অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

এম কে সৰোজা

মাদ্ৰাচ কাদিৰাভেলু সৰোজা ( Madras Kadiravelu Saroja; ৭ এপ্ৰিল ১৯৩১ – ১৩ জুন ২০২২), এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী, যাক ভাৰতনাট্যমৰ শাস্ত্ৰীয় নৃত্যৰূপৰ এগৰাকী প্ৰতিপাদক আৰু শিক্ষক হিচাপে তেওঁৰ বিশেষজ্ঞতাৰ বাবে পৰিচিত।

হালনাগাদ: ১৯ মাৰ্চ ২০২৫ ২১০ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

মাদ্ৰাচ কাদিৰাভেলু সৰোজা ( Madras Kadiravelu Saroja; ৭ এপ্ৰিল ১৯৩১ – ১৩ জুন ২০২২), এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী, যাক ভাৰতনাট্যমৰ শাস্ত্ৰীয় নৃত্যৰূপৰ এগৰাকী প্ৰতিপাদক আৰু শিক্ষক হিচাপে তেওঁৰ বিশেষজ্ঞতাৰ বাবে পৰিচিত। ভাৰত চৰকাৰে তেওঁক শিল্প আৰু সংস্কৃতিৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে ২০১১ চনত চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰীৰে সন্মানিত কৰে।১

জীৱনী

এম কে সৰোজাৰ ১৯৩১ চনৰ ৭ এপ্ৰিলত ভাৰতৰ তামিলনাডু ৰাজ্যৰ চেন্নাইত (পূৰ্বৰ মাদ্ৰাচ) জন্ম হৈছিল। পাঁচ বছৰ বয়সত ভনীয়েকৰ সৈতে মুথুকুমাৰন পিল্লাইৰ তত্ত্বাৱধানত শাস্ত্ৰীয় নৃত্য শিকিবলৈ আৰম্ভ কৰে, যি এজন পৰিচিত শাস্ত্ৰীয় নৃত্য শিক্ষক আৰু খবৰ অনুসৰি, ৰুক্মিণী দেৱী অৰুণ্ডলেৰ কলাক্ষেত্ৰৰ প্ৰথম নৃত্য শিক্ষক, যিয়ে মৃনালিনী চাৰাভাই আৰু কমলা লক্ষ্মণৰ দৰে বহু প্ৰখ্যাত শাস্ত্ৰীয় নৃত্যশিল্পীক শিকাইছিল। গুৰুৱে বাংগালুৰুৰ ষ্টুডিঅ'ত যোগদান কৰিবলৈ গুচি যোৱাত যুৱতী সৰোজায়ো গুৰুক অনুসৰণ কৰি বাংগালুৰু পাইছিল।২

১৯৪০ চনত আত্মপ্ৰকাশ কৰা সৰোজাই অতি সোনকালেই এগৰাকী পৰিচিত নৃত্যশিল্পী হিচাপে পৰিগণিত হয়। ১৯৪৬ চনত চেন্নাইত থকা জেমিনি ষ্টুডিঅ’ৰ পৰা তেওঁক চিনেমাৰ চুক্তিৰ প্ৰস্তাৱ দিয়া হৈছিল যদিও তেওঁ তাক নাকচ কৰিছিল। তিনি বছৰৰ পিছত ১৯৪৯ চনৰ ডিচেম্বৰ মাহত তেওঁ বিখ্যাত কলা ইতিহাসবিদ আৰু নৃত্য পণ্ডিত৩৪ আৰু কলাক্ষেত্ৰৰ ছাত্ৰমোহন খোকাৰক বিয়া কৰায়৫ আৰু স্বামীৰ লগত বৰোদালৈ যায়; খোকৰে মহাৰাজা ছায়াজীৰাও বিশ্ববিদ্যালয়ৰ নৃত্য বিভাগৰ মুৰব্বী হিচাপে নিযুক্তি লাভ কৰিছিল। বৰোদাত সৰোজাই বিশিষ্ট কথক গুৰু সুন্দৰলাল আৰু কুন্দনলাল গংগানীৰ পৰা কথক শিকিছিল।

সন্মান

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (25 January 2011). Padma. Government of India
  2. ↑ (28 March 2010). Narthaki Bio. Narthaki.com
  3. ↑ Suanshu Khurana. (21 July 2011). Mohan Khokar. The New Indian Express
  4. ↑ (2000). Mohan Khokar Dance Archives. Dance Archives of India
  5. ↑ Staff Reporter. (28 July 2008). M.K. Saroja, a model for younger generation. The Hindu

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় নৃত্যশিল্পীসংগীত নাটক একাডেমী বঁটা বিজয়ীপদ্মশ্ৰী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এম কে সৰোজা” প্ৰবন্ধৰ সংশোধন ৪৯৩৯৮৮ (১৯ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।