ভাৰতীয় ক্ৰিকেটাৰ
৪০ প্ৰবন্ধ
-
শচীন তেণ্ডুলকাৰ
শচীন ৰমেশ তেণ্ডুলকাৰ (Sachin Ramesh Tendulkar; জন্ম: ২৪ এপ্ৰিল ১৯৭৩) স্ব প্ৰজন্মৰ শ্ৰেষ্ঠ বুলি বিগণিত এজন প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ। ১১ বছৰ বয়সত ক্ৰিকেট আৰম্ভ কৰা টেণ্ডুলকাৰে প্ৰথম টেষ্ট ক্ৰিকেট খেলে ১৬ বছৰ বয়সত পাকিস্তানৰ জাতীয় দলৰ বিপৰীতে।
-
মহেন্দ্ৰ সিং ধোনি
মহেন্দ্ৰ সিং ধোনি (, জন্ম- ৭ জুলাই ১৯৮১) এজন ভাৰতীয় ক্ৰিকেটাৰ আৰু সীমিত অ'ভাৰৰ খেলত ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ বৰ্তমান অধিনায়ক। তেওঁ এজন আক্ৰমণাত্মক মিড্ল-অৰ্ডাৰ বেট্ছমেন আৰু উইকেটৰক্ষক। সীমিত অ'ভাৰৰ ক্ৰিকেটৰ শ্ৰেষ্ঠ finisherসকলৰ এজন বুলি তেওঁক গণ্য কৰা হয়।
-
বিৰাট কোহলি
বিৰাট ক'হলি (জন্ম ৫ নৱেম্বৰ ১৯৮৮) এজন ভাৰতীয় ক্ৰিকেট খেলুৱৈ। টপ অৰ্ডাৰত খেলা সোঁহতীয়া বেট্ছমেনজন ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক। ২০০৮ চনত মালয়েছিয়াত অনুষ্ঠিত ১৯-অনুৰ্দ্ধ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত জয়লাভ কৰা ভাৰতীয় দলৰ তেওঁ অধিনায়ক আছিল।
-
ৰোহিত শৰ্মা
ৰোহিত গুৰুনাথ শৰ্মা (জন্ম ৩০ এপ্ৰিল ১৯৮৭) এজন ভাৰতীয় ক্ৰিকেটাৰ। সোঁহতীয়া বেট্ছমেন আৰু সোঁহতীয়া অনিয়মীয়া অফ-ব্ৰেক বলাৰজনে ঘৰুৱা ক্ৰিকেটত মুম্বাইৰ হৈ খেলে। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত তেওঁ মুম্বাই ইণ্ডিয়ান্ছ দলৰ অধিনায়ক আৰু তেওঁ আই পি এলৰ সফলতম বেট্ছমেনসকলৰ এজন।
-
কপিল দেৱ
কপিল দেৱ ৰামলাল নিখাঞ্জ (Kapil Dev , জন্ম: ৬ জানুৱাৰী, ১৯৫৯) এজন ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ। তেওঁ এজন দ্ৰুত মধ্যমীয়া বলাৰ আৰু হাৰ্ড হিটিং মিডল অৰ্ডাৰৰ বেটছমেন আছিল আৰু ২০০২ চনত উইনডেনে তেওঁক ভাৰতীয় ক্ৰিকেটাৰ অৱ দা চেঞ্চুৰী হিচাপে নিৰ্বাচিত কৰিছিল।
-
সুনীল গাভাস্কাৰ
সুনীল মনোহৰ গাভাস্কাৰ (Sunil Manohar Gavaskar; জন্ম: ১০ জুলাই,১৯৪৯) ভাৰতৰ এজন প্ৰাক্তন ক্ৰিকেটাৰ। ১৯৭০ চনৰ পৰাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলিবলৈ লোৱা গাভাস্কাৰক বিশ্বৰ এজন শ্ৰেষ্ঠ বেটছমেন আখ্যা দিয়া হয়। টেষ্ট ক্ৰিকেটৰ ইতিহাসত গাভাস্কাৰ এজন চিৰস্মৰণীয় অপেনিং বেটছমেন।
-
সৌৰভ গাংগুলী
সৌৰভ চণ্ডীদাস গাংগুলী (Sourav Chandidas Ganguly, সৌব়ভ গঙ্গোপাধ্যায়) এজন ভাৰতীয় ক্ৰিকেটাৰ আৰু ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক। তেওঁক ভাৰতৰ সফলতম টেষ্ট ক্ৰিকেট অধিনায়ক বুলি বিবেচিত কৰা হৈছে। গাংগুলীৰ অধিনায়কত্বত ভাৰতে ৪৯ টেষ্ট মেচৰ ভিতৰত ২১টা মেচত জয়লাভ কৰে।
-
ৰাহুল দ্ৰাবিড়
ৰাহুল দ্ৰাবিড় (Rahul Dravid; ১১ জানুৱাৰী, ১৯৭৩) এজন প্ৰাক্তন ভাৰতীয় ক্ৰিকেট খেলুৱৈ আৰু ভাৰতীয় জাতীয় দলৰ অধিনায়ক। তেওঁক বিশ্ব ক্ৰিকেটৰ শ্ৰেষ্ঠ খেলুৱৈ সকলৰ ভিতৰত অন্যতম।
-
ৰিয়ান পৰাগ
ৰিয়ান পৰাগ দাস (Riyan Parag Das) (জন্মঃ ১০ নৱেম্বৰ ২০০১) এজন ভাৰতীয় ক্ৰিকেটাৰ। তেওঁ ঘৰুৱা ক্ৰিকেটত অসমৰ হৈ আৰু ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত (আই পি এল) ৰাজস্থান ৰয়েলছৰ হৈ খেলে। তেওঁ ২০১৮ চনৰ অনুৰ্ধ-১৯ ক্ৰিকেট বিশ্বকাপ জয় কৰা ভাৰতীয় অনুৰ্ধ-১৯ দলৰ অংশ আছিল।
-
অনিল কুম্বলে
অনিল ৰাধাকৃষ্ণ কুম্বলে (ಅನಿಲ್ ಕುಂಬ್ಳೆ); জন্ম ১৭ অক্টোবৰ ১৯৭০) এজন ভাৰতীয় ক্ৰিকেটাৰ যিয়ে এদিনীয়া তথা টেষ্ট উভয় ক্ৰিকেটতেই ভাৰতৰ সৰ্বোচ্চ উইকেট দখলকৰা খেলুৱৈ।
-
যুৱৰাজ সিং
যুৱৰাজ সিং (জন্ম ১২ ডিচেম্বৰ ১৯৮২) এগৰাকী প্ৰাক্তন ভাৰতীয় ক্ৰিকেট খেলুৱৈ। বাওঁহতীয়া বেটছমেন আৰু শ্লো লেফ্ট আৰ্ম অৰ্থডক্স বলাৰ অল ৰাউণ্ডাৰ যুৱৰাজ সিং প্ৰাক্তন ভাৰতীয় ফাষ্ট বলাৰ আৰু পঞ্জাবী অভিনেতা যোগৰাজ সিঙৰ পুত্ৰ।
-
জাহিৰ খান
জাহীৰ খান (জন্ম ৭ অক্টোবৰ ১৯৭৮) এজন প্ৰাক্তন ভাৰতীয় ক্ৰিকেট খেলুৱৈ। ২০০০ চনৰপৰা ২০১৪ চনলৈ তেওঁ ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ সদস্য আছিল। ইয়াৰ উপৰিও তেওঁ কাউণ্টী ক্ৰিকেটত ছাৰে' আৰু ৱৰ্চেষ্টাৰ্শ্বায়াৰ দলৰ হৈ, ভাৰতীয় ঘৰুৱা ক্ৰিকেটত বৰোদা আৰু মুম্বাইৰ হৈ আৰু ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত ৰয়েল চেলেঞ্জাৰ্ছ…
-
পৰাগ দাস
পৰাগ দাস (ইংৰাজী: Parag Das; জন্ম: ২৯ অক্টোবৰ, ১৯৭৬) এজন প্ৰাক্তন প্ৰথম শ্ৰেণীৰ ভাৰতীয় ক্ৰিকেটাৰ। অসমৰ গুৱাহাটীত পৰাগ দাসৰ জন্ম হৈছিল। তেওঁ অসম, ৰে’লৱে’ আৰু পূব মণ্ডল ক্ৰিকেট দলক প্ৰতিনিধিত্ব কৰিছিল। তেওঁ এজন সোঁহাতৰ বেটছমেন আছিল আৰু সোঁহাতেৰে মধ্যমীয়া গতিৰে বলিং কৰিছিল।
-
অমৰ সিং (ক্ৰিকেটাৰ)
লাধাভাই নাকুম অমৰ সিং ল'ধা (৪ ডিচেম্বৰ ১৯১০ – ২১ মে' ১৯৪০) এজন ভাৰতীয় টে'ষ্ট ক্ৰিকেটাৰ আছিল। সোঁহতীয়া বেগী বলাৰ আৰু পটু ল'ৱাৰ অৰ্ডাৰ বেট্ছমেন অমৰ সিঙে দ্বিতীয় বিশ্বযুদ্ধৰ পূৰ্বে ভাৰতৰ হৈ সাতখন টে'ষ্ট মেট্ছ খেলিছিল। সেইকেইখনত তেওঁ ২৮টা উইকেট দখল কৰিছিল।
-
আবু নেচিম
আবু নেচিম (Abu Nechim) অসমৰ এজন ক্ৰিকেটাৰ। আবু অসমৰ এজন অন্যতম সফল পেচবলাৰ। তেখেতৰ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত অভিষেক ঘটে মধ্য প্ৰদেশৰ বিৰুদ্ধে ইন্দোৰত ২০০৫ বৰ্ষৰ ৰঞ্জি ট্ৰফিত। তেওঁ ২০১০ ৰ পৰা ২০১৩ চনলৈ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ মুম্বাই ইণ্ডিয়ানছ দলৰো সদস্য আছিল।
-
চুনী গোস্বামী
চুনী গোস্বামী (Chuni Goswami; ১৯৩৮–২০২০) এগৰাকী ভাৰতীয় ক্ৰিকেট আৰু ফুটবল খেলুৱৈ। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বহু খেলত যোগ দি তেওঁ সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল। ১৯৬০ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত তেওঁ ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। ফুটবলৰ লগতে ক্ৰিকেটতো তেওঁ সমানে পাৰদৰ্শিতা দেখুৱাইছিল।
-
মহম্মদ নিছাৰ
শ্বেইখ মহম্মদ নিছাৰ (Mohammad Nissar; (জন্ম ১ আগষ্ট ১৯১০, মৃত্যু ১১ মাৰ্চ ১৯৬৩) বিভাজনৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট দলৰ হৈ তথা ব্ৰিটিছ শাসিত ভাৰত আৰু পাকিস্তানৰ ঘৰুৱা দলৰ হৈ খেলা এজন বেগী বলাৰ। হ'চিয়াৰপুৰ, পঞ্জাবত জন্মলাভ কৰা এইজন খেলুৱৈক পূৰ্ব-বিভাজিত ভাৰতৰ সকলোতকৈ বেগী বলাৰ বুলি গণ্য কৰা হৈছিল।
-
মহম্মদ শ্বামি
মহম্মদ শ্বামি আহমেদ (জন্ম: ৩ ছেপ্টেম্বৰ ১৯৯০) এজন ভাৰতীয় আন্তৰ্জাতিক ক্ৰিকেটাৰ আৰু তেওঁ ঘৰুৱা ক্ৰিকেটত বংগক প্ৰতিনিধিত্ব কৰে। তেওঁ এজন সোঁহতীয়া বেগী-মধ্যমবেগী ছুইং আৰু ছীম বলাৰ আৰু তেওঁ একেৰাহে ১৪০ কি.মি. প্ৰতি ঘণ্টা বেগত বলিং কৰিব পাৰে। এজন 'ৰিভাৰ্ছ ছুইং বিশেষজ্ঞ' হিচাপেও তেওঁ জনাজাত।
-
যশপ্ৰীত বুমৰাহ
যশপ্ৰীত যশবীৰসিং বুমৰাহ (Jasprit Jasbirsingh Bumrah, জন্ম: ৬ ডিচেম্বৰ ১৯৯৩) ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ৷ তেওঁ ভাৰতীয় ক্ৰিকেট দলক প্ৰতিনিধিত্ব কৰি ক্ৰিকেটৰ সকলো শৈলীৰ খেলতে অংশগ্ৰহণ কৰি আহিছে।
-
ৰবীন্দ্ৰ জাদেজা
ৰবীন্দ্ৰসিং অনিৰুদ্ধসিং জাদেজা (জন্ম ৬ ডিচেম্বৰ ১৯৮৮) হৈছে এগৰাকী ভাৰতীয় ক্ৰিকেটাৰ, যি বৰ্তমান ভাৰতীয় ৰাষ্ট্ৰীয় দলত এদিনীয়া আৰু টেষ্ট ফৰ্মেটত প্ৰতিনিধিত্ব কৰে। তেওঁ এগৰাকী অলৰাউণ্ডাৰ, বাওঁহাতি ব্যাটিং আৰু বাওঁহাতি অৰ্থ’ডক্স স্পিন বোলিং কৰে।
-
ইৰফান পাঠান
ইৰফান পাঠান (Irfan Pathan); এজন প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ, ক্ৰিড়া বিশ্লেষক,ক্ৰীড়া মন্তব্যকাৰী। তেওঁ গুজৰাটৰ এটি সাধাৰণ পৰিয়ালত জন্ম লাভ কৰে।
-
উমেশ যাদৱ
উমেশকুমাৰ তিলক যাদৱ (उमेश टिळक यादव, জন্ম ২৫ অক্টোবৰ ১৯৮৭) এজন ভাৰতীয় ক্ৰিকেটাৰ। ঘৰুৱা ক্ৰিকেটত তেওঁ বিদৰ্ভৰ হৈ খেলে। সোঁহতীয়া বেগী বলাৰ যাদৱে ২০০৮ চনৰপৰা বিদৰ্ভ দলৰ হৈ খেলি আহিছে আৰু এই দলৰপৰা ভাৰতীয় জাতীয় টেষ্ট ক্ৰিকেট দলত স্থান পোৱা প্ৰথম খেলুৱৈ।
-
বীৰেন্দ্ৰ সেহৱাগ
বীৰেন্দ্ৰ সেহৱাগ ( वीरेन्द्र सहवाग), (জন্ম: ২০ অক্টোবৰ ১৯৭৮) ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ এজন প্ৰখ্যাত খেলুৱৈ। বীৰু, নাজাফগড়ৰ নবাব আৰু আধুনিক ক্ৰিকেটৰ জেন মাষ্টাৰ নামেৰেও তেওঁ পৰিচিত। ১৯৯৯ চনত এদিনীয়া আন্তৰ্জাতিক মেচত তেওঁৰ অভিষেক ঘটে আৰু ২০০১ চনত ভাৰতীয় টেষ্ট ক্ৰিকেট দলত স্থান লাভ কৰে।
-
বৈভৱ সূৰ্যবংশী
বৈভৱ সূৰ্যবংশী (Vaibhav Suryavanshi,জন্ম: ২৭ মাৰ্চ ২০১১) এজন ভাৰতীয় ক্ৰিকেটাৰ। তেওঁ বিহাৰৰ হৈ ঘৰুৱা ক্ৰিকেট আৰু ৰাজস্থান ৰয়েলছৰ হৈ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ খেলে। বাওঁহতীয়া বেটছমেন হিচাপে ২০২৪ চনৰ জানুৱাৰী মাহত তেওঁ প্ৰথম শ্ৰেণীৰ খেলত অভিষেক ঘটায়।
-
যশপাল শৰ্মা
যশপাল শৰ্মা (; ১১ আগষ্ট ১৯৫৪ – ১৩ জুলাই ২০২১) এজন ভাৰতীয় আন্তঃ ৰাষ্ট্ৰীয় ক্ৰিকেট খেলুৱৈ। ৭০/৮০ৰ দশকৰ তেওঁ এজন বিধ্বংসী মিড্ল অৰ্ডাৰ বেটছ্মেন আছিল। ১৯৮৩ চনত বিশ্বকাপ জয় কৰা ভাৰতীয় ক্ৰিকেট দল তেওঁ এজন সদস্য আছিল তেওঁ ১৯৭৮ চনৰপৰা ১৯৮৫ চনলৈ ৩৭খন টেষ্ট মেচ, ৪২খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয়(ODI) খেলিছে।
-
শিখৰ ধৱন
শিখৰ ধৱন (জন্ম ৫ অক্টোবৰ ১৯৮৫) ভাৰতৰ এজন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ। তেওঁ এজন বাওঁহতীয়া অ'পেনাৰ আৰু সোঁহতীয়া অফ ব্ৰে'ক বলাৰ। ভাৰতৰ জ্যেষ্ঠ দলত খেলাৰ আগেয়ে তেওঁ ভাৰতৰ অনুৰ্দ্ধ-১৭ আৰু অনুৰ্দ্ধ-১৯ দলৰ হৈ খেলিছিল আৰু ২০০৪ চনৰ আই চি চি অনুৰ্দ্ধ-১৯ বিশ্বকাপৰ তেওঁ সৰ্বাধিক ৰাণ সংগ্ৰহকৰোঁতা আছিল।
-
সঞ্জু ছেমছন
সঞ্জু বিশ্বনাথ ছেমছন (Sanju Viswanath Samson জন্ম:১১ নৱেম্বৰ ১৯৯৪) এজন ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ, যি ঘৰুৱা ক্ৰিকেটত কেৰালা আৰু ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত ৰাজস্থান ৰয়েলছৰ অধিনায়ক হিচাপে খেলে৷ তেওঁ উইকেট কীপাৰ বেটছমেন হিচাপেও এই খেলসমূহত নিজৰ ভূমিকা পালন কৰিছে৷ পূৰ্বে কেৰালা প্ৰিমিয়াৰ লীগ…
-
সুৰেশ ৰাইনা
সুৰেশ ৰাইনা (; জন্ম ২৭ নৱেম্বৰ ১৯৮৬) এজন ভাৰতীয় ক্ৰিকেটাৰ। তেওঁ এজন আক্ৰমণাত্মক বাওঁহতীয়া মিডল-অৰ্ডাৰ বেট্ছমেন আৰু এজন অনিয়মীয়া অফ-স্পিন বলাৰ। উত্তৰ প্ৰদেশ দলৰ হৈ তেওঁ আটাইকেইবিধ ঘৰুৱা ক্ৰিকেটত খেলে আৰু ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত চেন্নাই চুপাৰ কিংচ দলৰ তেওঁ সহ-অধিনায়ক।
-
ৰিংকু সিং
ৰিংকু খানচান্দ সিং (Rinku Khanchand Singh; জন্ম: ১২ অক্টোবৰ ১৯৯৭) এজন ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ। তেওঁ বাওঁহতীয়া মিডল অৰ্ডাৰ বেটছমেন। ২০২৩ চনৰ আগষ্ট মাহত আয়াৰলেণ্ডৰ বিৰুদ্ধে দ্য ভিলেজত খেলি ভাৰতৰ হৈ তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটায়।
-
আকাশ দীপ
আকাশ দীপ (Akash Deep; জন্ম:-১৫ ডিচেম্বৰ ১৯৯৬) এজন ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ। তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ হৈ, ঘৰুৱা ক্ৰিকেটত বংগ ক্ৰিকেট দলৰ হৈ, ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ হৈ আৰু বেংগল প্ৰ’ টি-২০ লীগত চাৰ্ভোটেক চিলিগুৰি ষ্ট্ৰাইকাৰছৰ হৈ…