ভাৰতীয় ক্ৰিকেটাৰ
৪০ প্ৰবন্ধ
-
ক্ৰান্তি গৌড়
ক্ৰান্তি গৌড় ( ইংৰাজী: Kranti Gaud; জন্ম: ১১ আগষ্ট ২০০৩) এগৰাকী ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ। ঘৰুৱা ক্ৰিকেটত মধ্যপ্ৰদেশ আৰু মহিলা প্ৰিমিয়াৰ লীগত ইউ পি ৱাৰিয়ৰ্জক তেওঁ প্ৰতিনিধিত্ব কৰে।. ২০২৫ চনৰ মহিলা ক্ৰিকেট বিশ্বকাপত জয়ী হোৱা ভাৰতীয় দলটোৰ তেওঁ প্ৰতিনিধি আছিল।
-
চেলিম ডুৰানি
চেলিম আজিজ ডুৰানি (১১ ডিচেম্বৰ ১৯৩৪ - ২ এপ্ৰিল ২০২৩) এজন প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ আছিল৷ তেওঁ ১৯৬০ চনৰ পৰা ১৯৭৩ চনলৈ ২৯খন টেষ্ট মেট্চ খেলিছিল। অল-ৰাউণ্ডাৰ হিচাপে খেলা ডুৰানি এজন ধীৰ গতিৰ বাওঁহতীয়া বলাৰ আৰু বাওঁহতীয়া বেটাৰ আছিল।
-
জাভেদ জামান
জাভেদ জামান (ইংৰাজী: Javed Zaman; জন্ম: ৮ আগষ্ট ১৯৭৬) হৈছে অসমৰ এজন ভাৰতীয় প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰ। তেওঁ অসম আৰু ৰেলৱে দলৰ হৈ খেলিছিল। তেওঁ এজন সোঁহতীয়া বেটছমেন আৰু সোঁহতীয়া মাধ্যম-গতিৰ বলাৰ। তেওঁক অসমৰ অন্যতম শ্ৰেষ্ঠ দ্ৰুত বলাৰ হিচাপে গণ্য কৰা হয়।
-
জিণ্টিমণি কলিতা
জিণ্টিমণি কলিতা (ইংৰাজী: Jintimani Kalita; জন্ম: ২৫ ডিচেম্বৰ ২০০৩) এগৰাকী ভাৰতীয় ক্ৰিকেটাৰ। তেওঁ অসম আৰু মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলে। তেওঁ সোঁহতীৰ মধ্যম গতিৰ বলাৰ আৰু বাওঁহতীৰ বেটছমেন হিচাপে খেলে।
-
প্ৰীতম দাস
প্ৰীতম দাস (Pritam Das); এজন ভাৰতীয় তথা অসম দলৰ অন্যতম ক্ৰিকেট খেলুৱৈ। তেওঁ ঘৰুৱা ক্ৰিকেটত অসম ক্ৰিকেট দলৰ হৈ খেলিছিল॥দাসে সোঁহাতৰ বেগী-মধ্যমীয়া বলাৰ আছিল। তেওঁ ১৬ অক্টোৱৰ, ১৯৮৮ চনত অসমৰ শিলচৰত জন্মগ্ৰহণ কৰে।
-
যশস্বী জয়ছোৱাল
যশস্বী ভূপেন্দ্ৰ কুমাৰ জয়ছোৱাল (Yashasvi Jaiswal, জন্ম ২৮ ডিচেম্বৰ ২০০১) ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ যি ভাৰতীয় ক্ৰিকেট দলৰ হৈ টেষ্ট আৰু টি-২০ত খেলে।
-
সমৰজিৎ নাথ
সমৰজিৎ নাথ (ইংৰাজী: Samarjit Nath, জন্ম: ১ নৱেম্বৰ ১৯৮১) এগৰাকী ভাৰতীয় ক্ৰিকেটাৰ। তেওঁ এজন সোঁহাতীয়া বেটছমেন আৰু উইকেট-ৰক্ষক আছিল, যিয়ে অসম দলৰ হৈ খেলিছিল। তেওঁ বঙাইগাঁওত জন্মগ্ৰহণ কৰিছিল।
-
সুজয় তৰফদাৰ
সুজয় তাৰাফদাৰ (ইংৰাজী: Sujay Tarafdar, জন্ম: ৬ ডিচেম্বৰ ১৯৮৯) এগৰাকী ভাৰতীয় ক্ৰিকেটাৰ, যিয়ে অসম ক্ৰিকেট দলৰ হৈ খেলিছিল। তেওঁ বৰ্তমান বিলুপ্ত ইণ্ডিয়ান ক্ৰিকেট লীগ (ICL)-ত ৰয়েল বেংগল টাইগাৰ্ছ দলৰ হৈও প্ৰতিনিধিত্ব কৰিছিল। তেওঁ এজন সোঁহাতীয়া মিডিয়াম গতিৰ বলাৰ।
-
ৰবি বিষ্ণই
ৰবি বিষ্ণই (জন্ম ৫ ছেপ্টেম্বৰ ২০০০) এজন ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ। তেওঁ ভাৰতীয় ক্ৰিকেট দলৰ হৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত প্ৰতিনিধিত্ব কৰে। তেওঁ এজন Right-arm leg-break bowler। ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটায়।
-
ৰবি শাস্ত্ৰী
ৰবি শংকৰ জয়দৃত শাস্ত্ৰী (জন্ম ২৭ মে' ১৯৬২) এজন প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ আৰু ভাৰতীয় জাতীয় দলৰ প্ৰাক্তন অধিনায়ক। তেওঁ আছিল সোঁহাতৰ বেটছমেন আৰু বাওঁহাতৰ বলাৰ তথা অল ৰাউণ্ডাৰ। তেওঁৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ ১৮ বছৰ বয়সৰ পৰা আৰম্ভ হৈছিল আৰু ১২ বছৰ ধৰি চলিছিল।