প্ৰতিভা প্ৰহ্লাদ ( Prathibha Prahlad; জন্ম: ১৯৬২) এগৰাকী ভাৰতনাট্যম নৃত্যশিল্পী, শিক্ষাবিদ, কৰিঅ’গ্ৰাফাৰ, কলা প্ৰশাসক, আৰু লেখিকা। তেওঁ দিল্লী আন্তঃৰাষ্ট্ৰীয় কলা মহোৎসৱৰ প্ৰতিষ্ঠাপক পৰিচালক আছিল।
জীৱন আৰু কৰ্ম
প্ৰতিভা প্ৰহ্লাদে ১৯৬২ চনৰ ২৯ জানুৱাৰীত ভাৰতৰ মহীশূৰত জন্মগ্ৰহণ কৰিছিল। প্ৰহ্লাদৰ নৃত্যৰ প্ৰতি আকৰ্ষণ চাৰি বছৰ বয়সৰ পৰাই আৰম্ভ হৈছিল বুলি কোৱা হয় আৰু যাৰ বাবে তেওঁক প্ৰথমে চাৰিৰ পৰা আঠ বছৰ বয়সৰ ভিতৰত ওচৰ-চুবুৰীয়াৰ নৃত্য শ্ৰেণীত যোগদান কৰিবলৈ উৎসাহিত কৰা হৈছিল।১ কোনো আনুষ্ঠানিক প্ৰশিক্ষণ নোলোৱাকৈয়ে তেওঁৰ নৃত্য যাত্ৰা আৰম্ভ হৈছিল আৰু মাক দেউতাকে তেওঁৰ প্ৰতিভাক উপলব্ধি কৰি উৎসাহিত কৰিছিল। ইউ.এছ কৃষ্ণ ৰাও,২ কলানিধি নাৰায়ণন আৰু ভি.এছ. মুথুস্বামী পিল্লাই আৰু কুচিপুডীত ভেম্পট্টি চিন্না সত্যৰ অধীনত তেওঁৰ নৃত্যৰ প্ৰাৰম্ভিক প্ৰশিক্ষণ চলে। ২০ বছৰ বয়স হোৱালৈ তেওঁ এগৰাকী প্ৰতিষ্ঠিত পেছাদাৰী নৃত্যশিল্পীলৈ পৰিণত হৈছিল। তেওঁ দেশৰ বহু মঞ্চ আৰু ৫০ খনতকৈও অধিক দেশত নৃত্য প্ৰদৰ্শন কৰিছে।৩
গণসংযোগ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা প্ৰহ্লাদে বাতৰি কাকতত প্ৰবন্ধ লিখাৰ লগতে টেলিভিছন ধাৰাবাহিকৰ প্ৰযোজনা, পৰিচালনা আৰু অভিনয়ৰ কাম কৰি আহিছে। নৃত্য আৰু আনুষংগিক বিষয়ৰ গ্ৰন্থও ৰচনা কৰিছে। প্ৰহ্লাদৰ ভাৰতনাট্যম বিষয়ক গ্ৰন্থ প্ৰকাশৰ পিছত ১০ বছৰ ধৰি আমাজনত ২ নম্বৰ বেষ্টচেলাৰ হৈ আছিল আৰু বহুবাৰ পুনৰ্মুদ্ৰন কৰা হৈছিল। TEDx আৰু শিক্ষানুষ্ঠানসমূহত বহুতো স্মৃতিচাৰণ বক্তৃতা প্ৰদান কৰা তেওঁ এগৰাকী অতি সন্মানীয় বক্তা।৪
সন্মান
- ২০০১: সংগীত নাটক একাডেমী বঁটা (ভাৰতনাট্যম)।
- ২০১৬: পদ্মশ্ৰী
তথ্যসূত্ৰ
- ↑ The unmatched Prathibha. Afternoon Voice
- ↑ Profile - U S Krishna Rao (1912 – 2005). narthaki.com
- ↑ Kumar, Ranee. (2018-11-29). DIAF: A melange of cultures. The Hindu
- ↑ Prahlad, Pratibha. Smt. Prathibha Prahlad Personal Profile
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰতিভা প্ৰহ্লাদ” প্ৰবন্ধৰ সংশোধন ৪৯১৫১০ (১৪ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।