অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শীলা শ্ৰী প্ৰকাশ

শীলা শ্ৰী প্ৰকাশ (Sheila Sri Prakash, জন্ম: ৬ জুলাই ১৯৫৫) হৈছে এগৰাকী ভাৰতীয় স্থপতিবিদ বা আৰ্কিটেক্ট। তেখেত এগৰাকী নগৰাঞ্চলৰ ডিজাইনাৰ (urban designer)। তেখেত 'শিল্পা আৰ্কিটেক্টছ' নামৰ সংস্থাটোৰ প্ৰতিষ্ঠাপক। স্থপতিবিদ্যাৰ সেৱা আৰম্ভ কৰা আৰু প্ৰতিষ্ঠা কৰা শীলা শ্ৰী প্ৰকাশ হৈছে ভাৰতৰ প্ৰথমগৰাকী মহিলা।

হালনাগাদ: ১৭ মে’ ২০২৫ ৩৭৫ শব্দ · ২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

শীলা শ্ৰী প্ৰকাশ (Sheila Sri Prakash, জন্ম: ৬ জুলাই ১৯৫৫) হৈছে এগৰাকী ভাৰতীয় স্থপতিবিদ বা আৰ্কিটেক্ট। তেখেত এগৰাকী নগৰাঞ্চলৰ ডিজাইনাৰ (urban designer)।১২ তেখেত 'শিল্পা আৰ্কিটেক্টছ' নামৰ সংস্থাটোৰ প্ৰতিষ্ঠাপক। স্থপতিবিদ্যাৰ সেৱা আৰম্ভ কৰা আৰু প্ৰতিষ্ঠা কৰা শীলা শ্ৰী প্ৰকাশ হৈছে ভাৰতৰ প্ৰথমগৰাকী মহিলা।৩৪৫

প্ৰাৰম্ভিক জীৱন

শীলা শ্ৰী প্ৰকাশৰ জন্ম হৈছিল ভাৰতৰ ভূপালত, ১৯৫৫ চনৰ ৬ জুলাইত। তেখেতৰ পিতৃ আছিল লেফটেনেণ্ট কৰ্ণেল জে.কে.এছ. পথি আৰু মাতৃ আছিল এছ. থাংগামা।৬

শিশু অৱস্থাতেই শীলা শ্ৰীয়ে ভাৰতীয় ধ্ৰুপদী নৃত্যৰ প্ৰশিক্ষণ আৰম্ভ কৰিছিল। তেখেতে নৃত্য, গীত আৰু চিত্ৰকলাত প্ৰশিক্ষিত হৈছিল। চাৰি বছৰত তেখেতে ভাৰতনাট্যমৰ প্ৰশিক্ষণ আৰম্ভ কৰে আৰু ১৯৬১ চনত প্ৰথমটো মঞ্চ-প্ৰদৰ্শন আগবঢ়ায়।৭ পদ্মভূষণ ধনৱন্তী ৰামা ৰাওৱে তেখেতক শিশু-প্ৰতিভা আখ্যা দিয়ে।৮৯ শীলাই ভাৰতনাট্যম আৰু কুচিপুড়ি নৃত্যশিল্পী হিচাপে বিশিষ্টতা প্ৰদৰ্শন কৰে।১০ ইয়াৰে লগত তেখেতে 'বীনাই' নামৰ সাংগীতিক বাদ্যবিধ বজাবলৈ শিকে। দুই দশকৰো অধিক কাল পৰিৱেশ্য-কলাৰ লগত জড়িত থকাৰ সময়ত১১তেখেতে ভাৰতনাট্যম আৰু কুচিপুড়ি১২ নৃত্যশিল্পীৰ ৰূপত নৃত্য পৰিৱেশন কৰে।১৩ শ্ৰী দাণ্ডায়ুদ্ধ পানী পিল্লাইৰ অধীনত ভাৰতনাট্যমৰ প্ৰশিক্ষণ ল'বৰ বাবে তেখেতৰ পৰিয়ালটো চেন্নাইলৈ স্থানান্তৰিত হয়। শীলা ডা০ ভেম্পতি চিন্না সত্যমৰ এগৰাকী শিক্ষাৰ্থী আৰু তেখেতৰ বহুকেইটা নৃত্য-নাটিকাৰ কেন্দ্ৰীয় চৰিত্ৰ।১৪ শীলা শ্ৰীৰ বিচৰণক্ষেত্ৰ হৈছে ভাৰতনাট্যম, কুচিপুড়ি, ভীনাই, ভাৰতীয় ধ্ৰুপদী সংগীত, চিত্ৰকলা আৰু ভাস্কৰ্যকলা।১৫

বীণাই শিল্পী হিচাপে শীলা শ্ৰীয়ে 'ৰাধা মাধৱম' আৰু 'শিৱলীলা বিলাসম'ৰ সুৰাৰোপণ, পৰিৱেশন আৰু ৰেকৰ্ডিং কৰিছে। এই কাৰ্যত তেখেতৰ সংগীবৃন্দ আছিল বিনাই শিল্পী চিট্টী বাবু।১৬১৭১৮

শিক্ষা

শীলা শ্ৰীয়ে চেন্নাইত থকা ৰ'ছাৰি মেট্ৰিকুলেছন স্কুলৰ পৰা প্ৰাৰম্ভিক শিক্ষা লয় আৰু চেন্নাইৰে ষ্টেলা মেৰিছ কলেজৰ পৰা প্ৰাক্-বিশ্ববিদ্যালয় ডিগ্ৰীটোও লাভ কৰে। পৰৱৰ্তী পৰ্যায়ত ১৯৭৩ চনত তেখেতে আন্না স্থপতিবিদ্যা আৰু পৰিকল্পনা বিশ্ববিদ্যালয় স্কুলৰ পৰা স্থপতিবিদ্যাত স্নাতক ডিগ্ৰী লাভ কৰে। সেইখিনি সময়ত এগৰাকী ছোৱালীৰ বাবে তেনে এটা ডিগ্ৰী অৰ্জন কৰাটো অতি দুৰ্লভ আছিল।১৯ তাৰ পিছত তেখেতে হাৰ্ভাৰ্ড গ্ৰেজুৱেট স্কুল অৱ ডিজাইনত এক্সিকিউটিভ এডুকেছন প্ৰগ্ৰামত নামভৰ্তি কৰে।২০

বিশ্ব অৰ্থনৈতিক মঞ্চ গোলকীয় কৰ্মসূচী পৰিষদ

'বিশ্ব অৰ্থনৈতিক মঞ্চ গোলকীয় কৰ্মসূচী পৰিষদ'ত (World Economic Forum's Global Agenda Council)-ৰ ডিজাইন উদ্ভাৱনত কাৰ্যনিৰ্বাহ কৰা শীলা শ্ৰী প্ৰথমগৰাকী ভাৰতীয় স্থপতি ২০১১ চনত শীলা শ্ৰী ভাৰতীয় স্থপতি। ২০১১ চনত তেখেতে এই সন্মানৰ গৰাকী হয়।২০ এইটো হৈছে ডিজাইন আৰু উদ্ভাৱনশীলতাৰ ক্ষেত্ৰত পৃথিৱীৰ ষোল্লগৰাকী বিশেষজ্ঞৰ এটা বিশেষ গোট।২১২২

নিজৰ দায়িত্ব হিচাপে শীলা শ্ৰীয়ে এটা 'Reciprocal Design Index' বিকশিত কৰে।২৩ যিটোৱে বহনক্ষম ডিজাইন এটাৰ চৌপাশে থকা স্থিতিমাপ আৰু মেট্ৰিকৰ বিষয়ে ব্যাখ্যা কৰে।২৪২৫

সন্মান আৰু স্বীকৃতি

  • ২০১৯ চনত বৰ্ষটোৰ বহনক্ষম চেম্পিয়নৰ বঁটা২৬
  • জীৱনজোৰা সাধনাৰ বঁটা; বিল্ডাৰচ, আৰ্কিটেক এণ্ড বিল্ডিং মেটেৰিয়েল (BAM)ৰ তৰফৰ পৰা। সহযোগিতাত আছিল Confederation of Indian Industry।২৭২৮
  • ২০১৭ চনত ইয়ন মিংকু বিশ্ববিদ্যালয়ৰ পৰা বেনে মেৰেণ্টি বঁটা২৯
  • ২০১৫ চনৰ অক্টোবৰ মাহত, ভাৰতীয় স্থপতিবিদ্যা প্ৰতিষ্ঠানৰ পৰা সন্মানীয় স্থপতিৰ বঁটা৩০
  • পৃথিৱীৰ এশজন প্ৰভাৱশালী স্থপতিৰ তালিকাভুক্ত, 'Il Giornale dell'Architettura'ৰ দ্বাৰা৩১৩২

তথ্যসূত্ৰ

  1. ↑ 100 Che Contano in Architettura (Top 100 Most Influential Architects in the World)
  2. ↑ Cătălin Ştefănescu. (23 April 2017). Sustainable architecture: An interview with Sheila Sri Prakash. Romanian Television
  3. ↑ Srinivas, Daketi. (March 2013). Role of Women in The Profession of Architecture (pg 311). Human Rights International Research Journal ISSN (Print): 2320 – 6942; Volume 1 Issue 1. ISBN 978-93-81583-98-2
  4. ↑ (10 December 2013). Women Leaders at Work Series. The Wall Street Journal
  5. ↑ Shivani Chaudhary. (4 January 2015). India's 1st Woman To Establish Her Own Architectural Practice. Rethinking the Future
  6. ↑ Desai 2016, পৃ. 179-180
  7. ↑ Karthik Shankar ADYAR. (2 March 2014). The Mystical Connect. The Times of India
  8. ↑ S. Mitchell 2016, পৃ. 140-142
  9. ↑ (2 April 2015). 5 Little Wonders you should know about. India Today
  10. ↑ (13 February 1970). A Good Kuchipudi Recital. Movieland
  11. ↑ (28 April 1973). Dance on the Saturday Page. The Indian Express
  12. ↑ (24 February 1970). Memorable recital of Kuchipudi. The Times of India
  13. ↑ NMN. (20 April 1974). Sweet and Graceful Natya Recital. The Hindu Shilpa Architects web archive
  14. ↑ (13 February 1970). Sprightly Kuchupidi by Sheila Pathy. The Hindu
  15. ↑ Indian Council for Cultural Relations. (1978). Cultural News from India, Volume 19. Indian Council for Cultural Relations, digitized by University of California (2010)
  16. ↑ (1972). Chitti Babu Musings of a Musician (Volume 2) Accompanied by his Disciples. Columbia Records
  17. ↑ Of matters spatial. The Hindu (28 July 2013)
  18. ↑ Architect Sheila Sri Prakash, Shilpa Architects Planners Designers. mgsarchitecture.in
  19. ↑ Shiny Verghese. (5 March 2017). Rooms of their own: Three of India's leading architects on the biases they have overcome. The Indian Express
  20. ↑ Sheila Sri Prakash | World Economic Forum – Sheila Sri Prakash. Weforum.org
  21. ↑ Architect Sheila Sri Prakash, Shilpa Architects Planners Designers. Modern Green Structures & Architecture
  22. ↑ (17 January 2012). Architects: OSCAR NIEMEYER, SHEILA SRI PRAKASH. Creativemindsnitc
  23. ↑ Network of Global Agenda Councils 2011–2012 – Reports – World Economic Forum . Reports.weforum.org
  24. ↑ Agenda for sustainable cities | Business Line. Thehindubusinessline.com
  25. ↑ World Economic Forum - Home. www3.weforum.org
  26. ↑ (22 October 2019). Asia's Largest Celebration of Women-led Development. WADe Surfaces Reporter
  27. ↑ (21 February 2019). Architect Sheila Sri Prakash Wins Lifetime Achievment (sic) Award at BAM Awards - 2019. WADe Surfaces Reporter
  28. ↑ (21 February 2019). Lifetime achievement award for Ar.Sheila Sri Prakash. MGS Architecture
  29. ↑ Patricia Erimescu and Ruxandra Grigoras. (29 March 2017). Share Forum Brought Together International Architects, Engineers and Contractors in Bucharest. Share-Architects
  30. ↑ Sujatha Shankar Kumar. (14 November 2015). Dancing about Architecture:Indian Institute of Architects Honorable Architect Award. The Hindu
  31. ↑ Il Giornale dell'Architettura – I 100 Che Contano In Architettura . Ilgiornaledellarchitettura.com
  32. ↑ (25 May 2013). A Look at India's Leading Architects. Sulekha

সম্পৰ্কিত শ্ৰেণী

স্থপতিবিদভাৰতীয় নৃত্যশিল্পীভাৰতৰ ব্যৱসায়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শীলা শ্ৰী প্ৰকাশ” প্ৰবন্ধৰ সংশোধন ৫০৯৬৮১ (১৭ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।