সৌৰভ চণ্ডীদাস গাংগুলী (Sourav Chandidas Ganguly, সৌব়ভ গঙ্গোপাধ্যায়) এজন ভাৰতীয় ক্ৰিকেটাৰ আৰু ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক। তেওঁক ভাৰতৰ সফলতম টেষ্ট ক্ৰিকেট অধিনায়ক বুলি বিবেচিত কৰা হৈছে।১ গাংগুলীৰ অধিনায়কত্বত ভাৰতে ৪৯ টেষ্ট মেচৰ ভিতৰত ২১টা মেচত জয়লাভ কৰে। ২০০৩ চনৰ ক্ৰিকেট বিশ্বকাপত তেওঁৰ অধিনায়কত্বত ভাৰত ফাইনেল খেলাৰ সুযোগ পাইছিল। আন্তৰ্জাতিক ক্ৰিকেটত তেওঁ এজন বিখ্যাত ব্যক্তি। আন্তৰ্জাতিক ক্ৰিকেটত গাংগুলীৰ ৰাণ সংখ্যা ১১হেজাৰতকৈ অধিক। ২০০৮ চনৰ ৭ অক্টোবৰত তেঁও ঘোষণা কৰিছিল যে এই মাহৰ পৰা আৰম্ভ হোৱা টেষ্ট ক্ৰিকেট হ'ব তেঁওৰ জীৱনৰ অন্তিম ক্ৰিকেট। সৌৰভ তেঁওৰ ককাইয়েকৰ সহায়ত ক্ৰিকেটত প্ৰতিষ্ঠিত হ'ব পাৰিছিল। গাংগুলী প্ৰথমতে স্কুল আৰু ৰাজ্যৰ প্ৰতিনিধিত্বত ক্ৰিকেট খেলি সফলতা অৰ্জন কৰিছিল তেওঁৰ এই সফলতাৰ কাৰণে পৰৱৰ্তী সময়ত তেওঁ আন্তৰ্জাতিক ক্ৰিকেট খেলাৰ সুযোগ পাইছিল। গাংগুলী ৩১১খন এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট মেচ খেলি সৰ্বমুঠ ১১৩৬৩ ৰান সংগ্ৰহ কৰিছিল। তেঁও ১১৬টা টেষ্ট মেচ খেলি মুঠ ৭২১২ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল। তেওঁ ভাৰতৰ নেতৃত্বত ১৪৬খন এদিনিয়া আন্তৰ্জাতিক মেচ খেলিছিল যাৰ মাজত ৭৬খন খেলত বিজয়ী হৈছিল। গাংগুলী ভাল বেটছমেন আৰু লগতে মিডিয়াম পেচ বলাৰ আছিল। এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট মেচত ১০০ আৰু টেষ্ট মেচত ৩২টা উইকেট সংগ্ৰহ কৰিছিল। ২০০৮ চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলাৰ পিছত তেওঁ ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে। ২০০৮, ২০০৯, ২০১০ চনৰ আই,পি,এল খেলত কলকাতা নাইট ৰাইডাৰ্ছৰ দলত তেঁও অংশগ্ৰহণ কৰিছিল। ২০০৮-১০ বৰ্ষত গাংগুলীয়ে এই দলটোৰ নেতৃত্ব দিছিল।
জীৱনী
১৯৭২ চনৰ ৮ জুলাই তাৰিখে ভাৰতৰ পশ্চিমবংগৰ কলিকতাৰ বেহেলাত সৌৰভ গাংগুলীৰ জন্ম হয়। তেঁওৰ পিতৃৰ নাম চণ্ডিদাস গঙ্গোপাধ্যায় আৰু মাতৃৰ নাম নিৰুপা গঙ্গোপাধ্যায়।২৩
অধিনায়কৰ পৰিসংখ্যা
| টেষ্ট মেছত অধিনায়কত্বৰ কেৰিয়াৰ |
| স্থান | বৰ্ষ | খেল | জয় | পৰাজয় | টাই | ড্ৰ |
|---|
| ঘৰুৱা খেলপথাৰত | ২০০০–২০০৫ | ২১ | ১০ | ৩ | ০ | ৮ ৪ |
| বাহিৰা খেলপথাৰত | ২০০০–২০০৫ | ২৮ | ১১ | ১০ | ০ | ৭৫ |
| মুঠ | ২০০০–২০০৫ | ৪৯ | ২১ | ১৩ | ০ | ১৫৬ |
| এদিনীয়া খেলত অধিনায়কত্বৰ পৰিসংখ্যা |
| স্থান | বৰ্ষ | খেল | জয় | পৰাজয় | টাই | অমীমাংসিত |
|---|
| ভাৰতৰ (ঘৰুৱা স্থান)ত | ২০০০–২০০৫ | ৩৬ | ১৮ | ১৮ | ০ | ০৭ |
| বাহিৰা খেলপথাৰত | ২০০০–২০০৫ | ৫১ | ২৪ | ২৪ | ০ | ৩৮ |
| Neutral স্থানত | ১৯৯৯–২০০৫ | ৫৯ | ৩৪ | ২৩ | ০ | ২৯ |
| সৰ্বমুঠ | ১৯৯৯–২০০৫ | ১৪৬ | ৭৬ | ৬৫ | ০ | ৫১০ |
| অধিনায়ক হৈ থকাৰ সময়ছোৱাত কেৰিয়াৰৰ পৰিসংখা (টেষ্ট মেছত) |
| স্থান | বৰ্ষ | খেল | ৰাণ | সৰ্ব্বোচ্চ ৰাণ | বেটিং গড় | ১০০ | উইকেট | BBI | বলিং গড় | ৫ উইকেট | কেটছ | ষ্টাম্পিং |
|---|
| ঘৰুৱা খেলপথাৰত | ২০০০–২০০৫ | ২১ | ৮৬৮ | ১৩৬ | ২৯.৯৩ | ২ | ৩ | ১/১৪ | ৭৮.০০ | ০ | ২৪ | ০১১ |
| বাহিৰা খেলপথাৰত | ২০০০–২০০৫ | ২৮ | ১৬৯৩ | ১৪৪ | ৪৩.৪১ | ৩ | ২ | ২/৬৯ | ১৯৩.০০ | ০ | ১৩ | ০১২ |
| সৰ্বমুঠ | ২০০০–২০০৫ | ৪৯ | ২৫৬১ | ১৪৪ | ৩৭.৬৬ | ৫ | ৫ | ২/৬৯ | ১২৪.০০ | ০ | ৩৭ | ০১১ |
| অধিনায়ক হৈ থকাৰ সময়ছোৱাত কেৰিয়াৰৰ পৰিসংখা (এদিনীয়া খেলত) |
| স্থান | বৰ্ষ | খেল | ৰাণ | সৰ্ব্বোচ্চ ৰাণ | বেটিং গড় | ১০০ | উইকেট | BBI | বলিং গড় | ৫ উইকেট | কেটছ | ষ্টাম্পিং |
|---|
| ঘৰুৱা স্থানত | ২০০০–২০০৫ | ৩৬ | ১৪৬৩ | ১৪৪ | ৪৩.০২ | ২ | ১৬ | ৫/৩৪ | ৩০.৮৭ | ১ | ১৪ | ০১৩ |
| বাহিৰা খেলপথাৰত | ২০০০–২০০৫ | ৫১ | ১৫৪৫ | ১৩৫ | ৩২.১৮ | ২ | ১৫ | ৩/২২ | ৩৯.২৬ | ০ | ২৩ | ০১৩ |
| Neutral স্থানত | ২০০০–২০০৫ | ৬০ | ২০৯৬ | ১৪১ | ৪১.৯২ | ৭ | ১৫ | ৩/৩২ | ৪৩.২০ | ০ | ২৪ | ০১৩ |
| সৰ্বমুঠ | ২০০০–২০০৫ | ১৪৭ | ৫১০৪ | ১৪৪ | ৩৮.৬৬ | ১১ | ৪৬ | ৫/৩৪ | ৩৭.৬৩ | ১ | ৬১ | ০১৩ |
বাহ্যিক সংযোগ