সুৰেশ ৰাইনা (; জন্ম ২৭ নৱেম্বৰ ১৯৮৬) এজন ভাৰতীয় ক্ৰিকেটাৰ। তেওঁ এজন আক্ৰমণাত্মক বাওঁহতীয়া মিডল-অৰ্ডাৰ বেট্ছমেন আৰু এজন অনিয়মীয়া অফ-স্পিন বলাৰ। উত্তৰ প্ৰদেশ দলৰ হৈ তেওঁ আটাইকেইবিধ ঘৰুৱা ক্ৰিকেটত খেলে আৰু ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত চেন্নাই চুপাৰ কিংচ দলৰ তেওঁ সহ-অধিনায়ক। ভাৰতীয় দলৰো তেওঁ দুই-এখন খেলত নেতৃত্ব দিছে আৰু তেওঁ দ্বিতীয় কমবয়সীয়া ভাৰতীয় অধিনায়ক। আন্তৰ্জাতিক ক্ৰিকেটৰ তিনিওবিধ খেলত শতৰাণ কৰা তেওঁ একমাত্ৰ ভাৰতীয় খেলুৱৈ।১
২০০৫ চনত ১৮ বছৰ বয়সত তেওঁ শ্ৰীলংকাৰ বিৰুদ্ধে এদিনীয়া ক্ৰিকেটত আত্মপ্ৰকাশ কৰে। কিন্তু তাৰ ৫ বছৰৰ পাছতহে ২০১০ চনত শ্ৰীলংকাৰ বিৰুদ্ধেই তেওঁৰ টেষ্ট অভিষেক ঘটে। প্ৰথম টেষ্টতে তেওঁ শতৰাণ (১২০) সংগ্ৰহ কৰে। টেষ্ট অভিষেকৰ আগত সৰ্বাধিক এদিনীয়া খেলাৰ অভিলেখ তেওঁৰ হাতত আছে। তেওঁ ২০১১ চনৰ বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ তেওঁ সদস্য আছিল। ইণ্ডিয়ান প্ৰীমিয়াৰ লীগত সৰ্বাধিক ৰাণ আৰু সৰ্বাধিক কেচ্চৰ অভিলেখো তেওঁৰ নামত আছে। চেম্পিয়ন্ছ লীগ টুৱেণ্টি২০তো তেওঁ সৰ্বাধিক ৰাণৰ অভিলেখ গঢ়ে।১২
কৃতিত্ব
- তিনিওবিধ আন্তৰ্জাতিক ক্ৰিকেটত শতৰাণ কৰা তেওঁ একমাত্ৰ ভাৰতীয়।
- ভাৰতীয় দলক নেতৃত্ব দিয়া তেওঁ দ্বিতীয় কমবয়সীয়া খেলুৱৈ (২৩ বছৰ) আৰু যিকোনো আন্তৰ্জাতিক ক্ৰিকেট দলক নেতৃত্ব দিয়া তেওঁ দ্বাদশ কমবয়সীয়া খেলুৱৈ।
- টেষ্ট অভিষেকত শতৰাণ কৰা তেওঁ দ্বাদশ ভাৰতীয়।
- আই পি এলত ৩০০০ ৰাণ কৰা তেওঁ একমাত্ৰ খেলুৱৈ।
- আই পি এলত সৰ্বাধিক কেচ্চ (৫২ টা) ধৰা খেলুৱৈ।
- আই পি এলত ১০০টা ছয় কোবোৱা তেওঁ দ্বিতীয় খেলুৱৈ আৰু প্ৰথম ভাৰতীয় খেলুৱৈ।
- প্ৰতিখন আই পি এলত ৪০০ ৰাণ কৰা তেওঁ প্ৰথম আৰু একমাত্ৰ খেলুৱৈ।
- আই পি এল, চেম্পিয়ন্ছ লীগ টি২০ আৰু টুৱেণ্টি২০ আন্তৰ্জাতিকত শতৰাণ কৰা তেওঁ প্ৰথম আৰু একমাত্ৰ ভাৰতীয় খেলুৱৈ।
- আই চি চি পুৰুষ টুৱেণ্টি২০ বিশ্বকাপত শতৰাণ কৰা তেওঁ একমাত্ৰ ভাৰতীয় খেলুৱৈ।
- টুৱেণ্টি২০ আন্তৰ্জাতিকত শতৰাণ কৰা তেওঁ বিশ্বৰ তৃতীয় খেলুৱৈ।
- আই পি এলত সৰ্বাধিক ষ্ট্ৰাইক ৰেট তেওঁৰ নামত আছে।
- তেওঁ চেম্পিয়ন্ছ লীগ টুৱেণ্টি২০ত সৰ্বাধিক ৰাণ কৰা খেলুৱৈ।
- ২০০খন এদিনীয়া আন্তৰ্জাতিক খেলা তেওঁ দ্বাদশ ভাৰতীয়।
- এদিনীয়া আন্তৰ্জাতিকত ৫০০০ ৰাণ কৰা তেওঁ একাদশ ভাৰতীয় খেলুৱৈ।
- চেন্নাই চুপাৰ কিংচ দলে খেলা প্ৰতিখন খেলতে তেওঁ খেলিছে।
(তথ্য১২) (অভিলেখ সম্পাদনা- ১৪ মাৰ্চ ২০১৫)
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Suresh Raina. ESPN Cricinfo
- ↑ type=trophy Indian Premier League/Records. ESPN Cricinfo
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুৰেশ ৰাইনা” প্ৰবন্ধৰ সংশোধন ৫৭০১৩৯ (১৫ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।