গুল বৰ্ধন (Gul Bardhan; ১৯২৮-২৯ নবেম্বৰ ২০১০) এগৰাকী কৰিঅ’গ্ৰাফাৰ আৰু মধ্য প্ৰদেশৰ ভূপাল ভিত্তিক নাট্যমঞ্চৰ সৈতে, লগতে ভাৰতীয় গণনাট্য সংঘৰ সৈতে জড়িত ব্যক্তিত্ব আছিল। তেওঁ ১৯৫২ চনত বম্বেত গঠন হোৱা এটা নৃত্য আৰু পুতলা কোম্পানী- লিটিল বেলে ট্ৰুপৰ সহ-প্ৰতিষ্ঠাপক আছিল। কোম্পানীটোৰ নেতৃত্বত আছিল তেওঁৰ স্বামী শান্তি বৰ্ধন। ১৯৫৪ চনত স্বামীৰ মৃত্যুৰ পিছত গুল বৰ্ধনে দলটোৰ নেতৃত্ব দিয়ে। পিছলৈ এই দলটোৰ নাম সলনি কৰি "ৰংগশ্ৰী লিটল বেলে ট্ৰুপ" ৰাখে আৰু বিভিন্ন দেশত অনুষ্ঠান পৰিৱেশন কৰে।১ তেওঁ সংগীত নাটক একাডেমী বঁটা আৰু ২০১০ চনত লাভ কৰা ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰীকে ধৰি কেইবাটাও বঁটা লাভ কৰে।২
প্ৰাৰম্ভিক আৰু কৰ্ম জীৱন
গুল বৰ্ধন আছিল মুম্বাইৰ এটা গুজৰাটী পৰিয়ালৰ সন্তান। এজন ভাতৃ আৰু দুগৰাকী ভগ্নীৰ সৈতে তেওঁ ঘৰৰ কনিষ্ঠ ছোৱালী আছিল। তেওঁৰ দেউতাক হংসৰাজ ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন কৰ্মী আছিল। মাক আছিল চেতাৰ আৰু সাৰেংগীৰ এক মধ্যৱৰ্তী বাদ্য দিলৰুবা বাদনত পাৰদৰ্শী এগৰাকী মহিলা। মাকে আটাইকেইটা সন্তানক কলাৰ ক্ষেত্ৰত আগ্ৰহী হোৱাত উৎসাহ যোগাইছিল। তেওঁ ওজা আমুবি সিংহৰ অধীনত মণিপুৰী নৃত্য আৰু গুৰু কৃষ্ণচন্দ্ৰ নায়কৰ অধীনত ময়ুৰভঞ্জ ছৌ নৃত্য শিকিছিল।। গুল বৰ্ধন ভাবী স্বামী শান্তি বৰ্ধনৰ ১৯৪৩ চনৰ বংগ দুৰ্ভিক্ষৰ আধাৰত নিৰ্মিত বেলে ভূখা হায় বংগ দেখি চমৎকৃত হৈ পৰিছিল। শান্তি বৰ্ধন মণিপুৰী নৃত্য আৰু ত্ৰিপুৰী নৃত্য টিপেৰাৰ প্ৰশিক্ষণপ্ৰাপ্ত আছিল আৰু প্ৰয়াত উদয় শংকৰৰ সৈতে তেওঁৰ আলমোৰাৰ সংস্কৃতিক কেন্দ্ৰত একেলগে নৃত্য প্ৰদৰ্শন কৰিছিল। পিছলৈ কেন্দ্ৰটো ভংগ হয় আৰু শান্তি বৰ্ধনে উদয় শংকৰৰ নৃত্যসমূহ নতুনকৈ সজায়। ১৯৪৫ চনত গুল বৰ্ধনে তেওঁৰ গোটত যোগদান কৰে আৰু পিছলৈ দুয়োৰো মাজত বিবাহ সম্পন্ন হয়।৩৪
১৯৫২ চনত শান্তি বৰ্ধনে মুম্বাইত লিটিল বেলে ট্ৰুপ নামেৰে এটা নৃত্য কোম্পানী খোলে। পুতলা ৰামায়ণ শান্তি বৰ্ধনৰ অমৰ কীৰ্তি। পুতলা নাচৰ শৈলীত ৰামায়ণৰ আখ্যানৰ আধাৰত সৃষ্টি কৰা এক বিশিষ্ট শৈলী আছিল পুতলা ৰামায়ণ। ট্ৰুপৰ সহযোগী প্ৰতিষ্ঠাপক আছিল গুল বৰ্ধন। কোম্পানীটোৱে দেশ-বিদেশত অনুষ্ঠান পৰিবেশন কৰিছিল আৰু এটা আগশাৰীৰ নৃত্য কোম্পানী হিচাপে প্ৰখ্যাতি লাভ কৰিছিল। পিছলৈ কোম্পানীটোৰ নাম শ্ৰীৰংগ লিটিল বেলে ৰখা হয়।
বঁটা আৰু সন্মান
১৯৬৪: ফৰাচী চৰকাৰৰ দ্বাৰা গুল বৰ্ধনক নাইট অৱ দ্য অৰ্ডাৰ অৱ আৰ্টছ এণ্ড লেটাৰ্ছ উপাধিৰে অলংকৃত।
গুজৰাট সংগীত নাটক একাডেমীৰ দ্বাৰা গৌৰৱ পুৰষ্কাৰ প্ৰদান।
২০০১: মধ্য প্ৰদেশ চৰকাৰৰ দ্বাৰা শিখৰ সন্মান প্ৰদান
২০০১: সৃষ্টিশীল নৃত্য শিতানত সংগীত নাটক একাডেমী বঁটা প্ৰদান।
২০১০: ভাৰত চৰকাৰৰ দ্বাৰা পদ্মশ্ৰী সন্মান প্ৰদান।
তথ্যসূত্ৰ
- ↑ Chkrvorty, Runa. (2007). An affair with dance. Harmony India
- ↑ (25 January 2010). Press note. Ministry of Home Affairs, Government of India
- ↑ Gul Bardhan, Indian Choreographer. indianetzone.com
- ↑ Gul Bardhan Biography. veethi.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গুল বৰ্ধন” প্ৰবন্ধৰ সংশোধন ৬০২১৮০ (২৩ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।