অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মাহী গিল

ৰিম্পি কৌৰ "মাহী" গিল (ਮਾਹੀ ਗਿੱਲ) (জন্ম: ১৯ ডিচেম্বৰ ১৯৭৫), হিন্দী আৰু পঞ্জাবী চলচ্চিত্ৰ উদ্যোগত কৰ্মৰত, এগৰাকী ভাৰতীয় অভিনেত্ৰী। অনুৰাগ কাশ্যপৰ দ্বাৰা পৰিচালিত,হিন্দী ছবি দেৱ. ডি ত পাৰোৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে তেওঁ অধিক পৰিচিত।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৬ ৩৯৪ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

ৰিম্পি কৌৰ "মাহী" গিল (ਮਾਹੀ ਗਿੱਲ) (জন্ম: ১৯ ডিচেম্বৰ ১৯৭৫), হিন্দী আৰু পঞ্জাবী চলচ্চিত্ৰ উদ্যোগত কৰ্মৰত, এগৰাকী ভাৰতীয় অভিনেত্ৰী।১ অনুৰাগ কাশ্যপৰ দ্বাৰা পৰিচালিত,হিন্দী ছবি দেৱ. ডি ত পাৰোৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে তেওঁ অধিক পৰিচিত। ছবিখন শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ দ্বাৰা ৰচিত, বঙালী উপন্যাস দেৱদাসৰ এক আধুনিক ৰূপ। ছবিখনৰ বাবে তেওঁ ২০১০ চনত, শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ সমালোচক বঁটাও লাভ কৰে। দেৱ. ডি-ত অভিনয়েৰে বলীউড (হিন্দী চলচ্চিত্ৰ)ত অভিষেক ঘটোৱাৰ পূৰ্বে তেওঁ পঞ্জাবী ছবিত নিজৰ কৰ্মজীৱনৰ আৰম্ভণি কৰিছিল।২৩

তেওঁ হিন্দী ভাষাৰ ছবি চাহেব, বিৱি ঔৰ গেংষ্টাৰ আৰু ইয়াৰ ছিকুৱেল চাহেব বিৱি ঔৰ গেংষ্টাৰ ৰিটাৰ্ণছত যৌন হতাশগ্ৰস্ত পত্নী মাধৱী দেৱীৰ চৰিত্ৰত অভিনয় কৰি খ্যাতি লাভ কৰে।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৭৫ চনৰ ১৯ ডিচেম্বৰ তাৰিখে, চণ্ডীগড়ত এটি পঞ্জাবী জাট শিখ পৰিয়ালত মাহী গিলে জন্মগ্ৰহণ কৰিছিল।১ ১৯৯৮ চনত, তেওঁ চণ্ডীগড়স্থিত পাঞ্জাব বিশ্ববিদ্যালয়ৰ পৰা থিয়েটাৰ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।৪

কৰ্মজীৱন

হাৱায়েঁ নামৰ পঞ্জাবী ভিত্তিক বলীউড ছবি এখনত অভিনয়েৰে তেওঁ অভিনয় জগতত খোজ দিছিল। তেওঁ থিয়েটাৰত অভিনয় লগতে দুখনমান পঞ্জাবী ছবিতো অভিনয় কৰিছে। চলচ্চিত্ৰ পৰিচালক অনুৰাগ কাশ্যপে প্ৰথমে তেওঁক পাৰ্টি এখনত দেখিছিল আৰু নিমিষতে তেওঁক দেৱ. ডি ছবিত পাৰোৰ চৰিত্ৰত অভিনয় কৰিবলৈ চূড়ান্ত কৰিছিল।৫৬ তেওঁ নিৰজ গ্ৰʼভাৰ হত্যাকাণ্ডৰ আধাৰত নিৰ্মিত পৰিচালক ৰাম গোপাল ভাৰ্মাৰ চলচ্চিত্ৰ নট এ লাভ ষ্ট'ৰীতো অভিনয় কৰিছিল। ২০১১ চনৰ ৩০ ছেপ্টেম্বৰত মুক্তিপ্ৰাপ্ত চাহেব, বিৱি ঔৰ গেংষ্টাৰ নামৰ ছবিখনত, তেওঁ অভিনেতা জিমি শ্বেৰগিল আৰু ৰণদীপ হুডাৰ বিপৰীতে অভিনয় কৰিছিল। এই ছবিখনৰ বাবে তেওঁ ফিল্মফেয়াৰ এৱাৰ্ডছত শ্ৰেষ্ঠ অভিনেত্ৰীৰ শিতানত মনোনয়ন লাভ কৰিছিল।৭

গিলে পান সিং তোমৰ নামৰ ছবিখনত অভিনেতা ইৰফান খানৰ বিপৰীতে অভিনয় কৰিছিল ৷ ছবিখন এগৰাকী ক্ৰীড়াবিদৰ জীৱনৰ সঁচা ঘটনাৰ আধাৰত নিৰ্মিত হৈছে; যিয়ে পিছলৈ এজন ডকাইত হৈ যায়৷ ইয়াত তেওঁ শিৰোনাম চৰিত্ৰৰ পত্নীৰ চৰিত্ৰত অভিনয় কৰিছিল। হিন্দী সংস্কৰণ জাঞ্জীৰৰ সৈতে একেলগে শ্বুটিং কৰা অপূৰ্ব লখিয়াৰ ছবি তুফানত অভিনয়েৰে গিলে অভিষেক ঘটায়। তিগমাংশু ঢুলিয়াৰ বুলেট ৰাজা নামৰ ছবিত তেওঁ প্ৰথমটো আইটেম নম্বৰ কৰিছিল৷৮

মাহী গিলৰ আগন্তুক ৱেব ধাৰাবাহিক, '১৯৬২ দ্য ৱাৰ ইন দ্য হিলছ'। মহেশ মঞ্জৰেকাৰৰ পৰিচালনাত এই ধাৰাবাহিকখন নিৰ্মাণ হৈ আছে। এই ধাৰাবাহিকখনত অভিনেতা অভয় দেউল, সুমিত ব্যাস, আকাশ থোছাৰে অভিনয় কৰিছে৷৯

ব্যক্তিগত জীৱন

তেওঁ বৰ্তমান তেওঁৰ প্ৰেমিকৰ সৈতে গোৱাত থাকে আৰু তেওঁৰ এগৰাকী কন্যা সন্তান আছে; তাইৰ নাম ভেৰ’নিকা।১০ ২০২৩ চনত, তেওঁ তেওঁৰ সংগী ৰবি কেশৰৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাটো নিশ্চিত কৰিছিল।১১

চলচ্চিত্ৰপুঞ্জী

চলচ্চিত্ৰ

+চাবি†এতিয়াও মুক্তি নোপোৱা ছবিক বুজায়
বৰ্ষশিৰোনামচৰিত্ৰভাষাটোকাতথ্যসূত্ৰ
২০০৩হাৱায়েঁলালীহিন্দী১২
২০০৪খুশী মিল গয়ীপঞ্জাবী১৩
২০০৬চিৰ্ফ পাঁচ দিন১৩
২০০৭খোয়া খোয়া চান্দপ্ৰেম কুমাৰৰ ঘৰত ষ্টাৰলেটহিন্দী১৪
মিট্টি ৱাজান মাৰ্দিৰাণীপঞ্জাবী১৫
২০০৮চক দে ফট্টেচিমৰণ১৬
২০০৯দেৱ.ডিপৰমিন্দৰ 'পাৰো'হিন্দীশ্ৰেষ্ঠ অভিনেত্ৰীৰ শিতানত ফিল্মফেয়াৰ সমালোচক বঁটা১৭১৮
গুলালমাধুৰী১৯
পাল পাল দিল কে ছাতডলীৰিম্পি গিল হিচাপে কৃতিত্বপ্ৰাপ্ত২০
আগে ছে ৰাইটছোনিয়া ভাট২১
২০১০দাবাংনিৰ্মলা২২
মিৰ্চএটা আইটেম নম্বৰত বিশেষ উপস্থিতি২৩
২০১১উট পটাংসঞ্জনা মহাদিক২৪
নট এ লাভ ষ্টʼৰীঅনুষা চাওলা২৫
চাহেব, বিৱি ঔৰ গেংষ্টাৰমাধৱী দেৱীশ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটাৰ বাবে মনোনীত২৬
মাইকেলঋত্বিকা২৭
২০১২পান সিং তোমৰইন্দিৰা২৮
কেৰী অন জাট্টামাহী কৌৰপঞ্জাবী২৯
দাবাং ২নিৰ্মলা পাণ্ডেহিন্দী৩০
২০১৩চাহেব, বিৱি ঔৰ গেংষ্টাৰ ৰিটাৰ্ণছমাধৱী দেৱী৩১
জঞ্জীৰমʼনা৩২৩৩
বুলেট ৰাজা"ডʼণ্ট টাচ মাই বডী" গীতত বিশেষ উপস্থিতি৩৪৩৫
গেং অৱ গোষ্টছমনোৰঞ্জনা কুমাৰী৩৬
২০১৪বুড্ঢা ইন এট্ৰেফিক জামচাৰু সিদ্ধু৩৭
ইংৰাজী
২০১৫শৰীকজচ্ছিপঞ্জাবী
হেই ব্ৰʼ"বুলবুল" গীতত বিশেষ উপস্থিতিহিন্দী
২০১৬আতিশবাজী ইছকবীৰা'নপঞ্জাবীলগতে প্ৰযোজক
২০১৭ৱেডিং এনিভাৰ্চাৰীকাহানীহিন্দী
২০১৮ফেমাচটিচাৰ ৰʼজী
চাহেব, বিৱি আৰু গেংষ্টাৰ ৩মাধৱী দেৱী
২০১৯ফেমিলী অফ ঠাকুৰগঞ্জশৰ্বতী
পোছাম পাপ্ৰজাক্তা দেশপাণ্ডে
২০২০দুৰ্গামতীসাতাক্ষী গাংগুলী
দূৰদৰ্শনপ্ৰিয়া ভাটেজা ওৰফে বিল্লʼ
২০২১জোৰা: দ্য চেকেণ্ড চেপ্টাৰৰাজবীৰ ৰান্ধাৱাপঞ্জাবী
২০২৪নামমাহীহিন্দী

ৱেব ধাৰাবাহিক

বৰ্ষশিৰোনামচৰিত্ৰভাষাপ্লেটফৰ্ম
২০১৮অপহৰণ - সবকা কটেগামধু ত্যাগী/মালিনীহিন্দীঅল্টবালাজী
২০১৯ফিক্সাৰকেশৰ মালিকঅল্টবালাজী আৰু জি৫
২০২১১৯৬২ চন: দ্য ৱাৰ ইন দ্য হিলছশগুন সিংডিজনী+ হটষ্টাৰ
২০২১ইয়ʼৰ অʼনাৰযশপ্ৰীৰ্টহিন্দীচনীলিভ
পঞ্জাবী

বঁটা আৰু মনোনয়ন

ফিল্মফেয়াৰ বঁটা

  • ২০১০: শ্ৰেষ্ঠ অভিনেত্ৰী (সমালোচক); দেৱ.ডি৩৮
  • ২০১২: শ্ৰেষ্ঠ অভিনেত্ৰী; চাহেব, বিৱি ঔৰ গেংষ্টাৰ (মনোনীত)৩৯

স্ক্ৰীণ বঁটা

  • ২০১০: মʼষ্ট প্ৰমিছিং নিউকামাৰ – ফিমেল; দেৱ.ডি ৪০

আইফা বঁটা

  • ২০১০: আইফা ষ্টাৰ নৱাগতৰ বঁটা; দেৱ.ডি৪১৪২
  • ২০১০: শ্ৰেষ্ঠ অভিনেত্ৰী; দেৱ ডি (মনোনীত)৪৩
  • ২০১২: শ্ৰেষ্ঠ অভিনেত্ৰী; চাহেব বিৱি ঔৰ গেংষ্টাৰ (মনোনীত)৪৪

বিগ ষ্টাৰ এণ্টাৰটেইনমেণ্ট বঁটা

  • ২০১৩: ৰোমাঞ্চকৰ ছবিৰ সৰ্বাধিক মনোৰঞ্জনদায়ক অভিনয় শিল্পী – মহিলা; চাহেব, বিৱি ঔৰ গেংষ্টাৰ ৰিটাৰ্ণছ ৪৫

তথ্যসূত্ৰ

  1. ↑ Wadhwa, Akash. (10 December 2012). My first marriage failed because I was immature: Mahie. দ্য টাইম্‌ছ অৱ ইণ্ডিয়াWadhwa, Akash (10 December 2012). "My first marriage failed because I was immature: Mahie". The Times of India. Archived from the original on 18 September 2018. Retrieved 17 September 2018
  2. ↑ (11 September 2009). http://www.indianexpress.com/news/i-dont-have-time-to-date-anyone-mahi-gill/515861
  3. ↑ (3 July 2009). http://expressbuzz.com/entertainment/Hindi/mahi-gill-a-girl-on-the-verge/81006.html
  4. ↑ Life History Of Celebrity And Actress Mahi Gill
  5. ↑ Menon, Neelima. (3 July 2009). Mahi Gill: A girl on the verge. The New Indian Express
  6. ↑ (21 July 2011). It was difficult working in 'Not A Love Story': Mahi Gill. Mid-Day
  7. ↑ (20 January 2012). Filmfare Awards 2011 - Nominations List. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  8. ↑ (2 March 2013). http://www.thehindu.com/features/cinema/the-next-item/article4469156.ece
  9. ↑ Keshri, Shweta. (15 February 2021). 1962 The War In The Hills trailer out. Abhay Deol's Indo-China war drama looks epic. India Today
  10. ↑ Mahie Gill: I am unmarried and mother of a three-year-old girl | Hindi Movie News - Bollywood. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  11. ↑ (18 August 2023). Mahie Gill confirms that she is married to Ravi Kesar. Bollywood Hungama
  12. ↑ Hawayein - Movie - - Box Office India. Box Office India
  13. ↑ (8 March 2018). Mahie Gill
  14. ↑ (13 March 2013). Mahi getting in shape to sport bikini
  15. ↑ Mitti Wajaan Maardi. Rotten Tomatoes
  16. ↑ Chakk de Phatte. Rotten Tomatoes
  17. ↑ Bhushan, Nyay. (28 February 2010). '3 Idiots,' 'DevD' top Filmfare Awards
  18. ↑ (28 October 2009). Dev D Awards: List of Awards won by Hindi movie Dev D
  19. ↑ (13 March 2009). Gulaal Cast List · Gulaal Movie Star Cast · Release Date · Movie Trailer · Review- Bollywood Hungama. বলিউড হাংগামা
  20. ↑ Pal Pal Dil Ke Ssaat - Movie - - Box Office India. Box Office India
  21. ↑ Aagey Se Right - Movie - - Box Office India. Box Office India
  22. ↑ Bamzai, Kaveree. (9 October 2010). Film review: Dabangg
  23. ↑ (21 September 2009). Mahie Gill faints on sets of Mirch
  24. ↑ Udasi, Harshikaa. (31 January 2011). Gill and the gloss
  25. ↑ Malani, Gaurav. (18 August 2011). Not A Love Story: Movie Review
  26. ↑ Mahie Gill Awards & Nominations - Bollywood Hungama. বলিউড হাংগামা
  27. ↑ Michael. Rotten Tomatoes
  28. ↑ Paan Singh Tomar - Movie - - Box Office India. Box Office India
  29. ↑ (1 April 2022). Gippy Grewal's 'Carry On Jatta 3' to go on floors in October, release date announced
  30. ↑ Adarsh, Taran. (20 December 2012). Dabangg 2 Movie Review: Dabangg 2 will centre around Chulbul Pandey as its central character. Only the backdrop this time round will be a posh metropolitan city and not a gaon. You see, Chulbul Pandey will be transferred to a city and will mingle with the elite, but will retain his simplistic flavour and values.
  31. ↑ Chopra, Anupama. (8 March 2013). Anupama Chopra's review: Sahib Biwi Aur Gangster Returns
  32. ↑ Ghoshal, Arkadev. (7 September 2013). A ghost of the namesake
  33. ↑ (6 September 2013). Zanjeer Cast List · Zanjeer Movie Star Cast · Release Date · Movie Trailer · Review- Bollywood Hungama. বলিউড হাংগামা
  34. ↑ Bullett Raja (2013). British Film Institute
  35. ↑ (6 February 2013). Mahie Gill shoots item number for Bullet Raja
  36. ↑ Gupta, Shubhra. (21 March 2014). Movie Review: Gang Of Ghosts
  37. ↑ Ramnath, Nandini. (13 May 2016). Film review: 'Buddha in a Traffic Jam' has the perfect business plan for revolution
  38. ↑ (28 February 2010). 3 Idiots shines at Filmfare Awards. The Economic Times
  39. ↑ Filmfare Awards Nominations 2011 – 2012. Indicine
  40. ↑ Star Screen Awards Winners 2009 – 2010. Indicine
  41. ↑ Raina, Shilpa. (6 June 2010). '3 Idiots' Triumphs at IIFA Vidya, Kareena are Best Actresses
  42. ↑ (6 June 2010). The Tribune, Chandigarh, India - Main News
  43. ↑ (8 May 2010). Nominations for IIFA Awards 2010. বলিউড হাংগামা
  44. ↑ (5 May 2012). Nominations for IIFA Awards 2012. বলিউড হাংগামা
  45. ↑ (12 December 2013). Nominations for 4th Big Star Entertainment Awards. বলিউড হাংগামা

সম্পৰ্কিত শ্ৰেণী

আন্তঃৰাষ্ট্ৰীয় ভাৰতীয় চলচ্চিত্ৰ একাডেমী বঁটা বিজয়ীফিল্মফেয়াৰ বঁটা বিজয়ীপাঞ্জাবী চলচ্চিত্ৰৰ অভিনেত্ৰীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীভাৰতীয় ৱেব ধাৰাবাহিকৰ অভিনেত্ৰীভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰীভাৰতীয় অভিনেত্ৰীপঞ্জাব, ভাৰতৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাহী গিল” প্ৰবন্ধৰ সংশোধন ৬৪০১৫৫ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।