ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী
৮৯ প্ৰবন্ধ
-
আইমী বৰুৱা
আইমী বৰুৱা (Aimee Baruah) এগৰাকী অসমীয়া অভিনেত্ৰী। তেওঁ কেইবাখনো অসমীয়া চলচ্চিত্ৰৰ লগতে বহুতো ভিচিডি তথা এলবামত অভিনয় কৰিছে।
-
মিমি চক্ৰৱৰ্তী
মিমি চক্ৰৱৰ্তী ( Mimi Chakraborty; জন্ম: ১১ ফেব্ৰুৱাৰী ১৯৮৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী, গায়িকা আৰু ৰাজনীতিবিদ। বঙালী চলচ্চিত্ৰ আৰু টেলিভিছনৰ কামৰ বাবে তেওঁ পৰিচিত। তেওঁৰ প্ৰথম ছবি বাপি বাৰী যা, য'ত তেওঁ মূল নাৰী চৰিত্ৰ- ডোলাৰ ভূমিকাত অভিনয় কৰিছিল।
-
শ্ৰদ্ধা কাপুৰ
শ্ৰদ্ধা কাপুৰ (Shraddha Kapoor; জন্ম ৩ মাৰ্চ ১৯৮৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু নেপথ্য কণ্ঠশিল্পী যিয়ে বিশেষকৈ হিন্দী চলচ্চিত্ৰৰ লগত জড়িত। তেওঁ ভাৰতৰ সৰ্বাধিক জনপ্ৰিয় আৰু সৰ্বাধিক বেতন প্ৰাপ্ত অভিনেত্ৰীসকলৰ তালিকাত স্থান পাইছে আৰু ফোৰ্বচ এছীয়াত সিহঁতৰ ২০১৬ চনৰ ৩০ আণ্ডাৰ ৩০ তালিকাত স্থান পাইছিল।
-
ভাৰতীয় চলচ্চিত্ৰৰ অভিনেত্ৰীসকলৰ তালিকা
এইটো উল্লেখযোগ্য ভাৰতীয় চলচ্চিত্ৰ মহিলা অভিনেত্ৰীসকলৰ এখন তালিকা।
-
নয়নতাৰা
নয়নতাৰা বা ডায়েনা মৰিয়ম কুৰিয়ান (Nayanthara; জন্ম- ১৮ নৱেম্বৰ ১৯৮৪) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেখেতক প্ৰধানকৈ তামিল আৰু তেলেগু ভাষাৰ ছবিত দেখিবলৈ পোৱা যায়। কোচী টাইমছ-এ তেখেতক "২০১৪ বৰ্ষৰ পোন্ধৰগৰাকী আকাংক্ষিত নাৰী"ৰ তালিকাভুক্ত কৰিছিল।
-
অমৃতা গগৈ
অমৃতা গগৈ (Amrita Gogoi) হৈছে অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেত্ৰী। ২০১৫ চনত মুক্তিপ্ৰাপ্ত অহেতুক নামৰ অসমীয়া চলচ্চিত্ৰ খনৰ জৰিয়তে তেওঁ চলচ্চিত্ৰজগতত প্ৰৱেশ কৰে।
-
ৰশ্মিকা মন্দান্না
ৰশ্মিকা মন্দান্না (ರಶ್ಮಿಕಾ ಮಂದಣ್ಣ; জন্ম ৫ এপ্ৰিল ১৯৯৬) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী আৰু মডেল যিয়ে মূলতঃ তেলেগু আৰু কন্নড় চলচ্চিত্ৰত কাম কৰে। তেওঁ মিডিয়া আৰু কন্নড় ফিল্ম ইণ্ডাষ্ট্ৰিত ‘কৰ্ণাটক ক্ৰাচ’ হিচাবে জনপ্ৰিয়।
-
ছাই পল্লৱী
ছাই পল্লৱী ছেন্থামাৰাই (Sai Pallavi Senthamarai; জন্ম: ৯ মে' ১৯৯২) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু নৃত্যশিল্পী। তেখেতে তেলুগু, তামিল, আৰু মালয়ালম ভাষাৰ ছবিত অভিনয় কৰিছে। "প্ৰেমম" আৰু "ফিডা" নামৰ ছবিত আগবঢ়োৱা প্ৰদৰ্শনৰ বাবে তেখেতে বহুকেইটা বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।
-
নয়না গাংগুলী
নয়না গাংগুলী এগৰাকী ভাৰতীয় বাঙালী অভিনেত্ৰী। তেওঁ মেৰী বেটী ছানী লিয়নি বননা চাহতী হ্যায় (২০১৭) আৰু চাৰিত্ৰহীন (হইচই-ৰ ৱেবছিৰিজ) (২০১৮)ৰ বাবে পৰিচিত।
-
পায়েল সৰকাৰ
পায়েল সৰকাৰ (Payel Sarkar) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মূলতঃ বঙালী চলচ্চিত্ৰ আৰু হিন্দী টেলিভিছন ধাৰাবাহিকসমূহত অভিনয় কৰে। তেওঁ ২০২১ চনৰ ২৫ ফেব্ৰুৱাৰী তাৰিখে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছিল।
-
মাহী গিল
ৰিম্পি কৌৰ "মাহী" গিল (ਮਾਹੀ ਗਿੱਲ) (জন্ম: ১৯ ডিচেম্বৰ ১৯৭৫), হিন্দী আৰু পঞ্জাবী চলচ্চিত্ৰ উদ্যোগত কৰ্মৰত, এগৰাকী ভাৰতীয় অভিনেত্ৰী। অনুৰাগ কাশ্যপৰ দ্বাৰা পৰিচালিত,হিন্দী ছবি দেৱ. ডি ত পাৰোৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে তেওঁ অধিক পৰিচিত।
-
অনন্যা পাণ্ডে
অনন্যা পাণ্ডে ( Ananya Panday; জন্ম: ৩০ অক্টোবৰ ১৯৯৮) এগৰাকী মূলতঃ হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী। তেওঁ অভিনেতা চাংকি পাণ্ডেৰ কন্যা। ২০১৯ চনত কিশোৰ-কিশোৰীৰ ছবি ষ্টুডেণ্ট অৱ দ্য ইয়েৰ ২ আৰু কমেডী ছবি পতি পত্নী ঔৰ ৱহৰ যোগে তেওঁৰ অভিনয় জীৱনৰ অভিষেক হয়।
-
অনীত পাড্ডা
অনীত পাড্ডা (Aneet Padda; জন্ম: ১৪ অক্টোবৰ ২০০২) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ প্ৰধানকৈ হিন্দী চলচ্চিত্ৰত অভিনয় কৰে। চালাম ভেংকী (২০২২) নামৰ নাট্যধৰ্মী ছবি এখনত এটি ক্ষুদ্ৰ চৰিত্ৰত অভিনয়েৰে তেওঁ কৰ্মজীৱনৰ আৰম্ভণি কৰিছিল।
-
আয়েশা খান (ভাৰতীয় অভিনেত্ৰী)
আয়েশা খান (Ayesha Khan; জন্ম: ১৩ ছেপ্টেম্বৰ ২০০২) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ প্ৰধানকৈ তেলুগু চলচ্চিত্ৰ আৰু হিন্দী টেলিভিছনত কাম কৰে। তেওঁ বিগ বছ ছিজন ১৭-ত অভিনয় কৰাৰ বাবে সুপৰিচিত। বালবীৰ ৰিটাৰ্নছ (২০১৯) নামৰ টিভি ধাৰাবাহিকখনত অভিনয়েৰে তেওঁ টেলিভিছন জগতত আত্মপ্ৰকাশ কৰে।
-
আয়েশা শৰ্মা
আয়েশা শৰ্মা (Aisha Sharma; জন্ম: ২৫ জানুৱাৰী ১৯৯২) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। অভিনেতা আয়ুষ্মান খুৰানাৰ ইক ৱাৰী নামৰ এটি সংগীত ভিডিঅʼত তেওঁক প্ৰথমবাৰ দেখা গৈছিল।
-
আৰুষী শৰ্মা
আৰুষী শৰ্মা (Arushi Sharma; জন্ম: ১৮ নৱেম্বৰ ১৯৯৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মূলতঃ হিন্দী চলচ্চিত্ৰ আৰু ধাৰাবাহিকত অভিনয় কৰে। তেওঁ ইমতিয়াজ আলীৰ পৰিচালনাত নিৰ্মিত ছবি তামাচা (২০১৫)ত সৰু চৰিত্ৰ এটিত অভিনয় কৰি চলচ্চিত্ৰ জগতত পদাৰ্পণ কৰে।
-
কিয়াৰা আদৱানী
আলিয়া আদৱানী (জন্ম: ৩১ জুলাই ১৯৯১), পেছাগতভাৱে কিয়াৰা আদৱানী, মূলতঃ হিন্দী আৰু তেলেগু ভাষাৰ ছবিত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী। ২০১৪ চনৰ হাস্যৰসাত্মক ছবি ফুগলীত অভিনয়েৰে তেওঁ ছবিজগতত খোজ দিয়ে। তেওঁ ২০১৬ চনৰ ক্ৰীড়া বায়'পিক ছবি এম.এছ.
-
খুশী কাপুৰ
খুশী কাপুৰ (Khushi Kapoor; জন্ম: ৫ নৱেম্বৰ ২০০০) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ হিন্দী ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰে। অভিনেত্ৰী শ্ৰীদেৱী আৰু প্ৰযোজক বনী কাপুৰৰ কন্যা খুশীয়ে নেটফ্লিক্সৰ মৌলিক ছবি দ্য আৰ্চিজ (২০২৩)ত বেটী কুপাৰৰ চৰিত্ৰত অভিনয়েৰে পূৰ্ণদৈৰ্ঘ্যৰ ছবিত অভিষেক ঘটায়।
-
তন্বী ব্যাস
তন্বী ব্যাস (Tanvi Vyas) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী যিয়ে ২০১২ চনত তামিল ছবি এপ্পাদি মানসুকুল ভান্থাই-ত অভিনয়ত অভিষেক ঘটায়। ইয়াৰ পূৰ্বে তেওঁ এগৰাকী গ্ৰাফিক ডিজাইনাৰ আছিল আৰু পিছলৈ মুম্বাইত ফেমিনা মিছ ইণ্ডিয়া আৰ্থ ২০০৮-ৰ মুকুট পিন্ধিছিল।
-
নিতাংশী গ’য়েল
নিতাংশী গ’য়েল (Nitanshi Goel; জন্ম: ১২ জুন ২০০৭) এগৰাকী ভাৰতীয় কিশোৰী অভিনেত্ৰী। তেওঁ বিভিন্ন ছবি তথা ধাৰাবাহিকত অভিনয় কৰিছে। তাৰ ভিতৰত থাপকি প্যাৰ কি (২০১৭), কৰ্মফল দাতা শনি (২০১৬), এম.এছ.
-
পূজা গুপ্তা
পূজা গুপ্তা (Puja Gupta) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী।তেওঁ প্ৰধানকৈ হিন্দী ছবিত কাম কৰে। ২০০৭ চনত ফেমিনা মিছ ইণ্ডিয়াৰ খিতাপ লাভ কৰাৰ লগতে ২০০৭ চনৰ মিছ ইউনিভাৰ্ছত ভাৰতক প্ৰতিনিধিত্ব কৰি শীৰ্ষ ১০ খন চূড়ান্ত প্ৰতিযোগীৰ ভিতৰত স্থান লাভ কৰে।
-
বাণী কাপুৰ
বাণী কাপুৰ(Vaani Kapoor; জন্ম: ২৩ আগষ্ট ১৯৮৮) হিন্দী চলচ্চিত্ৰত অভিনয়ৰ বাবে পৰিচিত এগৰাকী ভাৰতীয় অভিনেত্ৰী। ৰোমাণ্টিক কমেডী ছবি ‘শুদ্ধ দেশী ৰোমাঞ্চ’ৰ জৰিয়তে বানীয়ে অভিনয় জীৱনত অভিষেক ঘটায়, যিখন ছবিয়ে সমালোচনাত্মক আৰু ব্যৱসায়িকভাৱে সফলতা লাভ কৰে আৰু ‘শ্ৰেষ্ঠ মহিলা আত্মপ্ৰকাশৰ বাবে…
-
বৰ্ষা প্ৰিয়দৰ্শিনী
বৰ্ষা প্ৰিয়দৰ্শিনী (জন্ম ৭ আগষ্ট ১৯৮৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে প্ৰধানকৈ ওড়িয়া চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ বাংলা চলচ্চিত্ৰতো কাম কৰিছে। তেওঁ তেওঁৰ সমাজসেৱামূলক প্ৰতিষ্ঠান সন্মানিতাৰ জৰিয়তে দৰিদ্ৰ শিশুসকলৰ শিক্ষাৰ লগতে মহিলাৰ ক্ষমতায়নৰ ক্ষেত্ৰত কাম কৰে।
-
মমিতা বৈজু
মমিতা বৈজু এগৰাকী ভাৰতীয় অভিনেত্ৰী। তাই মূলতঃ মালয়ালম ছবিত অভিনয় কৰে৷ ২০১৭ চনৰ ছবি সৰ্বোপৰি পলাক্কাৰণৰ জৰিয়তে চলচ্চিত্ৰ জগতত তাইৰ অভিষেক ঘটে৷ অপাৰেচন জাভা (২০২১)ত আলফনছা, খো-খো (২০২১)ত অঞ্জু, ছুপাৰ শৰণ্যা (২০২২)ত ছ'না, প্ৰাণয়া বিলাসম (২০২৩)ত গোপিকা আদি বিভিন্ন ছবিৰ বিভিন্ন চৰিত্ৰত তাই অভিনয়…
-
শোভিতা ধূলিপালা
শোভিতা ধূলিপালা (Sobhita Dhulipala; জন্ম: ৩১ মে' ১৯৯২) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে প্ৰধানকৈ হিন্দী, মালয়ালম আৰু তেলেগু ছবিত কাম কৰে। তেওঁ ফেমিনা মিছ ইণ্ডিয়া ২০১৩ প্ৰতিযোগিতাত ফেমিনা মিছ ইণ্ডিয়া আৰ্থ ২০১৩ৰ খিতাপ জয় কৰে আৰু মিছ আৰ্থ ২০১৩ত ভাৰতক প্ৰতিনিধিত্ব কৰে।
-
সায়ন্তিকা বন্দ্যোপাধ্যায়
সায়ন্তিকা বন্দ্যোপাধ্যায় (Sayantika Banerjee) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ বঙালী চলচ্চিত্ৰত অভিনয় কৰাৰ বাবে পৰিচিত। অভিনয় আৰু নৃত্যৰ দক্ষতাৰ বাবে তেওঁ সমালোচকসকলৰ দ্বাৰা প্ৰশংসিত হৈছে। ২০১২ চনত তেওঁ বঙালী চলচ্চিত্ৰ আৱাৰাত অভিনয় কৰিছিল, যিখন ব্যৱসায়িকভাৱে সফল হৈছিল।
-
সুহানী কলিতা
সুহানী কলিতা'(বেবী জীৱা নামেৰে তেলুগু চলচ্চিত্ৰত পৰিচিত) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল, যিয়ে তেলুগু, হিন্দী, মালায়ালম আৰু বাংলা চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁ ২০০০ চনত হিন্দুস্থান - দ্য মাদাৰ চলচ্চিত্ৰত অভিনয় কৰাৰ বাবে "নন্দী বঁটা" লাভ কৰিছিল।
-
অনুশ্ৰী
অনুশ্ৰী এজনী ভাৰতীয় টেলিভিছন উপস্থাপক আৰু অভিনেত্ৰী যিয়ে প্ৰধানকৈ কন্নড় চলচ্চিত্ৰত অভিনয় কৰে।
-
অৱনী মোদী
অৱনী মোদী এগৰাকী ভাৰতীয় মডেল আৰু অভিনেত্ৰী। তেওঁ বলীউডত প্ৰৱেশ কৰে মধুৰ ভাণ্ডাৰকাৰৰ নাটকীয় চলচ্চিত্ৰ কেলেণ্ডাৰ গাৰ্লছ ৰ জৰিয়তে।
-
আঁচল কুমাৰ
আঁচল কুমাৰ (Anchal Kumar) এজন ভাৰতীয় অভিনেত্ৰী, ছুপাৰ–মডেল, প্ৰভাৱশালী নাৰী আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ Gladrags Manhunt and Megamodel Contest-ত বিজয়ী হৈছিল আৰু ১৯৯৯ চনৰ মিছ ইণ্টাৰকণ্টিনেণ্টেল প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।