অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সঞ্জু ছেমছন

সঞ্জু বিশ্বনাথ ছেমছন (Sanju Viswanath Samson জন্ম:১১ নৱেম্বৰ ১৯৯৪) এজন ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ, যি ঘৰুৱা ক্ৰিকেটত কেৰালা আৰু ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত ৰাজস্থান ৰয়েলছৰ অধিনায়ক হিচাপে খেলে৷ তেওঁ উইকেট কীপাৰ বেটছমেন হিচাপেও এই খেলসমূহত নিজৰ ভূমিকা পালন কৰিছে৷ পূৰ্বে কেৰালা প্ৰিমিয়াৰ লীগ…

হালনাগাদ: ৬ মাৰ্চ ২০২৬ ২০২ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

সঞ্জু বিশ্বনাথ ছেমছন (Sanju Viswanath Samson জন্ম:১১ নৱেম্বৰ ১৯৯৪) এজন ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ, যি ঘৰুৱা ক্ৰিকেটত কেৰালা আৰু ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত ৰাজস্থান ৰয়েলছৰ অধিনায়ক হিচাপে খেলে৷ তেওঁ উইকেট কীপাৰ বেটছমেন হিচাপেও এই খেলসমূহত নিজৰ ভূমিকা পালন কৰিছে৷ পূৰ্বে কেৰালা প্ৰিমিয়াৰ লীগ (প্ৰেচিডেণ্টছ কাপ টি-২০)ত কেচিএ ৰয়েলছ দলৰ অধিনায়ক হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল। সঞ্জু ২০২৪ চনৰ টি-২০ বিশ্বকাপ জয় কৰা ভাৰতীয় দলৰ অংশ আছিল যদিও প্ৰতিযোগিতাখনৰ কোনো এখন মেচতে তেওঁ অংশগ্ৰহণ কৰা নাছিল।

সঞ্জু ছেমছন সোঁহতীয়া উইকেট কীপাৰ বেটছমেন৷ তেওঁ ২০১৪ চনৰ ১৯ বছৰ অনুৰ্ধ ক্ৰিকেট বিশ্বকাপৰ ভাৰতীয় ১৯ বছৰৰ অনুৰ্ধ দলৰ উপ-অধিনায়ক আছিল। ২০১৫ চনত জিম্বাবুৱেৰ বিৰুদ্ধে বিদেশী টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলত তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটায়। ২০২১ চনত শ্ৰীলংকাৰ বিৰুদ্ধে এদিনীয়া ক্ৰিকেটত অভিষেক ঘটায়।

দিল্লীত ক্ৰিকেট কেৰিয়াৰ আৰম্ভ কৰা চেমছন পিছলৈ কেৰালালৈ গুচি যায়। জুনিয়ৰ ক্ৰিকেটত সফলতাৰে খেলাৰ পিছত ২০১১ চনত কেৰালাৰ হৈ তেওঁ প্ৰথম শ্ৰেণীৰ অভিষেক ঘটায়। ২০১৩ চনত ৰাজস্থান ৰয়েলছৰ হৈ তেওঁ প্ৰিমিয়াৰ লীগত অভিষেক ঘটাই বছৰৰ উদীয়মান খেলুৱৈৰ সন্মান লাভ কৰে। ২০১৯–২০ বিজয় হাজাৰে ট্ৰফীত তেওঁ অপৰাজিত ২১২ ৰান সংগ্ৰহ কৰিছিল, যিটো হৈছে ষষ্ঠবাৰৰ বাবে কোনো ভাৰতীয়ই লিষ্ট এ ক্ৰিকেটত কৰা দ্বৈত শতক৷ যি এইটো প্ৰকাৰৰ ক্ৰিকেটত দ্বিতীয় দ্ৰুততম দ্বৈত শতকো। ২০২৩ চনৰ ২১ ডিচেম্বৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তিনিখন মেচৰ শৃংখলাত তৃতীয়খন এদিনীয়াত ছাঞ্জুৱে প্ৰথম এদিনীয়া শতক অৰ্জন কৰে।১২

তথ্যসূত্ৰ

  1. ↑ (21 December 2023). South Africa vs India: When the door was closing on him, Sanju Samson kicks it open with maiden ODI ton in series decider. Indian Express
  2. ↑ Samson century lifts India to 296. Cric Buzz

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় ক্ৰিকেটাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সঞ্জু ছেমছন” প্ৰবন্ধৰ সংশোধন ৫৮৫২৯০ (৬ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।