অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ইৰফান পাঠান

ইৰফান পাঠান (Irfan Pathan); এজন প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ, ক্ৰিড়া বিশ্লেষক,ক্ৰীড়া মন্তব্যকাৰী। তেওঁ গুজৰাটৰ এটি সাধাৰণ পৰিয়ালত জন্ম লাভ কৰে।

হালনাগাদ: ১৯ জুলাই ২০২৬ ২৬৬ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

ইৰফান পাঠান (Irfan Pathan); এজন প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ, ক্ৰিড়া বিশ্লেষক,ক্ৰীড়া মন্তব্যকাৰী। তেওঁ গুজৰাটৰ এটি সাধাৰণ পৰিয়ালত জন্ম লাভ কৰে।

ব্যক্তিগত জীৱন

১৯৮৪ চনৰ ২৭ অক্টোবৰ তাৰিখে ভাৰতৰ গুজৰাট ৰাজ্যৰ বৰোদাত জন্মগ্ৰহণ কৰা পাঠান ভাৰতীয় পাঠান বংশৰ (পাষ্টুন বংশ) লোক আছিল।১ ২০১৬ চনৰ ৪ ফেব্ৰুৱাৰীত ছৌদি আৰবৰ মডেল ছাফা বেইগৰ সৈতে পাঠান, বিবাহপাশত আবদ্ধ হয়।

খেল কেৰিয়াৰ

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক দত্ত গেকৱাদৰ নিৰ্দেশনাত পাঠানে ১৪ বছৰ অনুৰ্ধৰ বৰোদা ক্ৰিকেট দলত নিৰ্বাচিত হৈ ক্ৰিকেট কেৰিয়াৰৰ উত্থান ঘটায়। তেতিয়া তেওঁ ১৫ বছৰ অনুৰ্ধ পৰ্যায়ত ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত বৰোদাক প্ৰতিনিধিত্ব কৰিবলৈ নিৰ্বাচিত হয় আৰু তেওঁক ক্ৰিকেটৰ সম্পূৰ্ণ সঁজুলিৰ ছেট এটা উপহাৰ দিয়া হয়। তেওঁৰ পৰিয়ালৰ সীমিত অৰ্থনৈতিক সামৰ্থ্যৰ বাবে ছেকেণ্ডহেণ্ড(আগত ব্যৱহাৰ হোৱা) গিয়াৰ(খেলৰ সঁজুলি)তে তেওঁ সীমাবদ্ধ থাকিব লগা হৈছিল।২তেওঁ ভাৰতীয় জাতীয় দলটোত নিজৰ স্থান তেতিয়াই দৃঢ় কৰি তুলিবলৈ সক্ষম হৈছিল যেতিয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে ২০০৪ চনত আইচিচি(ICC) পুৰুষৰ বছৰৰ উদীয়মান খেলুৱৈ হিচাপে তেওঁক নিৰ্বাচিত কৰিছিল। ২০০৪ চনত পাকিস্তানত ভাৰতৰ এদিনীয়া আৰু টেষ্ট শৃংখলাত জয়লাভ কৰাত পাঠানৰ ভূমিকা আছিল উল্লেখযোগ্য। সংবাদ মাধ্যমে তেওঁক ভাৰতীয় ক্ৰিকেটৰ "Blue-eyed boy" বুলি অভিহিত কৰিছিল।৩তেওঁ এজন বলিং অল-ৰাউণ্ডাৰ ২০০৭ আইচিচি টি-২০ বিশ্বকাপ আৰু ২০১৩ আইচিচি চেম্পিয়নছ ট্ৰফী জয়ী হোৱা ভাৰতীয় ক্ৰিকেট দল ৰ সদস্য আছিল। . ৪ দ্ৰুত-মধ্যম ছুইং আৰু ছিম বলাৰ হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰা পাঠানে ১৯ বছৰ সম্পূৰ্ণ কৰাৰ পিছতেই ৰাষ্ট্ৰীয় দলত প্ৰৱেশ কৰে আৰু তেওঁৰ আশাব্যঞ্জক প্ৰদৰ্শন আৰু অসাধাৰণ ছুইঙৰ বাবে পাকিস্তানৰ অন্যতম খেলুৱৈ ৱাছিম আক্ৰামৰ সৈতে তুলনাৰ কৰা হয়। ২০০৬ চনৰ আৰম্ভণিতে পাঠানে এখন টেষ্ট মেচত প্ৰথম অভাৰ টেষ্ট হেট্ৰিক লোৱা একমাত্ৰ বলাৰ হিচাপে পৰিগণিত হয়।

মনোৰঞ্জন জগত

২০১৫ চনত ঝলক দিখলা জা নৃত্য অনুষ্ঠান(ৰিয়েলিটি শ্ব')ত প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰি ইৰফান পাঠানে মনোৰঞ্জন জগতত প্ৰথম ভূমুকি মাৰে। ২০২২ চনৰ ভাৰতীয় ছবি কোব্ৰা ত অভিনয় কৰি আত্মপ্ৰকাশ কৰে।৫

তথ্যসূত্ৰ

  1. ↑ Alikuzai, Hamid Wahed. (October 2013). A Concise History of Afghanistan in 25 Volumes. Trafford Publishing. পৃ. 607. ISBN 9781490714417
  2. ↑ Sandhu, Arjun. (28 November 2003). India back Pathan's potential. British Broadcasting Corporation
  3. ↑ (14 March 2014). I'll keep knocking on the Indian team's door, says Irfan Pathan. mid-day
  4. ↑ id=6; type=team Cricket Records. India. Records. One-Day Internationals. Most wickets.. Stats.espncricinfo.com
  5. ↑ (14 October 2019). Irfan Pathan, Harbhajan Singh to make Kollywood entries with 'Vikram 58' and 'Dikkiloona' respectively. The Hindu

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় ক্ৰিকেটাৰগুজৰাটী ব্যক্তিভাৰতীয় ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইৰফান পাঠান” প্ৰবন্ধৰ সংশোধন ৬১৮১৭০ (১৯ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।