নিৰুপমা ৰাজেন্দ্ৰ (Nirupama Rajendra) ভাৰতনাট্যম আৰু কথক নৃত্যৰ এগৰাকী উল্লেখযোগ্য ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী। তেওঁ কৰ্ণাটকৰ বেংগালুৰুৰ বাসিন্দা। নিৰুপমা আৰু তেওঁৰ স্বামী ৰাজেন্দ্ৰই (ನಿರುಪಮ ಮತ್ತು ರಾಜೇಂದ್ರ) একেলগে কথক প্ৰদৰ্শন কৰে। তেওঁলোকে ১৯৯৪ চনত নৃত্যক অধিক গ্ৰহণযোগ্য কৰাৰ লক্ষ্যৰে অভিনৱ নৃত্য একাডেমী স্থাপন কৰিছিল। তেওঁলোকে পৰম্পৰাগত আৰু সমসাময়িক নৃত্য শৈলীৰ সমন্বয় ঘটাই নৃত্যৰ এক নতুন জনপ্ৰিয় ধাৰাৰ সৃষ্টি কৰিছিল। এই নৃত্য যুটিটোৱে বহুঠাইত তেওঁলোকৰ কলাৰ প্ৰদৰ্শন কৰিছে আৰু নৃত্য ময়ুৰী আৰু নৃত্য ময়ুৰা (১৯৯৮), কৰ্ণাটকা কলাশ্ৰী আৰু নৃত্য চূড়ামণিকে ধৰি কেইবাটিও সন্মান লাভ কৰিছে।
প্ৰাৰম্ভিক জীৱন
নিৰুপমাৰ খুব কম বয়সৰ পৰাই নৃত্যৰ প্ৰতি আগ্ৰহ আছিল। পাঁচ বছৰ বয়সতে ভাৰতনাট্যমত তেওঁৰ আনুষ্ঠানিক প্ৰশিক্ষণ আৰম্ভ হৈছিল। নৃত্যৰ ক্ষেত্ৰত অভিব্যক্তিক তেওঁ গুৰুত্ব দিছিল আৰু দৰ্শকৰ সৈতে অভিব্যক্তিৰ ভাগ বতৰাক উপভোগ কৰিছিল। গুৰু মায়া ৰাওৰ পৃষ্ঠপোষকতাত তেওঁ কথক শিকিছিল আৰু এই কলাৰ প্ৰতি আগ্ৰহী হৈ পৰিছিল। সৰুতে কথক আৰু ভাৰতনাট্যম দুয়োটা শিকিছিল।
ব্যক্তিগত জীৱন
গুৰু মায়া ৰাওৰ অধীনত প্ৰশিক্ষণৰ সময়ত নিৰুপমাই তেওঁৰ স্বামী ৰাজেন্দ্ৰক লগ পাইছিল। নিৰুপমা বেংগালুৰুৰ মাউণ্ট কাৰমেল কলেজৰ এগৰাকী প্ৰাক্তন ছাত্ৰী। ২৫ বছৰ বয়সত, তেওঁ বিবাহ পাশত আৱদ্ধ হয় আৰু স্বামীৰ সৈতে যুৱ নৃত্যশিল্পী ৰূপে প্ৰদৰ্শন কলা (পাৰ্ফমিং আৰ্ট)ৰ শিল্পী হিচাপে কেৰিয়াৰ আৰম্ভ কৰে। পৰীক্ষা-নিৰীক্ষা, প্ৰশিক্ষণ আৰু অনুশীলনেৰে তেওঁলোকৰ যাত্ৰা আৰম্ভ হয় আৰু আজিৰ তাৰিখত তেওঁলোক দুয়োগৰাকীয়ে স্বীকৃত শিল্পী। নৃত্য প্ৰতিষ্ঠান অভিনৱৰ জৰিয়তে তেওঁলোকে কথক নৃত্যক এক নতুন আৰু আধুনিক ৰূপ দিছে।১২
অভিনৱ নৃত্য একাডেমী
১৯৯৪ চনত ভাৰত আৰু সমগ্ৰ বিশ্বৰ দৰ্শকৰ সন্মুখত পৰম্পৰাগত ভাৰতীয় নৃত্যৰ বিভিন্ন শৈলীসমূহ পৰিচয় কৰি দিয়াৰ মানসেৰে, ৰাজেন্দ্ৰ দম্পত্তিয়ে অভিনৱ নৃত্য একাডেমী প্ৰতিষ্ঠা কৰিছিল। প্ৰতিষ্ঠানটোৰ সৈতে থকা তেওঁলোকৰ এক আৱেগিক সম্পৰ্ক আছিল, ফলত সোনকালেই ই বিকশিত হৈছিল। প্ৰতিষ্ঠানটোৱে ঈশ্বৰ আৰু প্ৰকৃতি সম্পৰ্কীয় বহুতো নৃত্য পৰিচালনা আৰু প্ৰদৰ্শন কৰিছে।
জেজ, স্পেনিছ, এফ্ৰো আৰু ৱৰ্ল্ড মিউজিকৰ দৰে জাতিগত আৰু সমসাময়িক নৃত্য আৰু সংগীত শৈলীৰ সংমিশ্ৰণেৰে দুয়ো নৃত্যৰ ক্ষেত্ৰত এক অভিনৱ ধাৰাৰ সৃষ্টি কৰিছে আৰু প্ৰদৰ্শনেৰে ইয়াক জনপ্ৰিয় কৰিছে।। তেওঁলোকে কথক নৃত্যশিল্পী কুমুদিনী লখীয়াৰ দ্বাৰা অনুপ্ৰাণিত হৈ সমসাময়িক শিল্পক পৰম্পৰাগত কলাৰ সৈতে একত্ৰিত কৰিছিল।৩ অভিনৱ নৃত্য প্ৰতিষ্ঠানে কলাৰ মৌলিকতাৰ কথা মনত ৰাখি শাস্ত্ৰীয় নৃত্যক পুনৰুজ্জীৱিত কৰিছে। নতুন কৌশল আৰু শৈলী অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত মুখ্য প্ৰত্যাহ্বানটো হৈছে কাহিনীটোৰ প্ৰকৃত সাৰাংশ বজাই ৰখা।
মহামাৰীৰ অন্তিম আঠ মাহত, শিল্পী সম্প্ৰদায় যেতিয়া আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছিল ইনফোচিছ ফাউণ্ডেচনৰ অধ্যক্ষ সুধা মূৰ্তিৰ উদ্যোগত ৰাজেন্দ্ৰ দম্পত্তিয়ে শিল্পীসকলক সকাহ দিবলৈ কলা দ্বাৰকা ২০২০ নামেৰে এটি ডিজিটেল নৃত্য প্ৰশিক্ষণ অনুষ্ঠান আৰম্ভ কৰিছিল।৪
প্ৰদৰ্শন
নিৰুপমাই, তেওঁৰ সমগ্ৰ কেৰিয়াৰত, বিভিন্ন অনুষ্ঠানৰ বাবে নৃত্য পৰিচালনা আৰু প্ৰদৰ্শন কৰিছে। একাডেমীটোৱে জীৱন আৰু বসন্তৰ ঋতু সম্পৰ্কীয় মদনোৎসৱ নামৰ এক বাৰ্ষিক উৎসৱও আয়োজন কৰে।৫ তেওঁলোকৰ কিছু উল্লেখযোগ্য প্ৰদৰ্শন হৈছে;
- হৰ্ষিকা - ২০২০
- ফেষ্টিভেল পৰ্ব - ২০২০ - ৩দিন - প্ৰথম দিন - ৰাম কথা বিস্ময় (ৰামায়ণ),৬ দ্বিতীয় দিন - ইণ্টাৰ্ডিচিপ্লিনেৰি কনক্লেভ, তৃতীয় দিন - মদনোৎসৱ (বসন্ত উৎসৱ)৭
- কলা দ্বাৰকা - ২০২০ - অনলাইন নৃত্য উৎসৱ৮
- ৰসানন্দ (কৃষ্ণৰ প্ৰতি প্ৰেম)
- কৃষ্ণা - ফায়াৰ টু ফ্ৰষ্ট - ২০১৯ - দ্ৰৌপদীৰ জীৱন ভিত্তিক
- OJAS - কৃষ্ণৰ এটি উপস্থাপন - ২০১০
সন্মান আৰু স্বীকৃতি
প্ৰদৰ্শন কলা ক্ষেত্ৰলৈ আগবঢ়োৱা অতুলনীয় অৱদানৰ বাবে নিৰুপমা ৰাজেন্দ্ৰক বিভিন্ন সন্মানেৰে সন্মানিত কৰা হৈছে;
- নিৰুপমা - নৃত্য ময়ুৰী - (১৯৯৮)
- ৰাজেন্দ্ৰ - নৃত্য ময়ুৰা - (১৯৯৮)
- কৰ্ণাটকা কলাশ্ৰী বঁটা - (২০১১)
- কৃষ্ণ গণ সভাৰ প্ৰতিষ্ঠিত নৃত্য উপাধি নৃত্য চূড়ামণি
- ২০১৩ চনত, নিৰুপমা ৰাজেন্দ্ৰক বেংগালুৰুৰ ৰবীন্দ্ৰ কলাক্ষেত্ৰত নৃত্যশিল্পী ইউ এছ কৃষ্ণ ৰাওৰ প্ৰতি শ্ৰদ্ধাঞ্জলি স্বৰূপে আয়োজিত এক নৃত্য উৎসৱ মহা মায়াত আগবঢ়োৱা অৱদানৰ বাবে সন্মানিত কৰা হৈছিল।৯
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ What's kept dancer couple Nirupama and Rajendra together? - Times of India. The Times of India
- ↑ (2020-11-08). Taking the pandemic in their stride. Deccan Herald
- ↑ Swaminathan, Chitra. (2016-12-01). An interesting story unfolds. The Hindu
- ↑ (2020-11-08). Taking the pandemic in their stride. Deccan Herald
- ↑ Govind, Ranjani. (2018-03-21). Day-long dance, music and games. The Hindu
- ↑ (17 February 2020). Dance, drama, Disney and more in Rama Katha Vismaya. Express News Service
- ↑ (2020-02-07). Performed Activity Study Day Range. Definitions. Qeios
- ↑ (2020-11-08). Taking the pandemic in their stride. Deccan Herald
- ↑ Award for the dancing duo Nirupama Rajendra at Maha Maya. www.narthaki.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিৰুপমা ৰাজেন্দ্ৰ” প্ৰবন্ধৰ সংশোধন ৪০৫৯৫৮ (১৭ ফেব্ৰুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।