জাহীৰ খান (জন্ম ৭ অক্টোবৰ ১৯৭৮) এজন প্ৰাক্তন ভাৰতীয় ক্ৰিকেট খেলুৱৈ। ২০০০ চনৰপৰা ২০১৪ চনলৈ তেওঁ ভাৰতৰ ৰাষ্ট্ৰীয় পুৰুষ ক্ৰিকেট দলৰ সদস্য আছিল। ইয়াৰ উপৰিও তেওঁ কাউণ্টী ক্ৰিকেটত ছাৰে' আৰু ৱৰ্চেষ্টাৰ্শ্বায়াৰ দলৰ হৈ, ভাৰতীয় ঘৰুৱা ক্ৰিকেটত বৰোদা আৰু মুম্বাইৰ হৈ আৰু ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ, মুম্বাই ইণ্ডিয়ান্ছ আৰু দিল্লী ডেয়াৰডেভিল্ছৰ হৈ খেলিছে। কপিল দেৱৰ পাছতেই তেওঁ টেষ্ট ক্ৰিকেটত ভাৰতৰ দ্বিতীয় সফলতম বেগী বলাৰ।
বৰোদাৰ হৈ জাহীৰ খানে ঘৰুৱা ক্ৰিকেট জীৱন আৰম্ভ কৰে। কেৰিয়াৰৰ প্ৰথমছোৱাত তেওঁ তেওঁৰ বেগী আৰু ছীম বলিঙৰ বাবে, বিশেষকৈ নিখুঁত য়ৰ্কাৰসমূহৰ বাবে জনাজাত হৈ পৰিছিল।১ বলিং উন্নত কৰিবলৈ তেওঁ ইংলেণ্ডলৈ যায় আৰু ২০০৬ চনত ৱৰ্চেষ্টাৰশ্বায়াৰ কাউণ্টী ক্ৰকেট দলৰ হৈ কিছুদিন খেলে। বাওঁহতীয়া বেগী বলাৰ খান উইকেটৰ দুয়ো দিশে বল কৰিব পৰা ক্ষমতা আৰু পুৰণি বল ছুইং কৰিব পৰা ক্ষমতাৰ বাবে বিখ্যাত আছিল।২ তদুপৰি খানে লাহে লাহে পুৰণি বল ৰিভাৰ্ছ ছুইং কৰাৰ ক্ষেত্ৰতো পাৰদৰ্শিতা অৰ্জন কৰিলে।৩৪ ভাৰত উপমহাদেশীয় ফ্লেট পিট্চত তেওঁ দেখুওৱা প্ৰদৰ্শন আৰু বিভিন্ন ধৰণৰ ক্ৰিকেট বলৰ ওপৰত তেওঁৰ নিয়ন্ত্ৰণৰ কাৰণে তেওঁ প্ৰশংসা লাভ কৰে। ৯খন খেলত ২১টা উইকেটেৰে তেওঁ ২০১১ চনৰ এদিনীয়া ক্ৰিকেট বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ তেওঁ অন্যতম সদস্য আছিল। ২০১১ চনত তেওঁ ৰাষ্ট্ৰপতিৰপৰা ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ ক্ৰীড়া সন্মান অৰ্জুন বঁটা লাভ কৰে। তেওঁ আঘাতৰ বাবে বহুবাৰ ক্ৰিকেটৰপৰা আঁতৰি থাকিবলগীয়া হয় আৰু ই তেওঁৰ আন্তৰ্জাতিক কেৰিয়াৰত প্ৰভাৱ পেলায়। ইয়ো এটা কাৰণ যাৰ বাবে তেওঁ Adrian Le Roux আৰু এন্দ্ৰিউ লেইপাছৰ সৈতে মিলি প্ৰ'স্প'ৰ্ট ফিটনেছ এণ্ড ছাৰ্ভিচেজ নামৰ এক বিশেষ ফিটনেছ প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰে।
২০০৮ চনত তেওঁ ৱিজডেন ক্ৰিকেটাৰ্ছ অৱ দ্য ইয়েৰৰ এজন হিচাপে নিৰ্বাচিত হয়। ২০১৫ চনৰ অক্টোবৰত তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰপৰা অৱসৰ গ্ৰহণ কৰে।৫
ব্যক্তিগত জীৱন
১৯৭৮ চনৰ ৭ আক্টোবৰ তাৰিখে মহাৰাষ্ট্ৰৰ শ্ৰীৰামপুৰত এক মাৰাঠী মুছলিম পৰিয়ালত জাহীৰৰ জন্ম হৈছিল।৬ পিতৃ-মাতৃ জাকিয়া আৰু বখ্টিয়াৰ খান, দুজন ভ্ৰাতৃ জীছান আৰু আনীছ। নিউ মাৰাঠী প্ৰাইমাৰী স্কুল আৰু কে. জে. ছ'ময়া ছেকেণ্ডেৰী স্কুলত তেওঁ শিক্ষালাভ কৰে। শৈশৱত শ্ৰীৰামপুৰৰ স্থানীয় ৰেভিনিউ কলনী ক্ৰিকেট ক্লাবত (RCC) তেওঁ খেলিছিল।৭
অভিলেখ
টেষ্টৰ ১০ উইকেট দখল
টেষ্টৰ এক ইনিংছত ৫ উইকেট দখল
| # | প্ৰদৰ্শন | খেল | বিপক্ষ | স্থান | চহৰ | দেশ | বৰ্ষ |
|---|---|---|---|---|---|---|---|
| ১ | ৫/৫৩ | ২৩ | বেছিন ৰিজাৰ্ভ | ৱেলিংটন | নিউজিলেণ্ড | ২০০২ | |
| ২ | ৫/২৯ | ২৪ | ছেদ্দন পাৰ্ক | হেমিল্টন | নিউজিলেণ্ড | ২০০২ | |
| ৩ | ৫/৯৫ | ২৭ | গাব্বা | ব্ৰিছবে'ন | অষ্ট্ৰেলিয়া | ২০০৩ | |
| ৪ | ৫/৩৪ | ৪৭ | শ্বেৰ ই বাংলা | ঢাকা | বাংলাদেশ | ২০০৭ | |
| ৫ | ৫/৭৫ | ৪৯ | ট্ৰেণ্ট ব্ৰিজ | নটিংহাম | ইংলেণ্ড | ২০০৭ | |
| ৬ | ৫/৯১ | ৫৭ | এম চিন্নাস্বামী | বেংগালুৰু | ভাৰত | ২০০৮ | |
| ৭ | ৫/৬৫ | ৬৫ | বেছিন ৰিজাৰ্ভ | ৱেলিংটন | নিউজিলেণ্ড | ২০০৯ | |
| ৮ | ৫/৭২ | ৬৮ | ব্ৰেব'ৰ্ণ ষ্টেডিয়াম | মুম্বাই | ভাৰত | ২০০৯ | |
| ৯ | ৭/৮৭ | ৭০ | শ্বেৰ ই বাংলা | ঢাকা | বাংলাদেশ | ২০১০ | |
| ১০ | ৫/৯৪ | ৭৩ | পি চি এ ষ্টেডিয়াম | ম'হালি | ভাৰত | ২০১০ | |
| ১১ | ৫/১৭০ | ৯২ | বেছিন ৰিজাৰ্ভ | ৱেলিংটন | নিউজিলেণ্ড | ২০১৪ |
এদিনীয়াত ৫ উইকেট দখল
| # | প্ৰদৰ্শন | খেল নং | বিপক্ষ | স্থান | চহৰ | দেশ | বৰ্ষ |
|---|---|---|---|---|---|---|---|
| ১ | ৫/৪২ | ১১৬ | নেহৰু ষ্টেডিয়াম | মাৰগাঁও | ভাৰত | ২০০৭ |
কৃতিত্ব
জাহীৰ খানে টেষ্টত ৫ বাৰ আৰু এদিনীয়াত ৬ বাৰ 'প্লেয়াৰ অৱ দ্য মেচ' সন্মান অৰ্জাৰ লগতে টেষ্টত ৩ বাৰ আৰু এদিনীয়াত এবাৰ 'প্লেয়াৰ অৱ দ্য ছিৰিজ'ৰ সন্মান অৰ্জন কৰে।
বাহ্যিক সংযোগ
- Zaheer Khan IPL Profile from RoyalChallengers
তথ্যসূত্ৰ
- ↑ www.espncricinfo.com/ci/content/player/30102.htm
- ↑ Premachandran, Dileep. Zaheer Khan. Cricinfo
- ↑ clean bowled by reverse swing by zaheer khan. ইউটিউব (Australia tour of India 2010/11, 13 Oct)
- ↑ 2nd Test India v Australia at Bangalore, Oct 9–13, 2010 Cricket Scorecard. ESPN Cricinfo
- ↑ www.espncricinfo.com/wisdenalmanack/content/stor
- ↑ Zaheer and I remain friends: Isha Sharvani
- ↑ Wisden Cricketer of the Year 2008 Zaheer Khan
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জাহিৰ খান” প্ৰবন্ধৰ সংশোধন ৫৭০১১০ (১৫ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।