মহম্মদ শ্বামি আহমেদ (জন্ম: ৩ ছেপ্টেম্বৰ ১৯৯০) এজন ভাৰতীয় আন্তৰ্জাতিক ক্ৰিকেটাৰ আৰু তেওঁ ঘৰুৱা ক্ৰিকেটত বংগক প্ৰতিনিধিত্ব কৰে। তেওঁ এজন সোঁহতীয়া বেগী-মধ্যমবেগী ছুইং আৰু ছীম বলাৰ আৰু তেওঁ একেৰাহে ১৪০ কি.মি. প্ৰতি ঘণ্টা বেগত বলিং কৰিব পাৰে।১ এজন 'ৰিভাৰ্ছ ছুইং বিশেষজ্ঞ' হিচাপেও তেওঁ জনাজাত।২ ২০১৩ চনৰ জানুৱাৰী মাহত পাকিস্তানৰ বিপক্ষে এদিনীয়াত আত্মপ্ৰকাশ কৰে আৰু সেইখন খেলত তেওঁ অভিলেখসংখ্যক চাৰি অ'ভাৰ মেইডেন কৰে। একে বছৰৰে নৱেম্বৰ মাহত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্ট অভিষেকত তেওঁ ৫ উইকেট দখল কৰে।
প্ৰাৰম্ভিক জীৱন
শ্বামিৰ জন্ম হয় উত্তৰ প্ৰদেশৰ মোৰাদাবাদৰ চাহচপুৰ গাঁৱত। তেওঁৰ দেউতাক তৌচিফ আলি এজন খেতিয়ক আৰু ডেকা বয়সত তেৱোঁ এজন বেগী বলাৰ আছিল। শ্বামিৰ এগৰাকী ভগ্নী আৰু তিনিজন ককাই-ভাই আছে। গোটেইকেইজন ককাই-ভায়েই বেগী বলাৰ আশা পুহিছিল।৩ ২০০৫ চনত দেউতাকে শ্বামিৰ প্ৰতিভাৰ উমান পাই গাঁৱৰপৰা ২২ কি.মি. নিলগৰ মোৰাদাবাদত থকা এজন প্ৰশিক্ষক বদৰুদ্দিন ছিদ্দিকিৰ ওচৰলৈ লৈ যায়। তাতে প্ৰশিক্ষণ লৈ থকা শ্বামিয়ে উত্তৰ প্ৰদেশ অনূৰ্ধ্ব-১৯ দলত স্থান নোপোৱাত ছিদ্দিকিয়ে তেওঁক কলকাতালৈ পঠায় আৰু তাতে তেওঁ 'ডেলহাউচি এথলেটিক ক্লাব'ত খেলিবলৈ লয় আৰু তাৰপৰাই তেওঁ লাহে লাহে বংগ অনূৰ্ধ্ব-২২ দলত স্থান পায়।৪
টেষ্টৰ এক ইনিংছত ৫ উইকেট
| মহম্মদ শ্বামিৰ টেষ্টত ৫-উইকেট দখলসমূহ | |||||||||
|---|---|---|---|---|---|---|---|---|---|
| নং | প্ৰদৰ্শন | খেল | অ'ভাৰ | মেইডেন | বিপক্ষ | H/A | স্থান | চন | ফলাফল |
| ১ | ৫-৪৭ | ১ | ১৩.১ | ০ | ঘৰুৱা | ইডেন গাৰ্ডেন ষ্টেডিয়াম, কলিকতা, ভাৰত | ২০১৩ | বিজয়ী | |
| ২ | ৫-১১২ | ১২ | ২৮.৩ | ৩ | বিদেশ | ছিডনী ক্ৰিকেট গ্ৰাউণ্ড, ছিডনী, অষ্ট্ৰেলিয়া | ২০১৫ | ড্ৰ |
পুৰস্কাৰ
এদিনীয়া মেন অৱ দ্য মেচ
| নং | বিপক্ষ | স্থান | তাৰিখ | প্ৰদৰ্শন | ফলাফল |
|---|---|---|---|---|---|
| ১ | ফিৰোজ শ্বাহ কোটলা গ্ৰাউণ্ড, দিল্লী, ভাৰত | ১১ অক্টোবৰ ২০১৪ | ৯.৩ অ'ভাৰ, ৩৬ ৰাণ, ৪ উইকেট | বিজয়ী ৫ | |
| ২ | WACA গ্ৰাউণ্ড, পাৰ্থ, অষ্ট্ৰেলিয়া | ৬ মাৰ্চ ২০১৫ | ৮ অ'ভাৰ, ৩৫ ৰাণ, ৩ উইকেট | বিজয়ী৬ |
আৰু চাওক
- অভিষেক টেষ্টত ইনিংছত ৫ উইকেট লোৱা ভাৰতীয় বলাৰসকল
তথ্যসূত্ৰ
- ↑ His 'Deceptive' pace earns praise
- ↑ The rise and rise of Mohammed Shami, in his own words. NDTV
- ↑ Laha, Somshuvra. Farmer's son Mohammad Shami swings it for team India. Hindustan Times
- ↑ Shami's rise from small-time club to country. ESPNcricinfo
- ↑ India v West Indies at Delhi, Oct 11, 2014
- ↑ (March 6, 2015). India vs West Indies,CWC, 2015. India Today
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহম্মদ শ্বামি” প্ৰবন্ধৰ সংশোধন ৫৭০১২৭ (১৫ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।