অনন্যা পাণ্ডে ( Ananya Panday; জন্ম: ৩০ অক্টোবৰ ১৯৯৮) এগৰাকী মূলতঃ হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী। তেওঁ অভিনেতা চাংকি পাণ্ডেৰ কন্যা। ২০১৯ চনত কিশোৰ-কিশোৰীৰ ছবি ষ্টুডেণ্ট অৱ দ্য ইয়েৰ ২ আৰু কমেডী ছবি পতি পত্নী ঔৰ ৱহৰ যোগে তেওঁৰ অভিনয় জীৱনৰ অভিষেক হয়। এই দুয়োখন ছবিৰ অভিনয়ৰ বাবে তেওঁ শ্ৰেষ্ঠ নবাগতাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে।১ ইয়াৰ পিছত তেওঁ কেইবাখনো দৰ্শকৰ বিশেষ সমাদৰ নোপোৱা ছবিত অভিনয় কৰাৰ পিছত ২০২২ চনত তেওঁ অভিনয় কৰা গেহৰাইয়া মুক্তি পায়, যিখনে দৰ্শকৰ ভাল সমাদৰ লাভ কৰিবলৈ সক্ষম হয়।২
প্ৰাৰম্ভিক জীৱন
১৯৯৮ চনৰ ৩০ অক্টোবৰত৩ মহাৰাষ্ট্ৰৰ মুম্বাইত অভিনেতা চাংকি পাণ্ডে আৰু বেশভূষা ডিজাইনাৰ ভাৱনা পাণ্ডেৰ ঘৰত অনন্যাই জন্মগ্ৰহণ কৰে। তেওঁৰ এজনী ভনীয়েক আছে, নাম ৰাইছা।৪ অনন্যাৰ ককাদেউতাক শাৰদ পাণ্ডে এজন হৃদৰোগ বিশেষজ্ঞ আছিল। খুৰাক চিকি পাণ্ডে এগৰাকী ব্যৱসায়ী আৰু খুৰীয়েক ডীন পাণ্ডে এগৰাকী ৱেলনেচ কোচ্চ।৫ ২০১৭ চনলৈকে তেওঁ ধীৰুভাই আম্বানী আন্তঃৰাষ্ট্ৰীয় বিদ্যালয়ত অধ্যয়ন কৰে।৬ ২০১৭ চনত পেৰিছত অনুষ্ঠিত হোৱা ভেনিটি ফেয়াৰৰ ‘লে বাল ডেছ ডেবুটেণ্টেছ ইভেণ্ট’ত অংশগ্ৰহণ কৰিছিল।৭
কৰ্মজীৱন
২০১৯ চনত ধৰ্ম প্ৰডাকচনৰ দ্বাৰা প্ৰযোজিত টাইগাৰ শ্ৰফ আৰু তাৰা ছুটাৰিয়াই অভিনয় কৰা কিশোৰ-কিশোৰীৰ ছবি ষ্টুডেণ্ট অৱ দ্য ইয়েৰ ২ৰ জৰিয়তে পাণ্ডেই অভিনয়ত আত্মপ্ৰকাশ কৰে।৮ Scroll.inত নন্দিনী ৰামনাথে লিখিছিল যে তেওঁ অনুভৱ কৰে যে অনন্যাই এখন বিশেষ উল্লেখযোগ্যতা নথকা ছবিত সম্ভাৱনা দেখুৱাইছে।৯ বক্স অফিচত ছবিখনে ভাল প্ৰদৰ্শন কৰা নাছিল।১০ ইয়াৰ পিছত তেওঁ ১৯৭৮ চনত নিৰ্মিত একে নামৰ ছবিখনৰ পুনৰ্নিৰ্মাণ পতি পত্নী ঔৰ ৱহত (২০১৯) কাৰ্তিক আৰ্য আৰু ভূমি পেডনেকাৰৰ সৈতে অভিনয় কৰে। তেওঁ এগৰাকী বিবাহিত পুৰুষৰ সৈতে প্ৰেমৰ সম্পৰ্কত লিপ্ত হোৱা এগৰাকী চেক্ৰেটেৰীৰ চৰিত্ৰত অভিনয় কৰে, যিটো চৰিত্ৰ মূল ছবিখন ৰঞ্জিতা কৌৰে কৰিছিল। ইণ্ডিয়া টুডেই উল্লেখ কৰিছে যে অনন্যা “মচলাবিহীন অনাকৰ্ষণীয় আৰু বিৰক্তিকৰ”।১১ বিশ্বজুৰি ১.১৫ বিলিয়ন টকা (১৪ মিলিয়ন মাৰ্কিন ডলাৰ) উপাৰ্জন কৰি ব্যৱসায়িক সফল ছবি হিচাপে পৰিগণিত হয়।১২ অনন্যাই ষ্টুডেণ্ট অৱ দ্য ইয়েৰ ২ আৰু কমেডী ছবি পতি পত্নী ঔৰ ৱহ দুযোখন ছবিতে অভিনয় কৰি শ্ৰেষ্ঠ নৱাগতাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে।১৩
২০২০ চনত তেওঁ ঈশান খট্টৰ অভিনীত একচন ছবি খালি-পিলিত অভিনয় কৰে। ১৪ ছবিখন ডিজিটেলী জি প্লেক্সত মুক্তি দিয়া হৈছিল। ইয়াৰ পিছত তেওঁ ২০২২ চনত আমাজন প্ৰাইম ভিডিঅ'ত মুক্তি পোৱা ৰোমান্টিক ড্ৰামা গেহৰাইয়াত দীপিকা পাডুকন আৰু সিদ্ধান্ত চতুৰ্বেদীৰ সৈতে অভিনয় কৰে। হিন্দী আৰু তেলেগু দুটা ভাষাত প্ৰযোজনা কৰা পুৰি জগন্নাধৰ একচন ছবি লিগাৰ তেওঁৰ শেহতীয়া ছবি, য’ত তেওঁ বিজয় দেৱেৰাকোণ্ডাৰ সৈতে অভিনয় কৰিছে। ১৫ ছবিখন সমালোচনাত্মক আৰু ব্যৱসায়িকভাৱে দুয়োটা ক্ষেত্ৰতে বিফল হৈছিল। অনন্যাৰ দুৰ্বল অভিনয় ট্ৰ’লৰ সন্মুখীন হৈছিল। ১৬
ইয়াৰ পিছত তেওঁ চতুৰ্বেদী আৰু আদৰ্শ গৌৰৱৰ সৈতে খো গয়ে হম কাহাঁ ছবিত আৰু আয়ুষ্মান খুৰানাৰ সৈতে ছিকুৱেল ড্ৰিম গাৰ্ল ২ত অভিনয় কৰিব।১৭ ইয়াৰ উপৰিও তেওঁ বিক্ৰমাদিত্য মটৱানেৰ এতিয়াও শিৰোনামহীন ছবি আৰু কল মি বে নামৰ এমাজন প্ৰাইম ভিডিঅ' ছিৰিজত অভিনয় কৰিব।১৮
তথ্যসূত্ৰ
- ↑ (6 November 2021). Presenting the winners of the 65th Amazon Filmfare Awards 2020. Filmfare
- ↑ (12 December 2022). Ananya Panday Gives a Speech of Gratitude as She Wins the ITA Award for Gehraiyaan, Watch Video. News 18
- ↑ Maru, Vibha. (30 October 2020). Deepika Padukone wishes Baby Girl Ananya Panday a happy birthday. See post. ইণ্ডিয়া টুডে
- ↑ (July 17, 2021). Ananya Panday Twinning With Mom Bhavana And Sister Rysa Is The Cutest Of All Throwbacks. NDTV
- ↑ Junction was named after him. The Times of India
- ↑ (11 April 2018). Who is Ananya Panday?'. The Indian Express
- ↑ Must-see! Chunky Panday's gorgeous daughter at Le Bal. Rediff
- ↑ Pictures that prove Chunky Panday's daughter Ananya Panday is Bollywood ready. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Ramnath, Nandini. (10 May 2019). 'Student of the Year 2' movie review: All games and no fun. Scroll.in
- ↑ (24 May 2019). Student Of The Year 2 Drops In Week Two. Box Office India
- ↑ Pati Patni Aur Woh Movie Review: Kartik Aaryan and Bhumi Pednekar's film is a patchwork for damage done by the original. India Today
- ↑ Bollywood Top Grossers Worldwide: 2019. Bollywood Hungama
- ↑ (6 November 2021). Presenting the winners of the 65th Amazon Filmfare Awards 2020. Filmfare
- ↑ (2 October 2020). Khaali Peeli movie review: Ishaan Khatter, Ananya Panday take you back to Bollywood's mindless masala years. Hindustan Times
- ↑ Raghuvanshi, Aakansha. (20 February 2020). Ananya Panday Is "Happy And Excited" To Join Vijay Deverakonda In His Bollywood Debut. NDTV
- ↑ Ananya Panday Gets Brutally Trolled For Her Poor Performance In Vijay Deverakonda Starrer 'Liger'. Mashable
- ↑ Release date of Ayushmann Khurrana and Ananya Panday's 'Dream Girl 2' changed. ANI Nees
- ↑ (23 March 2023). Call Me Bae: Ananya Panday to play fashion expert in new show, roasts Varun Dhawan for his boxers in teaser. Hindustan Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনন্যা পাণ্ডে” প্ৰবন্ধৰ সংশোধন ৫২৬১৯৩ (২২ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।