অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অনীত পাড্ডা

অনীত পাড্ডা (Aneet Padda; জন্ম: ১৪ অক্টোবৰ ২০০২) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ প্ৰধানকৈ হিন্দী চলচ্চিত্ৰত অভিনয় কৰে। চালাম ভেংকী (২০২২) নামৰ নাট্যধৰ্মী ছবি এখনত এটি ক্ষুদ্ৰ চৰিত্ৰত অভিনয়েৰে তেওঁ কৰ্মজীৱনৰ আৰম্ভণি কৰিছিল।

হালনাগাদ: ২৮ জুলাই ২০২৫ ২৯৪ শব্দ · ২ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

অনীত পাড্ডা (Aneet Padda; জন্ম: ১৪ অক্টোবৰ ২০০২) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ প্ৰধানকৈ হিন্দী চলচ্চিত্ৰত অভিনয় কৰে। চালাম ভেংকী (২০২২) নামৰ নাট্যধৰ্মী ছবি এখনত এটি ক্ষুদ্ৰ চৰিত্ৰত অভিনয়েৰে তেওঁ কৰ্মজীৱনৰ আৰম্ভণি কৰিছিল। পিছলৈ, এমাজন প্ৰাইম ভিডিঅ’ৰ ধাৰাবাহিক বিগ গাৰ্লছ ডʼণ্ট ক্ৰাই (২০২৪)ত প্ৰথমবাৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। মোহিত সূৰী পৰিচালিত ৰোমাণ্টিক কথাছবি ছাইয়াৰা (২০২৫)ত অভিনয়েৰে তেওঁ সফলতা লাভ কৰাৰ লগতে ব্যাপকভাৱে খ্যাতি লাভ কৰে।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

২০০২ চনৰ ১৪ অক্টোবৰ তাৰিখে পঞ্জাবৰ অমৃতসৰত এটি মধ্যবিত্তীয় জাট শিখ পৰিয়ালত অনীত পাড্ডাৰ জন্ম হৈছিল। তেওঁ অমৃতসৰৰ স্প্ৰিং ডেল চিনিয়ৰ স্কুলত স্কুলীয়া শিক্ষা লাভ কৰিছিল।১২ বিজ্ঞাপনত মডেলিং কৰাৰ সময়ত, পাড্ডাই একেলগে দিল্লীস্থিত জিছাছ এণ্ড মেৰী কলেজৰ পৰা সমাজতত্ত্ব বিষয়ত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰে।২

কৰ্মজীৱন

ইচ্ছা-মৃত্যুৰ বিষয়ে নিৰ্মিত চলচ্চিত্ৰ চালাম ভেংকী (২০২২)ত এটি ক্ষুদ্ৰ চৰিত্ৰত অভিনয়েৰে (বিশেষ অভিনয় হিচাপে বিল কৰা) তেওঁ ছবিজগতত পদাৰ্পণ কৰিছিল। ছবিখনত তেওঁ অভিনেতা বিশাল জেঠৱাৰ চৰিত্ৰৰ প্ৰেমিকাৰ চৰিত্ৰত অভিনয় কৰিছিল।৩ দ্য হিন্দুৰ এটি প্ৰতিবেদনত শিল্পা নাইৰে তেওঁৰ অভিনয়ক "উল্লেখযোগ্য" বুলি লিখিছিল।৪ ২০২৪ চনত এমাজন প্ৰাইম ভিডিঅʼৰ ধাৰাবাহিক বিগ গাৰ্লছ ডʼণ্ট ক্ৰাইত পাড্ডাই প্ৰথমবাৰৰ বাবে মুখ্য চৰিত্ৰত অভিনয় কৰে। ধাৰাবাহিকখন, বৰ্ডিং স্কুলত পঢ়ি থকা এটি বন্ধু গোটক কেন্দ্ৰ কৰি নিৰ্মিত।৫৬ পিতৃ-মাতৃৰ মাজৰ টান সম্পৰ্কৰ সৈতে মোকাবিলা কৰিবলৈ সংগ্ৰাম কৰা গোটটোৰ সদস্য ৰুহিৰ চৰিত্ৰত তেওঁ অভিনয় কৰিছিল।৭ পাড্ডাই এই ধাৰাবাহিকখনৰ বাবে এটি মৌলিক গীতো লিখিছিল, সুৰাৰোপণ কৰিছিল আৰু গাইছিল, যাৰ নাম আছিল "মাছুম।"৮ সামগ্ৰিকভাৱে ধাৰাবাহিকখনৰ প্ৰতি মিশ্ৰিত সহাঁৰি থকা সত্ত্বেও, কলা-কুশলীসকলৰ অভিনয়ক সমালোচকসকলে ইতিবাচকভাৱেই গ্ৰহণ কৰিছিল।৯১০

২০২৫ চনত পাড্ডাই মোহিত সূৰী পৰিচালিত ৰোমাণ্টিক চলচ্চিত্ৰ ছাইয়াৰাত অভিনয়েৰে সফলতা অৰ্জন কৰে। ছবিখনত তেওঁ নৱাগত অভিনেতা আহান পাণ্ডেৰ বিপৰীতে অভিনয় কৰিছে।১১ য়শ ৰাজ ফিল্মছৰ প্ৰযোজনাত নিৰ্মিত ছবিখনত পাড্ডাই এগৰাকী উচ্চাকাংক্ষী গীতিকাৰ, বাণীৰ চৰিত্ৰত অভিনয় কৰিছিল, যিয়ে এগৰাকী উদীয়মান গায়ক (পাণ্ডেৰ চৰিত্ৰত)ৰ সৈতে সম্পৰ্ক গঢ়ি তোলে। ছবিখনৰ লেখা অপছন্দ কৰাৰ পিছতো দ্য হলিউড ৰিপʼৰ্টাৰৰ ৰাহুল দেশাইয়ে পাড্ডাৰ এইবুলি লিখে, "এগৰাকী মহিলাক এক প্ৰকাৰৰ সাহিত্যিক উজ্জ্বলতা প্ৰদান কৰাৰ বাবে প্ৰশংসা কৰে যিটো হয়তো আন কাৰোবাৰ যাত্ৰাত বয়সৰ আগমনৰ যন্ত্ৰলৈ সহজেই হ্ৰাস পাব পাৰিলেহেঁতেন"। সাংবাদিকতাগৰাকীয়ে পাড্ডা আৰু পাণ্ডেৰ মাজৰ ৰসায়নৰ প্ৰশংসা কৰে।১২ মুক্তিৰ পিছত ছাইয়াৰাই বক্স অফিচত কেইবাটাও অভিলেখ গঢ়িছিল।১৩

চলচ্চিত্ৰপুঞ্জী

চলচ্চিত্ৰ

বৰ্ষশিৰোনামচৰিত্ৰটোকাতথ্যসূত্ৰ
২০২২চালাম ভেংকীনন্দিনীবিশেষ উপস্থিতি১৪
২০২৫ছাইয়াৰাবাণী বাত্ৰা১৫
ন্যায় †সম্পূৰ্ণ হ’ল১৬

টেলিভিছন

বৰ্ষশিৰোনামচৰিত্ৰটোকাতথ্যসূত্ৰ
২০২৪বিগ গাৰ্লছ ডʼণ্ট ক্ৰাইৰুহি আহুজা৫
২০২৫যুৱ সপ্নো কা চফৰহাৰলিনঅনীত কৌৰ হিচাপে ক্ৰেডিটপ্ৰাপ্ত; খণ্ড: "খাট্টি মিথি য়াদেইঁ"।১৭

সংগীতপঞ্জী

বৰ্ষএলবামগীততথ্যসূত্ৰ
২০২৪বিগ গাৰ্লছ ডʼণ্ট ক্ৰাই"মাছুম"১৮

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ Aneet Padda studied sociology at this Delhi University college before her big YRF debut. The Times of India
  2. ↑ Mathur, Abhimanyu. (18 July 2025). Who is Aneet Padda? Saiyaara star was once an extra in Kajol's Salaam Venky, now the outsider leads Mohit Suri's YRF film. Hindustan Times. HT Digital Streams Limited
  3. ↑ Who Are Ahaan Panday And Aneet Padda? All You Need To Know About The Gen Z Stars Of Saiyaara. NDTV
  4. ↑ 'Salaam Venky' movie review: Kajol struggles to keep this heavily-melodramatic saga afloat. TheHindu
  5. ↑ DYK Saiyaara's Aneet Padda Made Her Acting Debut With Big Girls Don't Cry?. News18
  6. ↑ (2024-03-05). 'Big Girls Don't Cry': Ananya Panday announces Prime Video's coming-of-age drama series
  7. ↑ Big Girls Don't Cry Season 1 Review: This teen drama is a one-time watch for its endearing performances. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  8. ↑ Who Is Aneet Padda? The Breakout Star of Saiyaara Everyone Is Talking About. Filmfare
  9. ↑ (2024-03-14). 'Big Girls Don't Cry' Review: Good performances marred by inconsistent screenplay. India Today
  10. ↑ Desai, Rahul. (2024-03-09). Big Girls Don't Cry Review: Awkward Mix of Coolth and Commentary. www.filmcompanion.in
  11. ↑ From Amritsar To YRF Heroine: This 22-Year-Old Is The New National Crush. News18
  12. ↑ Desai, Rahul. (12 July 2025). Saiyaara Movie Review: Ahaan Panday & Aneet Padda in a Love Story to Remember. The Hollywood Reporter India
  13. ↑ Saiyaara: All The Box Office Records Broken By Ahaan Panday And Aneet Padda's Debut Film. NDTV
  14. ↑ Who is Aneet Padda? Saiyaara star was once an extra in Kajol's film, now the outsider leads Mohit Suri's YRF film. Hindustan times
  15. ↑ Big Girls Don't Cry's Aneet Padda signed opposite Ahaan Panday in Mohit Suri and Yash Raj Films' romantic drama: Report. Bollywoodhungama
  16. ↑ Aneet Padda’s next release Nyaya is a streaming project she shot before signing Saiyaara, YRF aims to build her as a theatrical heroine. Bollywood Hungama
  17. ↑ (6 April 2025). Anthology film 'Yuva Sapno Ka Safar' to release on Waves OTT on April 11. Telegraph
  18. ↑ (11 March 2024). Relive your unforgettable teenage years through the refreshing music of Prime Video's upcoming young-adult Original series, Big Girls Don't Cry. TellyChakkar

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় টেলিভিছন অভিনেত্ৰীভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীপঞ্জাব, ভাৰতৰ ব্যক্তিভাৰতীয় অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনীত পাড্ডা” প্ৰবন্ধৰ সংশোধন ৫২৮২৫৯ (২৮ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।