শিখৰ ধৱন (জন্ম ৫ অক্টোবৰ ১৯৮৫) ভাৰতৰ এজন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ। তেওঁ এজন বাওঁহতীয়া অ'পেনাৰ আৰু সোঁহতীয়া অফ ব্ৰে'ক বলাৰ। ভাৰতৰ জ্যেষ্ঠ দলত খেলাৰ আগেয়ে তেওঁ ভাৰতৰ অনুৰ্দ্ধ-১৭ আৰু অনুৰ্দ্ধ-১৯ দলৰ হৈ খেলিছিল আৰু ২০০৪ চনৰ আই চি চি অনুৰ্দ্ধ-১৯ বিশ্বকাপৰ তেওঁ সৰ্বাধিক ৰাণ সংগ্ৰহকৰোঁতা আছিল। ২০০৪ চনৰ নৱেম্বৰত তেওঁ দিল্লীৰ হৈ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত আত্মপ্ৰকাশ কৰে।
২০১০ চনৰ অক্টোবৰত তেওঁ বিশাখাপট্টনমত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া আন্তৰ্জাতিকত আত্মপ্ৰকাশ কৰে। ২০১৩ চনত ম'হালিত একে দলৰ বিৰুদ্ধে তেওঁ টেষ্টত আত্মপ্ৰকাশ কৰে আৰু 'প্ৰথম টেষ্টত দ্ৰুততম শতৰাণ'ৰ অভিলেখ গঢ়ে। ৮৫ বলত তেওঁ শতৰাণ সম্পূৰ্ণ কৰে আৰু ১৭৪ বলত ১৮৭ ৰাণ কৰি আউট হয়।১ ২০১৩ চনৰ আই চি চি চেম্পিয়ন্ছ ট্ৰফীত তেওঁ সৰ্বাধিক ৰাণ সংগ্ৰহকৰোঁতা হিচাপে পৰিগণিত হয়া আৰু ভাৰতে বিজয় সাব্যস্ত কৰে। ২০১৩ চনৰ আগষ্ট মাহত তেওঁ ভাৰত এ দলৰ হৈ দক্ষিণ আফ্ৰিকা এ দলৰ বিৰুদ্ধে প্ৰিটোৰিয়াত ১৫০ বলত ২৪৮ ৰাণৰ ইনিংছ খেলে আৰু ই প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত দ্বিতীয় সৰ্বোচ্চ ব্যক্তিগত স্ক'ৰ।২ ২০১৪ চনৰ নৱেম্বৰত তেওঁ সবাতোকৈ কম এদিনীয়া খেলত ২,০০০ ৰাণ সম্পূৰ্ণ কৰা ভাৰতীয় হিচাপে পৰিগণিত হয়।৩
আন্তঃৰাষ্ট্ৰীয় শতৰাণ
- ৰাণ শীৰ্ষক স্তম্ভত * চিহ্নই অপৰাজিত (নট আউট) সূচাইছে।
- খেল শীৰ্ষক স্তম্ভই তেওঁৰ কেৰিয়াৰৰ খেলৰ ক্ৰমিক নং সূচাইছে।
টেষ্ট শতৰাণ
| শিখৰ ধৱনৰ টেষ্ট শতৰাণ | ||||||||
|---|---|---|---|---|---|---|---|---|
| # | ৰাণ | খেল | বিপক্ষ | চহৰ/দেশ | স্থান | চন | H/A/N | ফলাফল |
| ১ | ১৮৭ | ১ | ম'হালি, ভাৰত | পঞ্জাব ক্ৰিকেট এছ'চিয়েচন ষ্টেডিয়াম | ২০১৩ | Home | বিজয়ী | |
| ২ | ১১৫ | ৬ | অকলেণ্ড, নিউজিলেণ্ড | ইডেন পাৰ্ক | ২০১৪ | Away | পৰাস্ত |
এদিনীয়া শতৰাণ
| শিখৰ ধৱনৰ এদিনীয়া শতৰাণ | ||||||||
|---|---|---|---|---|---|---|---|---|
| # | ৰাণ | খেল | বিপক্ষ | চহৰ/দেশ | স্থান | চন | H/A/N | ফলাফল |
| ১ | ১১৪ | ৬ | কাৰ্ডিফ, ৱেল্ছ | SWALEC ষ্টেডিয়াম | ২০১৩ | Neutral | বিজয়ী | |
| ২ | ১০২* | ৭ | লণ্ডন, ইংলেণ্ড | দ্য অ'ভেল | ২০১৩ | Away | বিজয়ী | |
| ৩ | ১১৬ | ১৭ | হাৰাৰে, জিম্বাবৱে | হাৰাৰে স্প'ৰ্ট্ছ ক্লাব | ২০১৩ | Away | বিজয়ী | |
| ৪ | ১০০ | ২৪ | নাগপুৰ, ভাৰত | বিদৰ্ভ ক্ৰিকেট এছ'চিয়েচন ষ্টেডিয়াম | ২০১৩ | Home | বিজয়ী | |
| ৫ | ১১৯ | ২৮ | কাণপুৰ, ভাৰত | গ্ৰীণ পাৰ্ক ষ্টেডিয়াম | ২০১৩ | Home | বিজয়ী | |
| ৬ | ১১৩ | ৪৭ | কটক, ভাৰত | বাৰাবতি ষ্টেডিয়াম | ২০১৪ | Home | বিজয়ী | |
| ৭ | ১৩৭ | ৫৫ | মেলব'ৰ্ণ, অষ্ট্ৰেলিয়া | মেলব'ৰ্ণ ক্ৰিকেট গ্ৰাউণ্ড | ২০১৫ | Neutral | বিজয়ী | |
| ৮ | ১০০ | ৫৮ | হেমিল্টন, নিউজিলেণ্ড | ছেদ্দন পাৰ্ক | 2015 | Neutral | বিজয়ী |
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Shikhar Dhawan | Cricket Players and Officials. ESPN Cricinfo
- ↑ (12 August 2013). Magnificent Dhawan powers India A win. Wisden India
- ↑ Records / One-Day Internationals / Batting records / Fastest to 2000 runs. ESPNcricinfo
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শিখৰ ধৱন” প্ৰবন্ধৰ সংশোধন ৫৭০১৪১ (১৫ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।