ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী
৮৯ প্ৰবন্ধ
-
সৌম্যা টেণ্ডন
সৌম্যা টেণ্ডন (Saumya Tandon; জন্ম: ৩ নৱেম্বৰ ১৯৮৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু টেলিভিছন উপস্থাপক। তেওঁ ভাভী জী ঘৰ পৰ হায়! নামৰ হিন্দী চিটকম টেলিভিছন ধাৰাবাহিকখনত অনিতা বিভূতি নাৰায়ণ মিশ্ৰৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে পৰিচিত।
-
ৰুক্মিণী বসন্ত
ৰুক্মিণী বসন্ত (Rukmini Vasanth; জন্ম: ১০ ডিচেম্বৰ ১৯৯৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে প্ৰধানকৈ কন্নড় চলচ্চিত্ৰত কাম কৰে। বীৰবল ট্ৰাইলজী কেছ ১: ফাইণ্ডিং বজ্ৰমুনি (২০১৯) নামৰ ছবিখনত অভিনয়েৰে তেওঁ চলচ্চিত্ৰত অভিষেক ঘটায়।
-
ৰেশ্মী ঘোষ
ৰেশ্মী ঘোষ (Reshmi Ghosh) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী। কায়ামথ, মাতা কি চৌকী, বুদ্ধ আদি টেলিভিছন শ্ব’ত অভিনয়ৰ বাবে তেওঁ পৰিচিত। পৌৰাণিক ধাৰাবাহিক শংকত মোচন মহাবলী হনুমানতো কৈকেয়ীৰ চৰিত্ৰত অভিনয় কৰিছে।
-
অদিতি আৰ্য (অভিনেত্ৰী আৰু গায়িকা)
অদিতি আৰ্য (জন্ম: ১৩ অক্টোবৰ, ১৯৯৬) এগৰাকী তেখেতে ফেমিনা মিছ ইণ্ডিয়াৰ বিউটি পেজেণ্টৰ খিতাপ দখল কৰিছিল আৰু পাঞ্জাবী ছবি আপে পেইন ছিয়াপেৰ জৰিয়তে অভিনয়ত অভিষেক ঘটায়, পিছলৈ তেওঁ মুণ্ডা ৰকষ্টাৰ আৰু খাও পিয়ো আইছ কাৰোৰ দৰে ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰে।
-
অনাইতা নায়াৰ
অনাইতা নায়াৰ (জন্ম ১৯ জুলাই ১৯৮৪) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু নাট্যমঞ্চ অভিনেত্ৰী তথা গায়িকা। তেওঁ বিশেষকৈ ক্ৰীড়া বিষয়ক চলচ্চিত্ৰ চক দে ইণ্ডিয়া (২০০৭)ত ভাৰতীয় মহিলা ৰাষ্ট্ৰীয় হকী দলৰ সদস্য আলিয়া ব’ছৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে জনাজাত।
-
অনিতা হাস্যনন্দিনী
নাতাশা হাস্যনন্দিনী (জন্ম: ১৪ এপ্ৰিল ১৯৮১), যিয়ে পেছাগতভাৱে অনিতা হাস্যনন্দিনী নামেৰে পৰিচিত, এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ প্ৰধানকৈ হিন্দী আৰু তেলুগু চলচ্চিত্ৰৰ লগতে হিন্দী টেলিভিছন জগতত কাম কৰে।
-
অমিকা শ্বাইল
অমিকা শ্বাইল (Amika Shail; জন্ম: ১২ নৱেম্বৰ) এগৰাকী ভাৰতীয় গায়িকা আৰু অভিনেত্ৰী। তেওঁ হিন্দী চলচ্চিত্ৰ, ৱেব চিৰিজ, ৱেব ফিল্ম আৰু টেলিভিছনত কৰা কামৰ বাবে পৰিচিত। তেওঁ বালবীৰ ৰিটাৰ্নছত 'বায়ু পৰী'ৰ চৰিত্ৰটো ৰূপায়ণ কৰিছিল।
-
অৱৰ্ণতি
অৱৰ্ণতী এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ তামিল ছবিত অভিনয় কৰে। ২০২১ চনত তেন ছবিৰ জৰিয়তে তেওঁ চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰে আৰু জেইল (২০২১) আৰু ইৰুক্কাপ্পাত্ৰু (২০২৩) ছবিত অভিনয় কৰি জনপ্ৰিয়তা লাভ কৰে।
-
কাৰ্পাগা
কাৰ্পাগা এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে তামিল চলচ্চিত্ৰ পাল-ৰ জৰিয়তে অভিনয় জীৱনৰ আৰম্ভণি কৰে। তেওঁ ভাৰতত মূলধাৰাৰ চলচ্চিত্ৰত মুখ্য ভূমিকাত অভিনয় কৰা প্ৰথমগৰাকী ট্ৰান্সজেণ্ডাৰ ব্যক্তি।
-
কীৰ্তি পাণ্ডিয়ান
কীৰ্তি পাণ্ডিয়ান (ইংৰাজী: Keerthi Pandian; জন্ম: ১৮ ফেব্ৰুৱাৰী ১৯৯২) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ তামিল চলচ্চিত্ৰত কাম কৰে। এগৰাকী নৃত্যশিল্পী আৰু থিয়েটাৰ অভিনেত্ৰী হিচাপে চুটি কেৰিয়াৰৰ পিছত ২০১৯ চনত থুম্বাৰ জৰিয়তে তেওঁ চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে।
-
কেথেৰিন ত্ৰেছা
কেথেৰিন ত্ৰেছা আলেকজেণ্ডাৰ (Catherine Tresa; জন্ম: ১০ ছেপ্টেম্বৰ ১৯৮৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। তেওঁ তেলুগু, তামিল, কন্নড় আৰু মালয়ালম চলচ্চিত্ৰত নিজৰ কৰ্মজীৱন প্ৰতিষ্ঠা কৰিছে। ২০১০ চনত শংকৰ আই.পি.এছ. নামৰ ছবিখনৰ জৰিয়তে তেওঁ চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰিছিল।
-
কৰিশ্মা তন্না
কৰিশ্মা কে. তন্না (ইংৰাজী: Karishma K. Tanna; জন্ম: ২১ ডিচেম্বৰ ১৯৮৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে প্ৰধানকৈ হিন্দী চলচ্চিত্ৰ আৰু টেলিভিছন শ্ব’ত কাম কৰে। ২০০১ চনত ‘কিউকি ছাছ ভী কভী বহু থী’ ধাৰাবাহিকৰ জৰিয়তে তেওঁ টেলিভিছনত আত্মপ্ৰকাশ কৰে।
-
গৌতমী
গৌতমী তাদিমাল্লা (জন্ম ২ জুলাই ১৯৬৮) এগৰাকী ভাৰতীয় অভিনেত্ৰী, সমাজসেৱিকা, ৰাজনীতিবিদ আৰু সৰ্বভাৰতীয় আন্না দ্ৰাবিড় মুন্নেত্ৰা কাঝগমৰ উপ-প্ৰচাৰ সচিব। তেওঁ মুখ্যতঃ তামিল আৰু তেলুগু চলচ্চিত্ৰ উদ্যোগত কাম কৰিছে; লগতে মালয়ালম, হিন্দী আৰু কন্নড় ভাষাৰ চলচ্চিত্ৰতো অভিনয় কৰিছে।
-
চিৰশ্ৰী অঞ্চন
চিৰশ্ৰী অঞ্চন হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে তুলু, কন্নড়, তেলুগু আৰু তামিল চলচ্চিত্ৰত অভিনয় কৰে।
-
দিতিপ্ৰিয়া ৰায়
দিতিপ্ৰিয়া ৰায় (জন্ম: ১০ আগষ্ট ২০০২) এগৰাকী ভাৰতীয় টেলিভিছন, চলচ্চিত্ৰ আৰু থিয়েটাৰ অভিনেত্ৰী, যিয়ে বঙালী ভাষাৰ চলচ্চিত্ৰ আৰু ধাৰাবাহিকত কাম কৰে। তেওঁ টেলিভিছন ধাৰাবাহিক কৰুণাময়ী ৰাণী ৰাসমণিত ৰাণী ৰাসমণিৰ মুখ্য চৰিত্ৰত কৰা অভিনয়ৰ বাবে সৰ্বাধিক পৰিচিত।
-
নিভেথা পেথুৰাজ
নিভেথা পেথুৰাজ (ইংৰাজী:Nivetha Pethuraj; জন্ম: ৩০ নৱেম্বৰ) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে তামিল আৰু তেলুগু চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ ২০১৬ চনত তামিল চলচ্চিত্ৰ অৰু নাল কুথুৰ জৰিয়তে অভিনয় জগতত আত্মপ্ৰকাশ কৰিছিল। ইয়াৰ পিছত তেওঁ ২০১৭ চনত মেণ্টেল মাধিলো ছবিৰ জৰিয়তে তেলেগু চলচ্চিত্ৰত পদাৰ্পণ কৰে।
-
মাদালছা শৰ্মা
মাদালছা চক্ৰৱৰ্তী (Madalsa Chakraborty; পূৰ্বৰ নাম: মিঠি শৰ্মা; জন্ম: ২৬ ছেপ্টেম্বৰ ১৯৯১) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেত্ৰী, যিয়ে ষ্টাৰ প্লাছৰ ধাৰাবাহিক অনুপমাত কাব্য শ্বাহৰ চৰিত্ৰ ৰূপায়ণ কৰাৰ বাবে বিশেষভাৱে পৰিচিত।
-
মাহিকা শৰ্মা
মাহিকা শৰ্মা এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। তেওঁ সৌন্দৰ্য প্ৰতিযোগিতাত জয়লাভ কৰি মিছ টিন নৰ্থ-ইষ্ট হিচাপে বাছনি হৈছিল। তেওঁ ভাৰতীয় টেলিভিছন ধাৰাবাহিকতো অভিনয় কৰিছিল। তেওঁ এফ.আই.আৰ. ধাৰাবাহিক আৰু বলিউডৰ চলচ্চিত্ৰ Mr Joe B. Carvalho-ত অভিনয় কৰিছিল।
-
মিয়া জৰ্জ
গিমি জৰ্জ (ইংৰাজী: Gimi George; জন্ম: ২৮ জানুৱাৰী ১৯৯২), তেওঁৰ মঞ্চ নাম মিয়া জৰ্জ নামেৰে অধিক পৰিচিত। তেওঁ এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে মূলতঃ মালয়ালম চলচ্চিত্ৰৰ লগতে কেইখনমান তামিল ছবিত কাম কৰে।
-
লীলা চিতনিছ
লীলা চিতনিছ (জন্মগত উপাধি'নাগৰকাৰ; ৯ ছেপ্টেম্বৰ ১৯০৯ – ১৪ জুলাই ২০০৩) আছিল এগৰাকী প্ৰখ্যাত ভাৰতীয় অভিনেত্ৰী। তেওঁ ভাৰতীয় চলচ্চিত্ৰ উদ্যোগত ১৯৩০ দশকৰ পৰা ১৯৮০ দশকলৈ সক্ৰিয় আছিল।
-
শ্ৰীথা শিৱদাস
শ্ৰীথা শিৱদাস (ইংৰাজী: Shritha Sivadas) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু দূৰদৰ্শনৰ আঁতধৰোঁতা। তেওঁ মূলতঃ মালয়ালম আৰু তামিল ভাষাৰ ছবিত অভিনয় কৰে। সুগীতৰ পৰিচালনাত মুক্তিপ্ৰাপ্ত ২০১২ চনৰ চলচ্চিত্ৰ অৰ্ডিনাৰী যোগে তেওঁ অভিনয় জগতত আত্মপ্ৰকাশ কৰে।
-
সপ্তমী গৌড়া
সপ্তমী গৌড়া (Sapthami Gowda; জন্ম: ৮ জুন ১৯৯৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মূলতঃ কন্নড় চলচ্চিত্ৰত কাম কৰে। ২০২০ চনত তেওঁ দুনিয়া সূৰীৰ পৰিচালনাত নিৰ্মিত পপকৰ্ণ মাংকি টাইগাৰ ছবিত অভিনয়েৰে চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰিছিল।
-
সমীক্ষা
সমীক্ষা সিং (ইংৰাজী: Samiksha Singh; জন্ম: ৮ অক্টোবৰ ১৯৮৫), যিয়ে কেৱল সমীক্ষা নামেৰেও পৰিচিত, এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেত্ৰী। তেওঁ তামিল, তেলুগু, পঞ্জাবী, হিন্দী আৰু কন্নড় আদিকে ধৰি বিভিন্ন ভাষাৰ ধাৰাবাহিক আৰু চলচ্চিত্ৰত বৈচিত্ৰ্যময় চৰিত্ৰত অভিনয় কৰিছে।
-
সাহেৰ বাম্বা
সাহেৰ বাম্বা (জন্ম ১৯৯৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলত হিন্দী চলচ্চিত্ৰ আৰু শৃংখলাত কাম কৰে। তেওঁ অভিনয় জীৱনৰ আৰম্ভণি কৰে ৰোমাণ্টিক নাট্য চলচ্চিত্ৰ পল পল দিল কে পাশ (২০১৯) ৰ জৰিয়তে।
-
সুনন্দা শৰ্মা
সুনন্দা শৰ্মা (Sunanda Sharma; জন্ম: ৩০ জানুৱাৰী ১৯৯২) শৰ্মাই সজ্জন সিং ৰংৰুট নামৰ ছবিখনত সহ-অভিনেতা দিলজিৎ দোচাঞ্ঝ আৰু যোগৰাজ সিঙৰ বিপৰীতে অভিনয়েৰে তেওঁৰ অভিনয় জীৱনৰ আৰম্ভণি কৰিছিল। সুনন্দাই "তেৰে নাল নাচনা" শীৰ্ষক গীতটিত কণ্ঠদানেৰে বলীউডত পদাৰ্পণ কৰিছিল।
-
সুনয়না (অভিনেত্ৰী)
সুনয়না য়েল্লা (Sunaina Yella; জন্ম: ১৭ এপ্ৰিল ১৯৮৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। তেওঁ পেছাগতভাৱে সুনয়না নামেৰে পৰিচিত। তেওঁ প্ৰধানকৈ তামিল আৰু তেলুগু ছবিত কাম কৰে। কুমাৰ বনাম কুমাৰী (২০০৫) ছবিৰে তেলেগু ভাষাত আৰু কাধলিল ভিজুণ্টেন (২০০৮) ছবিত অভিনয়েৰে তামিল ছবিজগতত অভিষেক ঘটায়।
-
স্নেহা (অভিনেত্ৰী)
সুহাসিনী ৰাজাৰাম নাইডু (Suhasini Rajaram Naidu; জন্ম: ১২ অক্টোবৰ ১৯৮১), এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ পেছাগতভাৱে স্নেহা নামেৰে পৰিচিত। তেওঁ প্ৰধানকৈ তামিল, তেলুগু আৰু মালয়ালম চলচ্চিত্ৰত কাম কৰে, মুখ্য আৰু সহযোগী চৰিত্ৰ দুয়োটাতে।
-
ৰাজনন্দিনী পাল
ৰাজনন্দিনী পাল (ইংৰাজী: Rajnandini Paul; জন্ম: ৬ জুলাই ১৯৯৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ বাংলা চলচ্চিত্ৰ আৰু ষ্ট্ৰীমিং প্ৰডাকচনত কাম কৰে। তেওঁ উৰণচণ্ডী (২০১৮)ৰ জৰিয়তে পৰ্দাত আত্মপ্ৰকাশ কৰিছিল আৰু তাৰ পিছৰেপৰা তেওঁ এক যে ছিল ৰাজা (২০১৮), অসুৰ (২০২০), অহ! লাভলী (২০২৩) আৰু ছাদ - দ্য টেৰেচ…
-
ৰেজিনা কেছান্দ্ৰা
ৰেজিনা কেছান্দ্ৰা (জন্ম: ১৩ ডিচেম্বৰ ১৯৯০; পূৰ্বতে ৰেজিনা কেছান্দ্ৰা (ইংৰাজী: Regina Cassandra) নামেৰে পৰিচিত) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে প্ৰধানকৈ তেলুগু, তামিল আৰু হিন্দী চলচ্চিত্ৰত কাম কৰে।