ৰিংকু খানচান্দ সিং (Rinku Khanchand Singh; জন্ম: ১২ অক্টোবৰ ১৯৯৭)১ এজন ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ। তেওঁ বাওঁহতীয়া মিডল অৰ্ডাৰ বেটছমেন। ২০২৩ চনৰ আগষ্ট মাহত আয়াৰলেণ্ডৰ বিৰুদ্ধে দ্য ভিলেজত খেলি ভাৰতৰ হৈ তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটায়। সিঙে ঘৰুৱা ক্ৰিকেটত উত্তৰ প্ৰদেশৰ হৈ আৰু ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ত কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ খেলে।
প্ৰাথমিক জীৱন
পাঁচজন ভাই-ভনীৰ ভিতৰত ৰিংকু সিং তৃতীয়৷ তেওঁৰ এটা দুখীয়া পৰিয়ালত জন্ম হৈছিল৷ তেওঁৰ পিতৃ খানচন্দ্ৰ সিঙে এল পি জি বিতৰণ কোম্পানীত কাম কৰিছিল৷ জীৱনৰ আদিছোৱা সময়ত ৰিংকু সিঙ উত্তৰ প্ৰদেশৰ আলিগড়ৰ আলিগড় ষ্টেডিয়ামৰ ওচৰৰ দুকোঠলীয়া কোৱাৰ্টাৰত বাস কৰিছিল৷ থকাৰ ব্যৱস্থা তেওঁৰ পিতৃৰ মালিকে কৰি দিছিল।২
ঘৰুৱা ক্ৰিকেটত কেৰিয়াৰ
উত্তৰ প্ৰদেশ
সিঙে উত্তৰ প্ৰদেশক ১৬ বছৰ অনুৰ্ধ, ১৯ বছৰ অনুৰ্ধ আৰু ২৩ বছৰ অনুৰ্ধ পৰ্যায়ত প্ৰতিনিধিত্ব কৰিছিল৷ ১৯ বছৰ অনুৰ্ধ পৰ্যায়ত তেওঁ চেণ্ট্ৰেল জ'নৰ হৈ খেলিছিল।৩ ২০১৪ চনৰ মাৰ্চ মাহত ১৬ বছৰ বয়সত তেওঁ উত্তৰ প্ৰদেশৰ হৈ 'এ' তালিকা ক্ৰিকেটত অভিষেক ঘটায় আৰু সেই মেচত ৮৩ ৰান কৰি সৰ্বাধিক স্ক'ৰ কৰে।৪ ২০১৬ চনৰ ৫ নৱেম্বৰত ২০১৬–১৭ বৰ্ষৰ ৰঞ্জী ট্ৰফীত উত্তৰ প্ৰদেশৰ হৈ ৰিংকুৱে প্ৰথম শ্ৰেণীৰ অভিষেক ঘটায়।৫
২০১৮–১৯ বৰ্ষৰ ৰঞ্জি ট্ৰফীৰ গ্ৰুপ পৰ্যায়ত উত্তৰ প্ৰদেশৰ হৈ তেওঁ ৯খন মেচত ৮০৩ ৰান সংগ্ৰহ কৰিছিল।৬তেওঁ দহখন মেচত ৯৫৩ ৰান সংগ্ৰহ কৰি প্ৰতিযোগিতাখন সমাপ্ত কৰে।৭
ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২০লৈ
২০১৭ চনৰ ফেব্ৰুৱাৰী মাহত ২০১৭ চনৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ বাবে কিংছ একাদশ পঞ্জাবে নিলামত সিঙক ক্ৰয় কৰে।৮ ২০১৮ চনৰ জানুৱাৰী মাহত ২০১৮ চনৰ আই পি এল নিলামত কলকাতা নাইট ৰাইডাৰ্ছে (কে কে আৰ) তেওঁক ৮০ লাখ টকাত ক্ৰয় কৰে।৯
নিলম্বন
২০১৯ চনৰ ৩০ মে'ত আবুধাবিত অনুষ্ঠিত হোৱা ৰমজান টি-২০ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ পিছত সিঙক ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে (বিচিচিআই) তিনি মাহৰ বাবে নিলম্বন কৰে।১০
২০২১ চনৰ পৰা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত
২০২১ চনৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ ৰিংকু সিঙে খেলাৰ কথা আছিল যদিও আঁঠুৰ আঘাতৰ বাবে খেলিব পৰা নাছিল৷ তেওঁৰ ঠাইত গুৰকীৰাট সিং মানক নিযুক্তি দিয়া হৈছিল।১১২০২২ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁ পুনৰ কেকেআৰৰ লগত সংযুক্ত হয় আৰু আইপিএলত তেওঁলোকৰ হৈ খেলিছিল।.১২ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে ২৩টা বলত ৪২ ৰান সংগ্ৰহ কৰাৰ পিছত তেওঁ প্ৰথমবাৰৰ বাবে মেন অৱ দ্য মেচৰ বঁটা (আৰু এক লাখ চেক) লাভ কৰে।১৩১৪২০২৩ চনৰ ৯ এপ্ৰিলত গুজৰাট টাইটানছে বান্ধি দিয়া লক্ষ্য অনুসৰণ কৰি আই পি এলৰ এখন খেলত ৰিংকুৱে অন্তিমটো অভাৰত পাঁচটা ছয় সংগ্ৰহ কৰি ২৯ ৰাণ কৰে আৰু নিজৰ দলক জয়ত উপনীত কৰোৱায়৷ ইয়াৰ ফলত কেকেআৰ আইপিএলৰ ইতিহাসত অন্তিম অভাৰত সৰ্বাধিক ৰাণ অনুসৰণ কৰা প্ৰথমটো দল হৈ পৰে৷ ১৫
আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ
২০২৩ চনৰ ১৮ আগষ্টত দ্য ভিলেজত আয়াৰলেণ্ডৰ বিৰুদ্ধে প্ৰথম টি-২০ আন্ত:ৰাষ্ট্ৰীয় (টি২০আই)ত অংশ লৈ ৰিংকু সিঙে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটায়। পৰৱৰ্তী খেলখনত তেওঁ দ্ৰুতভাৱে ৩৮ ৰান সংগ্ৰহ কৰাৰ পিছত ইনিংছৰ শেষৰ বলত আউট হয়।১৬ ২০২৩ চনৰ ২৩ নৱেম্বৰত তেওঁ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বিশাখাপট্টনমত অনুষ্ঠিত হোৱা প্ৰথম টি-২০খেলত ১৪টা বলত ২২ ৰান সংগ্ৰহ কৰে।১৭
২০২৩ চনৰ নৱেম্বৰ মাহত সিঙে ২০২৩–২৪ চনৰ দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ বাবে ভাৰতৰ দলত স্থান লাভ কৰে।[18]২০২৩ চনৰ ১২ ডিচেম্বৰত তেওঁ টি-২০ ক্ৰিকেটত ৬৮(অপৰাজিত) ৰাণ কৰি প্ৰথমটো অৰ্ধশতক অৰ্জন কৰে। ২০২৩ চনৰ ১৯ ডিচেম্বৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তেওঁ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় (এদিনীয়া)ত অভিষেক ঘটায়।১৮তেওঁ ১৭ ৰান সংগ্ৰহ কৰি ৰাছি ভান ডেৰ ডুচেনৰ উইকেট দখল কৰে। ২০২৩ চনৰ ২১ ডিচেম্বৰত তেওঁ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দ্বিতীয়খন আন্তঃৰাষ্ট্ৰীয় এদিনীয়া খেলত মেচ-বিজয়ী ইনিংছ খেলে।১৯২০
১৭ জানুৱাৰীত আফগানিস্তানৰ বিৰুদ্ধে তেওঁ আৰু ৰোহিত শৰ্মাই ১৯০(অপৰাজিত) ৰানৰ অংশীদাৰিত্বৰে ভাৰতৰ হৈ সৰ্বাধিক ৰানৰ অংশীদাৰিত্বৰ অভিলেখ গঢ়ে আৰু বিশ্বৰ ভিতৰত পঞ্চম উইকেটত সৰ্বাধিক ৰানৰ অংশীদাৰিত্ব অভিলেখ গঢ়ে। ২০২৪ চনৰ মে' মাহত তেওঁক ২০২৪ চনৰ আইচিচি পুৰুষ টি-২০ বিশ্বকাপ প্ৰতিযোগিতাত ভাৰতৰ দলত সংৰক্ষিত খেলুৱৈ হিচাপে নিৰ্বাচিত কৰা হয়।২১
তথ্যসূত্ৰ
- ↑ Rinku Singh Profile - Cricket Player India · Stats, Records, Video. ESPNcricinfo
- ↑ (3 May 2022). Rinku Singh 2.0: Hungry, fearless and more determined. Times Of India
- ↑ Teams Rinku Singh played for. CricketArchive
- ↑ Central Zone: Uttar Pradesh v Vidarbha at Jaipur, Mar 5, 2014. ESPNcricinfo
- ↑ Ranji Trophy, Group A: Punjab v Uttar Pradesh at Hyderabad (Deccan), Nov 5–8, 2016. ESPNcricinfo
- ↑ From irresistible Rajasthan to inconsistent Karnataka. ESPNcricinfo
- ↑ Ranji Trophy, 2018/19 – Uttar Pradesh Cricket Team Records & Stats. ESPNcricinfo
- ↑ List of players sold and unsold at IPL auction 2017. ESPNcricinfo
- ↑ List of sold and unsold players. ESPNcricinfo
- ↑ BCCI suspends Rinku Singh for taking part in Abu Dhabi T20 tournament. ESPNcricinfo
- ↑ IPL 2022 auction: The list of sold and unsold players. ESPNcricinfo
- ↑ IPL 2021: KKR’s Rinku Singh ruled out with knee injury; replacement announced. CricketTimes.com
- ↑ M47: KKR vs RR – Man of the Match – Rinku Singh. iplt20.com
- ↑ Koshie, Nihal. (27 March 2022). Hard life of the ever-smiling cricketer Rinku Singh, KKR’s rising star. Indian Express
- ↑ 31 Runs scored by Knight Riders in the last over, the highest any team has managed in the 20th over to win a men's T20 chase. ESPNcricinfo
- ↑ Rinku Singh Profile. Cricbuzz
- ↑ Cricket scorecard – India vs Australia, 1st T20I, Australia tour of India, 2023. Cricbuzz
- ↑ Kohli and Rohit rested for white-ball games in SA; Suryakumar to lead in T20Is, Rahul in ODIs. ESPNcricinfo
- ↑ South Africa bowl with two changes; Rinku makes ODI debut. ESPNcricinfo
- ↑ SA vs IND, India in South Africa 2023/24, 2nd ODI at Gqeberha, December 19, 2023 – Full Scorecard. ESPNcricinfo
- ↑ India's Squad for the ICC Men's T20I World Cup 2024. ScoreWaves
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰিংকু সিং” প্ৰবন্ধৰ সংশোধন ৫০৪৫৪৯ (২৭ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।