অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

উমেশ যাদৱ

উমেশকুমাৰ তিলক যাদৱ (उमेश टिळक यादव, জন্ম ২৫ অক্টোবৰ ১৯৮৭) এজন ভাৰতীয় ক্ৰিকেটাৰ। ঘৰুৱা ক্ৰিকেটত তেওঁ বিদৰ্ভৰ হৈ খেলে। সোঁহতীয়া বেগী বলাৰ যাদৱে ২০০৮ চনৰপৰা বিদৰ্ভ দলৰ হৈ খেলি আহিছে আৰু এই দলৰপৰা ভাৰতীয় জাতীয় টেষ্ট ক্ৰিকেট দলত স্থান পোৱা প্ৰথম খেলুৱৈ।

হালনাগাদ: ১২ ফেব্ৰুৱাৰী ২০২৬ ২৪৪ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

উমেশকুমাৰ তিলক যাদৱ (उमेश टिळक यादव, জন্ম ২৫ অক্টোবৰ ১৯৮৭) এজন ভাৰতীয় ক্ৰিকেটাৰ। ঘৰুৱা ক্ৰিকেটত তেওঁ বিদৰ্ভৰ হৈ খেলে। সোঁহতীয়া বেগী বলাৰ যাদৱে ২০০৮ চনৰপৰা বিদৰ্ভ দলৰ হৈ খেলি আহিছে আৰু এই দলৰপৰা ভাৰতীয় জাতীয় টেষ্ট ক্ৰিকেট দলত স্থান পোৱা প্ৰথম খেলুৱৈ। ২০১০ চনৰ মে'ত জিম্বাবৱেৰ বিৰুদ্ধে এদিনীয়া ক্ৰিকেটত তেওঁৰ অভিষেক ঘটে। একে বছৰৰে নৱেম্বৰ মাহত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তেওঁৰ টেষ্ট অভিষেক ঘটে। 'গেম্‌ছ আনলিমিটেড' নামৰ কোম্পানীটোৱে তেওঁৰ পেছাদাৰী কেৰিয়াৰ পৰিচালনা কৰে।১২ তেওঁ বৰ্তমান ভাৰতীয় দলৰ আটাইতকৈ বেগী বলাৰ আৰু তেওঁৰ সৰ্বোচ্চ বেগ ১৫৪.৮ কিলোমিটাৰ প্ৰতি ঘণ্টা।৩

ব্যক্তিগত জীৱন

যাদৱৰ দেউতাক উত্তৰ প্ৰদেশৰ দেওৰিয়া জিলাৰ এজন কয়লা খনিৰ শ্ৰমিক আছিল। মহাৰাষ্ট্ৰৰ নাগপুৰ জিলাৰ এখন শ্ৰমিক গাঁৱত যাদৱ ডাঙৰ-দীঘল হয়। পেছাদাৰী ক্ৰিকেট খেলাৰ পূৰ্বে যাদৱে সেনাবাহিনী আৰু আৰক্ষী সেৱাত ভৰ্তি হ'বলৈ চেষ্টা কৰি ব্যৰ্থ হৈছিল। ২০১৩ চনৰ ২৯ মে'ত দিল্লীৰ ফেশ্বন ডিজাইনাৰ তানিয়া ৱাধৱাৰ লগত বিবাহপাশত আৱদ্ধ হয়।৪

কেৰিয়াৰৰ আৰম্ভণি

টেনিছ বল ক্ৰিকেট খেলা যাদৱে চামৰাৰ বলেৰে অনুশীলন আৰম্ভ কৰে আৰু সোনকালেই ঘৰুৱা ক্ৰিকেটৰ ২০০৭-০৮ বৰ্ষৰ ৰঞ্জি ট্ৰফীৰ প্লেট লীগত তেওঁ তুলনামূলকভাৱে দুৰ্বল বিদৰ্ভ দলত স্থান পায়। বিদৰ্ভ দলৰ অধিনায়ক প্ৰীতম গান্ধীয়ে যাদৱক সহায় কৰে আৰু এক টুৱেণ্টি২০ প্ৰতিযোগিতাত 'এয়াৰ ইণ্ডিয়া' দলত যাদৱক স্থান দিয়ায়।৫ ২০০৮ চনৰ ৩ নৱেম্বৰত ৰঞ্জি ট্ৰফীত বিদৰ্ভ দলৰ হৈ মধ্য প্ৰদেশৰ বিৰুদ্ধে যাদৱৰ প্ৰথম শ্ৰেণী ক্ৰিকেটত অভিষেক ঘটে।৬

ইণ্ডিয়ান প্ৰীমিয়াৰ লীগ

২০০৮ চনত দেল্হি ডেয়াৰডেভিল্‌ছ দলে তেওঁক $৩০,০০০ ত ক্ৰয় কৰে।৭ ২০১০ চনৰ আই পি এলত যাদৱৰ অভিষেক ঘটে আৰু সেইবাৰ তেওঁ ৬খন খেলত ৩০.৬৬ গড়ে ৬টা উইকেট দখল কৰে।৮৯ ২০১৪ চনত তেওঁ কলকাতা নাইট ৰাইডাৰ্ছ দললৈ আহে।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ আৰ্কাইভ কপি
  2. ↑ আৰ্কাইভ কপি
  3. ↑ Monga, Sidharth. (21 January 2012). Yadav stands tall amid the rubble. ESPNcricinfo
  4. ↑ (16 April 2013). Umesh Yadav to tie knot with Delhi girl Tanya. Times of India
  5. ↑ Purohit, Abhishek. (8 June 2012). The fast track from Khaparkheda. ESPNcricinfo
  6. ↑ Madhya Pradesh v Vidarbha: Ranji Trophy 2008/09 (Plate Group B). CricketArchive
  7. ↑ Ramakrishnan, Madhusudhan. (10 January 2011). The big gainers and losers. ESPNcricinfo
  8. ↑ Bowling in Indian Premier League 2009/10 (ordered by wickets). CricketArchive
  9. ↑ Batting and fielding in Indian Premier League 2009/10 (ordered by average). CricketArchive

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় ক্ৰিকেটাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উমেশ যাদৱ” প্ৰবন্ধৰ সংশোধন ৫৭৬৯৫৩ (১২ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।