অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

চুনী গোস্বামী

চুনী গোস্বামী (Chuni Goswami; ১৯৩৮–২০২০) এগৰাকী ভাৰতীয় ক্ৰিকেট আৰু ফুটবল খেলুৱৈ। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বহু খেলত যোগ দি তেওঁ সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল। ১৯৬০ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত তেওঁ ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। ফুটবলৰ লগতে ক্ৰিকেটতো তেওঁ সমানে পাৰদৰ্শিতা দেখুৱাইছিল।

হালনাগাদ: ৩ জুলাই ২০২৩ ১৮৩ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

চুনী গোস্বামী (Chuni Goswami; ১৯৩৮–২০২০) এগৰাকী ভাৰতীয় ক্ৰিকেট আৰু ফুটবল খেলুৱৈ। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বহু খেলত যোগ দি তেওঁ সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল। ১৯৬০ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত তেওঁ ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। ফুটবলৰ লগতে ক্ৰিকেটতো তেওঁ সমানে পাৰদৰ্শিতা দেখুৱাইছিল।১

চমু জীৱনী

১৯৩৮ চনৰ ১৫ জানুৱাৰীত বৰ্তমানৰ বাংলাদেশৰ অন্তৰ্গত কিশোৰগঞ্জত সুবিমল ওৰফে চুনী গোস্বামীৰ জন্ম হৈছিল। ১৯৪৬ চনত ষ্ট্ৰাইকাৰ ৰূপে তেওঁ জুনিয়ৰ পৰ্য্যায়ত তেওঁ মোহন বাগানৰ হৈ ফুটবল খেলিবলৈ লয়। ১৯৫৪ চনত তেওঁ মোহন বাগানৰ ছিনিয়ৰ দলত অংশ লয়। ১৯৫৪ চনৰ পৰা ১৯৬৮ চনলৈ তেওঁ মোহন বাগানৰ অধিনায়ক ৰূপে দায়িত্ব পালন কৰে। এই সময়ছোৱাত তেওঁ মোহন বাগানৰ হৈ ২০০টা গ’ল দিয়াৰ লগতে চৈধ্যটা খিতাপ জয় কৰিছিল। তদুপৰি ১৯৫৬-১৯৬৪ ৰ সময়ছোৱাত তেওঁ আন্তৰ্জাতিক ফুটবলত ভাৰতৰ হৈ ৩০খন খেল খেলি নটা গ’ল দিছিল। ১৯৬২ চনৰ এছিয়ান গেমছত তেওঁৰ নেতৃত্বতে ভাৰতীয় দলে সোণৰ পদক জয় কৰে। ১৯৬০ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত তেওঁ ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। ১৯৬৪ চনত তেওঁ আন্তৰ্জাতিক ফুটবলৰ পৰা অৱসৰ গ্ৰহণ কৰে।১

ফুটবলৰ সমান্তৰালভাৱে চুনী গোস্বামীয়ে ১৯৬২ চনৰ পৰা বংগৰ হৈ ক্ৰিকেট খেলিছিল। তথ্য অনুসৰি, ৮৬খন প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত তেওঁ ১৫৯২ ৰান কৰাৰ লগতে ৪৭টা উইকেট দখল কৰিছিল।১

বঁটা আৰু সন্মান

তথ্যসূত্ৰ

  1. ↑ ’চুনী গোস্বামীলৈ শ্ৰদ্ধাঞ্জলি’-দিগন্ত চহৰীয়া; প্ৰান্তিক, ১-৩১ মে’ ২০২০

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় ক্ৰিকেটাৰভাৰতৰ ফুটবল খেলুৱৈঅৰ্জুন বঁটা বিজয়ীপদ্মশ্ৰী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চুনী গোস্বামী” প্ৰবন্ধৰ সংশোধন ৩৭০৮৩১ (৩ জুলাই ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।