ভাৰতীয় নৃত্যশিল্পী
১২১ প্ৰবন্ধ
-
পূৰ্ণিমা অৰবিন্দ পকৱাসা
পূৰ্ণিমা অৰবিন্দ পকৱাসা (Poornima Arvind Pakvasa, ৫ অক্টোবৰ ১৯১৩ – ২৫ এপ্ৰিল ২০১৬) এগৰাকী ভাৰতীয় সমাজ কৰ্মী, স্বাধীনতা সংগ্ৰামী তথা নৃত্যশিল্পী। জনপ্ৰিয়ভাৱে তেওঁক 'দিদি অফ ডং' বুলি জনা যায়। ২০০৪ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ তৃতীয় সৰ্বোচ্চ সন্মান পদ্মভূষণ প্ৰদান কৰে।
-
বৈশালী মহান্তি
বৈশালী মহান্তি (Baisali Mohanty, জন্ম-৫ আগষ্ট ১৯৯৪) হৈছে এগৰাকী ভাৰতীয় ধ্ৰুপদী নৃত্যশিল্পী৷ তেখেত একেধাৰে কৰিঅ'গ্ৰাফাৰ, লেখিকা, স্তম্ভলেখক, বৈদেশিক আৰু ৰাজহুৱা নীতিৰ বিশ্লেষক; বৈদেশিক নীতি তথা বহুকেইখন আন্তৰ্জাতিক খ্যাতিসম্পন্ন প্ৰকাশন গোষ্ঠীৰ কৌশল পৰিক্ৰমা আৰু বৈদেশিক নীতিৰ নিয়মীয়া অৱদানকাৰী৷…
-
ভানুপ্ৰিয়া
মাংগাভানু (Mangabhanu; জন্ম: ১৫ জানুৱাৰী ১৯৬৭)-ৰ জনপ্ৰিয় নাম হৈছে ভানুপ্ৰিয়া। তেখেত এগৰাকী ভাৰতীয় অভিনেত্ৰী, কুচিপুড়ি নৃত্য পটিয়সী আৰু ভয়ছ আৰ্টিষ্ট। তেখেতে তেলুগু, তামিল, মালয়ালম, কন্নড় আৰু হিন্দী ছবিত অভিনয় কৰিছে।
-
মাঞ্জাম্মা জগতী
মাঞ্জাম্মা জগতী (Manjamma Jogathi, জন্ম: মঞ্জুনাথ ছেট্টি, ১৮ এপ্ৰিল ১৯৬৪) এগৰাকী ভাৰতীয় নৃত্যশিল্পী, কণ্ঠশিল্পী, থিয়েটাৰ অভিনেত্ৰী আৰু সক্ৰিয় কৰ্মী। তেওঁ পশ্চিম কৰ্ণাটকৰ 'জগতী নৃত্য' নামৰ লোকনৃত্যৰ পাৰদৰ্শী।
-
মায়া ৰাও
মায়া ৰাও (Maya Rao; ২ মে' ১৯২৮ – ১ ছেপ্টেম্বৰ ২০১৪) আছিল এগৰাকী ভাৰতীয় ধ্ৰুপদী নৃত্যশিল্পী, কৰিঅ'গ্ৰাফাৰ আৰু কথক নৃত্যৰ প্ৰশিক্ষক। কথকৰ নৃত্য-পৰিচালনা বা কৰিঅ'গ্ৰাফীৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অমূল্য বৰঙনিৰ বাবে তেখেত জনাজাত। তাৰে ভিতৰত উল্লেখযোগ্য হৈছে ডেন্স বেলেট।
-
মিনতি মিশ্ৰ
মিনতি মিশ্ৰ (Minati Mishra; ১৯২৯ – ৬ জানুৱাৰী ২০২০) আছিল এগৰাকী ভাৰতীয় ধ্ৰুপদী নৃত্যশিল্পী আৰু অভিনেত্ৰী। ভাৰতীয় লোকনৃত্যৰ অন্যতম নৃত্য ওড়িছীৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অনবদ্য বৰঙনিৰ বাবে তেখেত সুপৰিচিত। ২০১১ চনত তেখেত ওড়িছী প্ৰদৰ্শন কৰা সৰ্বজ্যেষ্ঠ জীৱিতি প্ৰদৰ্শনকাৰী হিচাপে পৰিগণিত হয়।
-
যামিনী কৃষ্ণমূৰ্তি
যামিনী কৃষ্ণমূৰ্তি (২০ ডিচেম্বৰ ১৯৪০ - ৩ আগষ্ট ২০২৪) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী। তেওঁ ভাৰত নাট্যম আৰু কুচিপুড়ি নৃত্যৰ পাৰদৰ্শিতাৰ বাবে বিখ্যাত। ভাৰত চৰকাৰে তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে কলা শিতানত ১৯৬৮ চনত ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।
-
লক্ষ্মী নাৰায়ণ ত্ৰিপাঠী
লক্ষ্মী নাৰায়ণ ত্ৰিপাঠী (Laxmi Narayan Tripathi, জন্ম: ১৩ ডিচেম্বৰ ১৯৭৮) এগৰাকী ভাৰতীয় ট্ৰান্সজেণ্ডাৰ আৰু হিজৰা অধিকাৰ কৰ্মী, বলিউড অভিনেত্ৰী, ভাৰতনাট্যম নৃত্যশিল্পী, কোৰিঅ'গ্ৰাফাৰ আৰু প্ৰেৰণামূলক বক্তা। তেওঁ কিন্নৰ আখাড়াৰ আচাৰ্য মহামণ্ডলেশ্বৰ।
-
শৰ্মিষ্ঠা মুখাৰ্জী
শৰ্মিষ্ঠা মুখাৰ্জী এগৰাকী ভাৰতীয় কথক নৃত্যশিল্পী, কৰিঅ’গ্ৰাফাৰ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাজনীতিবিদ৷
-
সুনীল কোঠাৰী
সুনীল কোঠাৰী (Sunil Kothari, ২০ ডিচেম্বৰ ১৯৩৩ – ২৭ ডিচেম্বৰ ২০২০) এগৰাকী ভাৰতীয় নৃত্য ইতিহাসবিদ, বিদ্বান আৰু সমালোচক। তেওঁ কলকাতাৰ ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ উদয় শংকৰ আসনৰ অধ্যাপক আছিল।
-
ৰোশন কুমাৰী
ৰোশন কুমাৰী ফকিৰ মহম্মদ (Roshan Kumari Fakir Mohammad) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী, অভিনেত্ৰী আৰু নৃত্য পৰিচালক। তেওঁক বহুতে ভাৰতীয় শাস্ত্ৰীয় নৃত্য কথকৰ অন্যতম শীৰ্ষস্থানীয় প্ৰতিষ্ঠাপক হিচাপে গণ্য কৰে।
-
ৰোহিনী ভাটে
ৰোহিনী ভাটে (रोहिणी भाटे; ১৪ নৱেম্বৰ ১৯২৪ – ১০ অক্টোবৰ ২০০৮) ভাৰতৰ এগৰাকী অভিজ্ঞ কথক নৃত্যশিল্পী। তেখেতে কথক নৃত্যৰ পৰিবেশন, শিক্ষাদান, গৱেষণা তথা সমালোচনা কৰিছিল। কেৰিয়াৰৰ সময়ত, তেখেত সংগীত নাটক একাদেমী বঁটা আৰু কালিদাস সম্মানৰ আদি সন্মানেৰে ভূষিত কৰা হয়।
-
অনিতা ৰত্নম
অনিতা ৰত্নম (Anita Ratnam; জন্ম: ২১ মে' ১৯৫৪) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় আৰু সমসাময়িক নৃত্যশিল্পী তথা নৃত্য পৰিকল্পনাকাৰ। ভাৰতনাট্যমত প্ৰশিক্ষণ প্ৰাপ্ত, তেওঁ কথাকলি, মোহিনীঅট্টম, আৰু তাই চি তথা কলাৰিপায়ত্তুতো আনুষ্ঠানিক প্ৰশিক্ষণ গ্ৰহণ কৰিছে, এনেকৈ তেওঁ এখন নৃত্যশৈলী তৈয়াৰ কৰিছিল যিটো তেওঁ "নব্য…
-
উমা ডগ্ৰা
উমা ডগ্ৰা (Uma Dogra) এগৰাকী ভাৰতীয় কথক নৃত্যশিল্পী। তেওঁ জয়পুৰ ঘৰানাৰ কথক নৃত্যৰ পণ্ডিত দুৰ্গা লালৰ সবাতোকৈ পুৰণি শিষ্য। নৃত্য কৰাৰ লগতে তেওঁ এগৰাকী কৰিঅ'গ্ৰাফাৰ আৰু শিক্ষয়িত্ৰী। ৪০ বছৰ ধৰি তেওঁ ভাৰতৰ লগতে বিদেশতো নৃত্য প্ৰদৰ্শন কৰি আহিছে।
-
উমা শৰ্মা
উমা শৰ্মা (Uma Sharma; জন্ম: ১৯৪২) হৈছে কথক নৃত্যৰ এগৰাকী ধ্ৰুপদী শিল্পী। ইয়াৰ উপৰি তেখেত এগৰাকী নৃত্যপৰিচালক আৰু শিক্ষক। নতুন দিল্লীত থকা 'ভাৰতীয় সংগীত সদন'ৰো তেখেত নেতৃত্বপ্ৰদানকাৰী। এইখন হৈছে ধ্ৰুপদী নৃত্য আৰু সংগীতৰ একাডেমী। তেখেতৰ পিতৃয়ে ১৯৪৬ চনত এই প্ৰতিষ্ঠানখন স্থাপন কৰিছিল।
-
এলাম ইন্দিৰা দেৱী
এলাম ইন্দিৰা দেৱী (Elam Endira Devi, জন্ম:১ ছেপ্টেম্বৰ ১৯৫৪) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী আৰু নৃত্য প্ৰশিক্ষক। তেওঁ মণিপুৰী নৃত্যৰ লগত জড়িত। তেওঁ লাই হাৰাওবা আৰু মণিপুৰী ৰাসৰ পাৰদৰ্শিতাৰ বাবে বিশেষভাৱে জনাজাত।
-
কনক ৰেলে
কনক ৰেলে (জন্ম: ১১ জুন ১৯৩৭) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী, ক'ৰিয়'গ্ৰাফাৰ আৰু শিক্ষাবিদ। তেওঁ মোহিনীঅট্টমৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে বিশেষভাৱে জনাজাত।
-
কলামণ্ডলাম কল্যাণীকুট্টি আম্মা
কলামণ্ডলম কল্যাণীকুট্টি আম্মা (১৯১৫-১৯৯৯) দক্ষিণ ভাৰতৰ কেৰালাৰ এগৰাকী যুগান্তকাৰী মহিনিয়াত্তম নৃত্যশিল্পী আছিল। তেওঁ ৰাজ্যখনৰ মালাপ্পুৰম জিলাৰ থিৰুনাভায়াৰ বাসিন্দা আছিল।
-
কস্তুৰী পাটনায়ক
কস্তুৰী পাটনায়ক (Kasturi Pattanaik) হৈছে এগৰাকী অগ্ৰণী ওড়িছী নৃত্য শিল্পী, প্ৰদৰ্শক, নৃত্য পৰিচালক, শিক্ষক, প্ৰশিক্ষক আৰু সংগীত ব্যৱস্থাপক।
-
পালি চন্দ্ৰা
পালি চন্দ্ৰা (Pali Chandra; জন্ম: ১৯ নৱেম্বৰ ১৯৬৭) হৈছে এগৰাকী কথক নৃত্যশিল্পী, কৰিঅ'গ্ৰাফাৰ বা নৃত্য পৰিচালক, ডিজিটেল নৃত্য প্ৰশিক্ষক, মেণ্টৰ আৰু শৈল্পিক পৰিচালক। তেখেতে "কথক দূত" হিচাপে পৰিচিত।
-
প্ৰতিমা বেদী
প্ৰতিমা গৌৰী বেদী (১২ অক্টোবৰ ১৯৪৮ - ১৮ আগষ্ট ১৯৯৮) আছিল এগৰাকী ভাৰতীয় মডেল তথা ওড়িছী নৃত্যশিল্পী। ১৯৯০ চনত তেওঁ বেংগালুৰুত 'নৃত্যগ্ৰাম' নামৰ এক নৃত্যৰ প্ৰতিষ্ঠান স্থাপন কৰিছিল।
-
প্ৰেৰণা দেশপাণ্ডে
প্ৰেৰণা দেশপাণ্ডে এগৰাকী ভাৰতীয় কথক নৃত্যশিল্পী। তেখেতে সাত বছৰ বয়সতে শৰদিনী গোলৰ পৰা কথক শিকিছিল। ১৫ বছৰ বছৰ তেওঁ প্ৰথম নৃত্য পৰিবেশন কৰিছিল। তাৰ পাছত তেখেত ৰোহিনী ভাটেৰ পৰা গুৰু-শিষ্য পৰম্পৰা ঐতিহ্যৰ অধীনত কথক অধ্যয়ন কৰে, তেখেত তেওঁৰ দৃষ্টিনন্দন গতিবিধি আৰু কথকৰ বিভিন্ন দিশ যেনে- অভিনয়া আৰু…
-
বসুন্ধৰা দোৰাস্বামী
বসুন্ধৰা দোৰাস্বামী (ইংৰাজী: Vasundhara Doraswamy) হৈছে ভৰতনাট্যম নৃত্যশিল্পী, নৃত্য পৰিচালক, নৃত্য গুৰু। তেওঁ মহীশূৰৰ “বসুন্ধৰা পাৰফৰ্মিং আৰ্টছ চেণ্টাৰ”ৰ প্ৰতিষ্ঠাপক আৰু পৰিচালক।
-
মানুষী ছিল্লাৰ
মানুষী ছিল্লাৰ (Manushi Chhillar; জন্ম ১৪ মে' ১৯৯৭) এগৰাকী ভাৰতীয় মডেল তথা সৌন্দৰ্য প্ৰতিযোগিতাৰ বিজয়ী। তেওঁ ২০১৭ চনৰ মিছ ৱৰ্ল্ড খিতাপ দখল কৰে। তাৰ আগতে তেওঁ ফেমিনা মিছ ইণ্ডিয়া ২০১৭ ৰ চূড়ান্ত বিজয়ীৰ খিতাপ দখল কৰিছিল। আন্তৰাষ্ট্ৰীয় প্ৰতিযোগিতা মিছ ৱৰ্ল্ড বিজয়ী মানুষী ষষ্ঠ গৰাকী ভাৰতীয় মহিলা।
-
মালবিকা চাৰুক্কাই
মালবিকা চাৰুক্কাই (Malavika Sarukkai) হৈছে এগৰাকী ভাৰতীয় ধ্ৰুপদী নৃত্য শিল্পী আৰু নৃত্য পৰিচালক। তেখেতৰ নৃত্যৰ মূল বিচৰণ ক্ষেত্ৰ হৈছে ভাৰতনাট্যম। তেখেতে ২০০২ চনত সংগীত নাটক একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।২০০৩ চনত তেখেতক ভাৰত চৰকাৰে দেশৰ চতুৰ্থটো সৰ্বশ্ৰেষ্ঠ অসামৰিক সন্মান পদ্মশ্ৰীৰে সন্মানীত…
-
মিনাক্ষী শ্ৰীনিবাসন
মিনাক্ষী শ্ৰীনিবাসন (Meenakshi Srinivasan; জন্ম: ১১ জুন, ১৯৭১) হৈছে এগৰাকী ভাৰতীয় নৃত্যশিল্পী, কৰিঅ'গ্ৰাফাৰ। তেখেত ভাৰতনাট্যমৰ পাণ্ডানাল্লুড় শৈলীৰ এগৰাকী পটিয়সী। তেখেতে আৰ্লামেল ভাল্লীৰ অধীনত নৃত্যৰ শিক্ষা গ্ৰহণ কৰিছিল।
-
মিনু ঠাকুৰ
মিনু ঠাকুৰ (Meenu Thakur, জন্ম: ১ জুলাই, ১৯৭২) হৈছে এগৰাকী ভাৰতীয় কুচিপুড়ি নৃত্যশিল্পী। তেখেতে 'সুৰম্যা' নামেৰে এখনি শিক্ষানুষ্ঠানৰ জৰিয়তে নতুন প্ৰজন্মৰ শিল্পীক কুচিপুড়ি নৃত্যৰ প্ৰশিক্ষণ দিয়ে। এই শিক্ষানুষ্ঠানখনি নতুন দিল্লীত অৱস্থিত।
-
মেথিল দেৱীকা
মৈথিল দেৱীকা, জন্ম: ১৯৭৬ চন, এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী আৰু গৱেষণা তত্ত্বাৱধায়ক। তেওঁ ইছৰোৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ স্পেচ ছায়েন্স এণ্ড টেকন'লজিৰ জ্যেষ্ঠ গৱেষণা সহযোগী আছিল, ২০২৩ চনত তেওঁৰ নিজে পৰিকল্পনা কৰা আৰ্টচ্ ইণ্টিগ্ৰেটেড এডভান্স চাইন্স প্ৰজেক্টত কাম কৰিছিল।
-
মৈথিলি প্ৰকাশ
মৈথিলি প্ৰকাশ (ইংৰাজী: Mythili Prakash) হৈছে এগৰাকী আমেৰিকান নৃত্যশিল্পী আৰু নৃত্য পৰিচালক। তেওঁ হৈছে দক্ষিণ ভাৰতৰ শাস্ত্ৰীয় নৃত্য ভাৰতনাট্যমৰ বিশেষজ্ঞ।
-
য়ুমলেম্বম গম্ভিনী দেৱী
য়ুমলেম্বম গম্ভিনী দেৱী (Yumlembam Gambhini Devi, জন্ম: ১ জানুৱাৰী ১৯৪৫) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী তথা নৃত্য শিল্পী। তেওঁ মূলতঃ মণিপুৰৰ নাট সংকীৰ্তন আৰু মণিপুৰী ৰাসৰ লগত জড়িত। তেওঁ জৱাহৰলাল নেহৰু মণিপুৰ নৃত্য একাডেমীৰ অনুষদৰ সদস্য। তেওঁ ১৯৮৮ চনত সংগীত নাটক একাডেমী বঁটাৰ লাভ কৰিছিল।