নন্দিনী ৰামানী ( Nandini Ramani ) চেন্নাইৰ এগৰাকী ভাৰতনাট্যম পাৰংগদ, নৃত্য সমালোচক, সংস্কৃত নাটকৰ অভিনেত্ৰী তথা পৰিচালক আৰু শিক্ষাবিদ। তেওঁ সংস্কৃত পণ্ডিত আৰু সংগীত বিজ্ঞানী ভি ৰাঘৱনৰ কন্যা। কলা ক্ষেত্ৰলৈ আগবঢ়োৱা সামগ্ৰিক অৱদানৰ বাবে তেওঁ সংগীত নাটক একাডেমী বঁটাকে ধৰি কেইবাটাও বঁটা লাভ কৰে। সংগীত নাটক একাডেমীৰ কাৰ্যবাহী মণ্ডলীৰ সদস্য, ভাৰতীয় সাংস্কৃতিক সম্পৰ্ক পৰিষদৰ সাধাৰণ পৰিষদৰ সদস্য, মাদ্ৰাচ সংগীত একাডেমীৰ সচিবকে ধৰি কেইবাটাও পদত তেওঁ অধিষ্ঠিত হৈছিল।
জীৱনী
. ১৯৫০ চনৰ ১৮ নৱেম্বৰত ৰামানীৰ জন্ম হৈছিল।১ তেওঁৰ পিতৃ ভি ৰাঘৱন আছিল এজন সংস্কৃত পণ্ডিত আৰু সংগীত বিজ্ঞানী।২৩ পাঁচ বছৰ বয়সৰ পৰাই তেওঁ ভৰতনাট্যম শিকিবলৈ আৰম্ভ কৰে।৪ মাত্ৰ ন বছৰ বয়সৰ পৰাই তেওঁ পিতৃৰ সংস্কৃত নাটকত অভিনয় কৰিবলৈ লয়।[4]
তেওঁৰ ভাষা আৰু লেখাৰ গুৰু আছিল পিতৃ ৰাঘৱন। নৃত্যশিল্পী থাঞ্জাভুৰ বালাসৰস্বতী আৰু নট্টুৱনাৰ কে গণেশনে তেওঁৰ নৃত্যৰ প্ৰশিক্ষণ দিছিল। আনহাতে বি কৃষ্ণমূৰ্তি আৰু টি মুক্তি তেওঁৰ সংগীত গুৰু আছিল।৫৬
সন্মান
- ২০১২: সামগ্ৰিক অৱদান শিতানত সংগীত নাটক একাডেমী বঁটা।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Nandini Ramani Inheritor Of A Rare Legacy - Read this story on Magzter.com. www.magzter.com
- ↑ VELLAT, ANURADHA. (2019-05-16). Balamma never used to compliment: Nandini Ramani. The Hindu
- ↑ Sampath, Janani. (2015-05-27). For the Love of the Language of Sanskrit. The New Indian Express
- ↑ India, The Hans. (2019-12-22). Reflection of Nandini Ramani: The second edition of Antharangam. www.thehansindia.com
- ↑ Ramani, V. V. (2018-02-08). Nandini Ramani as the torchbearer of Bala bani. The Hindu
- ↑ Nadadhur, Srivathsan. (2019-12-27). Nandini Ramani: Tradition and talent in balance. The Hindu
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নন্দিনী ৰামানী” প্ৰবন্ধৰ সংশোধন ৪৮৯০৬৬ (৮ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।