অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আবু নেচিম

আবু নেচিম (Abu Nechim) অসমৰ এজন ক্ৰিকেটাৰ। আবু অসমৰ এজন অন্যতম সফল পেচবলাৰ। তেখেতৰ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত অভিষেক ঘটে মধ্য প্ৰদেশৰ বিৰুদ্ধে ইন্দোৰত ২০০৫ বৰ্ষৰ ৰঞ্জি ট্ৰফিত। তেওঁ ২০১০ ৰ পৰা ২০১৩ চনলৈ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ মুম্বাই ইণ্ডিয়ানছ দলৰো সদস্য আছিল।

হালনাগাদ: ৩১ অক্টোবৰ ২০২৬ ৮৬ শব্দ · ১ মিনিট সংগৃহীত ৬৫
সংশোধনৰ পৰামৰ্শ

আবু নেচিম (Abu Nechim) অসমৰ এজন ক্ৰিকেটাৰ। আবু অসমৰ এজন অন্যতম সফল পেচবলাৰ। তেখেতৰ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত অভিষেক ঘটে মধ্য প্ৰদেশৰ বিৰুদ্ধে ইন্দোৰত ২০০৫ বৰ্ষৰ ৰঞ্জি ট্ৰফীত। তেওঁ ২০১০ ৰ পৰা ২০১৩ চনলৈ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ মুম্বাই ইণ্ডিয়ানছ দলৰো সদস্য আছিল। ইয়াৰোপৰি আবুৱে ভাৰতীয় ১৯ বছৰ অনূৰ্ধ্ব: দলকো বহুবাৰ প্ৰতিনিধিত্ব কৰিছিল। তেওঁ ২০০৬ চনত শ্ৰীলংকাত অনুষ্ঠিত ১৯ বছৰ অনূৰ্ধ্ব: বিশ্বকাপৰ ভাৰতীয় দলৰ সদস্য আছিল। ২০১৪ ৰ পৰা ২০১৬ চনলৈ তেওঁ আই পি এলৰ ৰয়েল চেলেঞ্জাৰ্ছ বাংগাল'ৰৰ সৈতে চুক্তিবদ্ধ হৈছিল।

বাহ্যিক সংযোগ

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় ক্ৰিকেটাৰঅসমৰ ক্ৰিকেটাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আবু নেচিম” প্ৰবন্ধৰ সংশোধন ৫৭০১১৫ (১৫ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।