অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পৰাগ দাস

পৰাগ দাস (ইংৰাজী: Parag Das; জন্ম: ২৯ অক্টোবৰ, ১৯৭৬) এজন প্ৰাক্তন প্ৰথম শ্ৰেণীৰ ভাৰতীয় ক্ৰিকেটাৰ। অসমৰ গুৱাহাটীত পৰাগ দাসৰ জন্ম হৈছিল। তেওঁ অসম, ৰে’লৱে’ আৰু পূব মণ্ডল ক্ৰিকেট দলক প্ৰতিনিধিত্ব কৰিছিল। তেওঁ এজন সোঁহাতৰ বেটছমেন আছিল আৰু সোঁহাতেৰে মধ্যমীয়া গতিৰে বলিং কৰিছিল।

হালনাগাদ: ১৫ জানুৱাৰী ২০২৬ ১১৫ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

পৰাগ দাস (ইংৰাজী: Parag Das; জন্ম: ২৯ অক্টোবৰ, ১৯৭৬) এজন প্ৰাক্তন প্ৰথম শ্ৰেণীৰ ভাৰতীয় ক্ৰিকেটাৰ। অসমৰ গুৱাহাটীত পৰাগ দাসৰ জন্ম হৈছিল। তেওঁ অসম, ৰে’লৱে’ আৰু পূব মণ্ডল ক্ৰিকেট দলক প্ৰতিনিধিত্ব কৰিছিল।১২৩ তেওঁ এজন সোঁহাতৰ বেটছমেন আছিল আৰু সোঁহাতেৰে মধ্যমীয়া গতিৰে বলিং কৰিছিল।৪ ১৯৯৩/৯৪ চনৰ ৰঞ্জী ট্ৰফীত অসমৰ হৈ পৰাগ দাসৰ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটৰ অভিষেক ঘটিছিল। তেওঁ ৪৩খন প্ৰথম শ্ৰেণীৰ খেল খেলিছিল আৰু ৩২খন লিষ্ট এ মেচ খেলিছিল। প্ৰথম শ্ৰেণীৰ খেলত তেওঁৰ সৰ্বোচ্চ স্ক’ৰ আছিল ১১৮।

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ হৈ খেলিবলৈ আৰম্ভ কৰাৰ পৰৱৰ্তী বৰ্ষত পৰাগ দাসে ২৫ বছৰ অনুৰ্দ্ধ ৰে’লৱে দলকো নেতৃত্ব দিয়ে।১৫৬

পৰাগ দাসৰ পুত্ৰ ৰিয়ান পৰাগো এজন ভাৰতীয় ক্ৰিকেটাৰ। তেওঁ অসমৰ হৈ ঘৰুৱা ক্ৰিকেট৭ আৰু ৰাজস্থান ৰয়েলছৰ হৈ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL) খেলে।

তথ্যসূত্ৰ

  1. ↑ Kishore, Shashank. (3 August 2017). Playstation, books, music, and a whole lot of runs. ESPNcricinfo
  2. ↑ (29 April 2019). MS Dhoni connection between Riyan Parag and his father. The News Mill
  3. ↑ Memories of innings past - Parag Das regrets missed chances and advises that there is no substitute for hard work. Telegraphindia
  4. ↑ Parag Das. ESPN Cricinfo
  5. ↑ (29 April 2019). MS Dhoni connection between Riyan Parag and his father. The News Mill
  6. ↑ Memories of innings past - Parag Das regrets missed chances and advises that there is no substitute for hard work. Telegraphindia
  7. ↑ Playstation, books, music, and a whole lot of runs. ESPN Cricinfo

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় ক্ৰিকেটাৰঅসমৰ ক্ৰিকেটাৰঅসমৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পৰাগ দাস” প্ৰবন্ধৰ সংশোধন ৫৭০১২০ (১৫ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।