
কুম্বকোনম কে ভানুমতী
কুম্বকোনম কে ভানুমতী ( Kumbakonam K. Bhanumathi; ১৯২২–২০০৬) তামিলনাডুৰ কুম্বকোনমৰ এগৰাকী ভাৰতনাট্যম নৃত্যশিল্পী। ১৯৭৩ চনত ভাৰতনাট্যমৰ বাবে সংগীত নাটক একাডেমী বঁটা লাভ কৰে।
-
গম্ভৰী দেৱী
গম্ভৰী দেৱী (১৯২২ – ৮ জানুৱাৰী ২০১৩) এগৰাকী ভাৰতীয় লোক সংগীতশিল্পী, লোকনৃত্যশিল্পী, লোকসংস্কৃতিবিদ। হিমাচল প্ৰদেশৰ বিলাসপুৰ জিলাত জন্ম গ্ৰহণ কৰা গম্ভৰী দেৱী হিমাচলী লোকসংস্কৃতিৰ পুৰোধা ব্যক্তি। তেওঁ হিমাচল প্ৰদেশৰ লোকসংগীত, লোকনৃত্য আৰু লোক সংস্কৃতিৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে বিখ্যাত।
-
গাদ্দাম পদ্মজা ৰেড্ডী
গাদ্দাম পদ্মজা ৰেড্ডী ( Gaddam Padmaja Reddy; জন্ম: ১ জানুৱাৰী ১৯৬৭) এগৰাকী আগশাৰীৰ কুচিপুড়ি নৃত্যশিল্পী আৰু সংগীত শিক্ষক। তেওঁ পৌৰাণিক আৰু সমসাময়িক সামাজিক বিষয়ৰ আধাৰত বেলেও পৰিবেশন কৰে। তেওঁ কুচিপুড়িৰ এটা ৰূপ কাকতিয়ামৰ নৃত্য ৰচনা কৰিছিল।
-
গীতা মহালিক
গীতা মহালিক ( Geeta Mahalik; জন্ম: ১৯৪৮) এগৰাকী ভাৰতীয় ওডিচি নৃত্যশিল্পী। কলা আৰু সংস্কৃতিৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে ২০১৪ চনত তেওঁক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰে।
-
গীতাঞ্জলি লাল
গীতাঞ্জলি লাল ( Geetanjali Lal; জন্ম: গীতাঞ্জলি দেশাই; ৫ নৱেম্বৰ ১৯৪৮) এগৰাকী ভাৰতীয় কথক নৃত্যশিল্পী আৰু কৰিঅ’গ্ৰাফাৰ। কথকৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা সেৱাৰ বাবে ২০০৭ চনত তেওঁক সংগীত নাটক একাডেমী বঁটাৰে পুৰস্কৃত কৰা হয়।
-
গুল বৰ্ধন
গুল বৰ্ধন (Gul Bardhan; ১৯২৮-২৯ নবেম্বৰ ২০১০) এগৰাকী কৰিঅ’গ্ৰাফাৰ আৰু মধ্য প্ৰদেশৰ ভূপাল ভিত্তিক নাট্যমঞ্চৰ সৈতে, লগতে ভাৰতীয় গণনাট্য সংঘৰ সৈতে জড়িত ব্যক্তিত্ব আছিল। তেওঁ ১৯৫২ চনত বম্বেত গঠন হোৱা এটা নৃত্য আৰু পুতলা কোম্পানী- লিটিল বেলে ট্ৰুপৰ সহ-প্ৰতিষ্ঠাপক আছিল।
-
তনুশ্ৰী শংকৰ
তনুশ্ৰী শংকৰ ( Tanusree Shankar; জন্ম: ১৬ মাৰ্চ ১৯৫৬) এগৰাকী ভাৰতীয় নৃত্যশিল্পী আৰু কৰিঅ’গ্ৰাফাৰ। তেওঁৰ ঘৰ ভাৰতৰ কলকাতাত ঘৰ। ১৯৭০ আৰু ১৯৮০ দশকত আনন্দ শংকৰ চেণ্টাৰ ফৰ পাৰফৰ্মিং আৰ্টছৰ এগৰাকী আগশাৰীৰ নৃত্যশিল্পী আছিল। ইয়াৰ উপৰিও তেওঁ দ্য নেমছেক আদি বিভিন্ন ছবিত অভিনয় কৰিছিল।
-
দৰ্শনা জাভেৰী
দৰ্শনা জাভেৰী (Darshana Jhaveri; জন্ম: ১৯৪০) চাৰিগৰাকী জাভেৰী ভগ্নীৰ ভিতৰত কনিষ্ঠা দৰ্শনা জাভেৰী ভাৰতীয় শাস্ত্ৰীয় মণিপুৰী নৃত্যৰ এগৰাকী আগশাৰীৰ শিল্পী। তেওঁ গুৰু বিপিন সিঙৰ শিষ্যা। ১৯৫৮ চনৰ পৰা দৰ্শনাই ভনীয়েকসকলৰ সৈতে মঞ্চত অনুষ্ঠান পৰিৱেশন কৰিবলৈ লয়।
-
নন্দিনী ৰামানী
নন্দিনী ৰামানী ( Nandini Ramani ) চেন্নাইৰ এগৰাকী ভাৰতনাট্যম পাৰংগদ, নৃত্য সমালোচক, সংস্কৃত নাটকৰ অভিনেত্ৰী তথা পৰিচালক আৰু শিক্ষাবিদ। তেওঁ সংস্কৃত পণ্ডিত আৰু সংগীত বিজ্ঞানী ভি ৰাঘৱনৰ কন্যা। কলা ক্ষেত্ৰলৈ আগবঢ়োৱা সামগ্ৰিক অৱদানৰ বাবে তেওঁ সংগীত নাটক একাডেমী বঁটাকে ধৰি কেইবাটাও বঁটা লাভ কৰে।
-
নিৰুপমা ৰাজেন্দ্ৰ
নিৰুপমা ৰাজেন্দ্ৰ (Nirupama Rajendra) ভাৰতনাট্যম আৰু কথক নৃত্যৰ এগৰাকী উল্লেখযোগ্য ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী। তেওঁ কৰ্ণাটকৰ বেংগালুৰুৰ বাসিন্দা। নিৰুপমা আৰু তেওঁৰ স্বামী ৰাজেন্দ্ৰই (ನಿರುಪಮ ಮತ್ತು ರಾಜೇಂದ್ರ) একেলগে কথক প্ৰদৰ্শন কৰে।
-
পদ্মা সুব্ৰামনিয়াম
পদ্মা সুব্ৰামনিয়াম (Padma Subrahmanyam; জন্ম: ৪ ফ্ৰেব্ৰুৱাৰী ১৯৪৩, মাদ্ৰাচত) হ'ল এগৰাকী ভাৰতীয় শাস্ত্ৰীয় ভাৰতনাট্যম নৃত্য পটিয়সী। একেসময়তে তেওঁ এগৰাকী গৱেষক, কৰিঅ'গ্ৰাফাৰ, সংগীত ব্যৱস্থাপক, সংগীতকাৰ, শিক্ষক, ইণ্ডোলজিষ্ট আৰু লেখক। ভাৰতৰ লগতে বিদেশতো তেওঁ জনপ্ৰিয়।
-
প্ৰতিভা প্ৰহ্লাদ
প্ৰতিভা প্ৰহ্লাদ ( Prathibha Prahlad; জন্ম: ১৯৬২) এগৰাকী ভাৰতনাট্যম নৃত্যশিল্পী, শিক্ষাবিদ, কৰিঅ’গ্ৰাফাৰ, কলা প্ৰশাসক, আৰু লেখিকা। তেওঁ দিল্লী আন্তঃৰাষ্ট্ৰীয় কলা মহোৎসৱৰ প্ৰতিষ্ঠাপক পৰিচালক আছিল।