অমৃতা গগৈ (Amrita Gogoi) হৈছে অসমৰ চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেত্ৰী।১ ২০১৫ চনত মুক্তিপ্ৰাপ্ত অহেতুক নামৰ অসমৰ চলচ্চিত্ৰ খনৰ জৰিয়তে তেওঁ চলচ্চিত্ৰজগতত প্ৰৱেশ কৰে।
জন্ম আৰু শিক্ষা
১৯৯১ চনৰ ২২ ডিচেম্বৰত শিৱসাগৰ জিলাৰ কালিগাঁৱত অমৃতা গগৈৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম অমৃত গগৈ আৰু মাতৃৰ নাম দেৱজীতা গগৈ। তেওঁ চতুৰ্থ শ্ৰেণীলৈ জয়সাগৰ সাধাৰণ প্ৰাথমিক বিদ্য়ালয়ত অধ্য়য়ন কৰি তাৰপিছত বৰপাত্ৰ দ'ল উচ্চ বিদ্যালয়, কালুগাওঁত নাম লগায় ৷তাৰ পিছত তেওঁ শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ত কলা শাখাত অধ্যয়ন কৰে ৷ কটন বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ পাছত তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে।
ব্যক্তিগত জীৱন
তেওঁ ২০১৯ চনৰ ৩ অক্টোবৰ তাৰিখে মনদ্বীপ কাকতিৰ সৈতে বিবাহপাশত আৱদ্ধ হয় ৷ ২০২১ চনত তেওঁলোকৰ এজনী ছোৱালী সন্তান জন্ম হয় ৷
নৃত্যশিল্পীৰূপে অমৃতা গগৈ
তিনিবছৰ বয়সত তেওঁ প্ৰথমতে সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ লৈছিল ৷ ৩ বছৰ বয়সতে তেওঁ পোনপ্ৰথমবাৰৰ বাবে শিৱসাগৰৰ আমগুৰিত কৃষ্ণনৃত্য প্ৰদৰ্শন কৰিছিল ৷ তেওঁ ২০১০ চনত ৰং চেনেলে আয়োজন কৰা “মই অসম দেশৰ ছোৱালী” শীৰ্ষক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল আৰু বিজয়ীয়ো হৈছিল ৷ তেওঁ বহুকেইটা ভিডিঅ’ সংগীতত অভিনয় কৰিছিল আৰু বাবু বৰুৱাৰ “পেডেল মাৰি মাৰি” শীৰ্ষক ভিডিঅ’ গীতটোৰ যোগেদি বিশেষভাৱে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল৷
চলচ্চিত্ৰপঞ্জী
অভিনেত্ৰীৰূপে চলচ্চিত্ৰত
| চন | চিনেমা | চৰিত্ৰ | পৰিচালক | টোকা |
|---|---|---|---|---|
| ২০১৫ | অহেতুক | জয়িতা | বাণী দাস | শ্ৰেষ্ঠ নৱাগত অভিনেত্ৰী, প্ৰাগ চিনে বঁটা,২০১৫ |
| ২০১৭ | কোঁৱৰপুৰৰ কোঁৱৰ | মাইনা | ৰাজেশ ভূঞা | |
| ২০১৭ | দূৰ | পূজা | কংকণ ৰাজখোৱা | |
| ২০১৭ | চয়গাঁৱৰ চম্পা | চম্পা | চন্দ্ৰ মুদৈ | |
| ২০১৮ | নিজানৰ গান | ময়ূৰী | মুন্না আহমেদ | |
| ২০১৯ | ইপাৰ সিপাৰ | প্ৰণৱজ্যোতি ভৰাঁলী | ||
| ২০১৯ | প্ৰতিঘাত | অচিন্ত শংকৰ | ||
| ২০২০ | ৰাইন’ এক্সপ্ৰেছ | মণি সিন্হা | ||
| চন | চিৰিয়েল | চৰিত্ৰ | পৰিচালক | |
| ২০২০-২১ | সৰাপাত | দ্বীপেন নাথ | ||
| বৰ্ষ | থিয়েটাৰ | নাটক | পৰিচালক | |
| ২০১৬-২০১৭ | হেঙুল থিয়েটাৰ২ | |||
| চন | বঁটা | শ্ৰেণী | চলচ্চিত্ৰ | ফলাফল |
| ২০১৫ | প্ৰাগ চিনে বঁটা,২০১৫ | শ্ৰেষ্ঠ অভিনেত্ৰী | অহেতুক | |
| ২০১৭ | প্ৰাগ চিনে বঁটা,২০১৭ | শ্ৰেষ্ঠ অভিনেত্ৰী | দূৰ |
তথ্যসূত্ৰ
- ↑ Amrita Gogoi- Film Music and Videos. Filmiclub
- ↑ (5 June 2016). Amrita Gogoi All Set For Her Theatre Debut. Magicalassam.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অমৃতা গগৈ” প্ৰবন্ধৰ সংশোধন ৪৭০৮০৮ (৬ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।