অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অনিলা সুন্দৰ

অনিলা সুন্দৰ (ইংৰাজ: Anila Sunder) হৈছে সিন্ধী সম্প্ৰদায়ৰ অন্তৰ্গত এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী। তেওঁ কথক আৰু ওড়িছী নৃত্য পৰিবেশন কৰে। তেওঁ বিভিন্ন বিষয়বস্তুৰ সৈতে পৰীক্ষা-নিৰীক্ষা কৰি ভাৰতীয় লোকনৃত্যৰ কিছুমান দিশ অন্তৰ্ভুক্ত কৰি সিন্ধী নৃত্য নাটকক এক অনন্য গঢ় দিয়াৰ চেষ্টা কৰিছে।

হালনাগাদ: ৫ এপ্ৰিল ২০২৬ ৩৫৯ শব্দ · ২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

অনিলা সুন্দৰ (ইংৰাজ: Anila Sunder) হৈছে সিন্ধী সম্প্ৰদায়ৰ অন্তৰ্গত এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী। তেওঁ কথক আৰু ওড়িছী নৃত্য পৰিবেশন কৰে।১২ তেওঁ বিভিন্ন বিষয়বস্তুৰ সৈতে পৰীক্ষা-নিৰীক্ষা কৰি ভাৰতীয় লোকনৃত্যৰ কিছুমান দিশ অন্তৰ্ভুক্ত কৰি সিন্ধী নৃত্য নাটকক এক অনন্য গঢ় দিয়াৰ চেষ্টা কৰিছে।৩ তেওঁৰ কিছুমান বেলে নৃত্যৰ ভিতৰত আছে মহেঞ্জোদাৰোৰ হেৰুৱা সভ্যতাক চিত্ৰিত কৰা সিন্ধু (Sindhu), সিন্ধৰ প্ৰেমৰ কিংবদন্তি ছিক্কা সাজন জী (Sikka Sajan Jee), প্ৰেম বনাম ধনৰ ওপৰত প্ৰশ্ন উত্থাপন কৰা থিউ না জুদা জানি মুনখান (Theeu Na Juda Jani Munkhaan), আৰু ভাৰত বিভাজনৰ সময়ত সিন্ধীসকলে ভূগিবলগীয়া হোৱা কষ্টৰ কাহিনী বৰ্ণনা কৰা সিন্ধ মুঁহিনজী আম্মা (Sindh Munhinjee Amma) আদি অন্যতম।৪

প্ৰাৰম্ভিক জীৱন

১৯৫১ চনৰ ১১ নৱেম্বৰত উল্লাসনগৰৰ৫ চিকিৎসা বিজ্ঞানৰ চিকিৎসক ডাঃ নাংকি আৰু ডাঃ গোবিন্দ মাখিজানীৰ ঘৰত অনিলা সুন্দৰৰ জন্ম হয়। মুম্বাই বিশ্ববিদ্যালয়ৰ পৰা ক্লিনিকেল চাইক’লজীত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ লগতে তেওঁ মুম্বাইৰ জয় হিন্দ মহাবিদ্যালয়ৰ প্ৰবক্তা আছিল। ১১ বছৰ বয়সত এলাহাবাদৰ প্ৰয়াগ সংগীত সমিতিৰ পৰা কথক নৃত্যকলা বিষয়ত তেওঁ স্নাতক ডিগ্ৰী লাভ কৰে।৬ প্ৰথমে তেওঁ গুৰু হাজৰিলাল৬ আৰু দময়ন্তী যোশীৰ অধীনত আৰু পিছলৈ বিজয় কুমাৰ শ্ৰেষ্ঠৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰিছিল।২

কেৰিয়াৰ

১৯৬৮ চনত বম্বে বিশ্ববিদ্যালয়ে আয়োজন কৰা যুৱ মহোৎসৱৰ আন্তঃমহাবিদ্যালয় শাস্ত্ৰীয় নৃত্য প্ৰতিযোগিতাত তেওঁ প্ৰথম অংশগ্ৰহণ কৰিছিল।৭ ১৯৭১ চনত লায়ন্স ক্লাব অৱ বম্বেৰ পৃষ্ঠপোষকতাত যুৱ বিনিময় কাৰ্যসূচীৰ ছাত্ৰী হিচাপে তেওঁ জাপান ভ্ৰমণ কৰে। পিছলৈ অনিলাই গুৰু নটবৰ মহাৰাণা আৰু শংকৰ বেহৰাৰ পৰা ওডিছী শিকিছিল।৭ ১৯৯৯ চনত অৰলেণ্ডোত অনুষ্ঠিত ষষ্ঠ আন্তঃৰাষ্ট্ৰীয় সিন্ধী সন্মিলন (অধিৱেশন)ত আৰু নিউয়ৰ্কত লং আইলেণ্ড সিন্ধী এছ’চিয়েশ্যনত তেওঁ নৃত্যৰ অনুষ্ঠান পৰিৱেশন কৰে। তাৰ পিছত তেওঁ ১৯৯৮ আৰু ২০০০ চনত লেহত অনুষ্ঠিত সিন্ধু দৰ্শন মহোৎসৱত অনুষ্ঠান পৰিৱেশন কৰে।৫ ভাৰত আৰু আমেৰিকাৰ বাহিৰেও অনিলাই জাপান, পশ্চিম আফ্ৰিকা, ইউ. এ. ই., স্কেণ্ডিনেভিয়ান দেশ, যুক্তৰাজ্য আদি বিভিন্ন দেশত অনুষ্ঠান পৰিৱেশন কৰিছে।৮

বেলে নৃত্য

সিন্ধীয়াত জী সুৰহান

সিন্ধীয়াত জী সুৰহানৰ (Sindhiyat Jee Surhan) অনুবাদ হৈছে “সিন্ধী জীৱনশৈলীৰ সুগন্ধি”। অনিলাই ইয়াক জন্মাষ্টমীৰ প্ৰাকক্ষণত অনুষ্ঠিত হোৱা থাদ্ৰী (Thadri), ভাৰতৰ পাঞ্জাবীসকলৰ মাজত কৰবা চৌথৰ সমতুল্য আন এটা উৎসৱ তীজ্ৰি (Teejri), মকৰ সংক্ৰান্তিৰ লগত মিল থকা উৎসৱ উত্তৰণ (Uttaran), আৰু সিন্ধীসকলৰ নৱবৰ্ষৰ দিন আৰু ঝুলেলাল দেৱতাৰ জন্মদিন চেতি চান্দৰ (Cheti Chand) দৰে জনপ্ৰিয় সিন্ধী উৎসৱৰ ওপৰত ভিত্তি কৰি এই বেলে নৃত্যৰ নিৰ্মাণ কৰিছিল।

সিন্ধী মুঁহিনজী আম্মা

সিন্ধী মুঁহিনজী আম্মা (Sindhi Munhinjee Amma) হৈছে ভাৰত-পাকিস্তান বিভাজন আৰু সিন্ধী সম্প্ৰদায়ৰ ওপৰত পৰা ইয়াৰ প্ৰভাৱৰ বিষয়ে নিৰ্মাণ কৰা এটি বেলে নৃত্য। ইয়াত অনিলাই সিন্ধত জন্মগ্ৰহণ কৰা আৰু বিভাজনৰ অস্থিৰতাৰ মাজেৰে জীৱন পাৰ কৰা এগৰাকী মহিলাৰ চৰিত্ৰত অভিনয় কৰিছে।

গীত গোবিন্দ

অধ্যাপক চটপালে অনুবাদ কৰা গীত গোবিন্দৰ হিন্দী সংস্কৰণো অনিলাই পৰিবেশন কৰে। এই নৃত্যৰ যোগেদি ৰাধা আৰু কৃষ্ণৰ মাজৰ কাহিনী আৰু আৱেগক বৰ্ণনা কৰা হৈছিল।

দাতব্য প্ৰদৰ্শন

অনিলা সুন্দৰে সামাজিক কামৰ বাবেও সক্ৰিয়ভাৱে অনুষ্ঠান পৰিৱেশন কৰিছিল। ১৯৭৫ চনত অনিলাই নাইজেৰিয়াত “নেচনেল উইমেন ছ'চাইটি অৱ নাইজেৰিয়া”ৰ বাবে লাগোছত ভাৰতীয় মহিলা বাসিন্দাসকলে ধন সংগ্ৰহৰ বাবে আয়োজন কৰা অনুষ্ঠানত নৃত্য পৰিৱেশন কৰে।৯ ভাৰতত ২০০১ চনত জবলপুৰৰ কেন্সাৰ চিকিৎসালয়ৰ বাবে১০ আৰু বম্বেৰ দুখীয়া ছোৱালীৰ কন্যাদানৰ বাবে ধন সংগ্ৰহৰ বাবেও তেওঁ অনুষ্ঠান পৰিৱেশন কৰিছিল।১১

তথ্যসূত্ৰ

  1. ↑ Kathak dancer Anila Sunder to perform at a cultural event organised by Suhini Sindhi Sanstha in Mumbai - Times of India. The Times of India
  2. ↑ (July 1985). Meet Anila Sunder a Danseuse of grace and charm. Bharat Ratna
  3. ↑ Das, Ujjayini. (November 2003). Bridge Across Forever. The Indian Express
  4. ↑ Srivastava, Abha. (February 2002). Cuff Parade's Dancing Queen. Downtown Plus
  5. ↑ (August 2002). सिंधी लोकनृत्य में पगी एक कत्थक शैली. Navbharat Times
  6. ↑ Anila Sunder · Sindhi Sangat. www.sindhisangat.com
  7. ↑ Sindhi Artist, Sindhi Kalakar Anila Sunder Details. sindhyat.com
  8. ↑ Reporter, A. Staff. Sindhi community to usher in new year in style. Khaleej Times
  9. ↑ N 2000 Collected. Independent Nigeria
  10. ↑ Dancer Anila Sunder to perform for Cancer Hospital. The Hitavada
  11. ↑ Bombay Sindhi Dance Ballet. Femina (India)

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় নৃত্যশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনিলা সুন্দৰ” প্ৰবন্ধৰ সংশোধন ৬০০০৪১ (৫ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।