ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী
৮৯ প্ৰবন্ধ
-
আন্দ্ৰেয়া কেভিচুছা
কেৰল আন্দ্ৰেয়া কেভিচুছা (; জন্ম: ১৮ ফেব্ৰুৱাৰী ২০০১) নাগালেণ্ডৰ এগৰাকী ভাৰতীয় মডেল আৰু অভিনেত্ৰী। তেওঁ ২০২২ চনত আয়ুষমান খুৰৰানাৰ সৈতে অনেক চলচ্চিত্ৰত অভিনয়ত অভিষেক ঘটায়, যাৰ বাবে তেওঁ শ্ৰেষ্ঠ মহিলা অভিষেকৰ বাবে ফিল্মফেয়াৰ বঁটা লাভ কৰে।
-
কল্পনা আয়াৰ
কল্পনা আয়াৰ (Kalpana Iyer; জন্ম: ২৬ জুলাই ১৯৫৬) এগৰাকী ভাৰতীয় প্ৰাক্তন অভিনেত্ৰী, গায়িকা, মডেল, যিয়ে সমগ্ৰ ১৯৮০ আৰু ১৯৯০ চনলৈকে হিন্দী চিনেমাত কৰা কামৰ বাবে বেছিকৈ পৰিচিত।
-
কল্যাণী প্ৰিয়দৰ্শন
কল্যাণী প্ৰিয়দৰ্শন (Kalyani Priyadarshan; জন্ম: ৫ এপ্ৰিল ১৯৯৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মূলতঃ মালয়ালম ছবিত অভিনয় কৰে যদিও ইতিমধ্যে কেইবাখনো তামিল আৰু তেলুগু ছবিত অভিনয় কৰিছে।
-
কায়াডু লোহাৰ
কায়াডু লোহাৰ (Kayadu Lohar; জন্ম: ১১ এপ্ৰিল ২০০০) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। তেওঁ কন্নড় ছবি মুগিলপেট (২০২১)ত অভিনয়েৰে ছবিজগতত আত্মপ্ৰকাশ কৰে।
-
কাৱেৰী ঝা
কাৱেৰী ঝা এগৰাকী ভাৰতীয় মডেল, চলচ্চিত্ৰ অভিনেত্ৰী আৰু বিমান পৰিচাৰিকা। তেওঁ হিন্দী আৰু তেলুগু ভাষাৰ ছবিত কাম কৰে।
-
কুলৰাজ ৰন্ধাৱা
কুলৰাজ কৌৰ ৰন্ধাৱা (জন্ম: ১৬ মে' ১৯৮৩) এজনী ভাৰতীয় অভিনেত্ৰী যিয়ে পঞ্জাবী আৰু হিন্দী চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ কৰীণা কৰীণা নামৰ টেলিভিছন শৃংখলাৰ "কৰীণা" চৰিত্ৰৰ বাবে জনাজাত।
-
কৃতি চেট্টী
কৃতি চেট্টী (Krithi Shetty; জন্ম ২১ ছেপ্টেম্বৰ ২০০৩) হৈছে এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী৷ তেওঁ সাধাৰণতে তেলেগু ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰে। ব্যৱসায়িকভাৱে সফল ছবি উপেনা (২০২১) -ৰ জৰিয়তে তেওঁ চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰিছিল৷
-
ছানা খান
ছৈয়দ ছানা খান (জন্ম: ২১ আগষ্ট ১৯৮৭/১৯৮৮) এগৰাকী ভাৰতীয় ব্যৱসায়ী আৰু প্ৰাক্তন অভিনেত্ৰী। তেওঁ ২০২০ চনত অভিনয় জগতৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পূৰ্বে প্ৰধানকৈ হিন্দী, তামিল আৰু তেলুগু ভাষাৰ চলচ্চিত্ৰত কাম কৰিছিল।
-
ছাৰা অৰ্জুন
ছাৰা অৰ্জুন (Sara Arjun; জন্ম: ১৮ জুন ২০০৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মূলতঃ তামিল আৰু হিন্দী ভাষাৰ চলচ্চিত্ৰ আৰু বিজ্ঞাপনত অভিনয় কৰে। তেওঁ অভিনেতা ৰাজ অৰ্জুনৰ কন্যা। ছয় বছৰ বয়সৰ পূৰ্বেই তেওঁ ভালেসংখ্যক বিজ্ঞাপন আৰু এখন চুটি হিন্দী ছবিত অভিনয় কৰিছিল।
-
জাৰা য়েছমিন
জাৰা য়েছমিন (Zaara Yesmin; জন্ম: ৮ জানুৱাৰী ১৯৯৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। ইউটিউবত প্ৰায় ২০ কোটি ভিউ লাভ কৰা "সব কি বাৰাতেইঁ" শীৰ্ষক গীতটোৰ সংগীত ভিডিঅʼত অভিনয় কৰাৰ বাবে তেওঁ সুপৰিচিত। তেওঁ টেলিভিছন বিজ্ঞাপনতো অভিনয় কৰিছে। ২০১৬ চনত, তেওঁ "ফেমিনা ষ্টাইল ডিভা ইষ্ট" খিতাপ লাভ কৰিছিলৰে।
-
জেছমিন বাজৱা
জেচমিন বাজৱা (Jasmin Bajwa) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। তেওঁ প্ৰধানকৈ পঞ্জাবী চলচ্চিত্ৰত অভিনয় কৰে। বাজৱাই পঞ্জাবী ৱেব ধাৰাবাহিক য়াৰ জিগ্ৰী কাছুতী ডিগ্ৰীত অভিনয়েৰে অভিনয় জগতত আত্মপ্ৰকাশ কৰে আৰু ছুৰমাত অভিনয়েৰে হিন্দী চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰে।
-
তনুশ্ৰী চক্ৰৱৰ্তী
তনুশ্ৰী চক্ৰৱৰ্তী (Tanusree Chakraborty; জন্ম: ৬ আগষ্ট ১৯৮৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে প্ৰধানকৈ বঙালী ভাষাৰ চলচ্চিত্ৰত কাম কৰে। চলচ্চিত্ৰৰ সমান্তৰালকৈ তেওঁ বিভিন্ন টেলিভিছন শ্ব’তো কাম কৰি আহিছে।
-
তানিয়া (অভিনেত্ৰী)
তানিয়া (Tania; জন্ম: ৬ মে' ১৯৯৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ পঞ্জাবী চলচ্চিত্ৰত কৰা কামৰ বাবে বেছিকৈ পৰিচিত। তেওঁ দুটা ব্ৰিটিছ এছিয়া টিভি বঁটাৰ বাবে মনোনীত হৈছিল আৰু কিছমত (২০১৮) ছবিত অভিনয় কৰাৰ বাবে "শ্ৰেষ্ঠ পাৰ্শ্ব অভিনেত্ৰী"ৰ বঁটা লাভ কৰিছিল।
-
ত্ৰিধা চৌধুৰী
ত্ৰিধা চৌধুৰী (Tridha Choudhury; জন্ম: ২২ নৱেম্বৰ ১৯৯৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ প্ৰধানকৈ হিন্দী, বাংলা আৰু তেলেগু চলচ্চিত্ৰ আৰু ধাৰাবাহিকত অভিনয় কৰে। তেওঁ টাইমছ অৱ ইণ্ডিয়াৰ ক্লিন এণ্ড ক্লিয়াৰ ফ্ৰেছফেচ, ২০১১ খিতাপ অৰ্জন কৰিছিল।
-
ধন্যা অনন্যা
ধন্যা অনন্যা হৈছে এক ভাৰতীয় অভিনেত্ৰী, যি মলয়ালম চলচ্চিত্ৰ উদ্যোগত কাম কৰে। তেওঁ ২০১৯ চনত মলয়ালম চলচ্চিত্ৰৰ জগতত অভিষেক কৰে আৰু নলপঠিয়ন্নুত তেওঁৰ পাৰফৰ্মেঞ্চৰ বাবে জনপ্ৰিয়তা লাভ কৰে।
-
নিৰুতা সিং
নিৰুতা সিং হৈছে এগৰাকী অভিনেত্ৰী, যাক নেপালী চলচ্চিত্ৰৰ বাবে জনা যায়। তেওঁ ৯০ৰ দশক আৰু ২০০০ৰ দশকত শীৰ্ষ অভিনেত্ৰী হৈ পৰিছিল। ২০০১ চনৰ দৰ্পণ ছায়া ছবিখনত তেওঁৰ অভিনয়ে বিশেষ প্ৰশংসা লাভ কৰিছিল, যিখন তেতিয়ালৈকে নেপালী চলচ্চিত্ৰ উদ্যোগৰ আটাইতকৈ উচ্চ উপাৰ্জন কৰা ছবি হৈছিল।
-
নীতি টেইলৰ
নীতি টেইলৰ (Niti Taylor; জন্ম: ৮ নৱেম্বৰ ১৯৯৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ প্ৰধানকৈ হিন্দী দূৰদৰ্শন অনুষ্ঠানসমূহত অভিনয় কৰে। এমটিভি ইণ্ডিয়াৰ ধাৰাবাহিক কেইছি য়েহ ইয়াৰিয়াঁত নন্দিনী মূৰ্তি, গুলামত শিৱানী মাথুৰ আৰু ইশ্বকবাজত মন্নত কৌৰ খুৰানাৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে তেওঁ পৰিচিত।
-
নৱনীত কৌৰ ৰাণা
নৱনীত কৌৰ ৰাণা (Navneet Kaur Rana, নৱনীত ৰবি ৰানা নামেৰেও পৰিচিত) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু প্ৰাক্তন অভিনেত্ৰী। তেওঁ মূলতঃ তেলেগু চিনেমাত কৰা কামৰ বাবে পৰিচিত। ২০১৯ চনৰ লোকসভা নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে তেওঁ অমৰাৱতীৰ পৰা সংসদ সদস্য হিচাপে নিৰ্বাচিত হৈছিল।
-
পুনম বাজৱা
পুনম বাজৱা (Poonam Bajwa; জন্ম: ৫ এপ্ৰিল ১৯৮৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ তামিল, মালয়ালম, তেলেগু আৰু কন্নড় ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ ২০০৫ চনত মোদাতী চিনেমা নামৰ তেলেগু চলচ্চিত্ৰ এখনত অভিনয়েৰে ছবিজগতত পদাৰ্পণ কৰে আৰু ২০০৬ চনত বছ নামৰ আন এখন তেলেগু ছবিত অভিনয় কৰে।
-
বিজু নিংগোম্বম
বিজু নিংগোম্বম এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মণিপুৰী ছবিত অভিনয় কৰে। ২০১৪ চনৰ ছবি মীৰাং মহুমত তেওঁৰ প্ৰথম ৰূপালী পৰ্দাত অভিনয় কৰিছিল, য'ত তেওঁ সহযোগী চৰিত্ৰত অভিনয় কৰিছিল। ২০১৫ চনৰ ছবি Ashileibakki Hero ৰ পৰা আৰম্ভ কৰি তেওঁ বৈশিষ্ট্যপূৰ্ণ ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰিবলৈ আৰম্ভ কৰে।
-
বৃন্দা আচাৰ্য
বৃন্দা আচাৰ্য (Brinda Acharya; জন্ম: ১৮ ছেপ্টেম্বৰ ১৯৯৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মূলতঃ কন্নড় চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ ২০২১ চনত প্ৰেমম পূজ্যম নামৰ কন্নড় চলচ্চিত্ৰ এখনত অভিনয়েৰে ছবিজগতত খোজ দিয়ে। ইয়াৰ পিছত, ২০২৩ চনত তেওঁ কৌশল্যা সুপ্ৰজা ৰামা নামৰ ছবিখনত অভিনয় কৰিছিল।
-
মধুমিতা সৰকাৰ
মধুমিতা সৰকাৰ (ইংৰাজী: Madhumita Sarkar; জন্ম: ২৬ অক্টোবৰ ১৯৯৪) এগৰাকী ভাৰতীয় বঙালী অভিনেত্ৰী। তেওঁ বোঝেনা সে বোঝেনা ধাৰাবাহিকত পাখি ঘোষ আৰু কুসুম দোলা ধাৰাবাহিকত ডক্তৰ ইমন মুখাৰ্জীৰ মুখ্য চৰিত্ৰত অভিনয় কৰি পৰিচিত হয়।
-
মুনমুন দত্ত
মুনমুন দত্ত (Munmun Dutta; জন্ম: ২৮ ছেপ্টেম্বৰ ১৯৮৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ হিন্দী টেলিভিছন উদ্যোগত কাম কৰে। হিন্দী ভাষাৰ চিটকম তাৰক মেহতা কা উল্টা চশমাত ববিতা আয়াৰৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে তেওঁ বেছিকৈ পৰিচিত।
-
মেধা শংকৰ
মেধা শংকৰ (Medha Shankr; জন্ম: ১ আগষ্ট ১৯৯৭)
-
লীলা মিশ্ৰা
লীলা মিশ্ৰা (১ জানুৱাৰী ১৯০৮ – ১৭ জানুৱাৰী ১৯৮৮) আছিল এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ পাঁচ দশকজুৰি দুইশতাধিক হিন্দী চলচ্চিত্ৰত অভিনয় কৰিছিল। তেওঁ বিশেষকৈ কাকী (খুৰী) বা মাউছী (মাহী) ধৰণৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে জনপ্ৰিয় হৈছিল।
-
শ্বেতা আগৰৱালা
শ্বেতা আগৰৱালা ঝা এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে ৰাঘবেন্দ্ৰ (২০০৩), তন্দুৰী লাভ (২০০৮), আৰু শাপিত (২০১০) আদি চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁ টেলিভিছন উপস্থাপক, সহ অভিনেতা তথা বলীউডৰ গায়ক আদিত্য নাৰায়ণৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে।
-
শ্বেফালী জাৰিৱালা
শ্বেফালী জাৰিৱালা (Shefali Jariwala; ১৫ ডিচেম্বৰ ১৯৮২ – ২৭ জুন ২০২৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল আছিল। তেওঁ কেইবাখনো হিন্দী সংগীত ভিডিঅʼ, ৰিয়েলিটি শ্ব' আৰু চলচ্চিত্ৰত অভিনয় কৰিছিল। কাঁটা লগা শীৰ্ষক মিউজিক ভিডিঅ’ত অভিনয়ৰ বাবে তেওঁ পৰিচিত।
-
সঞ্জনা সাংঘী
সঞ্জনা সাংঘী (Sanjana Sanghi; জন্ম: ২ ছেপ্টেম্বৰ ১৯৯৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। তেওঁ মূলতঃ হিন্দী চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ ২০১১ চনৰ ৰকষ্টাৰ ছবিত এগৰাকী শিশু শিল্পী হিচাপে অভিনয়েৰে চলচ্চিত্ৰ জগতত খোজ দিয়ে।
-
সায়ালি ভগত
সায়ালি ভগত ( Sayali Bhagat) এগৰাকী ভাৰতীয় অভিনেত্ৰী তথা সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী। ২০০৪ চনত ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড খিতাপ লাভ কৰাৰ লগতে মিছ ৱৰ্ল্ডত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।
-
সুস্মিতা মংসাতাবম
সুস্মিতা মংসাতাবম এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু গায়িকা যিয়ে প্ৰধানকৈ মেইতেই (মণিপুৰী) ছবিত অভিনয় কৰে। তেওঁ নৰ্থ পইণ্ট হাইয়াৰ ছেকেণ্ডাৰী স্কুলৰ পৰাই স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰিছিল। থাবাটন চিনেমাত মুখ্য অভিনেত্ৰী হিচাপে তেওঁ সুপৰিচিত।