ছাই পল্লৱী ছেন্থামাৰাই (Sai Pallavi Senthamarai; জন্ম: ৯ মে' ১৯৯২) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু নৃত্যশিল্পী। তেখেতে তেলুগু, তামিল, আৰু মালয়ালম ভাষাৰ ছবিত অভিনয় কৰিছে। "প্ৰেমম" আৰু "ফিডা" নামৰ ছবিত আগবঢ়োৱা প্ৰদৰ্শনৰ বাবে তেখেতে বহুকেইটা বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। তাৰে ভিতৰত দুটা ফিল্মফেয়াৰ বঁটা-দাক্ষিণাত্যও আছে।
২০১৫ চনত মুক্তিলাভ কৰা মালায়ালাম ভাষাৰ ছবি "প্ৰেমম"ৰ মালাৰ চৰিত্ৰটোৰ জৰিয়তে ছাই পল্লৱীয়ে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰে।১ পৰৱৰ্তী সময়ত ২০১৬ চনত মুক্তিলাভ কৰা "কালী" ছবিত তেখেতে ডুলকুয়েৰ ছলমানৰ বিপৰীতে অভিনয় কৰে।২ ২০১৭ চনত মুক্তি লভা তেলুগু ভাষাৰ ছবি "ফিডা"ৰ জৰিয়তে তেখেতে তেলুগু ছবিত পদাৰ্পণ কৰে। ছাই পল্লৱীৰ প্ৰথমখন তামিল ভাষাৰ ছবি আছিল ২০১৮ চনত মুক্তি লাভ কৰা "দিয়া"। ছবিখনৰ পৰিচালকা আছিল বিজয়।৩
ছাই পল্লৱীয়ে ২০১৬ চনত জৰ্জিয়াৰ বিলিছি ষ্টেট মেডিকেল ইউনিভাৰ্ছিটিৰ পৰা এম.বি.বি.এছ. ডিগ্ৰী অৰ্জন কৰে।৪৫
প্ৰাৰম্ভিক জীৱন
ছাই পল্লৱীৰ জন্ম হৈছিল নিলগিৰিছ জিলাৰ কোটাগিৰীত।৬ তেখেতৰ পিতৃ আছিল ছেন্থামাৰাই কানান আৰু মাতৃ আছিল ৰাধা। তেখেতৰ কনিষ্ঠ ভগ্নী হৈছে পূজা। তেখেতেও অভিনেত্ৰী হিচাপে কাম কৰিছে।৭৮ ছাই পল্লৱী কোয়ম্বাটুৰত লালিত-পালিত আৰু শিক্ষিত হৈছে।
কোয়ম্বাটুৰৰ এভিলা কনভেণ্ট স্কুলৰ পৰা পল্লৱীয়ে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে। ২০১৬ চনত তেখেতে জৰ্জিয়াৰ বিলিছি ষ্টেট মেডিকেল ইউনিভাৰ্ছিটিৰ পৰা চিকিৎসা বিজ্ঞানৰ ডিগ্ৰী অৰ্জন কৰে। অৱশ্যে ভাৰতীয় চিকিৎসা সংস্থাৰ দ্বাৰা উক্ত প্ৰতিষ্ঠানটো স্বীকৃতিপ্ৰাপ্ত হোৱাৰ সত্ত্বেও ছাই পল্লৱীয়ে নিজাববীয়াকৈ এতিয়ালৈকে কোনোধৰণৰ চিকিৎসা-বৃত্তি আৰম্ভ কৰা নাই।৯২০২০ চনত ৩১ আগষ্টত, ত্ৰিছিত তেখেত ''Foreign Medical Graduate Examination,FMGE)ত অৱতীৰ্ণ হয়।১০
শৰীৰৰ ছাল উজ্জীৱিতকৰণৰ বাবে প্ৰয়োগ কৰিব পৰা এটা ক্ৰিমৰ দুই কোটিটকীয়া বিজ্ঞাপনৰ চুক্তি পল্লৱীয়ে নাকচ কৰে। তেখেতে এনেজাতীয় বস্তুত বিশ্বাসী নহয় বুলি মতপ্ৰকাশ কৰে।১১
নৃত্য জীৱন
বিদ্যালয়ত পঢ়ি থকাৰ সময়তে ছাই পল্লৱীয়ে কেবাটাও নৃত্যানুষ্ঠানত অংশগ্ৰহণ কৰি জনপ্ৰিয়তা লাভ কৰিছিল। নৃত্যৰ প্ৰতি থকা এই অনুৰাগক বিশেষভাৱে সমৰ্থন আগবঢ়াইছিল মাতৃয়ে। পৰৱৰ্তী সময়ত ছাই পল্লৱীয়ে নৃত্যৰ এটা ৰিয়েলিটি অনুষ্ঠানত অংশগ্ৰহণ কৰে। ইটিভি যোগে সম্প্ৰচাৰিত হোৱা আন এটা ৰিয়েলিটি শ্ব'ত (২০০৯ চনত) তেখেত ফাইনেলিষ্ট হয়।১২
ছবিৰ জগতত
২০০৩ আৰু ২০০৮ চনত মুক্তি লাভ কৰা "কস্তুৰীমান" আৰু "ধমা ধুম"ত এগৰাকী শিশু অভিনেত্ৰীৰ ৰূপত ছাই পল্লৱী অৱতীৰ্ণ হয়।১৩১৪
২০১৪ চনত চিকিৎসা বিজ্ঞান পঢ়ি থকাৰ সময়ত, ছাই পল্লৱীয়ে এলফন্সে পুথাৰেনৰ পৰা "প্ৰেমম" ছবিৰ বাবে এটি প্ৰস্তাৱ লাভ কৰে। চৰিত্ৰটো আছিল মালাৰ। পল্লৱীয়ে শিক্ষানুষ্ঠানৰ বন্ধৰ সময়ত ছবিখনৰ শ্বুটিং শেষ কৰে আৰু পুনৰ জৰ্জিয়ালৈ ৰাওনা হয়।১১৫ ছবিখনত আগবঢ়োৱা উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে ছাই পল্লৱীয়ে শ্ৰেষ্ঠ নৱাগত অভিনেত্ৰীৰ বঁটা লা কৰিবলৈ সক্ষম হয়।১৬
২০১৫ চনৰ শেষৰফালে "কালি" নামৰ ছবিখনত কাম কৰিবলৈ ছাই পল্লৱীয়ে পুনৰ অধ্যয়নৰ পৰা এমহীয়া বিৰতি লৈ আহে। ছবিখনে ২০১৬ চনৰ মাৰ্চত মুক্তি হয়।১৭১৮১৯ খঙাল গিৰিয়েকৰ উচ্চবাচ্য সহন কৰিবলগীয়া হোৱা অঞ্জলি নামৰ এগৰাকী গাভৰু পত্নীৰ ৰূপত তেখেতে এই ছবিখনত অভিনয় কৰিছিল। অভিনয়ৰ বাবে তেখেতে "মালায়ালাম ভাষাৰ শ্ৰেষ্ঠ অভিনেত্ৰী"ৰ মনোনয়ন লাভ কৰে।২০২১
২০১৭ চনত মুক্তি লাভ কৰে "ফিডা। " শেখৰ কামাল্লুৰ দ্বাৰা পৰিচালিত এইখন আছিল পল্লৱীয়ে অভিনয় কৰা প্ৰথমখন তেলুগু ভাষাৰ ছবি।২২২৩২
২০১৮ চনৰ ফেব্ৰুৱাৰি মাহৰ পৰা ছাই পল্লৱীয়ে "পাড়ি পাড়ি লেচে মানাসু"ৰ দৃশ্যগ্ৰহণৰ লগত জড়িত হয়।২৪২৫ ছবিখনে বক্স অফিচত বিশেষ সলফতা লাভ কৰিব নোৱাৰিলে। ডিচেম্বৰ মাহত একাংশ বাতৰি-পত্ৰিকাই কয় যে, ছবিখনৰ ব্যৰ্থতাপূৰ্ণ পৰিণতিৰ বাবে ছাই পল্লৱীয়ে পৰিচালকৰ প্ৰতি সহানুভূতি দেখুৱায় আৰু তেওঁলোকৰ পৰা প্ৰাপ্য পাৰিশ্ৰমিক ল'বলৈ অমান্তি হয়।২৬২৭
২০১৯ চনত ছাই পল্লৱীয়ে মনোবৈজ্ঞানিক থ্ৰিলাৰ ছবি "অথিৰেন"ত এগৰাকী প্ৰতিবন্ধী যুৱতীৰ ভূমিকা ৰূপায়ণ কৰে।
২০২০ চনত "ফৰ্বছ" আলোচনীয়ে ছাই পল্লৱীক "ত্ৰিশ বছৰ অনুৰ্ধ ত্ৰিশগৰাকী ভাৰতীয়"ৰ তালিকাভুক্ত কৰে। ছবিজগতৰ পৰা স্থান লাভ কৰা তেখেতেই হৈছে একমাত্ৰ অভিনেত্ৰী।২৮

বঁটা-বাহন
| বৰ্ষ | বঁটা | শ্ৰেণী | ছবি | ফলাফল | তথ্যসূত্ৰ |
|---|---|---|---|---|---|
| ০১৫ | এছিয়াভিছন বঁটা | নতুন আলোড়নকাৰী অভিনেত্ৰী | প্ৰেমম | ২৯ | |
| ২০১৬ | এছিয়ানেট ছবি বঁটা | বিচাৰকৰ বিশেষ বঁটা | ৩০ | ||
| ৬২সংখ্যক ফিল্মফেয়াৰ বঁটা-দাক্ষিণাত্য | মালায়ালাম ভাষাৰ ছবিৰ শ্ৰেষ্ঠ নৱাগতা | ৩১ | |||
| পঞ্চম দক্ষিণ ভাৰতীয় আন্তৰ্জাইক ছবি বঁটা | মালায়ালাম ভাষাৰ ছবিৰ শ্ৰেষ্ঠ নৱাগতা | ৩২ | |||
| ৱনিতা ছবি বঁটা | শ্ৰেষ্ঠ নৱাগতা | ৩৩ | |||
| চিএনএন-আইবিএন ছবি বঁটা | শ্ৰেষ্ঠ দাক্ষিণাত্যৰ অভিষেক | ৩৪ | |||
| ২০১৭ | এছিয়ানেট ছবি বঁটা | সবাতোকৈ জনপ্ৰিয় অভিনেত্ৰী | কালি | ৩৫ | |
| ৬৪সংখ্যক ফিল্মফেয়াৰ বঁটা-দাক্ষিণাত্য | শ্ৰেষ্ঠ অভিনেত্ৰী-মলায়ালাম | ৩৬ | |||
| ষষ্ঠ SIIMA বঁটা | শ্ৰেষ্ঠ অভিনেত্ৰী-মালয়ালম | ৩৭ | |||
| বিহাইণ্ড উডছ সোণৰ পদক | শ্ৰেষ্ঠ অভিনেত্ৰী - মালয়ালম | ৩৮ | |||
| চিপিচি চিনে বঁটা | শ্ৰেষ্ঠ অভিনেত্ৰী | ৩৯ | |||
| ২০১৮ | ৬৫সংখ্যক ফিল্মফেয়াৰ বঁটা-দাক্ষিণাত্য | তেলুগু ভাষাৰ ছবিৰ শ্ৰেষ্ঠ অভিনেত্ৰী | ফিডা | ৪০ | |
| সপ্তম SIIMA বঁটা | তেলুগু ভাষাৰ শ্ৰেষ্ঠ অভিনেত্ৰী | ৪১ | |||
| ২০১৯ | বিহাইণ্ড উডছ সোণৰ পদক | সমালোচকৰ নিৰ্বাচিত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা-মালয়ালম | অথিৰন | ৪২ | |
| ৬৬ সংখ্যক ফিল্মফেয়াৰ বঁটা-দাক্ষিণাত্য | শ্ৰেষ্ঠ অভিনেত্ৰী-তামিল | মাৰী ২ | ৪৩ |
তথ্যসূত্ৰ
- ↑ James, Anu. (30 May 2016). 365 days of 'Premam': Why is Nivin Pauly-starrer so special even after one year of release?. International Business Times, India Edition
- ↑ (21 July 2017). Fidaa movie review: Sai Pallavi is the heart and soul of this film. The Indian Express
- ↑ Staff Reporter. (24 April 2018). Sai Pallavi's long delayed 'Diya', which marks her Tamil debut, finally gets release date. www.thenewsminute.com
- ↑ Like to become a cardiologist someday: Sai Pallavi. The Hindu
- ↑ timesofindia.indiatimes.com/entertainment/malaya
- ↑ Deepika, Jayaram. (14 June 2016). Sai Pallavi enjoys her breaktime at her hometown. IB Times
- ↑ Sai Pallavi's sister, Pooja to make her acting debut sampath is – Times of India. The Times of India
- ↑ BehindwoodsTV. Sai Pallavi in Kiss Me, Hug Me & Slap Me Game · KHS
- ↑ Jayaram, Deepika. (24 January 2017). It's Dr Sai Pallavi now! But haven't passed the qualification test in India.. Times of India
- ↑ World, Republic. (2 September 2020). Sai Pallavi arrives in Trichy for an examination. Republic World
- ↑ Sai Pallavi reveals why he rejected Rs 2 crore fairness cream endorsement deal | Entertainment News
- ↑ (31 July 2017). Telugu actor Samantha Ruth Prabhu is 'Fidaa' over Premam girl Sai Pallavi. www.hindustantimes.com
- ↑ Anu, James. (23 November 2015). 'Premam' is not Sai Pallavi's debut film (VIDEO). IB Times
- ↑ (7 April 2016). If you are a 'Malar' fan, this short film starring Sai Pallavi is a must-watch... Manoramaonline.com. Malayala Manorama
- ↑ From Malar in Premam to Bhanumati in Fidaa, Sai Pallavi is winning hearts all over – Pinkvilla South. Pinkvilla South
- ↑ Sharma, Sanjay. (14 December 2018). Facts about actress Sai Pallavi. Desiscreenplay
- ↑ Sudhi, CJ. (6 June 2015). I am like Malar: Sai Pallavi. Manoramaonline.com. Malayala Manorama
- ↑ Rao, Subha J. (26 October 2015). Actress Sai Pallavi on Premam. দ্য হিন্দু
- ↑ Sai Pallavi opposite Maddy in 'Charlie' remake!. Siffy (19 January 2017)
- ↑ Santhosh, Megna. A raging Battle with Anger - Desimartini.com. Desimartini
- ↑ (26 March 2016). Kali Movie Review: Dulquer Salmaan & Sai Pallavi Nail It!. filmibeat.com
- ↑ IndiaGlitz – Make way for Sai Pallavi – Telugu Movie News
- ↑ (21 July 2017). Fidaa actor Sai Pallavi: The girl, who stole hearts with Premam, is now back on the silver screen. The Indian Express
- ↑ Sai Pallavi battles memory loss in Padi Padi Leche Manasu. The New Indian Express
- ↑ 'Padi Padi Leche Manasu' Trailer: Sharwanand and Sai Pallavi's chemistry hits the bull's eye – Times of India. The Times of India
- ↑ (9 January 2019). Sai Pallavi refuses to accept remuneration for Padi Padi Leche Manasu and THIS is the reason - Bollywoodlife.com. www.bollywoodlife.com
- ↑ (8 January 2019). Sai Pallavi lauded for her lovely gesture! – Tamil Movie News. IndiaGlitz.com
- ↑ Forbes India 30 Under 30 2020. Forbes India
- ↑ (18 November 2015). Asiavision movie awards 2015. International Business Times
- ↑ (18 February 2016). 18th Asianet Film Awards. International Business Times
- ↑ (18 June 2016). Winners of the 63rd Britannia Filmfare Awards (South). Filmfare
- ↑ (2 July 2016). SIIMA Awards 2016 Winners' list. International Business Times
- ↑ (16 February 2016). Vanitha Film Awards 2016. International Business Times
- ↑ (8 March 2016). Sai Pallavi of 'Premam' fame wins IBNLive Best Southern Debut 2015 award. International Business Times
- ↑ (13 February 2017). 19th Asianet Film Awards. International Business Times
- ↑ (8 June 2017). Nominations for the 64th Jio Filmfare Awards (South). Filmfare
- ↑ (31 May 2017). SIIMA Awards 2017 Malayalam Nominations. International Business Times
- ↑ (13 June 2017). BEHINDWOODS GOLD MEDALS 2017: FULL WINNERS LIST. Behindwoods
- ↑ (10 February 2017). CPC cine awards 2016. Malayala Manorama
- ↑ (17 June 2018). Winners: 65th Jio Filmfare Awards (South) 2018. The Times of India
- ↑ (5 August 2018). SIIMA Awards 2018 - Telugu, Kannada nomination list out. International Business Times
- ↑ (8 December 2019). 7th BEHINDWOODS GOLD MEDALS 2019 - WINNERS!. Behindwoods
- ↑ (10 Dec 2019). Nominations for the 66th Filmfare Awards (South) 2019. Filmfare
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছাই পল্লৱী” প্ৰবন্ধৰ সংশোধন ৬২১৬০৪ (৩০ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।