পদ্মা সুব্ৰামনিয়াম (Padma Subrahmanyam; জন্ম: ৪ ফ্ৰেব্ৰুৱাৰী ১৯৪৩, চেন্নাইত) হ'ল এগৰাকী ভাৰতীয় শাস্ত্ৰীয় ভাৰতনাট্যম নৃত্য পটিয়সী। একেসময়তে তেওঁ এগৰাকী গৱেষক, কৰিঅ'গ্ৰাফাৰ, সংগীত ব্যৱস্থাপক, সংগীতকাৰ, শিক্ষক, ইণ্ডোলজিষ্ট আৰু লেখক। ভাৰতৰ লগতে বিদেশতো তেওঁ জনপ্ৰিয়। জাপান, অষ্ট্ৰেলিয়া, ৰাছিয়াৰ দৰে দেশে তেওঁৰ সন্মানাৰ্থে বহুবোৰ চিনেমা আৰু তথ্যচিত্ৰ নিৰ্মাণ কৰিছে। ভাৰত নৃত্যম নৃত্যকলা উদ্ভাৱক আৰু সংস্থাপক ৰূপে তেওঁ সুপৰিচিত। কাঁচিৰ পৰমাচাৰ্যৰ তেওঁ পৰম ভক্ত।১২৩
জীৱনী
ভাৰতীয় চলচ্চিত্ৰ পৰিচালক কৃষ্ণস্বামী সুব্ৰামনিয়াম আৰু মিনাক্ষী সুব্ৰামনিয়ামৰ ঘৰত, মাদ্ৰাচত ১৯৪৩ চনৰ ৪ ফেব্ৰুৱাৰী তাৰিখে পদ্মা সুব্ৰামনিয়ামৰ জন্ম হয়। পদ্মাৰ দেউতাক কে সুব্ৰামনিয়াম এগৰাকী মুক্তি যুঁজাৰু, বিখ্যাত ভাৰতীয় ছবি নিৰ্মাতা আৰু সাংস্কৃতিক ক্ষেত্ৰৰ পিতৃস্বৰূপ আছিল; একেদৰে মাক মিনাক্ষী তামিল আৰু সংস্কৃত ভাষাৰ গীতিকাৰ, সংগীত ব্যৱস্থাপক আৰু নিপুণ বাদক আছিল যি বীণা, হাৰমনিয়াম আৰু বেহেলা বজাইছিল। পদ্মাই বজহুবুৰ বি পিল্লাইৰপৰা ভাৰতনাট্যম১২৩ আৰু বি ভি লক্ষ্মণ আৰু সলিল চৌধুৰীৰপৰা সংগীত শিকিছিল। তেওঁ নবৌয়েক শ্যামলা বালাকৃষ্ণনৰ সৈতে তামিলনাডুৰ লোক সংগীত, দেবা তমীজ ইচাই আদি সংগীত এলবামত গীত গাইছে।৪ পদ্মাই ১৪ বছৰ বয়সতে দেউতাকৰ নাচৰ স্কুলত নাচ শিকাবলৈ আৰম্ভ কৰিছিল। তেওঁ অনুভৱ কৰিছিল যে ইতিহাস, সিদ্ধান্ত আৰু নাচৰ মাজত এক ব্যৱধান আছে আৰু ইয়াৰপৰাই তেওঁৰ নিজা গৱেষণা আৰম্ভ কৰে।৫ ১৯৫৬চনত তেওঁ ৰংগপ্ৰৱেশ কৰে।৬
২০০৯চনৰপৰা ২০১১চনলৈ তেওঁ মনফৰ্ট ৰুক্মিণী দেৱী, মহাৰাজ অগৰসেন আৰু অন্য বহু বিদ্যালয়ত পঢ়াইছিল আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত জ্ঞান বিলাইছিল। পদ্মাই সংগীতত স্নাতক আৰু এথন'মিউজিকল'জিত স্নাতকোত্তৰ ডিগ্ৰী লোৱাৰ লগতে প্ৰসিদ্ধ পুৰাতত্ত্ববিদ আৰু পদ্মভূষণ প্ৰাপক কুথুৰ ৰামকৃষ্ণন শ্ৰীনিৱাসৰ নিৰ্দেশনাত নৃত্যত পি এইচ ডি কৰে।৭ তেওঁৰ গৱেষণা ভাৰতানাট্যম আন্দোলনৰ একাশীটা কাৰণৰ ওপৰত আধাৰিত আছিল।৭ তেওঁ বহুবোৰ প্ৰবন্ধ, গৱেষণা পত্ৰ আৰু কিতাপ লিখিছে। ইয়াৰ উপৰিও শিক্ষা আৰু সংস্কৃতিৰ বাবে ইণ্ডো-উপ-আয়োগত তেওঁ বেচৰকাৰী সদস্য ৰূপে কাম কৰিছে। তেওঁ সতাৰাত থকা নটৰাজ মন্দিৰৰ বাবে ক'লা গ্ৰেণাইট শিলেৰে ১০৮টি ভগৱান নটৰাজৰ মূৰ্তি আৰু দেৱী পাৰ্বতীৰ মূৰ্তি ডিজাইন কৰিছে। ভাৰত আৰু অন্যান্য ৰাষ্ট্ৰৰ সাংস্কৃতিক সমন্বয়ৰ ওপৰত দক্ষিণ-পূৱ এছিয়াৰ বহুবোৰ বিশ্ববিদ্যালয়ত পদ্মা সুব্ৰামনিয়ামে বক্তৃতা প্ৰদান কৰিছে।১৩

বঁটা
১৯৮১চনত পদ্মাই ভাৰতৰ সৰ্বোচ্চ অসামৰিক সম্মান পদ্মশ্ৰী আৰু ২০০৩চনত পদ্মভূষণ লাভ কৰে। শিল্পী জীৱনৰ গোটেই সময়ছোৱাত পদ্মাই শতকৈও অধিক বঁটা আৰু সম্মান লাভ কৰে। তাৰে উল্লেখযোগ্য কিছু সম্মান হ'ল:২১
- পদ্মবিভূষণ, ২০২৪
- সংগীত নাটক একাডেমী বঁটা (১৯৮৩)
- পদ্মভূষণ (২০০৩)৮
- পদ্মশ্ৰী (১৯৮১)
- তামিলনাডু চৰকাৰৰ কলাইমামনি বঁটা
- মধ্য প্ৰদেশ চৰকাৰৰ কালিদাস সম্মান
- কেৰালা চৰকাৰৰ নিশাগন্ধী বঁটা (২০১৫)৯
- চেন্নাইৰ নাৰদ গন সভাৰ নডা ব্ৰহ্মম বঁটা
- কাঞ্চিপুৰমৰ জগতগুৰু শংকৰাচাৰ্যৰপৰা ভাৰত শাস্ত্ৰ ৰক্ষামণি
- ছ'ভিয়েট সংঘৰ নেহৰু বঁটা (১৯৮৩)
- এছিয়াৰ উন্নতি আৰু সম্প্ৰীতিৰ ক্ষেত্ৰত তেওঁ আগবঢ়োৱা অৱদানৰ বাবে জাপানৰ ফুকুওকা এছিয়ান সংস্কৃতি বঁটা
তথ্যসূত্ৰ
- ↑ Narthki.com
- ↑ Webindia123
- ↑ Nrithyodhaya Website
- ↑ Padma Subrahmanyam. SRUTI, India's Premier Magazine for Performing Arts
- ↑ Khanna, Shailaja. (2019-05-10). Padma Subrahmanyam on a new style of dance called 'Bharatanrytam'. The Hindu
- ↑ (2019-09-15). Classically endowed. Deccan Herald
- ↑ (31 July 2011). The man who put Mahabs on the map. The Times of India
- ↑ (2015). Padma Awards. Ministry of Home Affairs, Government of India
- ↑ Nishagandhi Puraskaram 2014. Department of Tourism (Kerala)
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পদ্মা সুব্ৰামনিয়াম” প্ৰবন্ধৰ সংশোধন ৪৬৫৪৩৫ (২২ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।