অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰিয়ান পৰাগ

ৰিয়ান পৰাগ দাস (Riyan Parag Das) (জন্মঃ ১০ নৱেম্বৰ ২০০১) এজন ভাৰতীয় ক্ৰিকেটাৰ। তেওঁ ঘৰুৱা ক্ৰিকেটত অসমৰ হৈ আৰু ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত (আই পি এল) ৰাজস্থান ৰয়েলছৰ হৈ খেলে। তেওঁ ২০১৮ চনৰ অনুৰ্ধ-১৯ ক্ৰিকেট বিশ্বকাপ জয় কৰা ভাৰতীয় অনুৰ্ধ-১৯ দলৰ অংশ আছিল।

হালনাগাদ: ১০ আগষ্ট ২০২৬ ১,৩৭৯ শব্দ · ৮ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

ৰিয়ান পৰাগ দাস (Riyan Parag Das) (জন্মঃ ১০ নৱেম্বৰ ২০০১) এজন ভাৰতীয় ক্ৰিকেটাৰ। তেওঁ ঘৰুৱা ক্ৰিকেটত অসমৰ হৈ আৰু ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত (আই পি এল) ৰাজস্থান ৰয়েলছৰ হৈ খেলে।১ তেওঁ ২০১৮ চনৰ অনুৰ্ধ-১৯ ক্ৰিকেট বিশ্বকাপ জয় কৰা ভাৰতীয় অনুৰ্ধ-১৯ দলৰ অংশ আছিল। তেওঁ এজন বেটিং অল ৰাউণ্ডাৰ, যিয়ে মিডল অৰ্ডাৰত সোঁহাতেৰে বেটিং কৰে; আৰু ৰাইট আৰ্ম লেগ স্পিন আৰু অফ স্পিন দুয়োটাতে বলিং কৰে।২ ৰিয়ান পৰাগ ভাৰতীয় ক্ৰিকেট দলৰ পোন্ধৰজনীয়া তালিকাত স্থান লাভ কৰা অসম আৰু উত্তৰ-পূবৰ প্ৰথমগৰাকী পুৰুষ ক্ৰিকেটাৰ৷ ৩৪৫

বৈভৱ সূৰ্যবংশীৰ পিছত ১৭ বছৰ ১৭৫ দিন বয়সত আই পি এলত অৰ্ধশতক অৰ্জন কৰা ৰিয়ান পৰাগ দ্বিতীয়জন কনিষ্ঠ খেলুৱৈ। তেওঁ ঘৰুৱা ক্ৰিকেটত কম সময়ৰ বাবে অসম দলৰ অধিনায়কৰ দায়িত্ব পালন কৰিছিল৷ ৬৭

ব্যক্তিগত জীৱন

ৰিয়ানৰ পিতৃ পৰাগ দাস এজন প্ৰাক্তন প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰ যি অসম, ৰে'লৱে আৰু পূব মণ্ডল ক্ৰিকেট দলক প্ৰতিনিধিত্ব কৰিছে। বহু বছৰৰ আগতে, তেওঁৰ দেউতাক পৰাগ দাস আৰু এম এছ ধোনীয়ে খড়গপুৰ আৰু গুৱাহাটীত একেলগে ৰে'লৱেৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। আনকি তেওঁলোকে ২০০৪ চনত নাগপুৰত আন্তঃৰে'লৱে প্ৰতিযোগিতাত তেওঁলোকৰ বিভাগৰ বাবে run-chartৰ শীৰ্ষস্থান দখল কৰিছিল। এয়া ঘটিছিল তেওঁৰ ভাৰতীয় দলত অভিষেকৰ ঠিক আগতে। ধোনীয়ে কেইবা বছৰ আগতে বিহাৰ দলৰ হৈ খেলাৰ মুহূৰ্তত তেওঁলোক ৰঞ্জী ট্ৰফীত ইজনে-সিজনৰ বিৰুদ্ধেও খেলিছিল।৮৯ ৰিয়ানৰ আই পি এল অভিষেকৰ সয়মত ধোনীয়ে উইকেট কিপিং কৰিছিল আৰু বিপক্ষৰ অধিনায়ক আছিল।১০ ৰিয়ানৰ মাতৃ হৈছে মিঠু বৰুৱা। তেওঁ এছিয়ান চেম্পিয়নশ্বিপ আৰু ছাফ গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰা ৫০‌মিটাৰ ফ্ৰীষ্টাইলৰ ৰাষ্ট্ৰীয় অভিলেখধাৰী এগৰাকী প্ৰাক্তন সাঁতোৰবিদ। ১১মিথু বৰুৱাৰ ভাগিন হৈছে বহুভাষিক কণ্ঠশিল্পী জুবিন গাৰ্গ।১২১৩

ক্ৰীড়া-জীৱন

এজন ১৪ বছৰীয়া যুৱক হিচাপে ৰিয়ান পৰাগ ভাৰতৰ সৰ্বকনিষ্ঠ প্ৰথম শ্ৰেণীৰ নৱাগত হ'ব পাৰে। কিন্তু অসম নিৰ্বাচকসকল ৰাজ্যৰ তদানীন্তন প্ৰশিক্ষক সনথ কুমাৰ সৈতে একমত নাছিল।১৪ ২০১৭ চনত ৰিয়ানে ২০১৬-১৭ বৰ্ষৰ আন্তঃৰাজ্যিক টুৱেণ্টি-২০ টুৰ্ণামেণ্টত অসমৰ হৈ টুৱেণ্টি-২০ত আত্মপ্ৰকাশ কৰে।১৫ ২০১৭ চনৰ ২৯ অক্টোবৰত তেওঁক ২০১৭ চনৰ এচিচি অনুৰ্ধ-১৯ এছিয়া কাপৰ বাবে ভাৰতৰ দলত স্থান দিয়া হয়।১৬ ২০১৭-১৮ বৰ্ষৰ ৰঞ্জী ট্ৰফীত ৰিয়ানে অসমৰ হৈ প্ৰথম শ্ৰেণীত আত্মপ্ৰকাশ কৰে।১৭

২০১৭‌ চনত তেওঁ ইংলেণ্ডত দুখন যুৱ টেষ্টৰ বাবে ভাৰতৰ অনুৰ্ধ-১৯ দলৰ বাবে নিৰ্বাচিত হৈছিল। তেওঁ পৃথ্বী শ্ব'ৰ পিছত ভাৰতৰ দ্বিতীয় সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী হিচাপে ইংলেণ্ডত দুখন যুৱ টেষ্ট সমাপ্ত কৰে। প্ৰথমখন খেলত তেওঁৰ দ্বৈত অৰ্ধশতক। তেওঁ ৩৩ বলত কৰা অৰ্ধশতকটো বিৰাট কোহলীৰ পিছতে দ্বিতীয় দ্ৰুততম অৰ্ধশতক। দুয়োটা অৰ্ধশতকে ভাৰতক চেষ্টাৰফিল্ডত ৩৩৪ ৰাণৰ বিজয়লাভৰ পথ প্ৰশস্ত কৰে। দ্বিতীয়খন টেষ্টত তেওঁ এটা অৰ্ধশতক অৰ্জন কৰে। শুভমনৰ লগত তেওঁ চতুৰ্থ উইকেটত ১৩১ ৰাণৰ পাৰ্টনাৰশ্বিপ গঢ়ে আৰু টেষ্ট চিৰিজখন ভাৰতক ২-০ত জয়লাভ কৰাত সহায় কৰে। ইয়াৰ পূৰ্বে, ২০১৬-১৭ চনৰ কোচবিহাৰ ট্ৰফীত ৰিয়ান পৰাগ দ্বিতীয় সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী আছিল। ভাৰতীয় অনুৰ্ধ-১৯ৰ চাৰিদিনীয়া টুৰ্ণামেণ্টত ৰিয়ানে ১৪টা ইনিংছত ৬৪২ ৰাণ কৰে আৰু ২০২ ৰাণৰ নট আউটৰ সৰ্বশ্ৰেষ্ঠ ইনিংছ খেলে।৮ ১৮ ১৯

ৰিয়ানক ভাৰতৰ ১৯ বছৰ অনুৰ্ধ চেলেঞ্জাৰ ট্ৰফী(২০১৭)ৰ বাবে ইণ্ডিয়া এ দলত নিৰ্বাচিত কৰা হয়। ৰিয়ান সেইখন প্ৰতিযোগিতাত সৰ্বাধিক ৰানসংগ্ৰহকাৰী হিচাপে পৰিগণিত হয়।২০২১২২২৩ ২০১৮ চনত ১৯ বছৰ অনুৰ্ধ ক্ৰিকেট বিশ্বকাপ প্ৰতিযোগিতাৰ বাবে তেওঁ ২০১৭ চনৰ ডিচেম্বৰ মাহত ভাৰতীয় দলত স্থান লাভ কৰে।২ ভাৰতৰ ১৯ বছৰ অনুৰ্ধ প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ মতে,ৰিয়ান সেইসময়ত অসাধাৰণ ফৰ্মত আছিল। কিন্তু দুৰ্ভাগ্যবশত: তেওঁ আঘাতপ্ৰাপ্ত হ'ল॥ আঙুলিৰ আঘাতৰ বাবে পৰাগে প্ৰতিযোগিতাখনত অংশ লোৱা নাছিল। কেৱল জিম্বাবুৱেৰ বিৰুদ্ধে গ্ৰুপৰ অন্তিমখন খেলৰ বাবেহে তেওঁ একাদশত স্থান লাভ কৰিছিল।২৪ প্ৰস্তুতি খেলত তেওঁ আঙুলিত আঘাত পাইছিল বাবে প্ৰতিযোগিতাৰ পিছৰফালেহে অংশগ্ৰহণ কৰিছিল।২৫ অৱশ্যে বাওঁহাতত পোৱা আঙুলিৰ আঘাতৰ বাবে তেওঁ সাৱলীলভাৱে বেটিং কৰিব নোৱাৰিলে। সেই সময়তে তেওঁ নিজৰ আনবোৰ দক্ষতাৰ ওপৰত কাম কৰিলে আৰু অফস্পিনাৰ হিচাপে বিকশিত হ'ল। ১৪ ২০১৮–১৯ বৰ্ষৰ বিজয় হাজাৰে ট্ৰফীত অসমৰ হৈ তেওঁ ৭খন খেল খেলি ২৪৮ ৰান সংগ্ৰহ কৰিছিল।১৪

২০২২-২৩ বৰ্ষৰ বিজয় হাজাৰে ট্ৰফীত তেওঁ অসমৰ পক্ষৰ সৰ্বাধিক ৰাণ-সংগ্ৰহকাৰী আছিল, আৰু সামগ্ৰিকভাৱে তেওঁ ছিজনৰ পঞ্চম সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী আছিল। ৰিয়ানে তিনিটা শতক আৰু এটা অৰ্ধশতকৰ সৈতে ৬৯ ৰাণৰ গড়ত ৫৫২ ৰাণ সংগ্ৰহ কৰিছিল। তেওঁ লেগ-ব্ৰেক বলিঙৰ জৰিয়তে ছিজনত ১০টা উইকেটো দখল কৰিছিল।২৬ প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত জম্মু-কাশ্মীৰৰ ৩৫১ ৰাণ অনুসৰণ কৰি ৰিয়ানে ১১৬টা বলত ১৭৪ ৰাণ কৰিছিল। কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ এই ইনিংছটোত ৰিয়ানে বাৰটা ছয় আৰু সমসংখ্যক চাৰি কোবায়।২৭২৮

হায়দৰাবাদৰ বিৰুদ্ধে প্ৰথম শ্ৰেণীৰ ২০২২-২৩ বৰ্ষৰ ৰঞ্জী ট্ৰফী টুৰ্ণামেণ্টৰ গ্ৰুপ পৰ্যায়ৰ এখন খেলত ৰিয়ানে দ্বিতীয় ইনিংছত ২৮টা বলত ৭৮ ৰাণ কৰাৰ লগতে লেগ ব্ৰেক বলিঙৰ দ্বাৰা ৮টা উইকেট লয়। ইয়াৰ জৰিয়তে তেওঁ দলটোক ১৮ ৰাণত জয়ী হোৱাত সহায় কৰে।২৯৩০

২০২৩ চনৰ দেওধৰ ট্ৰফীত তেওঁ 'প্লেয়াৰ অৱ দ্য চিৰিজ' সন্মান লাভ কৰে। প্ৰতিযোগিতাখনৰ তেওঁ সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী আছিল। ইয়াৰ লগতে তেওঁ সৰ্বাধিকসংখ্যক ছয় কোবাইছিল আৰু তৃতীয় সৰ্বাধিক উইকেট সংগ্ৰহকাৰী আছিল।৩১ তেওঁ প্ৰতিযোগিতাখনত ৮৮.৫০ ৰ বেটিং গড়ত মুঠ ৩৫৪ ৰাণ সংগ্ৰহ কৰিছিল আৰু ১৯.০৯ ৰ বলিং গড়ত ১১টা উইকেট দখল কৰিছিল।৩২ ৰিয়ান পৰাগে উত্তৰ মণ্ডলৰ (২০১০) বিৰুদ্ধে পশ্চিম মণ্ডলৰ হৈ ইউছুফ পাঠানৰ নটা ছয়ৰ অভিলেখ অতিক্ৰম কৰে আৰু উত্তৰ মণ্ডলৰ বিৰুদ্ধে ১১টা ছয় মাৰে। ইয়াৰ জৰিয়তে তেওঁ প্ৰতিযোগিতাখনৰ ইতিহাসত এটা ইনিংছত সৰ্বাধিক ছয় মাৰিছিল।৩৩ পৰাগে পশ্চিম মণ্ডল আৰু উত্তৰ মণ্ডলৰ বিৰুদ্ধে শতক অৰ্জন কৰিছিল। ফাইনেল খেলত তেওঁ দক্ষিণ মণ্ডলৰ বিৰুদ্ধে পূব মণ্ডলৰ হৈ ৬৫ বলত ৯৫ ৰাণ সংগ্ৰহ কৰে, যেতিয়া তেওঁৰ দলটোৱে ৩২৯ ৰাণৰ লক্ষ্য অনুসৰণ কৰি আছিল। ৰিয়ান পৰাগে বেট ধৰিবলৈ অহাৰ সময়ত তেওঁৰ দল পূব মণ্ডলে ৪ উইকেটৰ বিনিময়ত ৭২ ৰাণহে সংগ্ৰহ কৰিছিল।৩৪

তাৰ পিছত তেওঁ ২০২৩-২৪ বৰ্ষৰ চয়দ মুস্তাক আলী ট্ৰফীত ৫১০ ৰাণ সংগ্ৰহ কৰে। ইয়াৰ লগতে ৰিয়ানে সৰ্বাধিকসংখ্যক ৪০টা ছয় কোবায়। তেওঁ ভাৰতীয় ঘৰুৱা ক্ৰিকেটত একেৰাহে দ্বিতীয়খন টুৰ্ণামেণ্টত ৰাণ-সংগ্ৰহকাৰীৰ তালিকাত শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছিল। তেওঁ ৮৫ ৰ বেটিং গড় আৰু ১৮২.৭৯ ৩৫ ষ্ট্ৰাইক ৰেটত ৰাণ সংগ্ৰহ কৰাৰ লগতে টি-২০ ক্ৰিকেটত একেৰাহে সাতটা অৰ্ধশতক অৰ্জন কৰি এই অভিলেখৰ গৰাকী হোৱা প্ৰথমজন ক্ৰিকেটাৰ হৈ পৰে। তেওঁ প্ৰতিযোগিতাখনত ১১টা উইকেট দখল কৰিছিল।৩৬

একেটা ছিজনতে ৰিয়ান পৰাগে ছত্তিশগড় আৰু কেৰালাৰ বিৰুদ্ধে একেৰাহে প্ৰথম শ্ৰেণীৰ শতক অৰ্জন কৰে। তেওঁ ২০২৩-২৪ বৰ্ষৰ ৰঞ্জী ট্ৰফীত ৬টা ইনিংছত ৭৫.৬০ ৰ বেটিং গড় আৰু ১১৩.৮৫ ষ্ট্ৰাইক ৰেটত মুঠ ৩৭৮ ৰাণ সংগ্ৰহ কৰে। ইয়াৰ লগতে পুনৰ elite শ্ৰেণীত তেওঁ সৰ্বাধিকসংখ্যক ২০টা ছয় কোবায়॥৩৭৩৮ মাত্ৰ ৫৬টা বলতে তেওঁ ৰঞ্জী ট্ৰফীৰ ইতিহাসৰ দ্বিতীয় দ্ৰুততম শতকটো কোবায়। তেওঁ ৰায়পুৰত ছত্তীশগড়ৰ বিৰুদ্ধে সেই খেলখনত অসমৰ হৈ খেলি ১৫৫ ৰাণ কৰিছিল।৩৯ আনুষ্ঠানিকভাৱে ঋষভ পন্তে ৰঞ্জী ট্ৰফীৰ ২০১৬ সংস্কৰণত ঝাৰখণ্ডৰ বিৰুদ্ধে ৪৮টা বলত ৰঞ্জী ট্ৰফীত দ্ৰুততম শতকটো অৰ্জন কৰিছিল। অনানুষ্ঠানিকভাৱে শক্তি সিঙে হাৰিয়ানাৰ বিৰুদ্ধে হিমাচল প্ৰদেশৰ হৈ ৪২টা বলত দ্ৰুততম শতক অৰ্জন কৰিছে, কিন্তু সেই সময়ছোৱাত কোনো অফিচিয়েল স্ক'ৰ নাছিল আৰু দলৰ সদস্যসকলে স্কোৰিং কৰিছিল।৪০

ৰিয়ানক ২০২৩ চনৰ এচিচি ইমাৰ্জিং টিমছ্ এছিয়া কাপত ভাৰত এ ক্ৰিকেট দলত অন্তৰ্ভুক্ত কৰা হৈছিল। তেওঁ পাকিস্তান এ-ৰ বিৰুদ্ধে ফাইনেলত খেলিছিল আৰু একেৰাহে দুটা বলত দুটা মিডল অৰ্ডাৰৰ উইকেট দখল কৰিছিল।৪১

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত

২০১৮ চনৰ ডিচেম্বৰ মাহত ২০১৯ চনৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ বাবে খেলুৱৈ নিলামত ৰাজস্থান ৰয়েলছে তেওঁৰ ভিত্তি মূল্য ২০ লাখত ক্ৰয় কৰে। ৪২৪৩২০১৯ চনৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ সময়ত তেওঁ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ইতিহাসত অৰ্ধশতক অৰ্জনকাৰী সৰ্বকনিষ্ঠ ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়।৪৪ ১৭ বছৰ ১৭৫ দিন বয়সত তেওঁ এই কৃতিত্ব অৰ্জন কৰি পূৰ্বৰ ১৮ বছৰ ১৬৯ দিনৰ অভিলেখ ভংগ কৰে, যিটো অভিলেখৰ অধিকাৰী আছিল সঞ্জু চেমচন আৰু পৃথ্বী শ্ব'।৪৫

২০২২ চনৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ বৃহৎ নিলামৰ আগতে ৰাজস্থানে তেওঁক মুকলি কৰি দিছিল।৪৬ ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত ৰাজস্থান ৰয়েলছে তেওঁক পুনৰ নিলামযোগে ক্ৰয় কৰে।৪৭ ২০২২ চনৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত তেওঁ ১৭টা কেচ ধৰিছিল। এয়া প্ৰতিযোগিতাখনত যিকোনো ভাৰতীয় ফিল্ডাৰ আৰু নন-উইকেট-কিপাৰৰ দ্বাৰা সৰ্বাধিক কেটচ্।৪৮৪৯ ইয়াৰ পিছত ৰিয়ানে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰুদ্ধে ৫৬ ৰাণৰ এক নট আউট ইনিংছ খেলে।৫০

২০২৪ চনৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত ৰাজস্থান ৰয়েলছৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহকাৰী ৰিয়ান পৰাগে, সামগ্ৰিকভাৱে ৰান সংগ্ৰহৰ চাৰ্টত তৃতীয় সৰ্বাধিক আৰু ছয়জন হিটাৰৰ তালিকাত ক্ৰমে ৫৭৩ ৰান আৰু ৩৩টা ছয়ৰে পঞ্চম স্থান লাভ কৰে। ৰিয়ান পৰাগে চতুৰ্থ নম্বৰত বেটিং কৰি একক ছিজনত সৰ্বাধিক ৰান সংগ্ৰহ কৰা খেলুৱৈ হিচাপে পৰিগণিত হৈ ইতিহাস ৰচনা কৰি ঋষভ পন্তৰ ২০১৮ চনৰ এই পজিচনত ৫৪৭ ৰান সংগ্ৰহৰ অভিলেখ অতিক্ৰম কৰি ইতিহাস ৰচনা কৰে। ২০২৪ চনৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত কোনো অনকেপড খেলুৱৈয়ে সৰ্বাধিক ৰান সংগ্ৰহ কৰা খেলুৱৈ আছিল তেওঁ। পৰাগ হৈছে চাৰি নম্বৰত বেটিং কৰি এটা ছিজনত ৫৫০ ৰানতকৈ অধিক ৰান কৰা প্ৰথমজন খেলুৱৈ।৫১

আই পি এল ২০২৫ ছিজনত সঞ্জু চেমছনৰ আঙুলিত আঘাত পোৱাৰ পিছত তেওঁক ৰাজস্থান ৰয়েলছৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হয়।৫২ ৪ মে' ২০২৫ তাৰিখে কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে হোৱা এখন খেলত ২০৭ ৰাণৰ লক্ষ্য অনুসৰণ কৰি ৰাজস্থান ৰয়েলছে সংগ্ৰহ কৰা ২০৫ ৰাণৰ ইনিংছটোত ৰিয়ান পৰাগে ৪৫ টা বলত ৯৫ ৰাণ সংগ্ৰহ কৰে, য'ত তেওঁ ৬টা বলত ৬ টা ক্ৰমাগত ছয় কোবাই অভিলেখ স্থাপন কৰে৷ ৫৩ আইপিএলৰ ২০২৬ বৰ্ষৰ সংস্কৰণত ৰাজস্থান ৰয়েলচ টীমৰ পূৰ্ণ পৰ্যায়ৰ অধিনায়ক হিচাপে ৰিয়ান পৰাগক দায়িত্বভাৰ দিয়া হয়।৫৪

ভাৰতীয় ক্ৰিকেটৰ জ্যেষ্ঠ দলত

ৰিয়ান পৰাগে ২০২৪ চনৰ জুন মাহৰ ২৪ তাৰিখে ঘোষণা কৰা ভাৰতৰ ৰাষ্ট্ৰীয় ক্ৰিকেট দলৰ ১৫ জনীয়া তালিকাত স্থান লাভ কৰে। ইয়াৰ ফলত ২০২৪ চনৰ ৬ জুলাইৰ পৰা জিম্বাবুৱেত হ'বলগীয়া দ্বিপাক্ষিক টি টুৱেণ্টিৰ পাঁচখনীয়া ক্ৰিকেট শৃংখলাত অংশগ্ৰহণ কৰিবলৈ তেওঁ সুযোগ লাভ কৰে। ৫৫ উক্ত স্থানলাভৰ জৰিয়তে ৰিয়ান পৰাগ এনে কৃতিত্ব অৰ্জন কৰা অসম আৰু উত্তৰ-পূবৰ প্ৰথমগৰাকী পুৰুষ ক্ৰিকেটাৰ আৰু উত্তৰ-পূবৰ দ্বিতীয়গৰাকী ক্ৰিকেটাৰ হিচাপে বিবেচিত হয়৷ ইয়াৰ পূৰ্বে উমা ছেত্ৰীয়ে ভাৰতীয় মহিলা ৰাষ্ট্ৰীয় ক্ৰিকেট দলত পোনপ্ৰথমবাৰৰ বাবে স্থান লাভ কৰিছিল৷ ৪ তেওঁ শৃংখলাৰ তিনিওখন খেলতে খেলিছিল আৰু প্ৰথম টি-২০ত ৫ ৰান দি ৩ উইকেটৰ কেৰিয়াৰৰ শ্ৰেষ্ঠ বলিং ফিগাৰ লাভ কৰিছিল।৫৬ ছিৰিজৰ তৃতীয় টি-২০ত তেওঁ ল'ৱাৰ মিডল অৰ্ডাৰত বেটিং কৰি ১৮টা বল খেলি ২৬ ৰান সংগ্ৰহ কৰি বেটাৰ শুভমন গিলৰ সৈতে ৫৪ ৰানৰ ষষ্ঠ উইকেটৰ অংশীদাৰিত্ব প্ৰদান কৰে।৫৭

তেওঁ ভাৰতে ২০ অভাৰত ২৯৭/৬ ৰান সংগ্ৰহ কৰা টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচখনৰ অংশ আছিল৷৫৮ তেওঁ ১৩ টা বল খেলি ৩৪ ৰাণ সংগ্ৰহ কৰিছিল, য'ত তেওঁ চাৰিটা ছয় আৰু এটা চাৰি কোবাইছিল৷৫৯৬০

এদিনীয়া আন্ত:ৰাষ্ট্ৰীয় কেৰিয়াৰ

২০২৪ চনৰ ২৭ জুলাইত শ্ৰীলংকা ভ্ৰমণলৈ যোৱা ভাৰতীয় এদিনীয়া দলটোৰ তেওঁ অংশ আছিল৷ তেওঁ ছিৰিজৰ তৃতীয় আৰু অন্তিমখন মেচত অভিষেক ঘটায় আৰু এদিনীয়াত অভিষেক ঘটোৱাৰ সময়ত তিনিটা উইকেট লাভ কৰে। ৬১ ৬২

বঁটা আৰু সন্মান

২০২২-২৩ বৰ্ষৰ ঘৰুৱা ছিজনৰ বাবে লালা অমৰনাথ শ্ৰেষ্ঠ অলৰাউণ্ডাৰ বঁটাৰে তেওঁক বিচিচিআইয়ে সন্মানিত কৰে। ছিনিয়ৰ পুৰুষ দলৰ অধিনায়ক ৰোহিত শৰ্মাই তেওঁক এই বঁটা প্ৰদান কৰিছিল।৬৩

তথ্যসূত্ৰ

  1. ↑ Riyan Parag. ESPNcricinfo
  2. ↑ (3 December 2017). Prithvi Shaw to lead India in Under-19 World Cup. ESPNcricinfo
  3. ↑ (24 june 2024). Shubman Gill to lead India.. times of India
  4. ↑ (24 june 2024). Riyan Parag among four new faces named in Shubman Gill-led side for Zimbabwe tour. The Stateman
  5. ↑ (24june 2024). 'Watershed Moment': Netizens React As Riyan Parag Becomes The First Assamese Cricketer To Be Selected For Team India. Free Press Journal
  6. ↑ (10 February 2024). Ranji Trophy: Assam reach 235/5 against Bihar. The Times of India
  7. ↑ Assam Cricket Team · ASSAM · Assam Team News and Matches. ESPNcricinfo
  8. ↑ Kishore, Shashank. (3 August 2017). Playstation, books, music, and a whole lot of runs. ESPNcricinfo
  9. ↑ (29 April 2019). MS Dhoni connection between Riyan Parag and his father. The News Mill
  10. ↑ The Royals Rookies - learning from the best. ESPNcricinfo
  11. ↑ (17 January 2018). Riyan soars on cricketer father's dreams. The Times of India
  12. ↑ (17 January 2018). Riyan soars on cricketer father's dreams. The Times of India
  13. ↑ (21 September 2021). Singer Zubeen Garg Dons Rajasthan Royals Jersey To Support Assam's Riyan Parag. Sentinelassam
  14. ↑ The Royals Rookies - learning from the best. ESPNcricinfo
  15. ↑ Inter State Twenty-20 Tournament, East Zone: Assam v Jharkhand at Kolkata, Jan 29, 2017. ESPNcricinfo
  16. ↑ (16 October 2017). India U-19 team for U-19 Asia Cup announced. Cricket Country
  17. ↑ Group A, Ranji Trophy at Guwahati, Nov 17-20 2017. ESPNcricinfo
  18. ↑ India Under-19s tour of England. ESPNcricinfo
  19. ↑ India Under-19s tour of England. ESPNcricinfo
  20. ↑ Teams announced for Under-19 Challenger Trophy
  21. ↑ U-19 World Cup: Get to know all 15 members of the Indian squad led by Prithvi Shaw. Scroll
  22. ↑ Riyan soars on cricketer father’s dreams. Timesofindia
  23. ↑ Top Scorers U19 challengers Trophy 2017/18
  24. ↑ 'Untested India favourites as teams tussle for title'. ESPNcricinfo
  25. ↑ 'The U-19s who learn to do things on their own are the ones who end up succeeding in first-class cricket'. ESPNcricinfo
  26. ↑ Riyan Parag & Assam prove a point in Vijay Hazare Trophy 2022-23
  27. ↑ Vijay Hazare Trophy:Riyan Parag's blistering 174 powers Assam into semis. The Times of India
  28. ↑ "Parag what did you eat in breakfast?" -Cricket Twitter reacts to Riyan Parag's terrific 174 vs J&K in Vijay Hazare Trophy 2022. Sportskeeda
  29. ↑ Ranji Trophy 2022-23:Riyan Parag seals Assam's thrilling 18-run win over Hyderabad. Sportsstar
  30. ↑ Riyan Parag Sets Stage on Fire With 28-ball 78 Against Hyderabad in Ranji Trophy Match. News18
  31. ↑ From Riyan Parag to Mayank Agarwal - five players who stood out in Deodhar Trophy 2023. ESPNcricinfo
  32. ↑ Records in Deodhar Trophy, 2023. ESPNcricinfo
  33. ↑ Deodhar Trophy 2023: Riyan Parag hits 84-ball hundred, smashes record 11 sixes. Sportsstar
  34. ↑ From Riyan Parag to Mayank Agarwal - five players who stood out in Deodhar Trophy 2023. ESPNcricinfo
  35. ↑ Records in Syed Mushtaq Ali Trophy,2023/24. ESPNcricinfo
  36. ↑ 7 T20s, 7 fifties – In case you didn't know, Riyan Parag just extended his own world record. Wisden
  37. ↑ Records in Ranji Trophy, 2023/24. ESPNcricinfo
  38. ↑ Records in Ranji Trophy, 2023/24. ESPNcricinfo
  39. ↑ Riyan Parag clubs 12 sixes, enters record books with 56-ball Ranji Trophy century: 5 fastest tons in tournament history. Hindustantimes
  40. ↑ Official record to Rishabh Pant, as Shakti Singh’s 42-ball 100 goes missing in history books. Timesofindia
  41. ↑ Watch:Riyan Parag Completes Stunning Catch,Sends Twitter Into Frenzy During ACC Emerging Asia Cup Final. NDTVSports
  42. ↑ (18 December 2018). IPL 2019 auction: The list of sold and unsold players. ESPNcricinfo
  43. ↑ IPL 2019 Auction: Who got whom. The Times of India
  44. ↑ IPL 2020 - Devdutt Padikkal, Ruturaj Gaikwad in power-packed band of uncapped Indian batsmen. ESPNcricinfo
  45. ↑ Riyan Parag youngest to score maiden ipl fifty surpasses Sanju Samson, Prithvi Shaw. Cricket Country
  46. ↑ (1 December 2021). IPL 2022: List of players released by Rajasthan Royals. Crictracker
  47. ↑ (13 February 2022). IPL 2022 auction: The list of sold and unsold players. ESPNcricinfo
  48. ↑ Riyan Parag breaks Ravindra Jadeja's all-time record during IPL 2022 match against CSK. Sportskeeda
  49. ↑ Riyan Parag. Rajasthan Royals
  50. ↑ Riyan Parag gives befitting reply to critics with gritty 56 as he leads RR to win over RCB
  51. ↑ (23 May 2024). Riyan Parag is top class batter: R Ashwin expects more from breakout RR youngster. India Today
  52. ↑ Cricinfo Staff, ESPN. Parag named Royals captain for first three games, Samson to play as batter. ESPN cricinfo
  53. ↑ Pimpale,Aditya. (04 May 2025 19:35 IST). Riyan Parag hits 6 sixes in a row in KKR thriller, enters record books - Watch. WION. WION NEWS
  54. ↑ https://www.cricbuzz.com/profiles/12305/riyan-parag
  55. ↑ (24 June 2024). India squad for Zimbabwe T20I series: Riyan Parag, Abhishek Sharma, Nitish Reddy get maiden call-up; Gill named captain. SPORTSTAR
  56. ↑ (27 July 2024). Riyan Parag records T20I career-best bowling figures in opener against Sri Lanka as India take 1-0 lead. Rajasthan Royals
  57. ↑ (30 July 2024). (Watch) Riyan Parag smacks two sixes off Wanindu Hasaranga in 14th over of IND vs SL 3rd T20I. Sportskeeda
  58. ↑ (12 October 2024). Mt 297 in Hyderabad too tall for Bangladesh as India complete 3-0 sweep in style. India Today
  59. ↑ (12 October 2024). Samson's epic, Suryakumar's innovation hand Bangladesh a shellacking in Hyderabad. ESPNCricinfo
  60. ↑ India vs Bangladesh - Riyan Parag's 34 vs Bangladesh In 3rd T20I. JioCinema
  61. ↑ (7 August 2024). Virat Kohli calls Riyan Parag India's 'future match winner' while handing ODI cap. India Today
  62. ↑ (7 August 2024). Riyan Parag's three-for on debut promises to solve India's long-term problem. Cricket.com
  63. ↑ (23 January 2024). BCCI Awards 2024: Ashwin, Jaiswal, Riyan sweep top honours. Rajasthan Royals

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় ক্ৰিকেটাৰঅসমৰ ক্ৰিকেটাৰঅসমৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰিয়ান পৰাগ” প্ৰবন্ধৰ সংশোধন ৬২৫৮২৭ (১০ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।