ভাৰতীয় নৃত্যশিল্পী
১২১ প্ৰবন্ধ
-
প্ৰতিষ্ঠা শৰ্মা
প্ৰতিষ্ঠা শৰ্মা (Pratishtha Sharma) হৈছে এগৰাকী ভাৰতীয় ধ্ৰুপদী নৃত্যশিল্পী। তেখেত আচাৰ্যা প্ৰতিষ্ঠা হিচাপে কৰ্মৰত। প্ৰতিষ্ঠা শৰ্মা এগৰাকী যোগৰ শিক্ষক আৰু প্ৰসাৰকো। তেখেতে "ভাৰত কলেজ অৱ পাৰফৰ্মিং আৰ্ট" নামৰ শিক্ষানুষ্ঠানখনি স্থাপন কৰে।
-
ভাৰতী শিৱাজী
ভাৰতী শিৱাজী (Bharati Shivaji) হ'ল মোহিনীঅট্টমৰ ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী, কৰিঅ'গ্ৰাফাৰ আৰু লেখক। প্ৰদৰ্শন, গৱেষণা আৰু প্ৰচাৰৰ মাধ্যমেৰে কলাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ভাৰতী শিৱাজীক জনা যায়। তেওঁ 'চেণ্টাৰ ফ'ৰ মোহিনীঅট্টম'ৰ প্ৰতিষ্ঠাপক। এই নৃত্য প্ৰতিষ্ঠানটোৱে মোহিনীঅট্টম নৃত্যৰ প্ৰচাৰ কৰে।
-
ভাৱনা (অভিনেত্ৰী)
নন্দিনী ৰামান্না (Nandini Ramanna)ৰ সুপৰিচিত নামটো হৈছে ভাৱনা ৰামান্না। তেখেত এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেখেতৰ সৰহখিনি কাম কন্নড় ভাষাতে। তেখেত এগৰাকী ভাৰতনাট্যমৰ শিল্পী। এতিয়ালৈকে তিনিবাৰ তেখেতে কৰ্ণাটক ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰিছে।
-
মঞ্জুলা ৰামস্বামী
মঞ্জুলা ৰামস্বামী ( Manjula Ramaswamy ) তামিলনাডুৰ থাঞ্জাৱুৰৰ এগৰাকী ভাৰতনাট্যম নৃত্যশিল্পী আৰু নৃত্য শিক্ষয়িত্ৰী। পিতৃৰ সৈতে মিলি তেওঁ হায়দৰাবাদত শ্ৰীৰাম নাটক নিকেতন নামৰ নৃত্য একাডেমী আৰম্ভ কৰে।
-
মাইলাপুৰ গৌৰী আম্মাল
মাইলাপুৰ গৌৰী আম্মাল ( Mylapore Gowri Ammal; ১৮৯২–১৯৭১) ভাৰতৰ এগৰাকী ভাৰতনাট্যম নৃত্যশিল্পী আছিল। তেওঁক মাইলাপুৰ গৌৰী আম্মা নামেৰেও জনা যায়। তেওঁ মাইলাপুৰৰ কপালেশ্বৰ মন্দিৰত নৰ্তকী আছিল। ১৯৫৯ চনত তেওঁ সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত কৰা হয়।
-
মাদাম মেনকা
মাদাম মেনকা (১৫ অক্টোবৰ ১৮৯৯ – ৩০ মে’ ১৯৪৭) আছিল লেইলা ৰায়, লেডি সোখ্যেৰ পেছাগত নাম। তেওঁ এগৰাকী ভাৰতীয় নৃত্যশিল্পী আৰু নৃত্য-নিৰ্দেশক আছিল আৰু কথক নৃত্য পৰম্পৰাৰ এগৰাকী অগ্ৰণী ব্যক্তিত্ব আছিল।
-
মাদ্দালী উষা গায়ত্ৰী
মাদ্দালী উষা গায়ত্ৰী ( Maddali Usha Gayatri; জন্ম: মল্লাৱৰাপু; ২৬ এপ্ৰিল ১৯৫৫) অন্ধ্ৰপ্ৰদেশৰ ৰাজ্যৰ এগৰাকী কুচিপুড়ি কলাকাৰ, নৃত্যশিল্পী, গুৰু আৰু কৰিঅ’গ্ৰাফাৰ। তেওঁ হামছা বঁটা (বৰ্তমান কলাৰত্ন বুলি কোৱা হয়) আৰু সংগীত নাটক অকাডেমী বঁটা লাভ কৰিছে।
-
মালবিকা ৱেলছ
মালবিকা ৱেলছ (Malavika Wales) হৈছে এগৰাকী ভাৰতীয় ছবি আৰু দূৰদৰ্শনৰ অভিনেত্ৰী। তেখেত ভাৰতীয় ধ্ৰুপদী নৃত্যৰো এগৰাকী পৰিৱেশনকাৰী, শিল্পী। মালবিকাই থিড়িচ্ছুৰৰ এটা মালায়ালম পৰিয়ালত জন্মগ্ৰহণ কৰে। তেখেতৰ অভিনয়শিল্পৰ অভিষেক ঘটে 'মালাড়ভাড়ী আৰ্টছ ক্লাব'ৰ জৰিয়তে।
-
মুবাৰক বেগম
মুবাৰক বেগম (ইংৰাজী: Mubarak Begum; সম্পূৰ্ণ নাম: মহৰুত্তুন মুবাৰক উল-নিছা বেগম) এগৰাকী ভাৰতীয় তৱাইফ (নৃত্যশিল্পী) আৰু দিল্লীৰ মোগল দৰবাৰৰ প্ৰথম ব্ৰিটিছ ৰেছিডেণ্ট ডেভিদ অক্টাৰলনীৰ ত্ৰয়োদশ পত্নী আছিল।
-
মুবাৰক বেগম (তৱাইফ)
মুবাকৰ বেগম (ইংৰাজী: Mubarak Begum) এগৰাকী ভাৰতীয় তৱাইফ (নৃত্যশিল্পী) আৰু দিল্লীৰ মোগল দৰবাৰৰ প্ৰথম ব্ৰিটিছ ৰেছিডেণ্ট ডেভিদ অক্টাৰলোনীৰ ত্ৰয়োদশগৰাকী পত্নী আছিল।
-
মুৰুগাশঙ্কৰী লিও
মুৰুগাশঙ্কৰী লিও (ইংৰাজী: Murugashankari Leo) হৈছে এগৰাকী ভাৰতনাট্যম নৃত্যশিল্পী, নৃত্য শিক্ষক, নাট্য অভিনেতা, আৰু গৱেষক পণ্ডিত। ভাৰতনাট্যম হৈছে সৌন্দৰ্য্য, কৃপা আৰু স্বকীয়তাৰ বাবে পৰিচিত এক প্ৰাচীন ভাৰতীয় শাস্ত্ৰীয় নৃত্য।
-
মেধা যোধ
মেধা যোধ (ইংৰাজী: Medha Yodh; ৩১ জুলাই ১৯২৭ - ১১ জুলাই ২০০৭) এগৰাকী ভাৰতীয় আৰু ভাৰতীয় আমেৰিকান ভাৰতনাট্যম নৃত্যশিল্পী আৰু লছ এঞ্জেলছৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ ধ্ৰুপদী ভাৰতীয় নৃত্যৰ শিক্ষক আছিল। তঞ্জোৰ বালাসৰস্বতীৰ শিষ্য হিচাপে তেওঁ গৰবাৰ ওপৰত এখন তথ্যচিত্ৰ নিৰ্মাণ কৰিছিল।
-
যমুনাবাই ৱাইকৰ
যমুনাবাই ৱাইকৰ (ইংৰাজী: Yamunabai Waikar; ৩১ ডিচেম্বৰ ১৯১৫ – ১৫ মে' ২০১৮), সংগীত আৰু নৃত্যৰ সৈতে জড়িত মাৰাঠী লোক পৰম্পৰা লাৱনী আৰু তামাছা লোকশিল্পৰ বিশেষজ্ঞতাৰ বাবে পৰিচিত এগৰাকী ভাৰতীয় লোকশিল্পী।
-
যামিনী ৰেড্ডী
যামিনী ৰেড্ডী ভাৰতৰ এগৰাকী কুচিপুড়ী নৃত্যশিল্পী, শিক্ষয়িত্ৰী, নৃত্য পৰিচালক আৰু কুচিপুড়ীৰ পাঠদানৰ বাবে নিবেদিত বিদ্যালয় “নাট্য তৰংগিণী’’ৰ সঞ্চালক। এওঁ ভাৰতৰ বিভিন্ন ঠাইৰ লগতে বিদেশৰো বহু ঠাইত নৃত্য পৰিৱেশন কৰিছে।
-
ললিতা শ্ৰীনিবাসন
ললিতা শ্ৰীনিবাসন এজন ভাৰতীয় ভাৰতনাট্যম নৃত্যশিল্পী, নৃত্য নিৰ্দেশক আৰু শিক্ষয়িত্ৰী। ভৰতনাট্যমত তেওঁৰ অৱদানৰ বাবে তেওঁ ২০২৩ চনত সংগীত নাটক একাডেমিৰপৰা সংগীত নাটক একাডেমি অমৃত বঁটা লাভ কৰে।
-
শাৰদা শ্ৰীনিবাসন
শাৰদা শ্ৰীনিবাসন (ইংৰাজী: Sharada Srinivasan; জন্ম: ১৬ জানুৱাৰী ১৯৬৬) হৈছে এগৰাকী ভাৰতীয় শিল্প, পুৰাতত্ত্ব, প্ৰত্ন ধাতুবিজ্ঞান আৰু সংস্কৃতিৰ বৈজ্ঞানিক অধ্যয়নৰ বিশেষজ্ঞ আৰু পুৰাতত্ত্ববিদ।
-
শীলা মেহতা
শীলা মেহতা (Shila Mehta) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্য কলাকাৰ, কোৰিঅ’গ্ৰাফী, শিক্ষক আৰু সংগীতকাৰ। তেওঁৰ পটভূমি কথকত উত্তৰ ভাৰতীয় ৰূপত দৃঢ়ভাভাৱে নিহিত হৈ আছে, যিটো তেওঁ বিশ্বৰ দৰ্শকৰ মাজত উপস্থাপন কৰিছে, যাৰ ভিতৰত আছে ভাৰত, উত্তৰ আমেৰিকা, অষ্ট্ৰেলিয়া আৰু ইউৰোপ ভ্ৰমণ।
-
শ্ৰীলক্ষ্মী গোৱৰ্ধনন
শ্ৰীলক্ষ্মী গোৱৰ্ধনন (Sreelakshmy Govardhanan) হৈছে এগৰাকী ভাৰতীয় কুচিপুড়ি শিল্পী। তেখেতে গুৰু শ্ৰী পশুমাৰ্থি ৰাট্টায়া শৰ্মাৰ শিষ্যা। শ্ৰীলক্ষ্মী সাধাৰণতে পদ-ভংগীমা আৰু অভিনয়াৰ বাবে পৰিচিত। যিটো হৈছে একধৰণৰ অভিনয়-কৌশল।
-
সন্ধ্যা পুৰেছা
সন্ধ্যা পুৰেছা ( Sandhya Purecha; জন্ম: ২৯ ডিচেম্বৰ ১৯৬৫) ভাৰতীয় শাস্ত্ৰীয় নৃত্য ভাৰতনাট্যমৰ এগৰাকী জ্যেষ্ঠ প্ৰতিপাদক, লেখক আৰু প্ৰসিদ্ধ অনুশীলনকাৰী। তেওঁ অভিনয় দৰ্পনত নন্দীকেশ্বৰেৰ দ্বাৰা পৰিভাষিত আৰু তেওঁৰ গুৰু পাৰ্বতী কুমাৰৰ দ্বাৰা কৰিঅ’গ্ৰাফী কৰা সমগ্ৰ অভিনয় দৰ্পন নৃত্য গ্ৰন্থখনক ভাৰতনাট্যম…
-
সবিতা শাস্ত্ৰী
সবিতা শাস্ত্ৰী (Savitha Sastry) হৈছে এগৰাকী ভাৰতীয় নৃত্যশিল্পী আৰু কৰিঅ'গ্ৰাফাৰ। তেখেতক ভাৰতনাট্যমৰ এগৰাকী শীৰ্ষস্থানীয় শিল্পী হিচাপে গণ্য কৰা হয়। ভাৰতনাট্যমৰ পৰম্পৰাগত শৈলী আৰু উপস্থাপনক লৈ তেওঁ কেতবোৰ সম্পৰীক্ষা কৰিছে। তাৰ বাবে উপন্যাস, গল্পৰ বিষয়বস্তুনিৰ্ভৰ পৰিৱেশনশৈলীৰ সহায় লৈছে।
-
সুকন্যা ৰহমান
সুকন্যা ৰহমান (Sukanya Rahman) হৈছে এগৰাকী ভাৰতীয় ধ্ৰুপদী নৃত্যশিল্পী, দৃশ্যধৰ্মী শিল্পী আৰু লেখিকা। তেখেতৰ গ্ৰন্থ Dancing in the family হৈছে তিনিগৰাকী মহিলাৰ আত্মকথা। গ্ৰন্থখনে বহুলভাৱে সমাদৰ লাভ কৰিছে। তেখেতেৰ চিত্ৰকলা আৰু কলাজৰ কাম ভাৰতকে ধৰি অন্যান্য দেশতো প্ৰদৰ্শিত হৈছে।
-
সুনন্দা নায়াৰ
সুনন্দা নায়াৰ (ইংৰাজী: Sunanda Nair) হৈছে এগৰাকী ভাৰতীয় নৃত্যশিল্পী। সুনন্দা হৈছে মোহিনীঅট্টমৰ এগৰাকী প্ৰশিক্ষণপ্ৰাপ্ত শিল্পী। মুম্বাই বিশ্ববিদ্যালয়ৰ সৈতে জড়িত নালন্দা নৃত্য কলা মহাবিদ্যালয়ৰ পৰা এই নৃত্যত তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।
-
সুন্দৰী কে শ্ৰীধৰণী
সুন্দৰী কে শ্ৰীধৰণী ( Sundari K. Shridharani; ৬ এপ্ৰিল ১৯২৫ – ৭ এপ্ৰিল ২০১২) ১৯৫০ চনত প্ৰতিষ্ঠা কৰা বহু কলা প্ৰতিষ্ঠান ত্ৰিবেণী কলা সংগমৰ প্ৰতিষ্ঠাপক আৰু পৰিচালক আছিল।
-
সুহানী ধানকী
সুহানী ধানকী (ইংৰাজী: Suhani Dhanki) এগৰাকী ভাৰতীয় ভৰতনাট্যম নৃত্যশিল্পী আৰু টেলিভিছন অভিনেত্ৰী। ২০১৩–২০১৪ বৰ্ষত স্বস্তিক প্ৰডাকচনৰ ‘মহাভাৰত’ ধাৰাবাহিকত মদ্ৰ দেশৰ ৰাজকুমাৰী মাদ্ৰীৰ চৰিত্ৰত অভিনয় কৰি তেওঁ অভিনয় জীৱনৰ পাতনি মেলিছিল।
-
স্বাতী ভিসে
স্বাতী ভিসে (ইংৰাজী: Swati Bhise; জন্ম: ২১ অক্টোবৰ ১৯৫৯) এগৰাকী ভাৰতনাট্যম নৃত্যশিল্পী, নৃত্য পৰিচালক, শিক্ষাবিদ, প্ৰযোজক, পৰিচালক, লেখিকা আৰু কলা প্ৰচাৰক।
-
স্মিতা মাধৱ
স্মিতা মাধৱ (Smitha Madhav) এগৰাকী কৰ্ণাটিক ধ্ৰুপদী গায়িকা আৰু ভাৰতনাট্যম নৃত্যশিল্পী। কৰ্ণাটিক সংগীত হৈছে সাধাৰণতে ভাৰতৰ দক্ষিণ অংশৰ সৈতে সম্পৰ্কিত সংগীতৰ এক প্ৰণালী আৰু ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ দুটা মুখ্য শ্ৰেণীবিভাজনৰ ভিতৰত এটা (আনটো হৈছে হিন্দুস্তানী ধ্ৰুপদী সংগীত)।
-
সৰোজা বৈদ্যনাথন
সৰোজা বৈদ্যনাথন ( Saroja Vaidyanathan; ১৯ ছেপ্টেম্বৰ ১৯৩৭ - ২১ ছেপ্টেম্বৰ ২০২৩) এগৰাকী নৃত্য পৰিচালক, গুৰু আৰু ভাৰতনাট্যমৰ এগৰাকী শীৰ্ষস্থানীয় শিল্পী আছিল। ভাৰত চৰকাৰে তেওঁক ২০০২ চনত পদ্মশ্ৰী আৰু ২০১৩ চনত পদ্মভূষণ বঁটা প্ৰদান কৰে।
-
ৰাণী কৰ্ণা
ৰাণী কৰ্ণা ( Rani Karnaa )এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী। শাস্ত্ৰীয় নৃত্য কথকত তেওঁৰ দক্ষতাৰ বাবে পৰিচিত আৰু বহুতে তেওঁক এই কলাৰ অন্যতম শ্ৰেষ্ঠ প্ৰতিষ্ঠাপক হিচাপে গণ্য কৰে।
-
ৰীতা গাংগুলী
ৰীতা গাংগুলী ( Rita Ganguly) ভাৰতীয় ধ্ৰুপদী কলাৰ এগৰাকী সাধক। তেওঁ এগৰাকী নিপুণ নৃত্যশিল্পী, সংগীতজ্ঞ আৰু কণ্ঠশিল্পী আৰু ২০০০ চনত তেওঁ সংগীত নাটক অকাডেমী বঁটা লাভ কৰে৷ আৰু ২০০৩ চনত “পদ্মশ্ৰী’’ সন্মান লাভ কৰে৷ তেওঁ অভিনেত্ৰী মেঘনা কোথাৰীৰ মাতৃ আৰু ৰবীন্দ্ৰ সংগীত গায়িকা গীতা ঘটকৰ কনিষ্ঠ ভগ্নী।
-
ৰুক্মিনী বিজয়াকুমাৰ
ৰুক্মিনী বিজয়াকুমাৰ (Rukmini Vijayakumar) হৈছে এগৰাকী ভাৰতীয় নৃত্য পৰিচালক, ভাৰতনাট্যমৰ নৃত্যশিল্পী আৰু ভাৰতীয় বোলছবিৰ অভিনেত্ৰী।মঞ্চৰ যোগেদি আগবঢ়াই থকা নৃত্যানুষ্ঠানৰ লগতে তেখেতে কেইবাখনো দক্ষিণ ভাৰতীয় ছবি যেনে: 'বোম্মালাট্টুম' (২০০৮), 'আনন্দ তাণ্ডৱাম' (২০০৯), 'বজৰংগী'( ২০১৩),…